ফটাঢোল

ধীৰে ধীৰে হেৰাই যায় আৱেলিৰে ৰ’দালি-জয়ন্ত কুমাৰ ডেকা

নিউজ পেপাৰ….. পানবজাৰ…..লুইতৰ পাৰ……।

সমবাহু ত্ৰিভুজৰ প্ৰয়োজনীয় তিনি কোণৰ দৰে এই তিনিটা বিষয়ো মোৰ জীৱনৰ অবিচ্ছেদ্য। ইয়াৰে দুটা জীৱন-যাপনৰ আৰু এটা জীৱন উদযাপনৰ। কেতিয়াবা অৱশ্যে জীৱন উদযাপনৰ ‘কোণ’টো লুইতৰ পাৰত নগঢ়ি উজানবজাৰৰ ব্ৰাউন বীন কাফেত গঢ়োঁ। উদযাপনৰ দিশটোৰ ক্ষেত্ৰত ম‌ই অলপ স্বাৰ্থপৰ। আনৰ লগত সময় সুবিধা মিলাই লুইতৰ পাৰলৈ বা কাফলৈ নাযাওঁ। যেতি‌য়াই মন যায়; আৰু সময় ওলাই…..

আহিনমহীয়া বৰষুণৰ বতৰ। তিনিদিনৰ নেৰানেপেৰা বৰষুণৰ অন্তত সেইদিনা আৱেলি বতৰটো কিছু ফৰকাল হৈছিল। মন গ’ল; সময়ো ওলাল কাফেলৈ বুলি ওলাই গ’লোঁ। কেইবাদিনৰো বিৰতিৰ পাছত পশ্চিম দিশত ওলোৱা বেলিৰ কোমল ৰ’দালিয়ে মনটোক কিবা এক অবুজ ভাৱনাত বুৰাই ৰাখিলে। কাফেত বয়কেইজনৰ বাহিৰে তেতিয়া তাত কোনো নাই। এজনক চাহ একাপৰ লগতে কাটলেট অৰ্ডাৰ দি G-plus এখন হাতত লৈ এচুকত বহিলোঁ। মন কৰিলো কাফেত মৃদু ভলিউমত গান লগাই থৈছে। বাহিৰলৈ চালোঁ। বৰষুণৰ অন্তত স্নিগ্ধ ৰ’দে কাফেৰ বাহিৰত এক মনোৰম পৰিবেশৰ উপহাৰ দিছে। 

গানৰ গীত-কথা তেতিয়ালৈ কাণত পৰা নাছিল। তেনেতে কাফেৰ ভিতৰলৈ প্ৰবেশ কৰিলে সেউজীয়া মেখেলা-চাদৰ পৰিহিত এগৰাকী গাভৰুৱে। গানৰ গীত-কথায়ো যেন সেই সময়লৈহে বাট চাই আছিল। পৰিবেশটোত গীত-কথাই entry দিলে,

“যিচকে আনে চে ৰংগৌ মে 

ডুব গয়ী হে শাম…..

চৌচ ৰহা হু কিছচে পুছো

ওচ লড়কী কা নাম….. “

গান বাজি থাকিল আৰু তায়ো গৈ এখন চকীত বহি ল’লে। পেপাৰখনৰ উপৰিও মাজে মাজে মোৰ চকুৱে তাইলৈ দৃষ্টি দি থাকিল। তেনেতে তৎক্ষণাৎ তাইৰ চকুও এইবাৰ মোৰ ওপৰত পৰিল। কি কৰোঁ কি নকৰোঁ; একো ভাৱি নাপালোঁ। লগে লগে মূৰ তল কৰি পেপাৰ পঢ়াত লাগিলোঁ। গানৰ গীত-কথাই আৰু পৰিবেশে পেপাৰৰ এটা নিউজো শান্তিত পঢ়িবলৈ নিদিলে। অনুভৱ কৰিছিলোঁ তায়ো যেন মোক ন’টিচ কৰি আছিল। এনেতে বয়জনে আহি মোৰ অৰ্ডাৰটো ৰাখি গ’ল। চাহকাপ হাতত তুলি লৈছোঁহে দেখিলোঁ ছোৱালীগৰাকীয়ে বহা ঠাইৰ পৰা উঠি মোৰ দিশলৈ আহিবলৈ ধৰিছে। মনত সন্দেহ আৰু এক অজান অনুভুতিয়ে ঠাই ল’লে।

: তুমি জয়ন্ত নহয় নে?

চাহৰ চিপটো শেষ কৰি এক প্ৰশ্নবোধক চাৱনিৰে হয় বুলি ক’লোঁ। 

: মোক চিনি পাইছানে? SSAত যে আছিলোঁ। বাপৰে ইমান দিনৰ মূৰত। তেতিয়াৰে পৰা মই তাতে বহি তাকে ভাৱি আছিলোঁ তুমি হয় নে নহয়!

