ফটাঢোল

দ্য গ্ৰেট ইণ্ডিয়ান ক্ৰিকেট চাৰ্কাচ-পংকজ কুমাৰ নেওগ

(১) দ্য ‘কোটা’জ:

‘বম্বে পেন্টাগুলাৰ’ৰ জনপ্ৰিয়তাৰ পৰা স্পষ্ট হয় যে স্বাধীনতাৰ পূৰ্বে ভাৰতত ক্ৰিকেট খেলত আন্তঃধৰ্মীয় প্ৰতিদ্বন্দ্বিতা আছিল অতি তীব্ৰ। ১৯১১ চনত ইংলেণ্ডলৈ যোৱা প্ৰথমটো সৰ্বভাৰতীয় দল নিৰ্বাচন কৰিছিল এখন সাতজনীয়া কমিটীয়ে আৰু ইয়াৰ অধ্যক্ষ আছিল সন্দেহজনক ব্ৰিটিছ ক্ৰিকেটাৰ “জাংলি” গ্ৰে’গ। পেনেলত দুজন পাৰ্চী (জে.এম. ফ্ৰেমজী পেটেল আৰু এম.ই. পাভৰী), দুজন হিন্দু (চুনিলাল ভি.মেহতা আৰু ভি.জে. নাইক), আৰু দুজন মুছলমানো (ইব্ৰাহিম ৰহিমতুল্লা আৰু আমিৰুদ্দিন ত্যবজী) আছিল। পাটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিং নামৰ এজন শিখে দলটোৰ নেতৃত্ব দি সকলো ধৰ্মকে প্ৰতিনিধিত্ব কৰে। পৰৱৰ্তী দুটা দশকত কথাবোৰৰ বিশেষ পৰিৱৰ্তন নহ’ল। ১৯৩২ চনত ইংলেণ্ড ভ্ৰমণ কৰা পৰৱৰ্তী ভাৰতীয় দলটো সাতজন হিন্দু, পাঁচজন মুছলমান, চাৰিজন পাৰ্চী আৰু দুজন শিখেৰে গঠিত হৈছিল। হিন্দুসকলৰ ভিতৰত আছিল অধিনায়ক পোৰবন্দৰৰ মহাৰজা আৰু সহ-অধিনায়ক কে.এছ. লিম্বডি – এওঁলোকৰ দুয়োজনেই মূলতঃ ক্ৰিকেট খেলুৱৈ নাছিল।

(২)দ্য ফাৰ্ষ্ট চানডে:

বহু শতাব্দী ধৰি দেওবাৰৰ দিনটোত ক্ৰিকেট খেল অনুষ্ঠিত হোৱা নাছিল– কাৰণ ক্ৰিকেট খেলা প্ৰায়বোৰ দেশেই আছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী। টেষ্ট মেচ পৰিকল্পনা কৰাৰ সময়ত আয়োজকসকলে নিশ্চিত কৰিছিল যে জিৰণিৰ দিনটো যাতে দেওবাৰে পৰে। টেষ্ট খেলা প্ৰথম পাঁচখন দেশ – ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডে এই নিয়ম গ্ৰহণ কৰিছিল। ভাৰতত অৱশ্যে দেওবাৰে ক্ৰিকেট খেলাক লৈ কেতিয়াও কোনো সমস্যা হোৱা নাছিল। যেতিয়া ভিজিয়ে (ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিকেট প্ৰশাসক আৰু ৰাজনীতিবিদ) জেক হবছ আৰু হাৰ্বাৰ্ট ছাটক্লিফক নিজৰ ব্যক্তিগত দলৰ হৈ খেলিবলৈ আমন্ত্ৰণ জনায়, ১৯৩০ চনৰ ২৩ নৱেম্বৰ তাৰিখে এটা দেওবাৰে কলিকতাত স্প’ৰ্টিং ইউনিয়নৰ বিৰুদ্ধে এখন খেল অনুষ্ঠিত হোৱাৰ কথা আছিল। ছাটক্লিফে খেলখন খেলে কিন্তু হবছে ভাৰতত ‘খ্ৰীষ্টান ধৰ্ম’ক আঘাত দিয়া কোনো কাম কৰিব বিচৰা নাছিল আৰু তেওঁ খেলখন খেলাৰ পৰা আঁতৰি থাকে। কিন্তু ১৯৩৩/৩৪ চনত যেতিয়া ভাৰতে প্ৰথমবাৰৰ বাবে বম্বে জিমখানাত টেষ্ট আয়োজন কৰিছিল, তেতিয়া ইংলেণ্ড দলে খেলৰ তৃতীয় দিনটোত পৰা দেওবাৰে খেলিবলৈ আপত্তি কৰা নাছিল। বিশ্ৰামবাৰৰ দিনটোত সেইবাৰ প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট খেলা হৈছিল। সেই উপলক্ষক যেন স্মৰণীয় কৰি ৰাখিবলৈ অভিষেক ঘটোৱা লালা অমৰনাথে সেই দেওবাৰে টেষ্ট মেচত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। কলিকতা আৰু মাদ্ৰাজত অনুষ্ঠিত হোৱা সেই শৃংখলাৰ আন দুখন টেষ্ট মেচো দেওবাৰে খেলোৱা দেখা গৈছিল।

(৩) দ্য প’ঙ্গল টেষ্ট:

১৯৫৯/৬০ চনৰ পৰা ১৯৮৭/৮৮ চনৰ ভিতৰত মাদ্ৰাজত ১২খন টেষ্ট মেচ অনুষ্ঠিত হৈছিল আৰু এই সকলোবোৰ সাধাৰণতে জানুৱাৰী মাহৰ আৰম্ভণিতে পৰা প’ঙ্গলৰ সময়ত খেলা হৈছিল। ঠিক একেধৰণৰ কথা এটাৰ বাবে গৌৰৱ কৰিব পৰা আন এখন ভাৰতীয় চহৰ হ’ল কলিকতা। ইয়াত নৱবৰ্ষৰ দিনাখন মুঠ বাৰখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল।

(৪) ইউনিটি ইন ডাইভাৰচিটি:

প্ৰথম ভাৰতীয় দলটোত চাৰিজন হিন্দু, চাৰিজন মুছলমান, দুজন পাৰ্চী আৰু এজন শিখক অংশগ্ৰহণ কৰিবলৈ দি টেষ্ট ক্ৰিকেট একাদশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চাৰিটা ধৰ্মক প্ৰতিনিধিত্ব কৰা হয়। ১৯৬১/৬২ চনত বম্বেত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটো আৰু এখোজ আগবাঢ়ে– এই দলত আছিল ছজন হিন্দু (এম এল জয়সিংহ, বিজয় মঞ্জৰেকাৰ, বুধি কুন্দৰন, ৰমাকান্ত দেশাই, বসন্ত ৰঞ্জনে, ভি ভি কুমাৰ), দুজন শিখ (কৃপাল আৰু মিলখা সিং ভাতৃদ্বয় ), এজন পাৰ্চী (নাৰী কন্ট্ৰাক্টৰ), এজন খ্ৰীষ্টান (চান্দু বৰ্ডে) আৰু এজন মুছলমান (চেলিম ডুৰাণী)। পৰৱৰ্তী সময়তো ভাৰতীয় একাদশত  পাঁচটা ধৰ্মক প্ৰতিনিধিত্ব কৰা কেইবাটাও দৃষ্টান্ত দেখা যায়। প্ৰথম টেষ্ট মেচৰ প্ৰায় অৰ্ধ শতিকাৰ পিছত ১৯৭৯ চনৰ এডগবাষ্টন টেষ্টত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিছিল। টেষ্ট খেলা আন বেছিভাগ দেশৰ তুলনাত ই আছিল সম্পূৰ্ণ বিপৰীত কাৰণ সেই দেশসমূহৰ একাদশত আৰম্ভণিৰ ফালেহে এটা ধৰ্মৰ আধিপত্য আছিল।

(৫) গনেশ চতুৰ্থী, ১৯৭১:

এই কাহিনীটো অতি চমৎকাৰ আৰু আচৰিত যে বলীউডে এই ঘটনাটো লৈ কেতিয়াও কোনো চিনেমা নিৰ্মাণ কৰা নাই। ১৯৭১ চনলৈকে ইংলেণ্ডত ভাৰত কেতিয়াও টেষ্ট মেচত জয়ী হোৱা নাছিল (৪ খন ড্ৰ হৈছিল –আৰু ১৫ খনত পৰাস্ত হৈছিল)। ১৯৭১ চনত প্ৰথম দুখন টেষ্ট মেচত বৰষুণৰ বাবে ভাৰত ৰক্ষা পৰিল। তাৰ পাছত অ’ভালত অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডে প্ৰথম ইনিংছত ৭১ ৰানৰ অগ্ৰগতি নিশ্চিত কৰে। টেষ্ট মেচৰ চতুৰ্থ দিনা গণেশ চতুৰ্থীৰ লগত সংগতি ৰাখি স্থানীয় ভাৰতীয় অনুৰাগীয়ে চেচিংটন চিৰিয়াখানাৰ তিনি বছৰীয়া হাতী ‘বেলা’ক আনি দুপৰীয়াৰ লাঞ্চৰ সময়ত খেলপথাৰৰ চাৰিওফালে পেৰেড কৰোৱাৰ ব্যৱস্থা কৰে। ইংলেণ্ড দলৰ ১০১ ৰানত পতন ঘটে। পিছদিনা ভাৰতে ইতিহাস ৰচনা কৰে যিটো সম্ভৱতঃ তেওঁলোকৰ আছিল আটাইতকৈ বিখ্যাত জয়।

(৬) ক্ৰিকেটত নিষেধাজ্ঞা:

১৯৯৮ চনত উৰিষ্যাৰ পুৰীৰ মন্দিৰৰ ১৪৫ সংখ্যক জগদগুৰু শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতী মহাৰাজে ভাৰতীয়, বিশেষকৈ হিন্দুসকলক ক্ৰিকেট এৰিবলৈ কয় – যদিহে বিকল্প সামগ্ৰীৰ পৰা ক্ৰিকেট বল নিৰ্মাণ কৰা নহয়। ইয়াৰ কাৰণ হ’ল ক্ৰিকেট বলসমূহ গৰুৰ চামৰাৰে তৈয়াৰ কৰা সামগ্ৰী।

(৭) তেণ্ডুলকাৰ মন্দিৰ: 

এই গ্ৰন্থখন লিখাৰ সময়লৈকে গুগলত “God of Cricket” ৰ সন্ধান কৰিলে শচীন তেণ্ডুলকাৰৰ নামটো পোৱা যায় আৰু বছৰ বছৰ ধৰি তেওঁৰ অৱস্থান একেই আছে। আন বহুতো দুৰ্দান্ত ক্ৰিকেটাৰ আছে যদিও পৃথিৱীৰ ক’তো আন কোনো খেলুৱৈ সেই খিতাপেৰে সন্মানিত হোৱা নাই। গতিকে কোনোবাই তেণ্ডুলকাৰ মন্দিৰ  নিৰ্মাণ কৰিবলৈ যে আগবাঢ়ি আহিব সি আছিল অতি স্বাভাৱিক। ২০১৩ চনত তেণ্ডুলকাৰে অৱসৰ ঘোষণা কৰাৰ পিছত বিহাৰৰ কাইমুৰ জিলাৰ আটাৰৱালিয়া গাঁৱত এই তেণ্ডুলকাৰ মন্দিৰ নিৰ্মাণ কৰা হয়। এই মন্দিৰটোত ২০১১ চনৰ বিশ্বকাপ হাতত লৈ থকা ক্ৰিকেটাৰ গৰাকীৰ ৮৫০ কিলোগ্ৰাম ওজনৰ জীৱন্ত আকাৰৰ মাৰ্বলৰ প্ৰতিমূৰ্তি এটা আছে।

(৮) পিটচ্ পূজা:

২০১৮/১৯ ইণ্ডিয়া–ৱেষ্ট ইণ্ডিজ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া বিশাখাপট্টনমে আয়োজন কৰিছিল। খেলৰ কিছুদিন পূৰ্বে ডঃ ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত পিটচ্ কিউৰেটৰসকলে এখন পুজা অনুষ্ঠিত কৰে। সেয়া অৱশ্যে খুব এটা অস্বাভাৱিক কথা নহয় যদিও দুটা কথা  পৰিলক্ষিত হৈছিল। প্ৰথম কথা হ’ল অন্ধ্ৰৰ মুষ্টিমেয় ক্ৰিকেটাৰ সকলৰ ভিতৰত ভাৰতৰ হৈ খেলা অন্ধ্ৰ ক্ৰিকেটাৰ এম এছ কে প্ৰসাদ আৰু সেই সময়ৰ নিৰ্বাচকসকলৰ অধ্যক্ষক সেইখন পুজাত দেখা গৈছিল। দ্বিতীয়তে, পূজাখন খেলপথাৰৰ পিটচতে কৰা হৈছিল। এই সকলোবোৰৰ অন্তত সেই খেলখন টাই হৈ শেষ হয়।

(৯) কোহলীৰ সমালোচনা:

২০২১ চনত টি-২০ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হয়। ৰাজপথত প্ৰতিমূৰ্তি জ্বলোৱাৰ ডিজিটেল সংস্কৰণৰূপে ভাৰতীয় ক্ৰিকেটাৰসকলক ছ’চিয়েল মিডিয়াত অকথ্য গালি-গালাজ দিয়া হৈছিল। আন দহজন সতীৰ্থক বাদ দি একাদশৰ একমাত্ৰ মুছলমান খেলুৱৈ মহম্মদ শ্বামীক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী খেলখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত অধিনায়ক বিৰাট কোহলীয়ে ট্ৰ’লিঙক তীব্ৰ সমালোচনা কৰে। তেওঁ তেনে ট্ৰ’লিং “মেৰুদণ্ডহীন” বুলি অভিহিত কৰিছিল আৰু কৈছিল যে ধৰ্মৰ ওপৰত কাৰোবাক লক্ষ্য কৰি মন্তব্য দিয়া কাৰ্য “মানৱীয় সম্ভাৱনাৰ আটাইতকৈ নিম্ন স্তৰত থকা ব্যক্তিৰ বাবেহে সম্ভৱ।”

০০০০০০০০০০০০০০০০০

 (জয় ভট্টাচাৰ্য আৰু অভিষেক মুখাৰ্জীৰ “The Great Indian Cricket Circus” কিতাপখনৰ কিয়দাংশ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *