পূর্ণিমাৰ জোন-মানসী বৰা
আজিকালি জোনৰ দোকানলৈ যাওঁতে নজনাকৈ তাইৰ খোজবোৰ খৰ হৈ পৰে। অথচ কি লাগিছিল বুলি সোধাৰ বাহিৰে পূর্ণিমাক জোনে আন কোনো কথাই নোসোধে। জোনৰ লগত কথা পাতিবলৈ পূর্ণিমাৰ মনটো উচপিচাই উঠে।
পিচে কি মন কৰি জানো ঘপহকৈ জোনে সিদিনা তাইক সুধি পেলালে,
: তোমাৰ নামটো?
থত্ মত্ খাই উঠিল পূর্ণিমা। লাজত কাণ-মুখ ৰঙা হৈ পৰিল। বুকুত লৈ থকা চুর্ণীখন হাতত সামৰি লাহেকৈ নামটো কৈ পেলালে তাই।
: পূর্ণিমা
মনৰ ভিতৰতে তাই জুকিয়াই ক’লে আপুনি জোন মই আপোনাৰ পূর্ণিমা। মনৰ সেই কথা জোনে কিন্তু শুনাকে নাপালে।
: পঢ়ি আছা?
দ্বিতীয়বাৰ জোনে সুধিলে।
সুধিব বুলি নভবা প্রশ্ন এটা যেন জোনে তাইক সুধি পেলালে।
মূৰটো লাহেকৈ জোকাৰি “পঢ়ি থকা নাই কথাটো” জোনক বুজাও নুবুজাওকৈ বুজাইছিল তাই।
: কিমান পঢ়িলা?
জোনে সেইবাৰ আকৌ সুধিলে ।
প্রায় দুটা বছৰ ধৰি ৰুমা বায়েকৰ ঘৰত পূর্ণিমা আছেহি। এই বয়সত হিচাপ মতে তাই হায়াৰ চেকেণ্ডেৰী পাছ কৰি উঠিব লাগে। পিচে এতিয়া তাই নিজৰ শিক্ষাগত অর্হতাৰ কথা জোনক জনায় কেনেকৈ? মেধা সম্পর্কত কোনো সন্দেহ নাছিল বাবে স্কুলত প্ৰায় সকলোৱে পূর্ণিমাক মেধাৱী বুলিছিল। গণিতৰ শিক্ষক শর্মা ছাৰৰ বাবে তাই আছিল সাক্ষাৎ যেন শকুন্তলা দেৱী।
ইংৰাজী পঢ়োৱা কাকতী ছাৰে তাইক দেখিলেই কৈছিল “আপুনি মহা জ্ঞানী। নিজাকৈ ভাষাৰ বর্ণমালা বাদ দিলোঁ, আপুনি নতুনকৈ ইংৰাজী ব্যাকৰণ প্রণয়ন কৰিব পাৰিব। আপোনাক পঢ়ুৱাৰ দুঃসাহস আমি কৰিম কিদৰে?”
অসমীয়া শিক্ষয়িত্রী বৰুৱানী বাইদেউৰ ভাষাত পূর্ণিমা ভোমোৰা আছিল। কাৰণ পাঠ পঠনৰ বেলিকা তাইৰ পঠনে কোঠাৰ ভিতৰত মৃদু সংগীত যেন গুণগুণনিৰ সৃষ্টি কৰিছিল। তাই কি পঢ়িছিল সেয়াহে পিচে বুজা নগৈছিল।
এসময়ত তাইৰ পাণ্ডিত্যই স্কুলত সীমা চেৰাইছিল। ষষ্ঠ শ্রেণীৰ পাঠ্যক্রম আয়ত্ব কৰিবলৈ তিনিবছৰ ধৰি কঠোৰ অধ্যৱসায়ৰে মগ্ন থাকোঁতে তাইৰ সমনীয়াই নৱম শ্রেণীত মেখেলা-চাদৰ পিন্ধিছিল।অনিচ্ছাস্বত্তেই তাই সৰু ভনীয়েক প্রণামী আৰু তাইৰ সমনীয়াবিলাকৰ সৈতে একে শ্রেণীতে বগা শ্বার্ট আৰু নীলা স্কার্ট পিন্ধিয়ে পঢ়িবলৈ লৈছিল৷ পূৰ্ণিমাৰ পাণ্ডিত্যৰ উমান পোৱা কোনো এজন ঘৰুৱা শিক্ষকে তাইৰ শিক্ষক হৈ থাকিবলৈ আগ্ৰহী নাছিল৷ যিজনে আৰম্ভ কৰে দুদিন পঢ়ুৱাই বিদায় মাগে। স্কুললৈ পূৰ্ণিমাৰ অহা যোৱা অব্যাহত থাকে৷ সদায় একেবাৰে শেষৰ বেঞ্চত আসন লোৱা পূৰ্ণিমা৷ উটৰ দৰে দীঘল হৈ পৰা ডিঙিটো শেষৰ বেঞ্চত তললৈ লুকুৱাই তাই বহিব নোৱৰা হয়। আৰু সেই বাবেই হয়তো শর্মা ছাৰৰ দৃষ্টিৰ পৰা তাই সাৰিব নোৱাৰা হয়। সাৰি যাব নোৱাৰা হয় কাকতী ছাৰৰ ইংৰাজী বিষয়ৰ পৰা আৰু তেনেকৈয়ে এদিন কাকতী ছাৰে তাইক আদৰি নিয়ে ব’ৰ্ডলৈ।
‘সীতা ষষ্ঠ শ্রেণীত পঢ়ে’। ইংৰাজীলৈ আপুনি অনুবাদ কৰক। বাক্যশাৰী ব’র্ডত লিখি চকডাল ছাৰে আগবঢ়াই দিয়ে।
বাক্যটোৰ তলত হাতৰ চকডাল ৰখাই তাই নির্বিকাৰভাৱে থিয় হৈ ৰয়। ভৰিৰ বুঢ়া আঙুলিৰ নখটো পাৰে মানে তললৈ জোৰে হেঁচা মাৰি ধৰে, কিজানিবা জোৰ দিলে কিবা এটা লিখিব পৰা হয়েই।
নাই, অসমীয়াৰ পৰা ইংৰাজীলৈ সেই বিশেষ বাক্যশাৰী সিদিনা তাই অনুবাদ কৰিব পৰা নাছিল।নীলা স্কার্ট পিন্ধি থকা শ্রেণীটোৰ আটাইতকৈ ওখ ছোৱালীজনী সেইদিনা কাণত ধৰি বেঞ্চৰ ওপৰত থিয় হৈ ৰৈছিল। সেই বিশেষ সন্মান পাবলৈ সক্ষম হোৱাৰ দিনটো স্কুলত পূর্ণিমাৰ শেষদিন আছিল।সিমানতে শিক্ষা জীৱন সামৰি তাই স্কুলৰ পৰা বিদায় মাগিছিল। স্কুললৈ আৰু পঢ়িবলৈ নাযায় বুলি ঘৰত জনাই দুৱাৰ মাৰি তাই শোৱনি কোঠাত সোমাইছিল। তেনেকৈ ঘৰত তাই দুবছৰ কটাইছিল।
আর্থিকভাৱে বৰ বিশেষ সবল নোহোৱা দেউতাকে কথাপাতি এদিন নগৰত থকা সম্পর্কীয় ভাগিনীয়েক ৰুমাৰ ঘৰত থাকিবলৈ তাইক পঠিয়াই দিয়ে। দেউতাকৰ ভাগিনীয়েক সম্বন্ধত পূর্ণিমাৰ বায়েক আৰু ভিনিয়েক দুইজন চৰকাৰী চাকৰিয়াল। সেয়ে বায়েকৰ ল’ৰা-ছোৱালী দুইটাৰ লগ দিবলৈ ঘৰখনত ঘৰুৱা ছোৱালী এজনীৰ বৰ দৰকাৰ হৈছিল। পাণ্ডিত্যৰ নমুনা দেখুৱাই ভাগৰি পৰা পূর্ণিমাও সেয়ে দেউতাকৰ কথাত মান্তি হয়। বায়েকৰ ঘৰত থাকি ঘৰুৱা কাম-বনবোৰো লাহে লাহে শিকি পেলায়।
বায়েক-ভিনিহীয়েক নথকা সময়কণত গোটেই ঘৰখন তাইৰ হৈ পৰে। যি মন যায় বনাই খায়।গাখীৰৱালা, পাচলিৱালা, মাছৱালা সকলো তাইৰ চিনাকি হৈ পৰে। চিনাকি হৈ পৰে ঘৰৰ কাষৰ ধোবা শ্যাম, গেলামালৰ দোকানী বিজু, দর্জী খান ভাই।
বিজু দোকানীৰ ব্যৱসায় বহল কৰিলে। দোকানত লেনা-দেনাৰ হিচাপ কৰিবলৈ এদিন জোন আহিল।বিজু দোকানীৰ সম্পর্কীয় ভতিজাক। দোকানৰ পৰা ইটো-সিটো আনিবলৈ যাওঁতে জোনৰ লগত পূর্ণিমাৰ চাৰি চকু মিলিল। পূর্ণিমাই মিচিকিয়াই হাঁহিল।
তাৰ পিছৰ পৰাই বিজুৰ দোকানৰ সঘনাই গ্রাহক হ’বলৈ পূর্ণিমাৰো কোব চৰিল। জোনক নেদেখাকৈ পূর্ণিমা যে থাকিব নোৱৰা হ’ল। তাইৰ যি মনৰ অৱস্থা জোনৰো ঠিক তেনেকুৱাইনে? পূর্ণিমাৰ জানিবৰ মন যায়। জোনৰ পূর্ণিমা হ’বলৈ দিনতে বিছনাত পৰি তাই সপোন দেখে।
কিন্তু সেই জোনৰ আজিৰ অবাঞ্চিত প্রশ্নত তাইৰ ভৰিৰ তলৰ মাটিখিনি যেন আঁতৰি যায়।
: কিমান পঢ়িলা ?
প্রশ্নটিৰ পুণৰাবৃত্তি ঘটিল।
: আর্থিক দুৰৱস্থাৰ বাবে পঢ়া নহ’ল মোৰ।
মেট্রিক দিব নোৱাৰিলোঁ।
পূর্ণিমাই মিছা মাতিলে।
: অহ! হয় নেকি? একো নাই৷ তুমি মোৰ ভণ্টীৰ নিচিনা। মোৰ ভণ্টীও প্রায় তোমাৰ বয়সৰে হ’ব। পঢ়িবলৈ মন থাকিলে ক’বা।এতিয়াও মেট্রিকটো দিওঁ বুলিলে দিব পাৰা তুমি। ৰুমা বাইদেউহঁতৰ ঘৰত নাথাকা জানো? তেওঁলোকক ক’লে নিশ্চয় সহায় কৰিব। অংক, ইংৰাজী কিবা চাই দিব লগা হ’লে মই এনেই চাই দিব পাৰিম। ফীজ দিব নালাগে। খুড়াৰ দোকানত কাম কৰাৰ আগতে টিউচনেই কৰিছিলোঁ মই।
পিছত আৰু কিবা জোনে কৈ আছিল যদিও পূর্ণিমাৰ কাণত সেইবোৰ একো নোসোমাল।
জোনে যে তাইৰ আচল কথাবোৰ একো নাজানেই।জানিলেই সর্বনাশ। তাই মনতে ভাবিলে।
ৰুমা বাইদেউৰ ঘৰত প্রথমদিনা বাথৰূমত ইংৰাজী বর্ণমালাৰ পি বর্ণটো দেখি ভিনিহীয়েকৰ পালম’লিভ শ্বেভিং ক্রিমটোকে পেপছ’ডেণ্ট টুথপেষ্ট বুলি ভাবি তাৰে দাঁত ঘঁহা মানুহ তাই। ঘঁহাৰ পিছত গম পাই লৰালৰিকৈ মুখখন কুলকুলি কৰিহে ৰক্ষা। সেই কথা ৰুমা বাইদেউহঁতৰ ঘৰত কোনেও গম পোৱা নাছিল। আচলতে তাই কাকো জানিবলৈ দিয়াই নাছিল। জোনক জানিবলৈ দিয়াৰতো প্রশ্নই নাহে। আনিবলৈ যোৱা বস্তু দুপদ লৈ এখোজক দুখোজ কৰি বায়েকৰ ঘৰলৈ বুলি পূর্ণিমাই বেঙা মেলিলে।
☆ ★ ☆ ★ ☆
12:46 pm
ভাললগা গল্প৷
6:45 pm
ধন্যবাদ বা
9:52 pm
ভাল লাগিল 😃
7:18 am
বহুত ধন্যবাদ
9:53 pm
ভাল লাগিল 😃
7:18 am
বহুত ধন্যবাদ