ফটাঢোল

ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইট ৫৩৯০ – এক অবিশ্বাস্য কাহিনী পংকজ কুমাৰ নেওগ

১৯৯০ চনৰ ১০ জুন তাৰিখে ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ ফ্লাইটত ককপিটৰ উইণ্ড’শ্বিল্ড খুলি যোৱাৰ ফলত  বিমানখনৰ অধিনায়কজনক বতাহে টানি বাহিৰলৈ উৰুৱাই নিয়াৰ দৰে এটা ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ভয়াৱহতাৰ মাজতো কেবিন কৰ্মচাৰী আৰু যাত্ৰীসকলৰ দ্ৰুত চিন্তা আৰু বীৰত্বপূৰ্ণ কাৰ্য্যৰ ফলত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে অৱলীলাক্ৰমে অধিনায়কজনৰো জীৱন ৰক্ষা পৰিছিল। ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ নং বিমানখন আছিল ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা স্পেইনৰ মালাগালৈ নিৰ্ধাৰিত এখন যাত্ৰীবাহী বিমান। বিএচি ৱান-ইলেভেন নামৰ এই বিমানখন আছিল টুইন ইঞ্জিনৰ উৰাজাহাজ আৰু এইখনে ১১৯ জন যাত্ৰী কঢ়িয়াই নিব পাৰিছিল। বিমানখনৰ অধিনায়ক ৪২ বছৰীয়া টিমোথি লেংকেষ্টাৰৰ বিএচি ৱান-ইলেভেনত ১,০৭৫ ঘণ্টা উৰণ অভিজ্ঞতা থকাৰ উপৰি তেতিয়ালৈকে মুঠ ১১,০৫০ ঘণ্টা বিমান চলাইছিল। ৩৯ বছৰীয়া সহকাৰী অধিনায়কজনৰ নাম আছিল এলাষ্টাৰ এছিচন আৰু তেওঁৰ মুঠ ৭৫০০ ঘণ্টাৰ উৰণ অভিজ্ঞতাৰ ভিতৰত বিএচি ৱান-ইলেভেনত আছিল ১১০০ ঘণ্টা । বিমানখনত সেইদিনা ৮১ জন যাত্ৰী আৰু ৪ জন কেবিন কৰ্মচাৰী আছিল আৰু বিমানখন ক্ৰুজিং উচ্চতালৈ উঠি যোৱালৈকে বিমানখনৰ গতি-বিধি সকলো আছিল নিয়মীয়া আৰু স্বাভাৱিক।
বিমানখন আৰোহণ কৰি থকাৰ সময়ত এছিচনে উৰণৰ সকলোবোৰ নিয়মীয়া তদাৰক কৰি উঠি লেংকেষ্টাৰলৈ নিয়ন্ত্ৰণ হস্তান্তৰ কৰে। দুয়োজন পাইলটে কান্ধৰ ‘হাৰ্নেছ’ খুলি লোৱাৰ পাছত লেংকেষ্টাৰে ‘লেপ বে’ল্ট’ডালো ঢিলা কৰি লয়। ১৩ মিনিট উৰিবলৈ লোৱাৰ পাছত বিমানখন প্ৰায় ১৭,৩০০ ফুট উচ্চতালৈ উঠি থিৰ হোৱাৰ লগে লগে কেবিন পৰিচাৰক-পৰিচাৰিকাসকলে খাদ্য পৰিবেশন কৰিবলৈ সাজু হৈছিল। ঠিক তেনে সময়ত বিমান পৰিচাৰিক নাইজেল অগডেন ককপিটত প্ৰৱেশ কৰিবলৈ লওঁতে এটা তীব্ৰ শব্দৰ সৃষ্টি হয় আৰু মূহুৰ্তৰ ভিতৰত কেবিনটো ঘনীভূত তৰলেৰে ভৰি পৰে। লেংকেষ্টাৰ বহি থকা ফ্লাইট ডেকৰ বাওঁফালৰ উইণ্ড’স্ক্ৰীণ পেনেলটো বিমানখনৰ শৰীৰৰ পৰা পৰা ফাটি ওলাই আহে আৰু বতাহৰ তীব্ৰ বেগে তেওঁক আসনৰ পৰা উৰুৱাই প্ৰথমে মূৰটো ফ্লাইট ডেকৰ পৰা বাহিৰলৈ ঠেলি পঠিয়ায়। লেংকেষ্টাৰৰ শৰীৰৰ ওপৰ অংশ বিমানৰ বাহিৰৰ তীব্ৰ শীত আৰু বতাহত উন্মুক্ত হৈ থাকে আৰু গোৰোহা দুটা ফ্লাইট কণ্ট্ৰ’লত লাগি ধৰে। অটোপাইলট ম’ড সংযোগচ্যুত হৈ পৰাৰ লগে লগে বিমানখন দ্ৰুতগতিত নামি আহিছিল। ফ্লাইট ডেকৰ দুৱাৰখন কন্ট্ৰ’ল কনছ’লৰ ভিতৰলৈ খোল খাই লাগি ধৰে আৰু ইয়াৰ ফলত থ্ৰ’টল কণ্ট্ৰ’ল বন্ধ হৈ পৰিছিল (ইয়াৰ বাবে বিমানখন নামি যোৱাৰ লগে লগে গতিও বৃদ্ধি পাইছিল)। বিমানত থকা নথি-পত্ৰ, চেকলিষ্ট ইত্যাদি ককপিটৰ পৰা আৰু যাত্ৰী কেবিনৰ পৰা জাবৰ-জোঁথৰ ইত্যাদি সকলোবোৰ বতাহে যেনি-তেনি উৰৱাই নিয়ে। অগডেনে লেংকেষ্টাৰৰ বেল্টডালত খামুচি ধৰিবলৈ আপ্ৰাণ চেষ্টা চলায়; বাকী দুগৰাকী বিমান পৰিচাৰকে ঢিলা হৈ থকা বস্তুবোৰ সুৰক্ষিত কৰা আৰম্ভ কৰে। তেওঁলোকে যাত্ৰীসকলক আশ্বস্ত কৰাৰ লগতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’লে ‘ব্ৰেচ পজিচন’ত সাজু হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।
বিমানখনত থকা সকলোৰে বাবে অক্সিজেনৰ ব্যৱস্থা নাছিল, সেয়েহে এছিচনে পৰ্যাপ্ত বায়ুচাপৰ  উচ্চতাত উপনীত হ’বলৈ দ্ৰুত আৰু জৰুৰীকালীনভাৱে নামিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁ অট’পাইলট পুনৰ নিয়োজিত কৰি এটা ‘ডিষ্ট্ৰেছ কল’ বা বিপদ জাননী সম্প্ৰচাৰ কৰে। বতাহৰ শব্দৰ বাবে তেওঁ বিমান পৰিবহণ নিয়ন্ত্ৰণৰ পৰা অহা কোনো নিৰ্দেশনা শুনা পোৱা নাছিল আৰু দুয়োপক্ষৰ মাজত যোগাযোগ স্থাপনৰ অসুবিধাৰ বাবে জৰুৰীকালীন পদ্ধতি অৱলম্বন কৰাত পলম হৈছিল। পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতো প্ৰথম বিষয়া এছিচনে বিমানখন ওপৰতে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় আৰু জৰুৰীকালীনভাৱে কম উচ্চতালৈ নামিবলৈ আৰম্ভ কৰে। তললৈ নমাৰ লগে লগে বায়ুৰ চাপ বৃদ্ধিৰ বাবে বিমানখনৰ ক্ষতি হ্ৰাস পোৱাৰ লগতে বিমান কৰ্মচাৰী আৰু আৰু যাত্ৰীসকলেও স্বাভাৱিকভাৱে উশাহ ল’বলৈ আৰম্ভ কৰে। তথাপিও লেংকেষ্টাৰক টানি ধৰি  অগডেন ভাগৰি পৰিছিল আৰু তেওঁক অব্যাহতি দিবলৈ বিমান পৰিচাৰক চাইমন ৰ’জাৰ্ছ আৰু পাৰ্চাৰ জন হেৱাৰ্ডে অধিনায়কজনক ধৰি ৰখাৰ দায়িত্ব লয়। সেইখিনি সময়লৈকে লেংকেষ্টাৰৰ শৰীৰ আৰু কেইচেন্টিমিটাৰমান বাহিৰলৈ ওলাই যায় আৰু তেওঁৰ মূৰটোৱে বাৰে বাৰে বিমানখনত আঘাত কৰিবলৈ ধৰে। বিমানৰ কৰ্মচাৰীসকলে ইতিমধ্যে তেওঁক মৃত বুলি ভাৱিছিল যদিও এছিচনে তেওঁক ধৰি ৰাখিবলৈ সকলোকে নিৰ্দেশ দিয়ে। লেংকেষ্টাৰক এৰি দিলে তেওঁৰ শৰীৰটোৱে বাওঁফালৰ উইং, ইঞ্জিন বা অনুভূমিক ষ্টেবিলাইজাৰত খুন্দা মাৰি বিমানখনৰ বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছিল।
অৱশেষত এছিচনে চাউদামপটন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বিমান পৰিবহণ নিয়ন্ত্ৰণৰ পৰা নিৰ্দেশনা শুনিবলৈ সক্ষম হয়। বিমান পৰিচাৰকসকলে লেংকেষ্টাৰৰ গোৰোহা দুটা ফ্লাইট কণ্ট্ৰ’লৰ পৰা মুক্ত কৰে যদিও তেওঁক ধৰি ৰাখে। স্থানীয় সময় অনুসৰি ০৮:৫৫ বজাত (০৭:৫৫ ইউটিচি) ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ নং বিমানখন নিৰাপদে চাউদামপটনত অৱতৰণ কৰে আৰু যাত্ৰীসকল ব’ৰ্ডিঙৰ চিৰি ব্যৱহাৰ কৰি তললৈ নামি যায়। অধিনায়ক লেংকেষ্টাৰক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ফ্ৰষ্টবাইট, কটা-ছিঙা আঘাত, সোঁকান্ধ আৰু সোঁহাতৰ মণিবন্ধ, বাওঁহাতৰ বুঢ়া আঙুলি ইত্যাদি ভাঙ্গি যোৱা সত্বেও আৰু মানসিকভাৱে প্ৰচণ্ড চক খোৱাৰ পাছতো তেওঁ অলৌকিকভাৱে এই দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।
অনুসন্ধানৰ পিছত কৰ্তৃপক্ষই নিৰ্ণয় কৰে যে বিমানখনৰ উৰণৰ ২৭ ঘণ্টা আগতে নতুন উইণ্ডশ্বিল্ড স্থাপন কৰাৰ সময়ত ব্যৱহৃত ৮৪টা ব’ল্টৰ ব্যাস আছিল প্ৰয়োজনীয় আকাৰতকৈ সৰু। উৰণৰ সময়ত  এই সৰু আকাৰৰ ব’ল্টবোৰে কেবিন আৰু বাহিৰৰ বায়ুমণ্ডলৰ মাজৰ চাপৰ পাৰ্থক্য সহ্য কৰিব পৰা নাছিল বুলি প্ৰমাণিত হয়। তদুপৰি কেবিনৰ চাপে  উইণ্ডস্ক্ৰীণখন ভিতৰৰ পৰা ধৰি ৰখাত সহায় কৰিবলৈ ‘প্লাগিং’ ধৰণৰ নাছিল। এইখন বাহিৰৰ পৰা লগোৱা ধৰণৰ আছিল বাবে কেবিনৰ চাপে ইয়াক বাহিৰলৈ ঠেলি আঁতৰোৱাৰ সম্ভাৱনা বেছি আছিল। তদন্তকাৰীদলে লক্ষ্য কৰা মতে ভুল আকৃতিৰ ব’ল্ট স্থাপনৰ বাবে দায়ী ‘শ্বিফ্ট মেইণ্টেনেন্স’ মেনেজাৰজন ব্ৰিটিছ এয়াৰৱেজৰ নীতি মানি চলাত ব্যৰ্থ হৈছিল। তেওঁলোকে পৰামৰ্শ দিয়ে যে চিভিল এভিয়েচন অথৰিটিয়ে বিমান অভিযান্ত্ৰিক কৰ্মীসকলক আৱশ্যক অনুসৰি সংশোধনী চশমা পিন্ধাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়া উচিত। তেওঁলোকে প্ৰচলিত নীতিসমূহতো ভুল আঙুলিয়াই মন্তব্য দিয়ে যে এনে ধৰণৰ জটিল কামৰ বাবে আন এজন ব্যক্তিৰ দ্বাৰা পৰীক্ষণৰ প্ৰয়োজন আছিল। শেষত তেওঁলোকে স্থানীয় বাৰ্মিংহাম বিমানবন্দৰ পৰিচালনা সমিতিক ‘শ্বিফ্ট মেইণ্টেনেন্স’ মেনেজাৰৰ কৰ্ম পদ্ধতি প্ৰত্যক্ষভাৱে নিৰীক্ষণ নকৰাৰ বাবে দায়ী বুলি বিবেচনা কৰে।
মেৰামতি কৰাৰ পাছত বিমানখন পুনৰ সেৱালৈ  উভতি আহে আৰু ১৯৯৩ চনত ইয়াক ৰোমানিয়াৰ জাৰো ইণ্টাৰনেশ্যনেলক  বিক্ৰী কৰা হয়। ২০০১ চনত জাৰোৱে বিমান চলাচল বন্ধ নকৰালৈকে বিমানখনৰ সৈতে কাম কৰি থাকে; অৱশেষত ২০০২ চনত বিমানখন সম্পূৰ্ণৰূপে বাতিল কৰা হয়। বিমান দূৰ্ঘটনাটোৰ পাঁচ মাহ নৌহওঁতেই টিম লেংকেষ্টাৰ পুনৰ চাকৰিত যোগ দিবলৈ সক্ষম হৈ উঠে। ২০০৩ চনত তেওঁ ব্ৰিটিছ এয়াৰৱেজ এৰি ‘ইজিজেট’ৰ সৈতে বিমান চলায় আৰু ২০০৮ চনত বাণিজ্যিক পাইলটিঙৰ পৰা অৱসৰ গ্ৰহণ কৰে। বিমান দূৰ্ঘটনাৰ কিছু দিনৰ পিছতে এলাষ্টাৰ এছিচনেও ব্ৰিটিছ এয়াৰৱেজ এৰি ‘চেনেল এক্সপ্ৰেছ’ত যোগদান কৰে আৰু ই ‘জেট২’ নামেৰে নতুনকৈ নামকৰণ হোৱালৈকে তাতেই কাম কৰে। ২০১৫ চনৰ ২৮ জুন তাৰিখে ৬৫ সংখ্যক জন্মদিনৰ দিনা তেওঁ এলিকেণ্টেৰ পৰা মানচেষ্টাৰলৈ ব’য়িং ৭৩৭-৩৩এ বিমানেৰে শেষখন বাণিজ্যিক বিমান চলায়। আকাশমাৰ্গত আগবঢ়োৱা সাহসীপূৰ্ণ আৰু মূল্যৱান সেৱাৰ বাবে প্ৰথম বিষয়া এলাষ্টাৰ এছিচন আৰু কেবিন সদস্য চুজান গিবিনছ আৰু নাইজেল অগডেনক ৰাণীৰ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *