ফটাঢোল

বাল ব্ৰহ্মচাৰী বিড়ালৰ বিড়ম্বনা-অৰবিন্দ গোস্বামী

সদানন্দ মহাজনৰ ঘৰত দিয়া সেমেকা বিস্কুট দুখন খাই পুৱাৰ ভোকটো কোনোমতে নিবাৰণ কৰি বাল ব্ৰহ্মচাৰী বিড়ালে মালিকৰ ঘৰৰ বৰচাঙতে বহি কলমতিয়াই আছিল।এই বিড়ালৰ জীৱনো এক বিড়ম্বনা।বুদ্ধিৰ চুঙাটো তেৰাই লগত নিদিয়াহ’লে জীয়াই থকাই মস্কিল হ’লহেঁতেন।বাল ব্ৰহ্মচাৰী বিড়ালৰ জন্ম এই সদানন্দ মহাজনৰ ঘৰতে বুলি তাৰ মাক-দেউতাকে তাক কৈছিল।তেতিয়াৰপৰা সি সেইখন ঘৰতে অপ্ৰয়োজনীয় স্থায়ী বাসিন্দাৰ দৰে আছে।কেতিয়াবা খাবলৈ পায় আৰু কেতিয়াবা ভোকতে শুবলগীয়া হয়।

কলমতিয়াই কলমতিয়াই বাল ব্ৰহ্মচাৰী বিড়ালে মনতে ভাবিলে……

: সদানন্দ মহাজন মানুহজন বৰ বেয়া নহয়।মাজে সময়ে তাক কিবাকিবি খাবলৈ দিয়ে।কিন্তু এই যে মহাজনৰ ঘৈণীয়েকজনী!উঃ!পাখৰীজনীয়ে ঘৰতে পৰি থকা মাউৰা বিড়ালটোক একো এটা দিবলৈ মন নকৰে।মহাজনলৈহে দুখ লাগে।কি যে দেৱতাহেন মানুহজনে কোন কুক্ষণত এই যহনীমৰতী জনীক ঘৈণীয়েক হিচাপে পালে!তাইৰ ষ্টাইল কি নাচিবি….মুখত এগালমান কিবাকিবি ঘঁহি যায় বুলিহে! নহ’লে তাইৰ আচল ৰূপ দেখিলে ভেনামাখিও বেহুচ হৈ পৰি যাব।মোৰ বাবে এইজনী যাত্ৰানাস্তি….কুলক্ষিণী।স্বাৰ্থৰ বাবে মই তাইৰ ওচৰত মিছাকৈ দৰদী টিউনত ‘মিঁউ মিঁউ’ কৰি থাকিবলগা হয়।বাঘ হোৱাহ’লে এইৰ নেলুটো মুচৰি পেট পূৰালোহেঁতেন বাপ্পেকে!গম পালিহেঁতেন তেতিয়া।যেতিয়া নিগনি এটা ওলাব তাইৰ মুখৰ মাত কি নুশুনিবি!যি হে সুৰ লগাই লগাই তাক ‘ফুচি ফুচি’ কৈ মাতিব!নাম দিছে ‘ফুছি’।হেৰৌ বাঘেখাতী! মোৰ কাৰণে তোৰ মুখত ভাল নাম এটা নোলালনে?

কথাখিনি ভাবি ভাবি আত্মবিভোৰ হৈ থাকোঁতেই বাল ব্ৰহ্মচাৰী বিড়ালৰ নাকৰ নাসাৰন্ধ্ৰইদি এক সুতীব্ৰ মন-প্ৰাণ মতলীয়া কৰা গোন্ধে প্ৰৱেশ কৰি তাৰ স্নায়ুতন্ত্ৰৰ জৰিয়তে সেই অনুভূতি মগজুক দিলেগৈ।

: মাছ!!উঃ!!!পাগল হৈ যাম মই।কিমানদিন যে মাছ অকণমান খাবলৈ পোৱা নাই!!!

মুখৰ ভিতৰতে ভোৰভোৰালে সি।

কথাষাৰ ভাবি তাৰ মনটো দুখ লাগি গ’ল।মাছৰ গোন্ধে যেনেকৈ তাক মতলীয়া কৰি তোলে,ঠিক তেনেদৰে পুৰণি ঘা-ডোখৰো সেই সময়তে যেন চেকচেকাই উঠে।মাছৰ গোন্ধ পালেই তাৰ মনত পৰে ওচৰৰ প্ৰাঞ্জলহঁতৰ ঘৰত থকা তাৰ পুৰণি প্ৰেয়সী মিমিলৈ।মিমিয়ে তাৰ দৰেই মাছ খাই বৰ ভাল পাইছিল।মিমিলৈ বুলি মাছ চোৰ কৰি আনি বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈ সি কত যে হেতা,বেলনা মাৰিৰ কোব খালে,তাৰ লেখ-জোখ নাই।এবাৰ মালিকনীয়ে বেলনা মাৰিৰে মৰা কোবটো কঁকালত পৰোঁতে কঁকাল বেঁকা হৈ যোৱাৰ পিছতো সি মুখত থকা ভজা মাছত টুকুৰাটো মুখখন মেলি দি হেৰুওৱা নাছিল।মাৰৰ কোবত মুখ মেলিব বিচাৰিও মুখ মেলিব নোৱাৰিলে কি দুৰ্দশা হয়,সেয়া ভুক্তভোগীয়েহে জানে।ইমান কষ্ট কৰি মিমিলৈ বস্তু চুৰ কৰি আনি মিমিক খুওৱাৰ পিছতো তাই বেলেগ এটা ডেকা বিড়াললৈ পলাই গ’ল।এই প্ৰতাৰণাৰ পিছত সি নিজকে বাল ব্ৰহ্মচাৰী বিড়াল বুলি ভাবিবলৈ ধৰিলে।ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদি বৰ্ত্তমান ভাৰতৰ বিখ্যাত নেতাসকলৰ শাৰীত নিজকে থিয় কৰাই সি অলপ গৌৰৱবোধো কৰা হ’ল।সি তাৰ জীৱনত একমাত্ৰ মিমিকহে ভাল পাইছিল।ইয়াৰ পিছত তাৰ জীৱনলৈ কোনো প্ৰেয়সী অহা নাই।সেয়ে মিমিৰ সৈতে হোৱা প্ৰেম কাহিনীৰ কথা বাদ দিলে তাক বাল ব্ৰহ্মচাৰী বোলাত কোনো আপত্তি থাকিব নালাগে।ইতিমধ্যে কিছুদিন পূৰ্বে ‘ফুচি’ৰ পিতৃ-মাতৃও ঢুকাল।বয়সো অলপ হ’লগৈ।এতিয়া যে কোনোবা তাৰ জীৱনলৈ পত্নী হৈ আহিব,সেই সপোন সি ইতিমধ্যে বিসৰ্জন দিছে।

মাছৰ গোন্ধই ফুচিক থিৰেৰে থাকিবলৈ দিয়া নাই।আজি সি আকৌ এবাৰ পূৰ্বৰ দৰে উৎসাহেৰে ভজা মাছ এপিচ খোৱাৰ পাং পাতিলে।পিছে এই মহাজনৰ ঘৈণীয়েক যখিনীজনী মাছ কাটি বচাৰপৰা তেলত দি ফ্ৰাই কৰি ভাতৰ সৈতে মোকোৰা মোকোৰে খাই শেষ নকৰাকৈকে পাকঘৰৰপৰা আঁতৰি নাযায়।মহাজনকো পাকঘৰৰ ভিতৰৰপৰাই চিঞৰি চিঞৰি ভাত খাবলৈ মাতি থাকিব।

: নাই!আজি কিবা এটা কৰিবই লাগিব।

সি মনতে ভাবিলে।

বৰচাঙৰ ওপৰৰপৰা সি একান্তমনে মহাজনৰ ঘৈণীয়েকৰ কাৰুকাৰ্যবোৰ চাই থাকিল।এবাৰত সি দেখিলে যে মালিকনীয়ে মহাজন আৰু নিজৰ বাবে ভাত কাঁহীত সজাই তিনি চাৰি টুকুৰামান ভজা মাছ বাটি এটাত ভৰাই কাঠৰ আলমিৰাটোত সুমুৱাই খিলিটো লগাই দিছে।নিৰ্দিষ্ট সময়ত দুয়ো ভাত-পানী খালে।’ফুচি’য়ে সেই সময়তে বৰচাঙৰপৰা মাছ নহ’লেও কাঁইট এডালকে পোৱাৰ আশা কৰি নামি আহি দৰদী কণ্ঠৰে ‘মিঁউ মিঁউ’কৈ গীত জুৰিবলৈ লাগিল।মহাজনে কিবা এষাৰ কোৱাৰ আগতেই মহাজন পত্নীয়ে ওচৰতে থকা পটাগুটিটো ডাঙি কোন তলকতনো ফুচিৰ গালৈ মাৰি পঠিয়ালে সি তলকিবকে নোৱাৰিলে।কোনোনতে পটাগুটিটো তাৰ মূৰত বা বুকুত আঘাত কৰি তাৰ প্ৰাণ কাঢ়ি নল’লে।প্ৰতিশোধপৰায়ণ মনোভাৱ এটা লৈ সি আকৌ বৰচাঙত উঠিলগৈ।ইতিমধ্যে মাছৰ গোন্ধই গোটেই ঘৰটো মলমলাই আছে।মহাজনৰ ঘৈণীয়েকে তাক কৰা এই অন্যায় সি কোনোপধ্যে নসহে।সেয়ে সি ৰাতিলৈকে কিবা এটা কৰাৰ কথা ভাবিলে।পিছে সন্ধিয়াৰ সাঁজত মহাজন আৰু মহাজনৰ ঘৈণীয়েকে মাছকেইটুকুৰা খাই পেলালে  তাৰফালে দেখোন মুদাই মৰিব।পিছে সকলো ভাগ্যৰ কথা।তাৰ কপালত মৎস্য ভক্ষণ লিখা থাকিলে তাৰ কপালখনতো কোনোবাই কাঢ়ি নিব নোৱাৰে।সেয়ে ফুচিয়ে সেইদিনা কপালকে ধিয়াই ৰাতিলৈ অপেক্ষা কৰিলে।

: হেৰি শুনিছেনে?এতিয়া মাছ নাৰান্ধো দিয়ক।ঠাণ্ডা দিন যেতিয়া পুৱালৈকে বেয়া নহয়।দিনত মাছ খাইছো,সেয়ে এইসাঁজ নিৰামিষকে খাওঁ।

 

: হ’ব দিয়া,যেনেদৰে ভাল পোৱা ৰান্ধা।

মহাজন আৰু মহাজনৰ ঘৈণীয়েকৰ কথা শুনি ফুচিৰ গা সাতখন-আঠখন যেন হ’ল।আঃ!কি কপাল মিলিল তাৰ আজি!ৰাতি সকলো শোৱাৰ পাছত সি একাগ্ৰচিত্তে তাৰ কামত লাগিব পাৰিব।ফুচিৰ মনটো যেন গোলাপী গোলাপী হৈ উঠিল।এৰা সি ঠিকেই ভাবিছিল—কপালত থকা বস্তু হেৰাই নাযায়।ভগৱানে আজি তাক পূৰ্ণ সুযোগ দিছে।

ৰাতিলৈ বাল ব্ৰহ্মচাৰী বিড়াল চিকাৰৰ বাবে সাজু হ’ল।অতি সন্তৰ্পনে বিড়াল আলমিৰাটোৰ ওপৰলৈ উঠি গ’ল।আন্ধাৰতে সি খেপিয়াই খেপিয়াই আলমিৰাৰ খিলিটো বিচাৰি পালে।খিলিটো খুলিবলৈ সি তাৰ পাঞ্জাৰে অপ্ৰাণ চেষ্টা কৰিলে।বৰ একান্তমনেৰে সি অলপো শব্দ নোহোৱাকৈ চেষ্টা কৰি থাকিল।এনেতে সি তাৰ পিছফালে নিগনিৰ শব্দ শুনিবলৈ পালে।নিগনিৰ গোন্ধটোও তাৰ নাকত লাগিলহি।তথাপি সি নিগনিলৈ লোভ নকৰি একান্ত মনেৰে খিলিটো খুলিবলৈ যত্ন কৰি থাকিল।নিগনিনো কি খাবলৈ নোপোৱা বস্তুটো!দিনটোত সি দহটা মাৰি খাব পাৰিব।কিন্তু পানীৰপৰা মাছ ধৰি আনি সি গৰম তেলত সোৱাদ লগাকৈ ভাজিব পাৰিব জানো!

: যাঃ!নিগনি…..তোক আজি মই প্ৰাণদান দিলো।মোৰ পিছফালে তোৰ যি মন যায় কৰি থাক।মোৰ লক্ষ্য আজি স্থিৰ।সামান্য লোভ মোহে আজি মোক তলাব নোৱাৰে।

এইবুলি মনতে ভাবি সি নিজৰ চেষ্টা অব্যাহত ৰাখিলে।এই সময়তে উত্তেজনাত তাৰ নেজডাল অনুভূমিকভাৱে পোন হৈ পৰি আলমিৰাৰ পিছফালে থকা লাইটৰ চুইছ ব’ৰ্ডখন চুলেগৈ।হঠাৎ সি ঝাটকা এটা খাই আলমিৰাৰ ওপৰৰপৰা পাকঘৰৰ মজিয়াত বাগৰি পৰিল।তাতে সি বহুসময় বেহুচ হৈ পৰি থাকিল।কিছু সময়ৰ পিচত চেতনা ঘূৰি অহাত সি লাহেকৈ মূৰটো দঙাৰ চেষ্টা কৰিলে।

: উঃ!কি হৈছিল বাৰু তাৰ!!গাটো জিনজিনাই উঠালৈকে তাৰ মনত আছে।কিন্তু পিছৰখিনি তাৰ একো মনত নাই।যেনে তেনে সি চাৰি ভৰিৰ ওপৰত থিয় হ’ল আৰু অনুমানতে জাপ মাৰি বৰচাঙৰ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে।

কিন্তু এয়া কি!সদায় আন্ধাৰে পোহৰে উঠি থকা ৰাস্তাটোৰে আজি উঠিব নোৱাৰা হৈ সি দুবাৰ বাগৰি পৰিল।তৃতীয়বাৰ চেষ্টা কৰোঁতে ক’ৰনো ঘটি এটাত খুন্দা খোৱাত ঘটিটোৱে ‘থাং…টিং….টিৰিৰিৰি….টিং’….কৈ মজিয়াত পৰি নিশাৰ নিস্তব্ধতা ভঙ্গ কৰিলে।

: কোন কোন কোন….চোৰ…চোৰ…চোৰ ঔ!চোৰ ঔ!!

….হেৰি উঠকচোন….

: হাঃ!হাঁঃ…..কি হল….কি হ’ল……..

….বুলি মহাজনো বিচনাৰপৰা জাপ মাৰি উঠি চোৰ চোৰ বুলি চিঞৰিবলৈ লাগিল।ঘৰটো হঠাৎ পোহৰ হৈ উঠিল।এই সুযোগতে বাল ব্ৰহ্মচাৰী বিড়ালে কোনোমতে জাপ মাৰি বৰচাঙৰ ওপৰলৈ উঠিল।ভাগ্য ভাল যে তাক কোনেও দেখা নাপালে।ওচৰৰ মানুহেও দা-কুঠাৰ লৈ চোৰ ধৰিবলৈ ওলালহি।মানুহবোৰে বহু কথা ক’লে,পিছে সেইবোৰ ফুচিৰ কাণেৰে নোসোমাল।এফালে তাৰ মাছ খাবলৈ নোপোৱাৰ দুখ….আনফালে ভাৰাক্ৰান্ত শৰীৰ।মানুহবোৰ কিবাকিবি কথা বিং বিং বাং বাং কৈ পাতি এটা সময়ত সকলো ঘৰাঘৰি গ’লগৈ।কিছু সময়ৰ পিছত আকৌ সকলো নিস্তব্ধ হৈ পৰিল।

বাল ব্ৰহ্মচাৰী বিড়ালে তাৰ ক্ষেত্ৰত হোৱা ঘটনাটো আকৌ এবাৰ মনতে জুকিয়াই চাই হঠাৎ চক খাই উঠিল।সকলো কথা তাৰ চকুৰ আগত জলজল পটপটকৈ পৰিষ্কাৰ হৈ উঠিল।

সেই যে সি তাৰ পিছফালে নিগনিৰ আৱাজ শুনিছিল,সেই চকুচৰহা,এলাইবাদু,অপদাৰ্থ নিগনিটোৱে হয়তো ভগা চুইচ ব’ৰ্ডখনৰ ৱায়াৰ কুটি থৈ গৈছিল আৰু তাৰ দুৰ্ভগীয়া নেজডাল গৈ তাতে লাগিলগৈ।সেয়ে কাৰেণ্টৰ শ্বক লাগি সি পাকঘৰৰ মজিয়াত বাগৰি পৰিছিল।

কথাখিনি স্পষ্ট হোৱাত তাৰ এনে লাগিল যেন সি এতিয়াৰপৰাই নিগনিৰ ধ্বংসযজ্ঞ আৰম্ভ কৰি দিব।এসময়ত তাৰ বাবেই নিগনী এক বিলুপ্ত প্ৰাণীৰ শাৰীত পৰিবগৈ।এনে হ’লে ইতিহাসৰ পাততো বাল ব্ৰহ্মচাৰী বিড়ালৰ নামটো লিপিবদ্ধ হ’ব।সৰু সৰু ল’ৰা-ছোৱালীবোৰে বাল ব্ৰহ্মচাৰী বিড়ালৰ জীৱন বৃত্তান্ত পঢ়িব…..বাঃ!এইদৰে সি দেখোন পৃথিৱীবিখ্যাত হৈ পৰিবগৈ!!

এইবোৰ ভাবি থাকোঁতেই তাৰ টোপনী ধৰিল।ৰাতিপুৱা সি ভাগৰত উঠিবলৈ ইচ্ছা কৰা নাছিল।আধা টোপনী আৰু আধা সাৰ পাই থাকোঁতেই সি মহাজনৰ ঘৈণীয়েকে তাক সুৰ লগাই লগাই মতা শুনিবলৈ পালে।সেই সময়তে নিগনিৰ গোন্ধ এটায়ো তাক আমনি কৰি গ’ল।সি বুজি পালে যে তাক মালিকনীয়ে নিগনি ধৰিবলৈ মাতিছে।

শুই থকাৰপৰাই সি মনতে ভাবিলে…….

: হুঃ!!বাপেৰৰ কিনা গোলাম পাইছ?মাছ এটুকুৰাতো খাবলৈ নিদিলিয়েই…..পটাগুটিটো মাৰি পঠিয়াইছিলি নহয় মোৰ গালৈ…..মৰ এতিয়া।নিগনিয়ে তোৰ পাট-মুগাৰ কাপোৰবোৰ কুটক…..তোৰ যিমান কাপোৰ আছে সৱ কুটক…….চাল্লা ৰাক্ষসী…..আধাপাগলী….মৰ তই।নধৰোঁ যাঃ নিগনি।লাগিলে নোখোৱাকৈ থাকিম।এই অমুকা বাল ব্ৰহ্মচাৰী বিড়ালে তোৰ ঘৰত আজিৰপৰা নাথাকে।গুচি যাব ইয়াৰপৰা।লাগিলে নেখাই মৰিম কিন্তু তোৰ গোলামি নকৰোঁ।

কিন্তু……হঠাৎ তাৰ ৰাতি খোৱা ঝাটকাটোলৈ মনত পৰি গ’ল  আৰু সি “মিঁয়াউ….মিঁয়াউ”…কৈ বৰচাঙৰপৰা বাঘৰ নিচিনাকৈ আগ্ৰাসী হৈ নামি আহিল।

:……সেইটো সেইটো….ফুচি ধৰ ধৰ ধৰ!

ফুচিয়ে একেজাপে লক্ষ্যভেদ কৰি প্ৰকাণ্ড নিগনিটো ধৰি বৰচাঙৰ ওপৰলৈ উঠি গ’ল।তাতে সি পেট পূৰাই নিগনিটো খালে।গাৰ বিষটো মৰাই নাই।সেয়ে সি আকৌ টোপনীয়াবলৈ লাগিল।সমান্তৰালভাৱে সি অন্য এটা কথাও ভাবি থাকিল।সন্ধিয়া আজি সি অলপ দূৰৰ সেই গোস্বামী দেউৰ ঘৰলৈ যাব।মানুহজনে ফুচি তালৈ গ’লে কিবা এটা খাবলৈ নিদিয়াকৈ নাথাকে।পিছে বৰ দূৰ যেন লগা বাবেহে সি তালৈ যাবলৈ মন নকৰে।পিছে আজি সি যাব।

এনেদৰেই সি সেইদিনা শুই শুই দিনটো গাৰ বিষ মাৰিলে আৰু সন্ধিয়া গোস্বামীহঁতৰ ঘৰ পালেগৈ।চুচুক চামাককৈ গোস্বামীৰ ঘৰত সোমাই সি গম পালে যে আজি গোস্বামীদেউ ঘৰত অকলে আছে।কাৰণ অকলে থাকিলে দেৱে হয় কাগজ-পত্ৰ এসোপামান পাহাৰহেন কৰি লৈ তাৰ মাজত সোমাই থাকে নহ’লে মোবাইলডাল পিটিকি থাকে।তাৰ সন্দেহ হয় এই মোবাইল নামৰ যন্ত্ৰটোত দেৱে কিবা লিখালিখি কামো কৰেনেকি।

‘মিঁউ মিঁউ’কৈ দেউক মাত লগোৱাত দেৱেও মাত লগালে…..

: আহিলি….আজি বহুদিন দেখোন তোৰ দেখাদেখিয়েই নাই।আজি কি মন কৰিলি।ৰহ! বিস্কুট দুখনকে খাই যা।

বিস্কুটৰ নাম শুনি ফুচিয়ে ‘মাঁউউ’…বুলি কৈ আনন্দপূৰ্ণ সন্মতি প্ৰকাশ কৰিলে।সময়ত দেৱে আহি ফুচিক বিস্কুট দুখন দিলে।এখন বিস্কুট খাই সি সিখনত কামোৰ মাৰিছিলহে।এনেতে দেৱে মোবাইলটো হাতত তুলি লৈ পঢ়িবলৈ লাগিল……….

: বাল ব্ৰহ্মচাৰী বিড়াল চৰিত……সদানন্দ মহাজনৰ ঘৰত…………..

বাল ব্ৰহ্মচাৰী বিড়ালৰ বিস্কুট কামোৰ মাৰি থকা মুখখন মেল খাই গ’ল আৰু বিস্কুটৰ টুকুৰাটো তাৰ মুখৰপৰা সৰি পৰিল।সি মনৰ ভিতৰতে ক’লে……

: হে হৰি!!মোৰেই কাহিনী নহয়তো!!……আৰে হয়তো!!..এইবোৰ দেখোন মোৰ কথাই লিখিছে।আই ঔ! এইপাটে মোৰ মিমিৰ লগত থকা প্ৰেম কাহিনীৰ কথা কেনেকৈ গম পালে….ওঔ……..

বাল ব্ৰহ্মচাৰী বিড়ালে নিজৰ জিভাখনকে কামোৰ মাৰি ধৰিলে……

: হায় হায়!বেলনা মাৰিৰ কোব খোৱা….মাছ চোৰ কৰিবলৈ গৈ কাৰেণ্টত লগা…..গোট্টেইগাল লিখিলে দেখোন!! মই বিখ্যাত হ’ব বিচাৰিছিলো সেয়া সত্য কথা।কিন্তু মই পৰশুৰামে সাতবাৰ পৃথিৱীৰপৰা ক্ষত্ৰিয় নাশ কৰাৰ দৰে নিগনি নাশ কৰিহে বিখ্যাত হ’ব বিচাৰিছিলো।

কিন্তু গোস্বামীদেৱে মোৰ গোটেই নিগেটিভ কথাবোৰ লিখিলে।এইগাল এতিয়া সেই নেট নে ফেট দি দিলে মই শেষ…..বৰ্বাদ হৈ গ’লো মই।যাংগে আৰু যাঃ!নাথাকোং ইয়াত।

এইবুলি ফুচিয়ে বাওঁভৰিৰ পিছঠেঙেৰে দেউ বহি থকা চকীখনতে তিনি লাঠ মাৰিলে কিন্তু টান কাঠত ঠেংটো লাগি নিজে দুখ পাই….’আইয়াহ!!’…..বুলি কৈ লেঙেৰাই লেঙেৰাই ঘৰলৈ বুলি বাট ল’লে।যাওঁতে নিজৰ ভাষাতে সি বিলাপ কৰি গাই গ’ল…….

“বিষয় বিষধৰ….বিষে জৰজৰ…..জীৱন নৰহে থোৰ ….প্ৰাণ ৰাখবি মোৰ……পাৱে পৰি হৰি……।”

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    ,,,😅😅😅মজা এইটো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *