কাজিৰঙা ভ্ৰমণ আৰু মোছাদৰ উদ্ধাৰ অভিযান-ধূৰ্জতি কাকতি
তিনি বছৰ আগৰ কথা। কৰোণাৰ প্ৰথম ঢৌ শাম কাটিছেহে। আইন কলেজৰ বন্ধুৰ লগত ডিচেম্বৰ মাহত পৰিয়াল লৈ কাজিৰঙা ওলালোঁ। কাজিৰঙা প্ৰায় এটামান বজাত গৈ পালোঁগৈ। ভাত খাই উঠি ইভিনিং চাফাৰী কৰিবলৈ আমি কাজিৰঙা দুপৰীয়া প্ৰায় আঢ়ৈ বজাত সোমালোঁ, কহৰা ৰেঞ্জত৷ গাড়ীত উঠাৰ লগে লগেই চালকজনে আমাক ক’লে, “আপোনালোক আৰু অলপ আগত সোমাব পাৰিলে ভাল আছিলে, যিহেতু গাড়ী ৪:৪৫ৰ ভিতৰত হাবিৰ পৰা ওলাব লগাটো নিয়ম, বেছি একো দেখাব নোৱাৰিম।” আমি ক’লোঁ, “হ’ব বাৰু এইখিনি সময়তে যি দেখিলোঁ, দেখিলোঁ আৰু বেলেগ ইমান আশা নকৰোঁ। হাবিত বাৰু বাঘেই সদায় মূখ্য আকৰ্ষণ হয়, পুজা মণ্ডপত যেনেকৈ আয়ৰ উৎস লাগিলে যিয়ে নহওঁক বেছি অনুদান দিয়াজন যেনেকৈ ভিভিআইপি, হাবিত বাকী সকলোঁ জন্তুক খালেও বাঘেই ভিভিআইপি। গতিকে বাঘ দেখাৰ আশা লৈয়ে আমি গাড়ীত উঠিলোঁ৷ আমাৰ গোটেই মানুহখিনিৰ মাজত দুখন জিপচি ল’লোঁ। আমাৰ চালকজন আকৌ ফেচবুকৰ সৰ্বজ্ঞানিৰ দৰে সকলো জনা। তেওঁ ক’লে,
“দাদা পাছৰ জিপচিৰ ড্ৰাইভাৰ নতুন, তেওঁলোককো ময়েই গাইড কৰি নিব লাগিব৷” কথাটো শুনি আমি বাৰু ভালেই পালোঁ, ইমান এক্সপাৰ্ট ড্ৰাইভাৰজন যে আমি পাইছোঁ৷ তেওঁ আমাক জীৱ জন্তু দেখুৱাই গৈ আছে, পাছৰ গাড়ীখনকো কিবা কিবি নিৰ্দেশনা দি গৈ আছে৷ ইখন জিপচিৰ ড্ৰাইভাৰজন আকৌ বৰফিৰ ৰণবীৰ কাপুৰৰ দৰে একো নকয়, অকল চলাইহে। আমাৰ চালকজনে দুখ কৰিলে যে পাছৰ মানুহখিনিও তেওঁৰ জিপচিখনত নাহিলে, ভ্ৰমণৰ আনন্দ কমকৈ পাব৷ কথাটো শুনি আমি বাৰু নিজকে ভাগ্যবান বুলিয়ে ভাবিলোঁ তেওঁৰ লগত যে আহিলোঁ। হাবিত সোমোৱাৰ পাছত জীৱ জন্তু চৰাইবোৰৰ বিষয়ে তেওঁ কৈ কৈ গৈ আছে৷ আমি সুধিলোঁ, “আপুনি বাঘ দেখিছে নাই৷” তেওঁ গহীনাই ক’লে, “তিনিদিনমান আগতে দেখিছিলোঁ, টুৰিষ্টকেইজনে ফ’টো ল’বহে নোৱাৰিলে।” আমি ভবিলোঁ বাঘটো ফটোজেনিক নাছিলে চাগৈ, সেইকাৰণে ফটো ল’বলৈ নিদিলে৷ হঠাৎ জেগা এটুকুৰা দেখুৱাই ক’লে, ‘এইখিনিতে ৰাস্তাতে বাঘটোৱে খেলি আছিলে৷” যেনেকৈ ক’লে ভাবিলোঁ এওঁ বাঘ দেখিছিলে নে কুকুৰ। ৰাস্তাত খেলি আছিলে যে৷ যি নহওঁক তেওঁলোক সদায় আহে, আমাতকৈ বেছি জানে গতিকে তেওঁৰ কথা শুনি শুনি আহি আছোঁ। চালক জনে কৈ আহি আছে তেওঁৰ জীপচি গঁড়, বাঘ, ম’হ সৱেই খেদিছে৷ বহুত অভিজ্ঞতা পাইছে, তেওঁৰ হাবিত অকনো ভয় নাই৷ আমাক সতৰ্ক কৰি দিলে কিবা পৰিলেও জীপৰ পৰা যেন নামি নেযায়৷ হাবিৰ মাজত নমা নিষেধ। অকল তেওঁহে নামিব পাৰে৷ তেওঁ আকৌ ৰৈ জন্তু চাই থকা জিপচিবোৰকো কৈ যায় জল্দি কৰ , বেছি নৰখিবি ৪:৪৫ ৰ আগত ওলাব লাগিব, নহলে গেটত ফৰেষ্ট গাৰ্ডে গালি দিব৷ চিনাকি ড্ৰাইভাৰকেইজনক ফিতাহি মাৰি ক’লে, “দুখন গাড়ী গাইড কৰি অনিছোঁ।” মুঠতে আমাৰ চালক কাজিৰঙাৰ মিথুন। তেওঁৰ ওপৰত কোনো নাই। ৪:৪৫ বাজিলে, বাঘ নেদেখিলোঁ যদিও বহুত বেলেগ জন্তু দেখিলোঁ তথাপিও সৰুকৈ আশা এটা কৰিলোঁ বাঘ এটা দেখা হ’লে ভাল আছিলে৷ আমাৰ ড্ৰাইভাৰজনে ঘাঁহ খাই থকা গঁড় এটাৰ কাষত জিপচীখন ৰখাই, পুনৰ যাবলৈ চাবি পকোৱা আৰম্ভ কৰিছেহে, জিপচীখন বন্ধ হৈ থাকিলে৷ চাবি পকাই আছে ষ্টাৰ্ট নহয়৷ তেওঁ নামি গ’ল, কিবা এটা ঠিকো কৰিলে কিন্তু গাড়ী ষ্টাৰ্ট নহয়৷ পাছৰ গাড়ীবোৰ এখন এখনকৈ পাৰ হৈ গ’ল৷ কমন ভাৰতীয়ৰ দৰে আমাক সহায় কৰাৰ সলনি সকলোৱে কিবা কিবি উপদেশ দি গ’ল। কি কৰিব লাগিব, কি কৰিলে গাড়ী ষ্টাৰ্ট হ’ব, কিন্তু তথাপি গাড়ী ষ্টাৰ্ট নহ’ল। লাহে লাহে এন্ধাৰ হৈ আহিছে, ঠাণ্ডাও বাঢ়িছে৷ গঁড়টোৱে ঘাঁহখোৱাৰ পৰা মূৰ তুলি মাজে মাজে আমালৈ চায়৷ সিও ভাবিছে চাগৈ এইকেইটাই মোকনো ইমান কি ভাল পাইছে যে, নতুন প্ৰেমিকৰ দৰে মোৰ কাষৰ পৰা আঁতৰি নোযোৱা হ’ল। আমি আকৌ ভয় খাই আছোঁ গঁড়টোৱে আৰু পুৰণা পত্নীৰ দৰে কাৰণ নোহোৱাকৈ খেদি নাহিলে হ’ল। তেতিয়া আমি কাজিৰঙাৰ মাজত অকল নমাই নহয়, উচেইন বল্টৰ দৰে দৌৰিবও লাগিব৷ নিজৰ মাজতে সেইবোৰ কথা কৈ অলপ হাঁহিলো, আমাৰ সাহসী মিথুন চালকে ক’লে, ‘দাদা হুলস্থূল একদম নকৰিব দেই, গঁড়টোৱে খেদি আহিব পাৰে৷ যি বুজিলোঁ ভয়ে, আমাৰ চালকক মিথুনৰ পৰা জনী লিভাৰ বনালে। এই গাড়ীখন লৈ বাঘ, ম’হ, গঁড়ৰ খেদা খাইছিল বুলি ক’ব পৰাটো কম কনফিডেঞ্চ নহয় কিন্তু।
আমি এতিয়া আশা কৰা আৰম্ভ কৰিলোঁ যে বাঘ যাতে কোনোপধ্যেই নেদেখোঁ। কাৰণ এতিয়া আমাৰ আগত বাঘ ওলালে যি কৰিবলগীয়া আছে বাঘেই কৰিব, আমি কৰিবলগীয়া একো নাই। বাঘেই নহয় বাৰু এতিয়া আৰু একো জন্তু নেদেখিলেও হ’ব৷ কাৰণ এন্ধাৰ হোৱাৰ পাছত আমিহে জীৱ-জন্তুবোৰক নেদেখোঁ, জীৱ জন্তুবোৰেতো আমাক ভালকৈ দেখি থাকিব। আমাৰ পাইলতে ইমাৰজেন্সি গেটত ফোন কৰি দিলে, অলপ পাছত খবৰ আহিলে বেলেগ এখন গাড়ী আমাক উদ্ধাৰ কৰিবলৈ আহি আছে লগত ৰচী লৈ আহিছে৷ তথাপি সেইখন পাওঁতে বিছ মিনিটমান সময় লাগিব৷ বাকী চাফাৰী গাড়ী সকলো গৈ গৈ শেষ হ’ল, তেনেতে এখন গাড়ী ৰ’লহি, সেইখন হাবিত লাষ্ট গাড়ী আছিলে। গাড়ীত বিদেশী পৰিয়াল এটা আছিলে, লগত গাইড এজনো আছিলে৷ গাইডজনে গাড়ী ৰখাই নামি আহি আমাৰ লগত কথা পাতিলে আমাৰ অৱস্থা বুজি বিদেশী দম্পত্তিহালে ক’লে যে এওঁলোকক আমাৰ গাড়ীতে লৈ লওঁ, যিহেতু এন্ধাৰ হ’ল, আমি এডজাষ্ট কৰি ল’ম বাৰু। তেওঁলোকৰ ল’ৰা- ছোৱালীহালক আগত নি আমাক পাছৰ চিটত বহিবলৈ দিলে৷ এনে বিপদৰ সময়ত এনে অফাৰ কোনে অগ্ৰাহ্য কৰিব আৰু ইমান গাড়ী পাৰ হ’ল কোনেও এনে অফাৰ দিয়া নাছিলে। আমিও লগা- লগ আমাৰ মহিলা দুগৰাকীক ইখন গাড়ীত উঠাই, পুৰুষ দুজন বিদেশীহালৰ গাড়ীত উঠি ল’লোঁ৷ তেওঁলোকক সুধিলোঁ ক’ৰ পৰা আহিছে? ক’লে, ইজৰাইলৰ বাসিন্দা বৰ্তমান দিল্লীত আছে৷ আমাৰ লাগিল যেন হাবিৰ মাজত আমাক উদ্ধাৰ কৰিবলৈ তেওঁলোক মোছাদৰ এজেণ্ট হৈহে আহিছে৷ ইমানবোৰ ভাৰতীয় পাৰ হৈ গ’ল কোনেও লিফ্ট নিদিলে কিন্তু ইজৰাইলীহালে দিলে৷ এনে মনোবৃত্তিৰ বাবেই চাগৈ ইমান কম মানুহ হোৱাৰ পাছতো তেওঁলোক ইমান উন্নত আৰু শক্তশালী জাতি। আমি জিপচীত উঠাৰ পাছত ড্ৰাইভাৰজনক সুধিলোঁ, “আপুনি কি কৰিব ইয়াতে থাকিব নে আমাৰ লগত আগবাঢ়ি যাব,!” প্ৰশ্নটো শেষেই নহ’ল ড্ৰাইভাৰজন স্পাইদাৰমেনৰ দৰে জঁপিয়াই গাড়ীৰ ৰেলিঙত উঠি দিলে৷ গঁড়, এন্ধাৰে মিলি চাগৈ আমাৰ সাহসী ড্ৰাইভাৰজনৰ সাহস নোহোৱা কৰি পেলালে৷ গাড়ী চলা আৰম্ভ কৰিলে, সম্পূৰ্ণ এন্ধাৰ হৈছে, জীৱ জন্তুবোৰ কাষ চাপি আহিছে৷ ৰাস্তাতে উদ্ধাৰকাৰী গাড়ীখন আহি পাওঁতে আমাৰ ড্ৰাইভাৰজন নামি গ’ল আৰু দুখেৰে ক’লে, “বেয়া নেপাব দাদা, মোৰ জীৱনত প্ৰথম বাৰ হাবিৰ মাজত গাড়ী বেয়া হৈছে৷”
আমিও ক’লোঁ “দুখ নকৰিবা, আমাৰো প্ৰথমবাৰেই হৈছে।”
গৈ আছোঁ গেট পাবলৈ অলপ দূৰ আছে, দেখিলোঁ ৰাস্তা বন্ধ কৰি মস্ত দঁতাল হাতী এটা ৰখি আছে৷ এন্ধাৰ যদিও মস্ত হাতীটো মনিব পাৰি৷ গাইডজনে ক’লে, “চিন্তা কৰিব নেলাগে এইটো ঘৰচীয়া ফৰেষ্টৰ হাতী একো নকৰে, গাড়ী চাইদেদি লৈ যাব পাৰি৷ তথাপিও আমি আশ্বস্ত হ’ব নোৱাৰিলোঁ, কাৰণ হাতীটোৱে একো নকৰে গাইডজনে জানে, গাইডজনে কোৱাত আমিও জানিলো বাৰু, কিন্তু কথাটো হ’ল হাতীটোৱে জানে বা নেজানে সি একো নকৰে বুলি৷ যদি গাড়ীখনক মেচীৰ দৰে কিক এটা দি দিয়ে৷ যি নহওক গাইডজনে গৈ হাল্লা কৰি দিয়াত হাতীটো আঁতৰিল আৰু আমিও মোছাদৰ এজেণ্টহালৰ সহায়ত আধা ঘণ্টা পলমকৈ গেট পাৰ কৰি, ভালে- কুশলে ৰিজোৰ্ট পালোঁহি।
☆ ★ ☆ ★ ☆