ফটাঢোল

দুৰণীৰ ৰঙবোৰ-অগ্নিভ দত্ত

“আবে.. ফাটাফাটি বনাইছে বে। উহ… মধুৰীয়ে কি এক্টিং কৰিছে .. ফালি দিছে বে-“

দাদুলে চিনেমাখন শেষ হোৱাৰ লগে লগে প্ৰায় চিঞৰি উঠাৰ দৰেই কৈ উঠিল কথাখিনি। 

: ঐ.. ব’ল ব’ল । ফাণ্ডা পিছত দিবি।‌ ”ম’ম ঘৰ” যাওঁ ব’ল… জল্দি, বৈদ্য ভোক লাগিছে- 

এইবুলি অভি মানে অভিনাশে গোটেইকেইটাকে ক’লে।

: ঐ অভি, ম’ম’  খায়েই যাওঁ ন। ছটা বাজিছেহে”- 

এইবুলি ভাৰ্গৱেও ওলায়েই মাত লগালে। ম’ম’ নামটো শুনাৰ পিছত আৰু কাৰো‌ না কোৱাৰ যেন সাধ্যই নাই, এনে এটা অৱস্থাৰে গোটেইকেইটাই ‘অঁ.. অঁ বুলি প্ৰায় চিঞৰিয়েই উঠিল । 

ঠিক আছে বুলি অভিয়ে কৈ উঠাৰ লগে লগে গোটেইকেইটাৰ খোজৰ গতি যেন হঠাৎ দৌৰাৰ দৰে হৈ পৰিল। গোটেইকেইটাই খৰ খৰকৈ পল্টন বজাৰৰ ৰে’লৱে ষ্টেচনৰ ব্ৰীজখন পাৰহৈ ম’ম’ ঘৰলৈ বুলি আগবাঢ়িল।

খৰধৰকৈ টেবুল এখনত বহি ভাৰ্গৱে চিঞৰি উঠিল, 

: ঐ ভাইটি, পাঁচ প্লেট পৰ্ক-ম’ম’ লৈ আহ… জল্দি।” 

আকৌ সি গোটেই কেইটাক উদ্দেশ্য কৰি কোৱাত লাগিল;  “এহ.. কি যে এই ম’মটো উলিয়ালে নহয় ইহঁতি! পানবজাৰলৈ আহি ম’ম’ এক প্লেট নাখালে যেন কিবা এটা নকৰাকৈ থাকি গ’ল, তেনেকুৱা নালাগেনে তহঁতৰ?” 

“হ’ব হ’ব … আকৌ তোৰ ম’ম’ প্ৰেমৰ কাহিনী আৰম্ভ কৰিব নালাগে।”

-অভিয়ে ক’লে। এনেতে ম’ম’ লৈ ল’ৰাটো টেবুল পালেহি।  ভাৰ্গৱে প্লেটৰ পৰা এটা ম’ম’  টপাটপ মুখত ভৰাই আকৌ ল’ৰাটোক ক’লে;

: ঐ ভাইটি… মোৰ কাৰণে আৰু দুটা এক্সট্ৰা লৈ আহ যা।”

ম’ম’ খাই উঠি পানবজাৰৰ ফালে গৈ থাকোঁতে অভিয়ে ক’লে-

: মই এটা কাম কৰোঁ। তহঁত পানবজাৰলৈ যা চিধা চিধি।  মই ইয়াৰ পৰা ভাইটিৰ হোষ্টেলত সোমাই যাওঁ ৰহ। সি কালি ঘৰৰ পৰা আহিছে। পইচা পাতি দি পঠিয়াইছে কিজানি ঘৰৰ পৰা! লৈ যাওঁ আৰু একেলগে আহিছোঁ যেতিয়া এইফালে।

: ঐ অভি, কি নিওঁ? বি.পি ফুল এটা নিলেই হ’ব নে?”..

দাদুলে অভিক সুধিলে।

: ধুৰ.. ক’ত বি.পি. খাৱ বে এই মাহৰ ‘ফাৰ্ষ্ট উইক’ত? গ্ৰীণ লেবেল ফুল এটা আৰু হাফ এটা লৈ যাম দে। আকৌ আৰু বা কোনে খেপ দিয়ে ঠিকেই নাই নহয়! নহ’লে আকৌ আধাতে লাখুভাইৰ তালৈ আহিব লাগিব। এনেই সব নিচা চিচা ফাঁটি যাব। অঁ… আৰু চাকনাও ময়েই লৈ ল’ম। অভি, তই তেনেহ’লে কাছাৰীতে উঠি আহিবি কিজানি!’ – 

ভাৰ্গৱে একে উশাহতে কৈ উঠিল। 

বাপৰে… এই ভাৰ্গৱটোৰ যে কি জোশ সব কথাতে! অন্তৰৰ পৰা কিন্তু বৰ ভাল। আজি তিনি বছৰ আগেয়ে ইঞ্জিনিয়াৰিং পঢ়িবলৈ অহা সেই ভাৰ্গৱটো আৰু এতিয়াৰ ভাৰ্গৱটোৰ কথা ভাৱিলে আচৰিতেই লাগে। উজনিৰ সৰু টাউন সোণাৰীৰ পৰা আহিছিল সি। মাক দেউতাক তাৰেই স্কুল এখনৰ শিক্ষক। বৰ মৰমীয়াল দুয়োজনেই।

অভিয়ে এই তিনি বছৰত কিমান বাৰ যে সিহঁতৰ ঘৰলৈ গৈছে ঠিকেই নাই। কলেজৰ বন্ধবিলাকত সিহঁতৰ ঘৰলৈ এপাক হ’লেও সি মাৰেই। ভাৰ্গৱৰ হোষ্টেলৰ প্ৰথম দিনা দেউতাকে তাক থ’বলৈ আহি অভিৰ ৰূমতে বহি তাক কোৱা কথাষাৰ এতিয়াও তাৰ মনত আছে।

“অভি, তোমাকেই গটালোঁ ইয়াক। ঘৰৰ পৰা এয়াই প্ৰথম ওলাই আহিছে। বৰ এটা টেঙৰ-ভেঙৰ ল’ৰা নহয় বুজিছা। তোমালোকতো গুৱাহাটীৰ হোষ্টেলতে আগতেও থাকি আহিছা! সেইবাবে অলপ শিকাই বুজাই দিবা ইয়াক।”  হ’ব খুৰা বুলি কৈ থৈছিল সেইদিনা অভিয়ে। 

তাৰ কেইদিনমান পাছত ভাৰ্গৱ এদিন ওলাই গৈছিল দাদুলৰ লগত পানবজাৰলৈ কলেজ বাছত জালুকবাৰীৰ পৰা। যাওঁতে ভাৰ্গৱে দাদুলক কৈ গৈছিল বোলে… “ঐ দাদুল, তইতো হায়াৰ চেকেণ্ডেৰী গুৱাহাটীতে পঢ়িছিলি। গুৱাহাটীখন চিনি পাৱ কিজানি ভালদৰে। মোকো অলপ চিনাকি কৰাই দিবিচোন ঠাইবিলাক।” দাদুলে ঠিক আছে বুলি হাঁহি এটা মাৰি থ’লে।

পানবজাৰত সৰু-সুৰা কাম কেইটামান কৰি ৰাহুলদাই কোনোবা গীতিলৈ দিয়া চিঠিখন মেঘদূট ভৱন ৰেজিষ্টাৰ কৰি চিধা নাগকটা পুখৰীৰ ৰেৱতী পালেগৈ। ৰেৱতীত চাওমিন একপ্লেট একপ্লেট দুয়োটাই খাই, দাদুলে ভাৰ্গৱক লৈ চি.জি.ত থকা মৰমীক লগ কৰিবলৈ গ’ল। তাত ছোৱালীবোৰ দেখি ভাৰ্গৱৰ কি যে অৱস্থা! তাতে আকৌ দুজনীমানে যিটোহে চাঁৱনি দিলে ভাৰ্গৱে সেইদিনাই প্ৰথম আৰু শেষ চি জি দৰ্শন বুলি শপত খালে। 

তাৰ পৰা আহি কাছাৰীতে সিহঁত ৬:২০ বজাৰ বাছখনত উঠি হোষ্টেললৈ আহি থাকোঁতে দাদুলৰ দুষ্ট বুদ্ধি এটা খেলালে। সি লাহেকৈ ভাৰ্গৱক ক’লে- 

: ঐ.. তই কামাখ্যা মন্দিৰ দেখিছনে নাই?

 ভাৰ্গৱে নাই দেখা বুলি ক’লে। দাদুলে পুনৰ কৈ উঠিল; “আমি অলপ পাছতে কামাখ্যা মন্দিৰ আৰু আৰু কিবা কিবি দেখিম ৰহ। এই বাঁও ফালে মন কৰি যাবি। তই দূৰৰ পৰাই সেৱা এটা কৰিবি। 

ভাৰ্গৱে মূৰ দুপিয়ালে । 

অলপ পাছত কামাখ্যা পাওঁতে তাক ক’লে ;

: ঐএয়াই কামাখ্যা মন্দিৰ।” 

ভাৰ্গৱে ভক্তিৰেই আন্ধাৰতে মন্দিৰৰ ফালে মুৰ কৰি সেৱা এটা কৰিলে বাছৰ পৰাই। এইবাৰ অলপ দূৰগৈ দাদুলে ক’লে-  এয়া “প্ৰাগজ্যোতি”। ভাৰ্গৱে আকৌ সেৱা কৰিলে। অলপ পিছত দাদুলে আকৌ ক’লে- ঐ এয়া “অনুপমা”। ভাৰ্গৱে আকৌ সেৱা কৰোঁতে দাদুলে তাৰ হাঁহি ৰখাব নোৱাৰা অৱস্থা হ’ল। 

ভাৰ্গৱে কি হ’ল ততেই ধৰিব নোৱাৰিলে। তাৰ পাছত যেতিয়া গম পালে প্ৰাগজ্যোতি, অনুপমা চিনেমা হলহে তাৰ মুখখন চাব লগা হৈছিল হেনো! এইটো কথালৈ যে ভাৰ্গৱে হোষ্টেলত কিমান কামোৰ খোৱা নাই তাৰ পিছত আৰু সেই ভাৰ্গৱে আজি সবকে নাকত ধৰি চাকত ঘুৰাব পাৰে। সেইবাবে সি বেছি ওস্তাদি মাৰিলে অনুপমা মন্দিৰ বুলি তাক সেৱা এটা জনাই দিলে তাক চাব লগা হয়!

এইবোৰ ভাৱি আহি থাকোঁতে অভি ভাইটীৰ হোষ্টেল কেতিয়া পালেহি গমেই নাপালে। ভাইটীৰ ৰূম পাই দেখে ৰুমৰ বাকী তিনিওটা ৰূমমেট টেবুল লেম্প জ্বলাই পঢ়াত ব্যস্ত। সি ভাইটীৰ বিছনাতে বহি ল’লে। ভাইটীয়ে পইচাৰ এনভেলপটো আৰু খোৱাবস্তুখিনি দি ক’লে- “আজি মনমী বাক লগ পাইছিলোঁ কলেজত। এই চিঠিখন দিছে তোক দিবলে।” 

চিঠিখন খৰধৰকৈ খুলি তাৰ মুখেৰে নিজে নিজে ওলাই আহিল,“ছেঃ”! ভাইটীয়ে কি হ’ল বুলি সোধাত একো নাই হোৱা বুলি কৈ আকৌ তাক ক’লে -“তই তাইক লগ পালে ক’বি, ১২ টা বজাৰ পাছত পোৱাকে আহিবলৈ, ৰাতিপুৱা দুটা ক্লাছ আছে।”  খৰধৰকৈ পইচাৰ এনভেলপটো খুলি চাই দেখে এইবাৰচোন পইচা কেইটামান বেছিকৈ পঠাইছে বাপেকে।

“তোৰ ছুৱেটাৰটো ফটা বুলি কৈছিলি নহয়, এইবাৰ কিনি ল’বি, ঠাণ্ডাও পৰিব হ’লেই নহয়! এৰিয়াৰ পইচা কেইটামান বেছিকৈ পালোঁ কাৰণে পইচা কেইটামান এক্সট্ৰা পঠাই দিছোঁ।” –দেউতাকৰ চিঠিখন চাৰ্টৰ পকেটত ভৰাই ল’লে। এইবাৰ ভাবিলে পইচা কেইটাও আছে কাইলৈ মনমী আৰু লগৰ দুজনীও আহিব গতিকে শ্বেইখ ব্ৰাদাছৰ পৰাই কিবা অলপ লৈ যোৱা ভাল বুলি মনতে ভাবি ভায়েকৰ হোষ্টেলৰ পৰা খৰখেদাকৈ ওলাই আহি পানবজাৰ ফালে খোজ ল’লে।

: ঐ, ইয়াত পালিহি যে কি হ’ল অভি? কাছাৰীতহে উঠাৰ কথা আছিল তোৰ?-

পৃথিৱীৰ যেন বৰ নোহোৱা নোপোজা কামটোহে কৰিলে কাছাৰীত নুঠি পানবজাৰ আহি তেনেদৰেই আচৰিতহৈ ভাৰ্গৱে সুধিলে। নাই কাইলৈ মনমী আহিব হেনো হোষ্টেললৈ সেইকাৰণে কিবা কিবি অলপ শ্বেইখ ব্ৰাদাছৰ পৰা লৈ ল’লোঁ।

: ঐ মনমীৰ ৰূমমেটজনী আহিবনে? তাই আহিলে মোক মাতিবি আক’, নহ’লে চাবি কিন্তু! 

: হ’বদে মানৱ, তোৰ দ্বাৰা নহ’ব বুইছ। ইয়াত চিঞৰ বাখৰ আৰু যেতিয়া মাতিম ভিজা মেকুৰীটো হৈ থাকিবি। কাইলৈ চাবিচোন তাই আহিলে তোক টানি আনি কি কৰোঁ চাবি। মনমীকো ক’ম ৰহ! ঐ তোৰ লগত মিলিবও কিন্তু দেই। ঘৰটোও তহঁতৰ ফালেই, দুলীয়াজানৰ। বঢ়িয়া হ’ব দে।

ঐ, লাষ্ট পাফটো মোক দিবি- বুলি ভাৰ্গৱৰ চিগেৰেটটোলৈ দেখুৱাই কওঁতেই দাদুলে চিঞৰিলে- “আবে ব’ল ব’ল জল্দি ব’ল, বাছ কাছাৰীত এৰিলেই কিজানি। এই টাকি চাকিলৈ বাছ মিছ হ’লে বৈদ্য কামোৰ হৈ যাব বে”।

দৌৰি যোৱাদি গৈ ৮:২০ ৰ লাষ্ট বাছখন যেনেতেনে ধৰিলেগৈ গোটেই কেইটাই। বাছগৈ কলেজ কেম্পাছৰ বাকীবোৰ ষ্টপ পাৰ হৈ বৰ্মনৰ দোকানৰ ষ্টপ পোৱাত তাতেই গোটেইকেইটা নামিল গৈ আন দিনাৰ দৰেই। বৰ্মনৰ দোকান বুলি নকৈ ডিপাৰ্টমেণ্টেল ষ্টোৰ বুলি ক’লেহে ভাল হ’ব ।

তামোল পান, চিগাৰেট, টাকিৰ লগত খোৱা চাকনা কি নাপাই তাত! তাতে চিগাৰেট জ্বলাই তামোল এখনকৈ মুখত ভৰাই আৰু ৰাতিটোৰ কাৰণে কেইটামান চিগেৰেট আৰু তামোল কেইখনমান লৈ লাহে লাহে হোষ্টেলৰ ফালে খোজ কাঢ়ি আগবাঢ়িল গোটেইকেইটা।

: ঐ.. এটা কথা ভাৱিছোঁ।

 ভাৰ্গৱে কিবা এটা নতুন ফাণ্ডা যে দিব সকলোৱে ইতিমধ্যে জানি উঠিছে।

: কি ভাৱিছ ক। ভাৱি নাথাকিবি এনেয়ে কৈ দে জলদি নহ’লে পেট ফুটিব।- 

সবৰে গিলাছত মিডিয়াম পেগ ঢালি ঢালি দাদুলে কামোৰ এটা দিলে। ভাৰ্গৱে গ্লাছটোৰ লাষ্ট চিপটো মাৰি ক’লে; “কথাটো হ’ল… আমি কাইলৈৰ পৰা ৰাতি ভাত খাই উঠি পঢ়িম দে।” হে ভগৱান .. তই ভাৱি ভাৱি এইটোহে পালিনে বুলি অভিয়ে ক’লে।

“নহয় অ’…শুনচোন । আমিতো দিনতটো পঢ়াৰ প্ৰশ্নই নাহে ইমান কাম। দিনটো কেণ্টিনত আড্ডা দিবিনে তিন পাত্তিয়েই খেলিবি, আকৌ আবেলি পানবজাৰত ছোৱালী চাবলৈয়ে যাবি? গতিকে সময় ক’ত বেলেগ সময়ত পঢ়াৰ। ৰুটিন বুক। ৰাতি ভাত খাই উঠি পঢ়িম দে,নহ’লে কিমান বেক লগাম আৰু! ৰুটিন এখন বনাওঁ ৰহ আজিয়েই।

: ধুৰ মাথা-চাথা নষ্ট নকৰিবি বে এই ৰাতিখন! আবে চনে বোলে পঢ়া শুনা কৰে? আবে আমি পঢ়া শুনা কৰিলে বাকী কাম বিলাক কৰিব কোনে? ঐ, মক্কেল? 

