ফটাঢোল

মুদ্ৰাদোষৰ কবলত গৰু ডাক্তৰ -সদানন্দ ভূঞা

হেল্লো ফটাঢুলীয়া ৰাইজ , ফটাঢোলৰ গৰু ডাক্তৰজনক মনত পৰে নে কেতিয়াবা? বহুদিনৰ বিৰতিত সেইজন গৰু ডাক্তৰ আকৌ আহিলোঁ দেই। আহোঁ‌নো কেনেকৈ? ফটাঢুলীয়া কাৰো ঘৰতেই দেখোন আজিকালি গৰু নোহোৱাই হ’ল। আছে টিকলি টিকলিৰ পৰা বিয়াগোমলৈকে বিধে বিধে নানা প্ৰজাতিৰ কুকুৰ এসোপামান। সম্বোধনটো সলাই দিয়াৰ ভয়তে আজিকালি আত্মগোপন কৰি থাকিবলগীয়া পৰিস্থিতি। বাৰু, এতিয়া সেইবোৰ বাদ দিয়ক। আহকচোন আজি সেইজন গৰু ডাক্তৰৰ বিষাদেৰে আৱৰা ৰসাল কাহিনী এটাকে শুনোঁ‌।

গৰু ডাক্তৰক আজি দুমাহ আগতেই চৰকাৰে খেদিলে। মানে তই এতিয়া ষাঠি বছৰীয়া বুঢ়া হ’লি যেতিয়া ঘৰতে বহি থাক বুলি অৱসৰ দি দিলে। গৰু ডাক্তৰৰ মনটো এতিয়া দুফাল হ’ল। এফালে বৰ্তমান চৰকাৰী কৰ্মচাৰীৰ দ্বায়িত্বৰ যন্ত্ৰণাৰ পৰা মুক্ত হৈ উৎকট গৰমত এগিলাচ শীতল পানীৰ প্ৰশান্তি আৰু আনফালে উতলা পানী পৰি জ্বলা ফুটি হোৱা চেকচেকনিৰ দৰে বুঢ়াৰ তালিকাত পৰা যন্ত্ৰণা। আমন-জিমনকৈ এদিন গৰু ডাক্তৰ বাৰাণ্ডাত বহি আছিল। সেই সময়তে এজন চিনাকি মানুহ গৰু ডাক্তৰক লগ কৰিবলৈ আহিল।

গৰু ডাক্তৰ :- অ শইকীয়া, আহক আহক। বহক। 

শইকীয়া :- ( চকী এখনত বহি ) চাৰ, ভালনে আপোনাৰ?

গৰু ডাক্তৰ :- ভালেই আছোঁ‌ দিয়ক। কওকচোন কি সকামত বা আহিল?

শইকীয়া :- সকাম গুৰুতৰেই আপোনাৰ। মানে মই আপোনাৰ গাইজনীৰ কাৰণে আহিছিলোঁ‌। 

গৰু ডাক্তৰ :- মোৰ গাই? মোৰ দেখোন গৰুৱেই নাই।

শইকীয়া :- নহয় মানে, আমাৰ গাই। তাইৰ আজি কেইদিনমানৰ পৰা অসুখ।

গৰু ডাক্তৰ :- অঁ‌ হয় নেকি! কওকচোন, কি হৈছে!

শইকীয়া :- প্ৰথমতে তাইৰ ভৰিত ঘাঁ‌ লাগিল, ভৰিৰ পৰা আপোনাৰ মুখত ঘাঁ‌ লাগিল। তাৰপিছত আপোনাৰ গোটেই দেহাটোত ঘাঁ‌য়ে ঘাঁ‌ হ’ল। এতিয়া অৱস্থা একেবাৰে বেয়া। আপোনাৰ মুখত পোক, আপোনাৰ নাকত পোক, আপোনাৰ কাণত পোক, আপোনাৰ পেটত পোক, আনকি আপোনাৰ ভৰিতো লেউলেউ পোক।

গৰু ডাক্তৰ :- ( আচৰিত হৈ মুখ , নাক , কাণ সকলোতে সেঁ‌পিয়াই সেঁ‌পিয়াই চাই মনতে ভাবিলে… অলপ আগলৈকেতো ঠিকেই আছিল। কেতিয়া ঘাঁ‌ লাগিল, কেতিয়া পোক পৰিল। একো নেদেখি খঙেৰে ) আপুনি কি মানুহ হে। কেতিয়া মোৰ গাত ঘাঁ‌ লগা দেখিলে, কেতিয়া পোক পৰা দেখিলে।

শইকীয়া :- হেঃ হেঃ… মই আমাৰ গাইজনীৰ কথাহে কৈছোঁ‌ চাৰ।

গৰু ডাক্তৰ :- তাকেই কওঁক। আপোনাৰ গাইজনীৰ চবকা ৰোগ হৈছে। প্ৰথমতে ভৰিৰ খুড়াবোৰত ঘাঁ‌ লাগিছিল। চেলেকি থকা বাবে মুখত ঘাঁ‌ লাগিল। মুখৰ লেলাউটিৰ পৰা য’তে-ত’তে ঘাঁ‌ বিয়পি গ’ল। ঘাঁ‌বোৰত মাখিয়ে কণী পাৰি পোক দিয়ালে। পিচে, এতিয়া মৰিবৰ সময়ত মকৰধ্বজ খুৱাবলৈ যে মোৰ ওচৰলৈ আহিল, ইমানদিন কি কৰি আছিল।

শইকীয়া :- মানে চাৰ,  আপোনাৰ মানুহজনীয়ে আই দেখা দিছে বুলি ভাবি আই সকাম কৰালে; গৰখীয়া দোষ লাগিছে বুলি গৰখীয়া সবাহ কৰালে যদিও ভাল হওক চাৰি বেছিকৈহে হৈছে।

গৰু ডাক্তৰ :- হেৰি কি কয় হে? মোৰ মানুহজনীয়ে কেতিয়া আপোনাৰ ঘৰত আই সকাম, গৰখীয়া সবাহ কৰাবলৈ গ’লহে?

শইকীয়া :- চ’ৰি চাৰ চ’ৰি, মোৰ মানুহজনীহে চাৰ।

গৰু ডাক্তৰ :- হ’ব হ’ব , মই দৰৱ কেইটামান লিখি দিছোঁ। ঘাঁ‌বোৰ চাফা কৰি দৰৱ লগাব আৰু খুৱাবলগীয়া বড়িকেইটা সময়মতে  খুৱাব। ভাল হৈ যাব।

শইকীয়া :- বাপৰে ইমান দীঘলীয়া তালিকা। মই আকৌ আপোনাৰ পৰা চৰকাৰী দৰৱ পাম বুলি ভাবিহে ইয়ালৈ আহিছিলোঁ‌। এতিয়া দেখিছোঁ‌ আপোনাৰ ঘৰৰ পৰা আপোনাৰ মানুহজনীৰ এ টি এম কাৰ্ডখন লৈ ধন উলিয়াইহে দৰৱ ল’ব লাগিব।

গৰু ডাক্তৰ :- কি…… ? কি ক’লে?

শইকীয়া :- নহয় চাৰ নহয়, মোৰ ঘৰ আৰু মানুহজনীৰহে কথা কৈছোঁ‌।

শইকীয়া যোৱাৰ পিছত ডাক্তৰণী বাইদেৱে হাঁহি হাঁহি বাৰাণ্ডাতে ডাক্তৰ বাবুক চাহ একাপ দি গ’ল। 

“…… হেৰা তুমি হাঁহিছা। এই মুদ্ৰাদোষৰ কিছুমান শব্দই কেতিয়াবা বৰ বিপাঙত পেলাবহে।”

☆ ★ ☆ ★ ☆

One comment

  • হেমন্ত কাকতি

    হাঃ হাঃ, আপোনাৰ, মানে মোৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *