ভাত খোৱা স্কুল-বিতুমনি গগৈ
দুজনী কনমানিয়ে কথা পাতিছে , এজনী চহৰৰ দামী স্কুলত পঢ়ে, আনজনী গাওঁৰে চৰকাৰী এল, পি স্কুলত।
: তোমালোকৰ স্কুলত মিচ-চিচ আছে নাই? নাই।
: আমাৰ স্কুলত চাৰ আছে,বাইদেউ আছে, হেডচাৰ আছে।
: মিচ নাই? কি আচৰিত ? মিচ নথকা স্কুল থাকে নেকি? কোনে পঢ়াই তোমালোকক?
: চাৰ-বাইদেউহঁতে ।
: বাইদেউ নাই নেকি?
: নাই । বাইদেউ নাই, বাই আছে।সৰুবোৰক চোৱাৰ বাবে কেইজনীমান বাই আছে।
: বাৰু তোমালোকৰ স্কুলত ৰাইম’চ শিকাই নে?
: ৰাইম’চ ? সেইতো কি?
: ৰাইম’চ আকৌ, ৰ’বা মই ৰাইম’চ এটা গাই দিওঁ…. জনী জনী, ইয়েচ পাপা…. ইটিং চুগাৰ নো পাপা…
: অ’ সেই প্ৰাৰ্থনা আমিও গাওঁ।আমাৰ প্ৰাৰ্থনা তোমাৰলোকৰ দৰে নহয় তুমি চিত্ত বৃত্তি মোৰ……………. ॥
: সেয়া আমাৰ আইতাইহে গায় । সেইয়া ৰাইম’চ নেকি কিবা? প্ৰেয়াৰহে।বাৰু টিফিন নিয়ানে স্কুললৈ?
: টিফিন? নাই নিনিওঁ।কিতাপ নিওঁ, বহী নিওঁ, কলম নিওঁ।
: টিফিন নিনিয়া যদি দুপৰীয়া কি খোৱা স্কুলত?
: ভাত দিয়ে নহয় স্কুলত।
: তুমি তাৰ মানে ভাত খোৱা স্কুলত পঢ়া? তুমি দুখীয়া নেকি?
: কেনেকৈ জানিলা?
: আমাৰ মাম্মীয়ে কৈছে নহয় । দুখীয়া ল’ৰা-ছোৱালীয়ে বোলে ভাত খোৱা স্কুলত পঢ়ে। আমি টিফিন খোৱা স্কুলত পঢ়ো। মাম্মীয়ে ভাত খোৱা স্কুলৰ লৰা ছোৱালীৰ লগত লগ হবলৈ মানা কৰিছে। মই যাওঁ দেই………