দাদুলে ক’বলৈহে পালে লগে লগে ভাৰ্গৱে চেণ্টি দিয়াত লাগিলেই নহয়- 

“হ’ব দে, হ’ব দে গম পালোঁ দে তঁহতৰ কথা। লোকৰ লগৰ হোৱা হ’লে ক’লেহেঁতেন- আবে ভালদৰে পঢ় ইমান বেক আছে তোৰ আৰু তঁহতি হাঁহিছ। হাঁহি থাক। ভাবিছিলোঁ দহ বজাৰ পৰা পঢ়িম আৰু একদম চাৰে এঘাৰ বজাত এটা টি-ব্ৰেক ল’ম। মোৰ ৰূমত হিটাৰ এটা আছেই ফাৰ্ষ্ট চেমতে লোৱা। বঢ়িয়াকৈ চাহ বনাম আদা-চাদা দি আৰু কিবাকিবি বিস্কুট আনি থ’ম। চাহ, বিস্কুট খাই  তাৰপাছত আকৌ বাৰ মান বজাৰ পৰা পঢ়িম টোপনি নোযোৱালৈকে।” 

“হাঃ হাঃ হাঃ ঐ… ৰাতি চাহ খাবলৈ ওলাইছ যে… গা-চা ভালনে তোৰ?”-

আকৌ অভিয়ে মাত লগালে।

“আবে কিবা চিৰিয়াচ কথা ক বে… এই ফাল্টু কথা ক’লে টাকিৰ নিচা এনেই ফাটি যাব”–

দাদুলেও তাক ক’লে ।

এনেতে পাৰ্থয়ো মাত লগালে;

“ঐ ভাৰ্গৱ.. নোৱাৰ যদি খাৱ কিয় বে ? তিনি পেগতে এই অৱস্থা। ঐ মোৰ পেগ এটা বনা বে… ইয়াৰ কথা শুনিলে হ’ল আৰু এতিয়া।” 

এইবাৰ যেন হঠাৎ ভূমিকম্পহে আহিল! ভাৰ্গৱে দপদপাই উঠি গৈ খিৰিকিৰ গ্লাচ এখনত ঘোচা এটা মাৰি দিয়াত গ্লাচবোৰ ঠন ঠনকৈ মাটিত পৰি গ’ল আৰু সি চিঞৰি চিঞৰি ক’লে;

“হ’ব দে। তহঁতেই ডাঙৰ ডাঙৰ মানুহ। আমি কথা ক’লে চব ফাল্টু হৈ যায়। হ’ব যা।”

– এইবুলি অলপ সময় সি মুখৰ ভিতৰতে কিবাকিবি বকি থাকিল।

এইবাৰ সকলোৱে বুজি উঠিলে যে ভাৰ্গৱৰ ভালদৰেই নিচা লাগিছে।

“হ’ব দে.. আমি পঢ়াশুনা কৰিম এইবাৰ অলপ সোনকালৰ পৰা।”

– এইবুলি অভিয়ে তাৰ কান্ধত ধৰি কৈ উঠিল । দাদুলে কথাবোৰ আৰু সহজ কৰিবলৈ ক’লে-

“ঐ.. বটল ফিনিচ হ’লেই দেখোন! ভাৰ্গৱ ব’ল লাখু ভাইৰ তালৈ। যাবিনে?” 

অভিয়ে ক’লে;

“পাৰ্থক লৈ যা  ই ইয়াতে থাকক দে। ল এইটো বাইকৰ চাবি।”

– এইবুলি পাৰ্থৰ বাইকৰ চাবিটো দাদুললৈ দলিয়াই দিলে । আহি আছোঁ ৰহ বুলি দুয়োটা ওলাই গ’ল মালিগাঁৱৰ লাখুভাইৰ পৰা আৰু বটল আনিবলৈ।

“আজ মৌচম বড়া বেইমান হেই” 

– গীটাৰখন টুংটুঙাই মি. মহম্মদ ৰফি ওৰফে অৰিজিতে গাব ধৰিলে । 

: ঐ অভি, মনমীহঁতৰ ঘৰত গম পালে নে তঁহতৰ কথাবোৰ-

পাৰ্থই পেগটো মাৰি চিগাৰেট এটা জ্বলাই তাৰ ফালে চাই সুধিলে।

: পাগল হৈছ নেকি ? বাপেকে কাটি দুছেও কৰিব গম পালে।

: তহঁতৰে ভালদে নিজে ঠিক থাক কৰি থৈছ চাকৰি পালেই বিয়া পাতিব পাৰিবি। আমাৰ আকৌ বুঢ়া বুঢ়ীয়ে চাই দিলেহে কিবা এটা হ’বগৈ।

 কুটিল হাঁহি এটা মাৰি গীটাৰ টুংটুঙাই অৰিজিতে মাত দিলে।

: ধুৰ বিয়াৰ কথা ক’বলৈ আহিছ। অহা বছৰ বাপেৰ ৰিটায়াৰ হ’ব বুইছ? আৰু যি ধৰ্মাত্মা বাপেৰ পালোঁ নহয়, চাকৰিৰ দৰমহাকেইটাৰ বাহিৰে যদি হাতত এপইচাও সোমালহেঁতেন আজি ইমান মাথা মাৰি থাকিব লগা নহ’লহেঁতেন। মই যেনেতেনে ওলাই কিবা এটা নকৰিলে বাপেৰৰ পেন্সনেৰে ৰিয়া আৰু ৰীতাক পঢ়াবই নে ঘৰেই চলাব ভগৱানেহে জানে বুইছ। তাৰপাছত তাহাঁতৰ বিয়া বাৰুৰ কথা আছেই!  ভাগ্য ভাল নিজৰ বুলিবলৈ থাকিবলৈ ঘৰ এটা আছে নহ’লে বাপেৰৰ জমা পইচা বুলিবলৈও এক পইচাও নাই চাল্লা।

 ঘোটকৈ একেকোবতে ৰ’ পেগ এটা মাৰি অভিয়ে চলচলীয়া চকুৰে কৈ গ’ল। 

: ধুৰ এইবোৰ বাদ দে বে এনেয়ে চেণ্টি হৈ গ’লোঁ। খালি এটা কথা, মৃদুল অহা কথা আছে নেক্সত মাহত তহঁতি আকৌ ভুলতো নুলিয়াবি মনমীৰ কথা কৈ দিছোঁ।

হঠাৎ অভি গৈ হায়াৰ চেকেণ্ডেৰীৰ দিনবিলাক পালেগৈ। সেই বছৰ মৃদুল আৰু সি আহি একেটা হোষ্টেলতে সোমাইছিলহি। ডাঙৰ বিজনেছমেনৰ পুতেক মৃদুল। কিন্তু তেনেই সাধাৰণ কথাই বতৰাই কামে কাজে কোনো মান অভিমান নথকা মৃদুল এদিন অভিৰ কেনেকৈনো ইমান অন্তৰংগ বন্ধু হৈ পৰিল ক’বই নোৱাৰিলে।

“ঐ অভি, এইবাৰ কিন্তু পূজাৰ বন্ধত চিধা আমাৰ তালৈ ওলাবি, তাৰ পাছতহে তোৰ ঘৰ কিন্তু।”

আৰু সেইমতেই কলেজ বন্ধ হোৱাৰ দিনাই ৰাতি ব্লু-হিলছ ট্ৰেভেছত উঠি ডিব্ৰুগড় পালেগৈ ৰাতিপুৱাই। সৰুতে এবাৰ দেউতাকৰ বেমাৰ দেখাবলৈ ডিব্ৰুগড় মেডিকেল যোৱাৰ পাছত এইবাৰেই প্ৰথম এইখন চহৰত। 

মৃদুলৰ ঘৰ পায়েই মুখহাত ধুই মৃদুলৰ ঘৰতে সৰুৰে পৰা থকা মিমিয়ে বনোৱা লুচি ভাজি খোৱাত লাগিল। 

ঐ মুনমী কি কৰি আছ ভিতৰত তই? এইফালে আহ আকৌ –মৃদুলৰ চিঞৰত একেকোবে কি হ’লনো মৃদুল কা বুলি মনমী মানে মৃদুলৰ ভনীয়েক আহি ডাইনিং ৰূম পালেহি।

ঐ মুনমী, “ই অভি, মোৰ হোষ্টেলৰ। আমাৰ বেটচৰ থাৰ্দ পজিচন পাইছিল, অংকত এশৰ ভিতৰত এশ পাইছে বুইছ। এইকেইদিন তোৰ কিবা পঢ়া শুনা সুধিব লগা থাকিলে ইয়াকে সুধিবি। একদম ফাই ফাই বুজাই দিব।” 

“ঐ অভি, এইজনী এইবাৰ নাইনত বুইছ অংকত ব’ম গাধ তই অকণমান চাই গত লগাই দিবিচোন।” 

এই মৃদুলটোৰ সেইটোৱেই প্ৰব্লেম ইমান কথা কয়, মনে মনে অভিয়ে ভাবিলে।

: হাই !! 

অভিয়ে আৰু কিবা কোৱাৰ আগতেই মনমীয়ে ক’লে –

: ইছ ৰাম অভিদা তোমাক যে এনেকৈ দেখিম ভবাই নাছিলোঁ ভাই। তোমাৰ পেপাৰৰ ইণ্টাৰভিউটো পঢ়ি ইমান ভাল লাগিছিল। বৈজ্ঞানিক হ’বা ন’ তুমি। দেশত থাকি দেশৰ কাৰণে নতুন নতুন বস্তু আবিস্কাৰ কৰি আমাৰ দেশখনক বাকী উন্নত দেশবোৰৰ নিচিনা বনোৱাৰ সপোন ন’ তোমাৰ।  ইমান ভাল লাগিছিল পঢ়ি কথাবোৰ।

ছেঃ সাংবাদিককেইটাই সুধিলে, কিবা এটা ক’লোঁ আৰু,  মানুহে সেইবোৰো মনত ৰাখি থয়!  ইমান কথা ক’ব পৰা ছোৱালী বাপৰে মনতে আকৌ গুৰ গুৰাই উঠিল অভিয়ে। তথাপিও মুখত হাঁহি এটালৈ তাইলৈ চাওঁতে চকুৱে চকুৱে পৰাত কাণ চান ৰঙা পৰি যোৱা যেন লাগিল তাৰ।

পূজাৰ এদিন মৃদুলৰ দেউতাকক বাদ দি ঘৰৰ গোটেইবোৰে একেলগে পূজা চালে মাৰোৱাৰীপত্তি, গ্ৰেহেম বজাৰ, পুলিচ ৰিজাৰ্ভ খোজ কাঢ়ি কাঢ়ি।বাকীকেইদিন মৃদুলৰ লগৰবোৰৰ লগত। খুব ফূৰ্তি কৰিলে পূজা বুলি।

ভাছানৰ পাছদিনা যোৱাৰ আগতে উইংচাং পেন এটা আৰু কেডবেৰি চকলেট এটা মনমীক দি ভালদৰে পঢ়িবলে কৈ সবকে মাত লগাই নিজৰ ঘৰলৈ বুলি বাছ ষ্টেণ্ডলৈ ওলাল মৃদুলৰ লগত।

তাৰপাছতও কেইবাবাৰো গৈছে সি মনমীহঁতৰ ঘৰলৈ।

এনেকৈয়ে এদিন হায়াৰ চেকেণ্ডেৰী পাছ কৰি ঘৰুৱা অসুবিধাৰ কাৰণে হিন্দু কলেজত ফিজিক্স পঢ়ি scientist হোৱাৰ সপোন সামৰি ইঞ্জিনিয়াৰিং কলেজত নাম লগালে অভিয়ে আৰু ইফালে মৃদুলক দেউতাকে বাংগালোৰত প্ৰাইভেট মেডিকেল কলেজত পঢ়িবলৈ পঠাই দিলে। কিন্তু তাৰ লগতে আন এটা ঘটনাও ঘটিল; কটনত আৰ্টছত হায়াৰ চেকেণ্ডেৰীত নাম লগালেহি মনমীয়ে। মনমী গুৱাহাটিত থাকিব যেতিয়া তয়েই চাব লাগিব বুলি মৃদুলেও আদেশ পঠালে অভিলৈ।

এদিন দুদিনকৈ মাজে মাজে চি জি ত খবৰ ল’বলৈ যাওঁতে তাৰ যে এদিন হাত ভৰি কঁপি উঠিব সি ভবাই নাছিল।

অভিদা তুমি যে দিছিলা উইংচাং পেনটো মনত আছে? সেইটোৰেই লিখিছোঁ এইখন। হোষ্টেলত গৈ পঢ়ি চাই জনাবা তোমাৰ মত অভিদা। কঁপি উঠিছিল তাৰ হাত ভৰি সেইখন হাতত লওঁতে সেইদিনা। কিন্তু এদিন সেই হাতেৰেই মনমীৰ হাতখন সজোৰেৰে ধৰি কৈছিল তোমাক কোনেও মোৰ পৰা আঁতৰাই নিব নোৱাৰে কেতিয়াও।

Knock-knock-knockin’ on heaven’s door টেনিছ ৰেকেটৰ ওলোতা ফালটো মাইক বনাই অৰিৰ গীটাৰৰ তালে তালে পাৰ্থই গোৱাত লাগিছে। মাজে মাজে গোটেই কেইটাই “Knock-knock-knockin’ on heaven’s door” কোৰাচ কৰি চিঞৰি গোৱাত লাগিছে ।

তাহাঁতৰ চিঞৰতহে অভি আহি আকৌ ঘূৰি আহিল এইখন বাস্তবলৈ।  কাষৰ ৰূমৰ পৰা সীমান্তও আহি সিহঁতৰ ওচৰ পাইছেহি। সীমান্তই ইতিমধ্যে ভালদৰেই গম পাই উঠিছে যে আজি তাৰ নৰ্মেল ১১:৩০-১২:০০ বজাত শোৱা নহয়। বিছনাত পৰি চটফটাই থকাতকৈ সিহঁতকেইটাৰ লগত বহায়েই ভাল বুলি আকৌ এবাৰ মনটোক সান্তনা দি চানা এটা দুটা চোবোৱাত লাগিল। 

ইতিমধ্যে আৰু এটা ফুললৈ সগৌৰেৱেৰে ভাৰ্গৱ আৰু দাদুলেও প্ৰবেশ কৰিছেহি। হোষ্টেলৰ এইফালৰ ব্লকৰকেইটাই ইতিমধ্যে গম পাইছে আজি ৰাতিটো শুব পোৱাৰ আশা কম। “ঐ পদুম কাই, ছটা মান ভাত পাৰ্থৰ ৰূমলৈ পঠাই দিয়া আৰু লগতে কণী-আলু ভুজীয়া জলকীয়া বেছিকৈ দি বনাই দিবা” -দাদুলে ৰূমৰ পৰা ওলাই হোষ্টেলৰ ডাইনিং ৰূমৰ ফালে চাই চিঞৰ এটা লগালে।

“উহ ৰাম .. .. .. কি যে আছিল সেই দিনবোৰ! কেনেকৈ যে দিনৰ পিছত দিন আৰু ৰাতিৰ পিছত ৰাতি কটাইছিল এতিয়া ভাৱিলেই আচৰিত লাগে অভিৰ.. ইঞ্জিনিয়াৰিং পাছ কৰি জীৱন যুঁজত নামি কিমান জিকিলে কিমান হাৰিলে ঠিকনা নাই .. ..! “মোৰ বিয়া ঠিক হৈছে অভিদা পাৰিলে আহিবা”- সেইখন চিঠি কোনটো পেনেৰে বা লিখিছিল কেতিয়াও সোধা নহ’ল তাইক .. .. .. তাৰ পাছত আৰু জীৱনটোক ঘূৰি চোৱা নাই অভিয়ে।

কেনে আছে বাৰু ভাৰ্গৱ, দাদুলহঁত? আকৌ এবাৰ যদি গাব পাৰিলোঁহেঁতেন একেলগে “Knock-knock-knockin’ on heaven’s door”-এইবুলি মনতে হাঁহি এটা মাৰি চিগাৰেট এটা জ্বলাই অভিয়ে বেলিটো ডুব যোৱা আকাশখনৰ ফালে চালে। এই দৃশ্যটোযে কিমানবাৰ চাইছে যোৱা 20 বছৰে এই মেৰীন ড্ৰাইভত বহি আৰব সাগৰখনত ! আজিও অফিচৰ পৰা সোনকালে ওলাই আহি ইয়াতে বহি পৰিছে এটা অশান্ত মনলৈ। 

কিয় জানো.. ইয়াত বহি এই ব্যস্ত মহানগৰীৰ মাজতো সি এক অনাবিল শান্তি লাভ কৰে। যোৱা বিশ বছৰে তাৰ সুখ-দুখৰ যেন চিৰ লগৰী এই ঠাইখন কিন্তু কিয় জানো মনমীৰ কথা মনত পৰি গ’ল হঠাৎ। ক’ত বা আছে তাই ? সুখীয়েই হ’ব কিজানি ? একেই তপতপাই কথা বা কয় নে নাই আজিকালি!

এবাৰ মনমীৰ মুখখন মনত পেলাবলৈ যত্ন কৰিলে।আৰে এয়া কি হৈছে তাৰ? যিমানেই মনমীৰ মুখখন মনত পেলাব বিচাৰিছে বাৰে বাৰে নন্দিনীৰ মুখখন চকুত ভাহি উঠিছেহি। কি হৈছে তাৰ কিয় মনত পেলাব পৰা নাই তাৰ সেই মনমীজনীক। মুৰটো কিবা আচন্দ্ৰাই কৰি দিছে। 

ক্ৰিং ক্ৰিং .. .. .. হঠাৎ ফোনটোৰ ৰিঙতহে তাৰ সম্বিত ঘূৰি আহিল।

: অভি, অফিচৰ পৰা আহোঁতে উইংচাং পেন এটা লৈ আহিবাচোন, কাইলৈ হিয়াৰ স্কুলত লাগে বোলে, আৰু সোনকালে ঘৰ পোৱাকে আহিবা তোমাৰ পচন্দৰ পায়স বনাইছিলোঁ আজি- 

নন্দিনীৰ কথাখিনি শুনি ফোনটো কাটি দি দূৰণিৰ আকাশখনলৈ আকৌ এবাৰ চাই পঠালে সি… সেই দূৰৰ চৰাই কেইটালৈ। তাৰো যেন উৰিবলৈ মন গৈছে। বহু দূৰণিলৈ… দূৰ দিগন্তলৈ… উৰণীয়া হৈ। 

চিগাৰেটটোত জোৰকৈ টান এটা মাৰি দি ধোঁৱাখিনি উৰুৱাই দিলে দূৰণিলৈ। মনটো হঠাৎ যেন তাৰ মুকলি লাগি গ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *