ফটাঢোল

মানুহক চিনেমা চাবলৈ কিয় সংঙ্গী লাগে! ‌‌  : ৰঞ্জু হালৈ মুনি

সকলো মানুহেই নিজৰ নিজৰ বন্ধু-বান্ধৱী বা পৰিয়ালৰ মানুহৰ সৈতে চিনেমা চাই ভাল পায়। কিয় মানুহে মানুহৰ সৈতেহে চিনেমা চাই ভাল পায়?মানুহে অকলে অকলে চলা-ফুৰা কৰি বেয়া পাই কাৰণে নে?

প্ৰশ্ন হয়নে?

মোৰ কিন্তু প্ৰশ্ন হয়। মই অকলে চিনেমা চাই ভালপাওঁ আৰু অইন দহজনকো অকলেই চিনেমা চাবলৈ পৰামৰ্শ দিওঁ। আমাৰ ঢুইলা চাবলৈ কিন্তু মোক লগ লাগে। লগে ভাগে বাগৰি বাগৰি হাঁ‌হিব পাৰি।অকলে অকলে হাঁ‌হি যিমান ভাল লাগে, লগে ভাগে হাঁ‌হি তাতকৈ বেছি ভাল লাগে।

অকলে চিনেমা চাবলৈ পৰামৰ্শ দিয়াৰ বাবে বহুতেই মোক স্বাৰ্থপৰ বুলি ভাবিব পাৰে। আচলতে কথা সেইটো নহয়! অকলে অকলে চিনেমা চোৱাৰ বহুত কেইটা সুবিধা আছে! মোক চিনেমা হলৰ সন্মুখত থৈ আহিলে মই অকলেই চিনেমা চাব পাৰিম।টিকটটো কাটি দি, এটা আমলখি পেকেট, এটা পানীৰ বটল কিনি দি থৈ আহিলে মই অকলেই চিনেমা চাব পাৰিম। অ’ কিন্তু  চিনেমাখন শেষ হ’লে মোক আকৌ হলৰ পৰা লৈ আনিব লাগিব।

এতিয়া কৈছোঁ অকলে চিনেমা চোৱাৰ সুবিধাসমূহ …

অকলে অকলে চিনেমা চালে খৰচ একেবাৰেই নাই। টিকটটো কিনি বচ বহিলেই হ’ল। ভিতৰত বহুত মানুহ লগ পাবই নহয়।

যি খাই সেইটো বস্তু কিনি নিলেই হ’ল কাকো দিয়াৰ দৰকাৰ নাই। চাই থাকক,খাই থাকক।

দুখৰ দৃশ্যত কান্দিলেও লাজ পাবলগীয়া একো নাই কাৰণ কাষৰজন অচিনাকি। চিনাকি হ’লে কান্দিবলৈও লাজ লাগে।

কম দামী টিকটত চায়ো বেছি দামৰ টিকট কটা বুলি ক’ব পাৰি, কাৰণ কিমান দামী টিকট কাটি চাইছিল কোনেও দেখা নাই।

কেতিয়াবা চিনেমা হলৰ বাহিৰত লগাই থোৱা পোষ্টাৰখনৰ কাষত থিয় হৈ ফটো উঠি ফেচবুকত পোষ্ট দিব পাৰি, “ৱাটচিং অমুক, ৱাটচিং তমুক” বুলি।

চেল্ফী উঠক যিমান মন যায় সিমান। বেক কেমেৰাত ফটো উঠিবলৈ মন গ’লে কাষেৰে পাৰ হৈ যোৱাজনক ৰিকুৱেষ্ট কৰক। হাঁ‌হি এটি মাৰি অনুৰোধ কৰিলে ফটো দুকপি কিয়নো উঠাই নিদিব হয়নে বাৰু! 

ইমানবোৰ সুবিধা থকাৰ পিছত আপুনি কিয় মিছাতে বেলেগৰ লগত চিনেমা চাবলৈ যাব লাগে? অকলে চিনেমা চাওক, সুখত থাকক।

এতিয়া এনেকৈ অকলে অকলে চিনেমা চাবলৈ দিহা, পোহা, উদগনি দিলেও এই অমুকীয়ে কিন্তু এবাৰ দলে বলে সদলবলে চিনেমা চাবলৈ গৈছিলোঁ। বান্ধৱীৰ সৈতে লগ লাগি সেই এলেকাত থকা একমাত্ৰ হলটোত চিনেমা চাবলৈ গ’লোঁ।গোবিন্দৰ হিন্দী চিনেমা এখন চলি আছে। টিকট কাটি বহি দেখিলোঁ হলত মাত্ৰ আমি কেইজনীমানহে ছোৱালী। হে হৰি লাজতে চকীৰ তলতে লুকাও নে ক’তে লুকাও তত নাই।চিনেমাখনৰ আধা যোৱাৰ পিছত সোমাইছিলোঁহে সম্পূৰ্ণ শেষ হ’বলৈ নিদিলোঁৱেই নহয়। যেনেকৈ সোমাইছিলোঁ তেনেকৈ ওলায়ো আহিলোঁ। ইমান মানুহৰ লগত একেলগে চিনেমা চাবলৈ আমাৰ লাজ লাগি গৈছিল। সেই তেতিয়াই ভাবিছিলোঁ যে চিনেমা চালে অকলে চাব লাগে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *