ফটাঢোল

ৰজনীগীত-ধনজিৎ বৰুৱা

(সুৰ : লোকগীতৰ যিকোনো সুৰ ভাবি নিজৰ মনৰ মতে দি লোৱা লোক।) 

বাপা হাৰে ৰজনীকান্ত

কৰিলা লংকা কাণ্ড

চকী টেবুল ঘৰ দুৱাৰ সকলোবোৰ লণ্ডভণ্ড

এটা ভিলেইন পৰে ঠেলাত

ভাঙিলে  বেপাৰীৰ অণ্ড

এটা পৰে উফৰি

ভাঙিল দেশী মালৰ ভাণ্ড 

অ’ বাপা ৰজনীকান্ত,,,,,,,,,,,,,,,, 

বাপু তোমাৰ চকু জুই বৰষা

নায়িকাৰ তুমি ভৰষা  

বাপু তোমাৰ বুকু নোমাল

নায়িকাৰ মৰম উমাল 

ভিলেইনক কৰা ডাইলগেৰে  খণ্ড 

অ’ বাপা ৰজনীকান্ত,,,,, 

আঙুলি লৰালে  শব্দ 

দস্যুৰাজক কৰি জব্দ 

দিয়া তুমি এনে মাধমাৰ 

চিগাৰেট জলোৱা  ধৰণ 

সবে ধৰিব চৰণ 

কৰা তুমি এনে চমৎকাৰ 

তুমি হ’লে বাইক উৰে 

গাড়ীও  পানীত ফুৰে 

পিলেন জাহাজ চলে মাজ চ’কত 

তোমাৰ এটা ঘোচাত  মৰে 

জীৱৰ তৰণী লৰে 

ভিলেইন হওক ওখ কিম্বা শকত 

তুমি অগতিৰ দূৰ্গতি  

পৰ্বত সমান শকতি 

ধৰা অৱতাৰ বাৰম্বাৰ হে 

অ’ বাপা 

অ’ বাপা ৰজনীকান্ত। 

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *