ফটাঢোল

ৰিণ্টু….  মেৰে য়াৰ!-বিক্ৰমজিৎ কাকতি

ৰিণ্টু সমন্ধত মোৰ বিয়াৰ দৰাধৰা ৰঞ্জুৰ খুৰাক। বয়সত কিন্তু আমাৰ সমসাময়িক। ৰিণ্টুৰ কাহিনী বহুত। সি কেন্সাৰৰ দৰে। মানে এবাৰ যাৰ লগত দোস্তি হয় সি তাক কেতিয়াও এৰি নিদিয়ে, যিদৰে কেন্সাৰে সতকাই এৰি নিদিয়ে। 

মোৰ লগত দোস্তি হ’ল মানে আমাৰ পৰিয়ালৰ সকলোৰ সৈতে তাৰ চিনাকি হ’ল। উদাহৰণ স্বৰূপে ভাগিন বাবলুৰ মিচেছৰ বায়েকৰ শশুৰবাড়ীয়েও তাক চিনি পায়। 

ৰিণ্টুৰ এটা গুণ আছে, সি যাৰ লগতে ব্যৱসায় কৰে সেইজন মানুহৰ সদায় লটিঘটি হ’বই। 

উদাহৰণ বহুত, তাৰে দুটামান এনে ধৰণৰ…

ডিগ্ৰী পাছ কৰাৰ পাছত মই তাক মোৰ বন্ধু প্ৰদীপৰ লগত বিজনেছ কৰিবলৈ লগাই দিলোঁ। প্ৰদীপৰ মচলাৰ মিল আছে। হালধি, জিৰা আদি মেচিনত গুৰি কৰি পেকেট কৰি বিক্ৰী কৰে, পুৰা অসমত চাপ্লাই হয়, ভাল চলে …. 

দুমাহ মান যোৱা পাছত নানা অদ্ভুত কাৰণত প্ৰদীপৰ বিজনেছ ডুবিল। ৰিণ্টু jobless হ’ল। 

তেতিয়া মই ডিব্ৰুগড়ত ৰে’ল বিভাগত কৰ্মৰত। তাত  অতুল দা বোলা এজন প্ৰতিস্থিত ব্যৱসায়ী আছিল, চাহ বাগানৰ মেচিনেৰী , financing আদি নানান ব্যৱসায়। ৰিণ্টুক এইবাৰ তাতে চাকৰিত সুমুৱাই দিলোঁ। ছমাহ মান ঠিক-ঠাক চলিল তাৰ পাছত অতুল দাৰো বিজনেছ ডুবিল, দাদাৰ ইমানেই বেয়া অৱস্থা হ’ল যে তেওঁ পৰিয়াল সহিতে ঘৰ দুৱাৰ এৰি থৈ পলাল , পলাল যে পলালেই আজি প্ৰায় বিশবছৰ পাছতো পলাতক। 

ৰিণ্টুৰ আকৌ দুখ দুৰ্দশাই নধৰা হ’ল। মই আৰু ভাগিন বাবলুৱে তাৰ দুৰ্দশা হজম কৰিব নোৱাৰোঁ। এইবাৰ বাবলুৱে ক’লে “মামা, মই তাক মোৰ লগৰ দিলীপক তাৰ লগত কামত লৈ ল’বলৈ কওঁ”। দিলীপ চৰকাৰী ভাল কণ্ট্ৰেক্টৰ। অসমৰ বহু স্থানত তাৰ কাম চলি আছে, তদাৰক কৰাৰ মানুহ লাগে। কথামতেই কাম, অসম অৰুণাচল সীমান্তবৰ্তী গাঁও এখনত দিলীপৰ স্কুল এখন বনোৱাৰ কণ্ট্ৰেক্ট চলি আছে তালৈকে সি ৰিণ্টুক পঠাই দিলে। তিনি সপ্তাহমানৰ পাছত এদিন ৰাতিপুৱাতেই দিলীপৰ ফ’ন … ” মামা মই বৰ্বাদ হৈ গ’লোঁ।”  মই বোলো- “কিয়”? সি ক’লে, “অসম অৰুণাচল সীমাৰ পূনৰ নিৰ্ধাৰণৰ পাছত ৰিণ্টুক কামত লগাই থোৱা স্কুলখন অৰুণাচলত পৰিল, এতিয়া গতিকে অৰুণাচল চৰকাৰে কামটো তেওঁলোকৰ মানুহ লগাই কৰোৱাব, গতিকে কাম বন্ধ।”

ভগ্ন মনেৰে ৰিণ্টু আহি গাঁও পালেহি। এনেতে নিৰ্বাচনৰ বতৰ আৰম্ভ হ’ল। ৰিণ্টুৰ ভিনিহিয়েক ৰবীন দা ইলেকচনত উঠিব, আগতেও তেওঁ এবাৰ কেবিনেট মন্ত্ৰী হৈ থৈছে।  ৰিণ্টু এণ্ড পাৰ্টী ভিনিহিয়েকৰ হৈ তীব্ৰ প্ৰচাৰত নামিল। ৰবীন দা আকৌ জিকিবই …. 

ৰিজাল্ট ওলাল, ৰবীন দা ২০০০ ভোটত হাৰিল। তাৰ দুবছৰ পাছত কিবা কাৰণত ৰবীনদাৰ সমষ্টিত পুনৰ নিৰ্বাচন অনুস্থিত হ’ল। এই দুবছৰে ৰিণ্টুৰ আনজন এম.এল.এৰ লগত সু-সম্পৰ্ক স্থাপন হ’ল। নিৰ্বাচনলৈ এসপ্তাহ মান থকাত মই ৰবীনদাৰ ঘৰলৈ গৈ দেখোঁ তেওঁ প্ৰচাৰ কাৰ্যত বিশেষ মন দিয়া নাই। সোধাত ক’লে, “বেছি প্ৰচাৰ নকৰিলেও মই জিকাটো খাটাং, ৰিণ্টু আছে নহয় গতিকে মই ইমান চিন্তা কৰা নাই।” 

ইলেকচনৰ ৰিজাল্ট দিলে, হয় ৰবীনদা ৬০০০ ভোটত জিকিল। মই ভাবিলোঁ বাঃ ৰিণ্টু এইবাৰ ৰবীনদাৰ কাৰণে লাকী বুলি প্ৰমাণ হ’ল।

ৰাজধানীৰ MLA হোষ্টেলত ৰবীনদাক লগ পোৱাত সুধিলোঁ , দাদা এইবাৰ ৰিণ্টু আপোনাৰ বাবে লাকী বুলি পৰিগনিত হ’ল। দাদাই গহীন হাঁহি এটা মাৰি ক’লে- “মোৰ বাবে ভাগ্য নহয়, মোৰ বিপক্ষৰ বাবেহে দুৰ্ভাগ্য, ৰিণ্টুক  এইবাৰ মই বিপক্ষৰ কেণ্ডিডেটজনৰ হৈ প্ৰচাৰ চলাবলৈ উপদেশ দিছিলোঁ সেয়ে বোধকৰোঁ তেওঁ হাৰিল আৰু মই জিকিলোঁ”। 

ৰবীনদাৰ ৰাজনৈতিক বিচক্ষণতা দেখি মই তবধ মানিলোঁ । 

বৰ্তমান ৰিণ্টু Bit-Coin ব্যৱসায়ত একান্তমনে লাগিছে। 

ৰিণ্টুৰ প্ৰবেশে অনাগত দিনত আন্তৰ্জাতিক  Bit-Coin উদ্যোগত কি প্ৰভাব পেলাব সেইটো লক্ষ্যণীয় হ’ব।

***

Leave a Reply

Your email address will not be published. Required fields are marked *