উল্লাহভৰা হাঁহিৰে একে উশাহতে তাই কথাখিনি ক’লে। তেতিয়ালৈ তাইৰ চেহেৰাটো মোৰ সম্পূৰ্ণকৈ মনত পৰিলে যদিও তাইৰ নামটোৰ ক্ষেত্ৰত মই দুবিধাত পৰিলোঁ। মনতে ভাৱিলো ‘নন্দিতা’ আছিল নে ‘নৱনীতা’ আছিল? সম্মুখৰ চকীখনত তাইক বহিবলৈ অনুৰোধ কৰি এন্ধাৰতে শৰ এপাট এৰিলোঁ।

: নন্দিতা, তুমি ফেচবুকত নাই নেকি?

শৰ সঠিক ঠাইতে পৰিল। মানে নামটো শুদ্ধ‌ই হ’ল। এই নন্দিতা এসময়ত আমাৰ কলেজৰ শকুন্তলা আছিল। সেই সময়ৰ প্ৰতিজন ল’ৰাই আছিল তাইৰ মিতভাষিক চৰিত্ৰ আৰু অতুলনীয় সৌন্দৰ্যৰ পূজাৰী। মিছা নহয়; ময়ো আছিলোঁ। কোনো দিনে ভালদৰে ১০ মিনিট সময় কথা নাপাতিলেও মনেৰে যে তাইক নিজৰ কৰিবলৈ বিচাৰিছিলো সেইয়া সত্য। ভয় আৰু এক অজান শংকাই সেই কাহিনীৰ দুবছৰতে যৱনিকা পেলাইছিল। 

তেনেতে তাইৰো অৰ্ডাৰ লৈ বয়জন উপস্থিত হ’ল। দুয়ো লাহে লাহে চাহৰ আমেজ লৈ ব্যক্তিগত জীৱনৰ আলোচনাত ব্ৰতী হ’লোঁ। তাই যে এখন মহাবিদ্যালয়ত পঢ়ুৱাই তেতিয়াই জানিলোঁ। আৰু এইফালে কাফেৰ গানৰো পৰিবৰ্তন হ’ল। 

“দেখা জ’ তুমকৌ

য়ে দিলকৌ কিয়া হুৱা হে…..

মেৰী ধড়কনৌ পে

য়ে ছায়া কিয়া নচা হে…..হআআআ “

তাইৰ যে বিয়া হোৱা নাই; সেয়া তাইৰ কথা-বতৰাতে ধৰিব পাৰিলোঁ। কিন্তু ছিংগলে আছেনে! এইটো জনা মোৰ পক্ষে সম্ভৱ হোৱা নাছিল। কথাৰ মাজতে কাফেৰ বাহিৰলৈ লক্ষ্য কৰিলোঁ। বাহিৰত ৰ’দৰ প্ৰভাৱ নাই। তাইৰ স্বল্পভাষী স্বভাৱ আৰু মোৰ লাজকুৰীয়া মূৰ্খামীৰ বাবে আমাৰ আলোচনাৰ বিষয়ো লাহে লাহে শেষ হ’বলৈ ল’লে। চুপ-চাপ বহি থাকি লাজ পোৱাতকৈ বয়জনক বিল আনিবলৈ ক’লোঁ। মনত তীব্ৰ অশান্তি; কিন্তু নিৰূপায়। বয়জনে বিল অনালৈ লাজেৰে দুই-এটা কথাৰ আদান-প্ৰদান কৰি থকাৰ সময়তে গানৰ গীত কথাই পুনৰ এক খেল খেলিলে,

“জ্বৰ কিছিকি তৰফ দিল ঝুকনে লগে….

বাত আকৰ জুৱা তক ৰুকনে লগে…..

আখৌ আখৌ মে ইকৰাৰ হৌনে লগে….” 

তেনেতে বয়জনে আহি বিল আগবঢ়ালে। বিল দি উঠি হাঁহিৰে সৈতে তাইক ক’লোঁ,

: তুমি বহা বাৰু। মই আজিলৈ এৰোঁ। আজিৰ চাহ ম‌ই খোৱালো। তোমাৰ কাপৰ অপেক্ষা থাকিল কিন্তু। ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াম। একচেপ্ত কৰিবা।

তায়ো হাঁহিৰে সহাঁৰি দিলে। কিন্তু অনুভৱ হৈছিল তাই যেন আৰু কিছু সময় মোৰ লগত কটাবলৈ ইচ্ছা কৰিছিল। কিন্তু মনত উদ্ভৱ হোৱা এক অজান শংকাই মোক ৰ’বলৈ আৰু অনুমতি নিদিলে। লাহে লাহে কাফেৰ বাহিৰলৈ খোজ ল’লোঁ। 

শেষাংশ গীত-কথা ৰিণিকি ৰিণিকি কাফেৰ বাহিৰলৈ ভাঁহি অহা কাণত পৰিল।

 “প্যাআৰৰ….তৌ……হৌঔনা…..হী…..থাআআআআ….”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *