মধুচন্দ্ৰিকা-কুমকুম শৰ্মাবৰুৱা
দুবছৰে ঠিক হৈ থকা বিয়াখন যেনে -তেনে জোৰা -তাপলি মাৰি হৈ গ’ল। বিয়াৰ পিছত অফিচৰ পৰা ফুৰাৰ বাবে পইচা লৈ বিয়াৰ ধাৰ মাৰিবলগা হ’ল। গতিকে ঘৰৰ কাম কৰি কৰি গীতিৰ ঘৰতে সোমাই থকাৰ বাদে উপায় নাইকিয়া হ’ল। দুৰ্গাপূজা আহিল। পূজাৰ ব’নাচ অলপ পাই দীলিপে পুনৰ নিজৰ পুৰণা ঘৰখনৰ ধাৰ-ধুৰ মৰাৰ কথা চিন্তা কৰিলে। ককায়েকে ভেঞ্চাৰ স্কুল এখনত চাকৰি কৰে। খেতিটো কৰি আছে বুলিহে চলি থাকিব পাৰিছে। গীতিক কথাটো কোৱাত তাইৰ মনটো অলপ সেমেকিল। মনতে ভাবিলে দাদাৰ পৰিয়ালৰ খৰছবোৰ সদায় কিয় দি থাকিব লাগে।
মুখেৰে ক’লে, “ব’লাচোন, গুৱাহাটীৰ পৰাই অলপ ফুৰি আহোঁ। পাৰিলে শ্বিলঙৰ পৰাও এপাক ফুৰি আহিম।”
“ব’লা তেন্তে, ইয়াত বিদেশলৈ যাম বুলি কৈ অলপ জ্বলাই থৈ যাওঁ।”
গীতিয়ে কেৱল হাঁহিলে।
দীলিপে ‘ৰাজধানী এক্সপ্ৰেছত ‘ দুটা টিকট কৰিলে গুৱাহাটীলৈ বুলি। যাত্ৰাৰ পিছদিনা গুৱাহাটী পাই দুদিনৰ কাৰণে হোটেল এখনত থাকি লৈ গুৱাহাটীখনকে ফুৰিলে। তাৰপিছত শ্বিলঙলৈ বুলি ওলাল। শ্বিলঙতো দুদিন ধুনীয়াকৈ ফুৰি গুৱাহাটীলৈ ঘূৰি আহি ঘৰলৈ বুলি ৰে’লত উঠিল। মুঠতে অহা-যোৱা মিলি ফুৰা এসপ্তাহেই নহ’ল।
: হে’ৰা ফৰেইন যাম বুলি কৈ আহিছিলোঁ নহয় ঘৰত নবৌহঁতক। এতিয়া কি বুলি ক’বা।
গীতিয়ে উত্তৰ নিদি হাঁহিবলৈ ধৰিলে।
☆ ★ ☆ ★ ☆