ফৰগেট মি নট-বৰ্ণালী ফুকন
: হে’ৰা হে’ৰা শুনিছা? হে’ৰা শুনিছানে?
: উফঃ, এই গৰমখনত ইমান চিঞৰিব পাৰে! এই মানুহটোৰ পৰা শান্তি নাই, ভাগৰো নালাগে নে কি জানো!
তেওঁ আহি পাকঘৰত কাম কৰি থকা মোৰ ওচৰ পালেহি৷ অৱসৰ লোৱাৰ পাছৰ পৰা এখেতে বৰ কথাকোৱা হ’ল৷ আগেয়ে কিবা এটা ক’লে পিছত ক’বা, সময় নাই, ইত্যাদি বুলি অজুহাত দেখুৱাই আঁতৰি যায়৷
: হে’ৰা শুনিছা?
এখেতে অভ্যাসবসতঃ পুনৰ চিঞৰিলে৷
: হ’ব শুনিছোঁ৷ লাহে লাহে কওক৷মোৰ কাণখনেৰে লগাতকৈ বেছিকৈহে শুনা হৈছোঁ আজিকালি৷
: হেহঃ! বৰ ভাল খবৰ। তুমি সৰুকৈ ক’লে নুশুনা বুলিহে আজিকালি বৰকৈ একো নকওঁ৷ মই আক’ চিঞৰি চিঞৰি ক’বলৈ কষ্ট পাম বুলিহে…
মই ঘোপাকৈ চালোঁ।
: মোৰ সময়নো ক’ত আপোনাৰ কথা শুনি বহি থাকিবলৈ৷ হ’ব মই চাহকাপ বাকি নিছোঁ ভিতৰলৈ আহক৷
: বাহিৰতে দিয়াহে চাহকাপ৷
খংটো টিঙিচকৈ উঠিল৷
: তেতিয়াহে বাটৰ মানুহবোৰক খেদি ফুৰিব পাৰিব কথা পাতিবলৈ৷ কিমান দিন ক’লোঁ বোলো ৰাস্তাৰে মানুহবোৰ কাম নাইকীয়া কাৰণে অহা-যোৱা নকৰে, সকলোৱে বিভিন্ন কামৰ বাবে দৌৰাদৌৰি থাকে, তাতে আপুনি মাতি ঘণ্টাৰ পিছত ঘণ্টা কথা চোবাই থাকিব৷ কাৰ সময় আছে হে!
এখেতে আনকালৰ দৰে গৰগৰাই নুঠিল৷ তাপ মাৰি মোৰ কথা শুনি থাকি ক’লে৷
: কি কোৱা হে? মই কিবা বেছি কথা কওঁ নেকি? দুই এটাহে৷ শেষেই কৰিবলৈ নাপাওঁ দেখোন, যিয়ে আহে কাম এটা আছে বুলি কথাৰ মাজতে গুচি যায়৷
: এহঃ! শুনিছোঁ নহয় মই ভিতৰৰ পৰা সেইদিনা লক্ষণ আহোঁতে গোটেই তাৰ নামৰ পৰা আৰম্ভ কৰি গোটেই ৰামায়ণখন গোৱা নাইনে আপুনি?
: এহঃ! কি কোৱা, হয় জানো! হ’ব দিয়া বেছি কথা নকওঁ দিয়া৷ অধ্যায় কেইটামানকে কৈ সামৰিম দিয়া৷
: আপুনি মোক ইতিকিং কৰিছে নে সঁচাই কৈছে?
এখেতে চাগে কিবা এটা বুজি পালে মোৰ কাষেৰে ভিতৰলৈ সোমাই ডাইনিং টেবুল পালেগৈ৷
মই চাহকাপ আনো মানে এখেতে টেবুলত বহি উচপিচাই থকা দেখি গম পালোঁ কিবা এটা ক’ব বিচাৰিছে৷
চাহকাপ সন্মুখত দি তেওঁৰ মুখলৈ চালোঁ।
: কওক এতিয়া কি ক’ব বিচাৰিছে?
: নহয় মানে হঠাৎ মোৰ ক’লীলৈ মনত পৰিল বুজিছা৷
: কিয় ক’লী গোহালিত নাই জানো?
: তুমি বুজি পোৱা নাই হে’ৰা৷ মই কিমান কষ্টত ক’লীক কালি বিচাৰি আনিলোঁ৷
মই বুজিলোঁ এতিয়া চাহকাপ শান্তিৰে খাবলৈ হ’লে গৰুৰ ৰচনা শুনিব লাগিব৷ মানুহবোৰে আমাৰ পদূলিটোৰে পাৰহৈ গ’লে আজিকালি কাণত ফোনটো লগাই কাৰোবাৰ সৈতে কথা পতাত ব্যস্ত হৈ যায়৷ কেতিয়াবা লগৰজনৰ লগত কথা পাতি মচগুল হৈ যায়৷ গাড়ীত গ’লেতো কথাই নাই! আমাৰ এখেতে দেখিলে তাৰ মাজতে চিঞৰি চিঞৰি পদূলিৰ মুখ পাইগৈ৷ তেওঁ পদূলি পাইগৈ মানে-
“বৰ্তা ভালনে, বা মহাদেউ বহিছে”- বুলি তৎক্ষণাত নোহোৱা হয়৷
কিছুদিনৰ পৰা ৰ’দ লওঁ বুলি চকীখন নি একেবাৰে গে’টখনৰ ওচৰতে বহি লৈছে৷ ময়ো জানো তেওঁ ৰ’দ ল’বলৈ যোৱা নাই, বাটৰ মানুহবোৰক ধৰি ধৰি তেওঁৰ নোহোৱা নোপোজা কথা কিছুমান শুনাব৷ থিয়ৈ থিয়ৈ বাটৰুৱাৰ আমনি লাগে৷ কঁকাল বিষাইছে ভৰি বিষাইছে বুলি এখেতৰ পৰা হাত সাৰে৷ দুদিনমানৰ পৰা মন কৰিলোঁ এখেতে দেখোন চোঁচৰাই চোঁচৰাই দুখন চকী পদূলিৰ মূৰত লগালেহি৷
: হেৰি এখন চকীৰে নেপালেগৈ নেকি?বুঢ়া বয়সত চকীসোপা এনেকৈ দাঙি ফুৰা কঁকালত লাগিব৷
এখেতে মোৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে৷ এখনত বহি আনখনত ভৰিটো তুলি দি মোলৈ হাঁহি এটা মাৰি চাই ক’লে,
: হে’ৰা ভৰিটোকো আৰাম লাগে নহয়!
মই ঠিকেই বুজিলোঁ৷
: যি কৰে কৰক আৰু! মোৰ কথা শুনিব নে আপুনি৷
মই ভিতৰ নাপালোঁহিয়েই এখেতৰ চিঞৰ শুনিলোঁ,
: হে’ৰা মোহন কেনি যোৱা?
: বেংকত কাম এটা আছে,
: ৰ’বা হে নটা বজাতে বেংক ক’ত খুলিব! আহা আহা তোমাক কথা এষাৰ ক’বলৈ আছিল৷ বৰ গুৰুত্বপূৰ্ণ কথা৷ বহা বহা এয়া মই চকী ঠিক কৰিয়েই থৈছেোঁ৷
তাৰ পিছত কি ক’লে নুশুনিলোঁ৷ এঘণ্টা মানৰ পিছত চাগে মোহন চেগ বুজি এখেতৰ কব্জাৰ পৰা সাৰি বেংক পালেগৈ৷ আগেয়ে মই কোনোবা আহিলে চাহ একাপ যাছোঁ৷ প্ৰায়ে পদূলিৰ মূৰৰ পৰাই থিয়ৈ থিয়ৈ মানুহবোৰ যাব বিচাৰে৷ সেইবাবে চাহ দিবলৈ বাদ দিলোঁ৷ কামৰ মাজত বাৰে বাৰে চাহ কৰি থাকিবলৈ মোৰো দেহাই নোকোলায়৷ কেইবাদিনো এখেতে চাহ নিবলৈ ভিতৰলৈ আহে মানে বাটৰুৱা পলাই যায়৷ এদিন মই ভোৰভোৰালত আজিকালি চাহৰ কথা নকয়৷
দুদিনমানৰ পৰা মোক এখেতে নেৰানেপেৰাকৈ ধৰিছে বজাৰলৈ যায়৷ ময়ো অশোকক মাতি অট’খনেৰে এখেতক বজাৰলৈ পঠিয়ালোঁ৷ মস্ত ফ্লাক্স এটা কিনি আনি মোৰ হাতত দিলেহি৷
: হে’ৰা পুৱাই একফ্লাক্স চাহ বনাই দিবা মই পদূলিতে বহি আৰামত চাহ খাই খাই বাতৰি কাগজ পঢ়িম বুজিছা৷
মোক নক’লেও মই কাৰণটো ঠিকেই বুজি পালোঁ৷
কেইবাদিনো হ’ল এখেতে চাহৰ ফ্লাক্সটোলৈ গে’টৰ মুখতে বহি ল’লে৷ পুৱা গধূলি মানুহবোৰ পাৰ হৈ যাওঁতে তেওঁৰ পৰা কোনো সাৰি যাব নোৱাৰা হ’ল৷ হঠাৎ সেইদিনা শ্লোক মাতিবলৈ লোৱা দেখি খিৰিকীৰে চালোঁ৷ লক্ষণ আহিছে৷ কাণ উনাই শুনিলোঁ এখেতে লক্ষণক বহুৱাই সুধিছে,
: অঁ এতিয়া কোৱাচোন মই ক’ত এৰিছিলোঁ সেইদিনা! আজিকালি কথাবোৰ বৰ পাহৰা হৈছোঁ নহয়৷ এটা কাম কৰা ডিঙিটো তিয়াই লোৱা আগতে৷
মই বুজিলোঁ লক্ষণ আজি সহজে এৰা নাখাব৷ ভিতৰলৈ চাই ফুচফুচাই লক্ষণক কোৱা শুনিলোঁ,
: আমাৰ এওঁৰ কথা মই ডাক্তৰক সুধিছিলোঁ বুজিছা, বোলো মোৰ শ্ৰীমতীৰ কাণখন গধুৰ হোৱাৰ কাৰণ?কি ক’লে জানা নে নাই, কাণৰ নাৰ্ভডাল হেনো শুকাইছে৷ হেৰা, মুখেৰে কথা নকয় , কাণৰ নাৰ্ভ নুশুকাই কি হ’ব৷ মই সেইকাৰণে কথা অলপ বেছি কওঁ৷ কাণ কেইখনৰ কথা আছে হয়নে নাই বাৰু কোৱাচোন৷ বুজিছা মোক এলজাইমাৰেও ঢুকি নাপায়৷ মই ব্ৰেইনটো একেবাৰে এক্টিভেট কৰি ৰাখিছোঁ৷ বাৰু সেইবোৰ বাদ দিয়া৷ মোৰ মনত পৰিছে ৰ’বা, খৰ দূষণ বধত আৰম্ভ কৰিবলৈ লওঁতেই তুমি পিছৰ অংশ পিছত শুনিম বুলি ক’লা৷ ঠিক ঠিক কাহিনীটো কৈ থাকোঁতে এৰিছিলোঁ সেইদিনা৷
মই লক্ষণলৈ চালোঁ৷ সি দীঘল হামি এটা মাৰি ৰাস্তাটোলৈ চাই আছে আৰু এখেতে চাহকাপ হাতত দি আৰম্ভ কৰিছে৷
ৰাক্ষসক মাৰি ৰামে ৰণ জয় ভৈলা।
ৰঙ্গমনে আপোন থানক লাগি গৈলা॥
সীতায়ে লক্ষ্মণে দেখিলন্ত দূৰে বসি।
ৰাহুত মুকুত যেন পূৰ্ণিমাৰ শশী।।
লক্ষণ বুজিছা তাৰমানে লক্ষ্মণৰ ককায়েক ৰামৰ কথা কৈছে।
: হেঃ হেঃ তোমাৰ নামটোও ওলাইছে শুনি যোৱা৷
: মানে দদাইদেউ মোৰ নাম লক্ষণহে৷
: এহঃ! সেইবোৰ বাদ দিয়া৷ কিয় লাগিছে তোমাৰ নাম লক্ষণেই হওক মতিনেই হওক হয়নে নাই? কথাটো ৰামায়ণৰ৷ অঁ ক’ত এৰিছিলোঁ৷
: দদাইদেউ কাইলৈ শুনিম নহ’লে!
: কি কোৱাহে কালি কোনে দেখিছে৷ কি ঠিক ময়েই সিফলীয়া হ’ব লগা হয় নেকি!
শ্লোকফাকিৰ অৰ্থ হ’ল,
“ৰামে ৰাক্ষসক……”
: দদাইদেউ মহে বৰকৈ তেজ শুহিছে৷ যিকণ সেইদিনা হাস্পতালত গৈ ভৰাই আনিছিলোঁ গোটেইখিনি নিলে যেন পাইছোঁ৷
: এহঃ! তুমি মই কৈ থকাৰ মাজতে বৰ খপজপাই থাকাহে৷ মনে মনে শুনি যোৱা৷
সেমেনাসেমেনি কৰি লক্ষণে ভিতৰলৈ চাবলৈ ধৰিছে৷ আমাৰ এখেত নিৰ্বিকাৰ৷ চকু মুদি এফালৰ পৰা দাৰি-ক’মা নোহোৱাকৈ কৈ গৈছে৷ দাৰিত ৰখিলেই কিজানি লক্ষণ উঠি লৰ মাৰে৷
মই বুজিলোঁ হস্তক্ষেপ নকৰিলে লক্ষণ নিগমে মৰিব৷
: হেৰি! বোলো গধূলি হ’ল৷ নামঘৰত চাকিগছ দিব লাগে৷ এৰক এইখন৷ লক্ষণ যোৱাগৈ দিয়া৷
: এহঃ! তুমিয়েই জ্বলাই দিয়া হে৷
: মই নোৱাৰিম দেই৷ এই ঠাণ্ডাত গা-ধুলে সিপুৰী পামগৈ৷
মোৰ লগত কথাত ব্যস্ত থাকোঁতেই মই লক্ষণক চকুৰ ইংগিতত যাবলৈ ক’লোঁ৷ সিয়ো গে’ট পাৰহৈয়ে টিধৌগুটি খাই লৰ মাৰিলে৷
ময়ো একোৱেই নজনাৰ ভাও দি ভিতৰ পালোঁহি৷
এপাকত চাগে এখেতে বুজি পালে কথাটো৷ ভোৰভোৰাই ভোৰভোৰাই ঘৰৰ ভিতৰ পালেগৈ৷
আচৰিত দেই মানুহটো কালি ক’লে, কথাবোৰ মনত নথকা হৈছে, আজি কি ক’লোঁ কাইলৈ মনত নাথাকে৷ আৰু এতিয়া কত মাহেই হ’ল চাগে লক্ষণক ৰামায়ণৰ ক’ত শেষ কৰিছিল সেয়াও মনত আছে৷
: হে’ৰা আজি দিনতে মহে আমনি কৰিলে৷ ভিতৰলৈ গুচি আহিলোঁ আৰু!
: উফ! ৰক্ষা পালোঁ বুলি ভাবিছে চাগে লক্ষণে৷
: নহয়হে! সি কাহিনীটো আজিয়েই শেষ কৰি দিয়ক আৰু দদাইদেউ বুলিছিল৷ মইহে বোলোঁ, দে মহৰ কামোৰ খাব নালাগে, কাইলৈ অলপ সোনকালে আহিবি৷
: এটা কাম কৰিব কিলাৰ ধূপ কেইডালমান লগাই ল’ব নহ’লে৷
: এহঃ! আগতীয়াকৈ নক’লা কিয়? লক্ষণ বজাৰলৈ গৈছিল তাকে আনিবলৈ দিব পাৰিলোঁহেঁতেন৷
: কি যে হ’ব আপোনাৰ!
মই দপদপাই ভিতৰলৈ গুচি যোৱা দেখি চাগে এখেতে বুজি পালে মোৰ খং উঠিছে বুলি৷ একো নকৈ ভিতৰ পালেহি৷ টিভিটো বজাই দি চিঞৰি থাকিল৷
: হে’ৰা আজি “বেহৰ বাৰী“ দিলেই যে!
টিভিটো পালে নিউজ আৰু খেলৰ বাদে আন কিবা কাৰোবাৰ চাবলৈ পোৱাৰ সাধ্য নাই৷ তেনেক্ষেত্ৰত মোক চিঞৰি ‘বেহৰবাৰী’ৰ কথা কোৱা শুনি আচৰিত লাগিল৷ চাহকাপ বাকিলৈ দিবলৈ বুলি টিভিৰ ওচৰ পালোঁহি৷ তেতিয়ালৈ তেওঁ ৰিমটটো লৈ চেনেল বদলাই আছে৷
: কি হ’ল ‘বেহৰবাৰী’ দিছে বুলি মাতিলে যে৷
: নহয়হে এডভেৰটাইজ হে৷
টিঙিচকৈ খংটো উঠিল৷
: হে’ৰা কথা এটা হ’ল নহয় এই যে আমাৰ ক’লী!
: এহঃ! বাদ দিয়কহে ক’লী-বগী কাৰো কথা নুশুনো৷ বেহৰবাৰী বুলিহে আহিলোঁ৷ ভাত বনাবলৈ আছে, যাওঁ৷ আপুনি এতিয়াই যি চাবলৈ আছে চাই লওক৷ চিৰিয়েল চোৱাৰ মাজত ৰিমটটো লৈ যিহকে পাই তিহকে চাবলৈ নিদিম হ’লে৷
: হে’ৰা তুমি বুজি পোৱা নাই৷ কথাবোৰ বৰ পাহৰা হৈছোঁহে৷
: হ’ব হ’ব৷ পাহৰিছোঁ পাহৰিছোঁকৈ পৰীক্ষা কৰোঁতে কৰোঁতে কথাৰ কোবত মোকেই পাহৰি নাথাকিব আক’৷
: অঁ, মনত পৰিছে, শুনাচোন৷ এই বৰুৱাৰ ঘৰৰ পৰা আনি ‘ফৰগেট মি নট’ এজোপা লগাই দিছা যে৷ তাৰ আঁৰৰ কাহিনীটো জানানে নাই?
: ৰ’ব মই আহি আছোঁ৷
মই বুজিলোঁ এখেতে লক্ষণক পলুৱাই পঠিওৱাৰ মছলাটো মোকে দিব৷
লৰালৰিকৈ মই পাকঘৰ পালোঁহি৷
☆ ★ ☆ ★ ☆
3:38 pm
হাঁ হাঁ৷ বিৰাট জমনি৷
4:39 pm
ধন্যবাদ নিলাক্ষী
5:08 pm
😁😁হাঃ,হাঃ জমনি