ফটাঢোল

লিমাৰিক-স্বপ্নালী কলিতা

১/
নিৰামিষ খাওঁ বুলি নিখিল বৰুৱা
ফুটনিতে ফুলি হয় তেনেই লাৰুৱা
একাঁহী ভাতত হায়
আধাসেৰ ঘিঁউ খায়
আমিষ খোৱাই ভাল হ’লেযে তেনুৱা

২/

আমাৰ খগেন কাই অমায়িক বৰ
ছাৰৰ কথাত সেয়ে এৰি দিলে ঘৰ
গছৰ তলতে বহি
মহৰ কামোৰ সহি
মানুহজনীকো বোলে কৰি থ’লে পৰ।

৩/ বজাৰ (ক)

কমলক বোলে হে’ৰা বজাৰলৈ যোৱা
ভালেদিন হোৱা নাই মাছ-পুঠি খোৱা
গৃহিনীৰ শুনি কথা
কিয় নষ্ট কৰা মাথা
খোৱা কথা বাদ দিয়া আন কথা কোৱা।

৪)  বজাৰ (খ)

বজাৰত জ্বলি আছে দপ্‌দপ্‌ জুই
গম নোপোৱানে তুমি আছা নেকি শুই
মঙহত ভম্‌ভম্‌
পাচলিতো দম্‌দম্‌
জ্বলি যাম ময়ো হেৰা দিওঁ যদি চুই।

৫/
জীৱনত আগবাঢ়ি যাবলৈ বোলে

লোভ নহ’লে যে একো কাম নাই হ’লে
দৈ দাদাই কোৱা কথা
মানি ল’লোঁ দেই মাথা
হেনজানি লোভ কৰি ঘটা ছলেবলে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *