জিত আৰু বিছনাৰ হাৰ-জিত-কুমকুম শৰ্মাবৰুৱা
ধেৰাম্……
গোটেই বিছনাখন এফালে খোলখাই গ’ল আৰু জিত বিছনাৰ সৈতে পকাত পৰি গ’ল।
বিছনা: হেৰ’ কাম নাই বন নাই বিছনাতে ম’বাইলটো পিতিকি পিতিকি পৰি থকাত তোৰ স্বাস্থ্য যেনেকৈ পৰি গৈছে মোৰ স্বাস্থ্যও তেনেকৈ পৰি আহিছে।
জিত: কাম নাই বুলিছই যেতিয়া আৰু কৰিম কি!
বিছনা: মাৰে-দেউতাৰে ৰাতিপুৱাৰে পৰা হাত দুখনে কৰি থকাবোৰকে কাম বুলি কয়। অলপটো সহায় কৰি দিব পাৰ।
জিত: তইনো কি কৰ, পৰিহে থাক।
বিছনা: পৰি থকাটোৱেইতো আমাৰ কাম। আগৰ দিনত মানুহে পোহৰ নৌহওঁতেই বিছনাৰ পৰা উঠি আহি কামত ধৰেহি। দিনটো কামকে কৰি থাকে। একেবাৰে বৃদ্ধলোকসকলহে বিছনাত পৰে দিনত। গধূলিও ভাত খোৱা পৰলৈকে মহুৰা ফুৰাই, লগুণ কাটে মহিলাসকলে আৰু পুৰুষ সকলে কাঠি-কামি কৰি কিবা একোটা পাচি-খৰাহিকে সাজি থাকে। এতিয়া দেখিছোঁ তহঁতৰ খোৱা-শোৱা, ম’বাইল পিতিকি থকা আৰু তহলদিয়াৰ বাদে একো কাম নাই। মোকো ভাঙিহে তত পাইছ। এইখন তোৰ নিজৰ ঘৰহে। হোষ্টেল নহয়। টিভি চালেও বিছনাত পৰি থাকিবি, ম’বাইল চাই থাকিলেও বিছনাত পৰি থাকিবি, কেতিয়াবা ভুলতে কিবা এখন পঢ়িলেও বিছনাত পৰি থাকিবি। নিজেও বেমাৰি হ’বি আৰু মোকো এয়া ভাঙিহে তত পালি। কালিলৈ দেউতাৰে হুতুৰ হুতুৰ গজাল মাৰিব মোৰ গাত। তেনেকৈ তোক দুচাট লগাই দিলে ঘৰৰ বস্তু একো নাথাকিব ছাগৈ নভঙাকৈ। জীৱনটোত আধা সময় এনেয়েও শোওতেই যায়। তহঁতে তাতকৈ বেছি সময় শোৱ। মা-দেউতাই কৰি থকা কামবোৰ হাতৰপৰা কাঢ়ি লৈ কৰিবলৈ শিক। বাৰীৰ ফুলগছকেইজোপা , শাককেইজোপা চকু দিবলৈ শিক। পঢ়া-শুনাৰ লগতে এই কামবোৰো নিশিকিলে পিছত নিজৰেই অসুবিধা হ’ব। আজিৰ পৰা ভাগৰ লাগিলেহে মোৰ ওচৰলৈ আহিবি। অন্য সময়ত নাহিবি।
☆ ★ ☆ ★ ☆
5:55 pm
ভাল লাগিল ৷
11:32 am
ভাল লাগিল৷