মহেশ_দা-হিমাংশু ৰাজখোৱা
এই পৃথিৱীত কিমান ‘গাধ’ আছে, কথাটো ভাবিলে মাজে মাজে অবাক হৈ যাওঁ।
কিছুমান মানুহে মূৰত মজলীয়া গ্ৰাছ কাৰ্প মাছ এটাৰ ব্ৰেইনটোৰ সমপৰিমানৰ ব্ৰেইন এটা লৈ যেনেকৈ এই জালিম দুনীয়াত ছাৰভাইভ কৰি আছে সেইটো আচলতে সৃষ্টিকৰ্তাৰ অভিনৱ সাঁথৰবোৰৰ এটা।
কালিৰ কথাকে ধৰক, কোনোবা এটা মক্কেলে তাৰ ‘জিঅ’ নম্বৰটোৰ পৰা মোৰ ‘এয়াৰটেল’ নম্বৰটোলৈ ফোন কৰি কৈছে, ‘হেল’ ছাৰ, ‘ভোদাফোন’ কাষ্টমাৰ কেয়াৰৰ পৰা কৈছোঁ। আপুনি আপোনাৰ মোবাইল নম্বৰত হোৱা এটা আন্তঃৰাষ্ট্ৰীয় লটাৰীত ২৫ লাখ টকা জিকিছে।
তাৰ কথাখিনি শুনি হাঁহিম, কান্দিম নে খং কৰিম ভাবি নাপালোঁ! ভোদাফোন কোম্পেনীৰ কি ইমানেই বেয়া দিন আহিল যে নিজৰ কাষ্টমাৰ কেয়াৰৰ পৰা জিঅ’ কানেকশ্যনেৰে এয়াৰটেলৰ গ্ৰাহকক লটাৰীৰ টকা বিলাই ফুৰিছে! আৰে দুই নম্বৰী কাম কৰি পইচা লুটিবলৈতো অলপ মগজ লৈ আহ ভাই! যি দেখিছোঁ দেশৰ প্ৰতিটো নিয়োগ খণ্ডৰ দৰে ‘ঠগবাজী’ আৰু ‘লুট’ খণ্ডটো প্ৰতিভাধাৰীৰ অকাল চলিছে। ধেই! এনেকৈ কেনেকৈ হ’ব! এনেকৈ কি দেশ আগুৱাব!
এনে গাধ কিছুমান চকুৰ আগত দেখিলেই পতকৈ আমাৰ গাঁৱৰ ‘মহেশ্বৰ’ দালৈ মনত পৰে। মহেশ্বৰ দাৰ স্কুলীয়া আৰু জনপ্ৰিয় নাম আছিল মহেশ।
কলেজ পাছ কৰাৰ পাছতেই চাকৰি বাকৰিত সোমোৱাৰ আগতে আমি একেলগৰ প্ৰায়বোৰেই সন্ধিয়া আড্ডাত বহোঁ। আমি সাধাৰণতে সন্ধিয়া আড্ডা দিয়া নৃপেন দাৰ পান দোকানখনৰ কাষতে মহেশ দাৰ ঘুমটি। কি বেছে মহেশ দা আৰু ঈশ্বৰ, এই দুজনৰ বাদে বেলেগে একো পাত্তা নাপায়।
আৰ্মী কালাৰৰ কাৰ্গ’ এটা আৰু হালধীয়া টি চাৰ্ট এটা পিন্ধি প্ৰায়েই আমাৰ আড্ডাৰ মাজতে বিভিন্ন দাইলগ ‘জাৰি’ থাকে মহেশ দাই। এদিন সন্ধিয়া ক’লে ডিব্ৰুগড় মেডিকেলত পঢ়ি থকা তেওঁৰ গাৰ্ল ফ্রেণ্ড এজনী আছে। ধনীৰ দুলালী। বাপেক অইল নে ONGC ৰ ইঞ্জিনীয়াৰ।
মহেশ দাৰ ছোৱালী সম্বন্ধীয় অনেক ঢপবোৰৰ এটা বুলি গম পালেও কাহিনীটো সম্পূৰ্ণ শুনাৰ স্বাৰ্থতে আমাৰ কোনোবা এটাই অবাক হোৱাৰ অভিনয় কৰি সুধিলে,
: বাপ্পা ঐ মহেশ দা, এই ‘পিছ’টো পালে ক’ত হে আপুনি?
দাদাই মোটামুটি তাচ্ছিল্যৰ বক্ৰ হাঁহি এটা মাৰি ক’লে,
: অলপ ব্ৰেইন লগাব লাগিব, অলপ ফাঁকি দিব লাগিব এইবোৰ কথাত।
মিছ কল লাগিছিল এদিন, তাৰ পিছত আকৌ কথা বতৰা হৈ আছিল, মই কৈ দিছোঁ মই টিছাৰ, ইঞ্জিনিয়েৰিং কলেজৰ টিছাৰ।
কাহিনী আমি ভবাতকৈ চিৰিয়াছ কাহিনী বুলি জানি মেলা মুখ মেলাতেই থাকিল আমাৰ!
: তাৰপাছত?
: তাৰ পাছত আৰু কি, এইটো শুনি ছোৱালীয়ে বিয়া পাতেই, জোৰ জবৰদস্ত। মইহে বোলো ৰ’বা, দৰমহাৰ কিবা এটা খেলিমেলি হৈ আছে মোৰ। ঠিক হ’লেই বিয়া পাতিম বুলি কৈ ৰখাইছোঁ।
: কি বুদ্ধি হে আপোনাৰ মহেশ দা, তামাম,
: অঁ, ময়ো কৈ দিছোঁ, মই এতিয়া ইঞ্জিনিয়েৰিং কলেজৰ মাষ্টৰ, অহা বছৰ প্ৰমোচন হ’ব তেতিয়া ইঞ্জিনিয়েৰীং ইউনিভাৰ্চিটিৰ মাষ্টৰ হ’ম, তাৰ পাছত বিয়া পাতিম।
আমি ভাবি পাত্তা নাপালোঁ, কোন সেই মেডিকেল কলেজৰ ছাত্ৰী যে এই হেন মহেশ দাৰ কথা বিনা বাক্যই মানি লৈছে! কি মেডিকেল পঢ়ি আছে ঔ!
আমি অলপ সন্দেহ কৰি আছোঁ বুলি ভাবিয়েই নেকি জানো, মহেশ দাই ফোন লগালে প্ৰেমিকালৈ, স্পীকাৰ অন কৰি ৰাখিছে।
“অ’, দেহা, ভাত খালা?”
“অ, জান, খালোঁ”
“কি খাইছা?”
“বেছি নাই আজি একো। শুদা ভাত। চিকেন, মাছ, হাঁহ কণী, পোলাও, ভাত আৰু পঠা মাংস অকণ আছিল।”
‘অত টেৰী- আমাৰ মুখৰ পৰা প্ৰায় চিঞৰ উলাইছিলেই। মহেশ দাইহে লগে লগে ফোনৰ স্পীকাৰ ঢাকি দি লাহেকৈ ক’লে, **লা ভীক্ষাৰীহঁত। ধনী মানুহৰ ছোৱালী। সেইখিনি দেইলি খায়।
স্পীকাৰৰ পৰা হাত এৰা দি মহেশ দাই ক’লে,
“অ’ জান, আমি আজি মাছ খালোঁ। ৰৌ, ভকুৱা, পিঠিয়া, পুঠী আৰু খলিহনা।”
দুইজনেৰে খোৱাৰ বাহাৰ দেখি আমাৰ পেট কলমলালে যদিও বুজি পালোঁ, যোৰা ভাল মিলিছে, ‘যোৰাও যোৰা পাভ যোৰা, তয়ো হাৰীত খাইটি, ময়ো গৰু চোৰ’
আৰু কিবা সুধিবলৈ জেক দিলে এটাই।
তাৰ জেক খাই, মহেশ দাই আকৌ সোধে,
“অ’ জান, মোৰ লগৰ এটাই সুধিছিল, তুমি মেডিকেলত কি কি চাবজেক্ট লৈছা জান?”
আৰু আমাক আচৰিত কৰি মহেশ দাৰ ‘জান’ য়ে বিশেষ একো নভবাকৈ উত্তৰ দিয়ে,
“৫ টা চাবজেক্ট লৈছোঁ দেহা- কেঞ্চাৰ, ডায়েৰীয়া, হাপানী, কলেৰা আৰু হাৰ্ট এটেক”।
উত্তৰ শুনি সেইদিনাই আমি বুজি পালোঁ। দুই জনে আচলতে যোগ্য সংগী পাইছে, দুইজনেৰে মূৰত ‘মাল’ আছে কেৱল ‘ব্ৰেইন’ টো নাই! ঠিক কালিৰ ভ’দাফোন কাষ্টমাৰ কেয়াৰৰ পৰা জিঅ’ ফোনেৰে এয়াৰ টেলৰ গ্ৰাহকক ২৫ লাখ টকা পুৰস্কাৰ পোৱাৰ খবৰ দিয়া সেই এজেণ্টজনৰ দৰে।
☆ ★ ☆ ★ ☆
12:06 pm
হিমাংশু দাই তেওঁৰ গতানুগতিক ষ্টাইলত কৈ থকা যেন লাগিল। সুখত থাকক মানুহটো য’তেই আছে ।