ফটাঢোল

দ্বীপান্বিতা বৰুৱাৰ ৰূপ চৰ্চা-হেমন্ত কাকতি

শেহতীয়াকৈ মিচেচ বৰুৱাই ফেচবুকত নিজৰ প্ৰফাইল ফটোবোৰ সঘনাই সলনি কৰিবলৈ লৈছে। এখন ৰাতিপুৱা, এখন দুপৰীয়া আৰু আন এখন ৰাতি। এনেই মই লোকৰ ৱাইফৰ প্ৰফাইল পিক খুচৰি নুফুৰোঁ বাৰু, পিচে মিষ্টাৰ বৰুৱাকো টেগ কৰি ফটোবোৰ দিয়াতহে কৌতুহলটো বেচি হ’ল৷ কৌতুহল দমন কৰিব নোৱাৰি এদিন বেলতলা বজাৰত লগ পাই মিষ্টাৰ বৰুৱাক কাটিং মাৰি সুধিয়ে পেলালোঁ- 

: কি হে বৰুৱা, আপোনাৰ পত্নীৰ ফেচবুকৰ নিচা বৰকৈ লাগিছে দেই! ডেইলী তিনি চাৰিখনকৈ ফটো দি আছে, কেচটো কি? হাজাৰ হাজাৰ ফেন ফলৌয়িঙেৰে মানুহজনী চেলিব্ৰিটি হ’বলৈ গৈ আছে আৰু আপুনি ইমান বছৰৰ পৰা লিখা মেলা কৰিও দুহেজাৰ ‘ফ্ৰেন’ গোটাব পৰা নাই!

বৰুৱাই ভ্ৰু কোঁচাই ক’লে, 

: আচলতে কি জানে কাকতি, ময়ো কথাটো ঠিক ধৰিব পৰা নাই৷ তেওঁৰ নিচাটো এতিয়ালৈ “এডিকচন” হৈ গ’লহে৷ বহুত চেষ্টা কৰিও তেওঁৰ নিচাটো এৰুৱাব পৰা নাই৷ এই বিষয়ত কিবা ক’লেও কাজিয়া পেচাল হে হয়, গতিকে ক’বলৈ এৰিলোঁ৷ যি কৰে কৰক আৰু, ওপৰৱালাৰ ওপৰতে এৰি দিছোঁ৷ তেওঁৰ প্ৰফাইলটো ইতিমধ্যে হাজাৰ হাজাৰ ফেন ফ’ল’ৱাৰেৰে উপচি পৰিছে। তেওঁ  যি ফটোৱে আপলোড কৰক, লগে লগে  লাইক কমেণ্টবোৰ ধুমুহাৰ দৰে হুৰহুৰাই আহি যায়! সিদিনা মই কিবা এটা কওঁতে যিটোহে ফেপেৰী পাতি ধৰিলে মোক- বোলো মোৰ তাত লাইক কমেণ্ট আহিলে তুমি ইমান জ্বলা কিয়? চাই থাকা, এই লাইক কমেণ্টেৰে মই এদিন দেখাই দিম তোমাক যে মই কিমান পানীৰ মাছ! গতিকে মই কোৱা বাদ দিলোঁ৷

বৰুৱাৰ কথা শুনি মোৰো পতি সত্বাটো জাগি গ’ল, নিজৰ পত্নীকনো কিডাল কণ্ট্ৰোলত কাখিব পাৰিছোঁ?  বেচিকৈ ক’বলৈ মন নগ’ল৷ বেচেৰা পতিদেৱৰ নীৰিহ আত্মাটোৰ দুখ-বেদনা মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ৷ 

সিদিনা বৰুৱাৰ ফোন এটা আহিল৷ 

“কাকতি, ভালে আছে?”

“আছো দিয়ক, কওক খবৰ খাতি৷”

“আপোনাক কথা এটা কওঁ বুলিহে ফোন কৰিলোঁ৷ কথাটো হ’ল যে ৱাইফে কিতাপ লিখিবলৈ ওলাইছে৷ অলপ লাগি ভাগি দিব আৰু নিজৰ বুলি৷”

মই বৰুৱাৰ কথা শুনি বিজুলী ঢেৰেকনি গাত পৰা হেন পালোঁ৷ যিজনী মানুহে বজাৰৰ লিষ্টখন পুৰা শুদ্ধকৈ লিখিব নোৱাৰে তেওঁ কিতাপ লিখিব ওলাইছে, আৰু কিবাকিবি লিখিলেই যেনিবা, পিচে কিতাপখন কিনিব কোনে? ৰ’ব, বজাৰৰ লিষ্ট বুলি কওঁতে আচৰিত নহ’ব, মই কেনেকৈ জানো বুলি৷ সিদিনা বৰুৱাই মোকে তেওঁৰ মিচেছৰ বজাৰৰ লিষ্টখন হোৱাটচ এপত দিছিল৷ অসমীয়া বানান দেখি বিচুৰ্তিহে আৰু! তথাপি বৰুৱা মানুহজনৰ দৰে চিধা মানুহজনৰ কথাত পতিয়ন নগৈ নোৱাৰিলোঁ৷ মহিলাক আণ্ডাৰ-এষ্টিমেট কৰা ভুল কামটো কেতিয়াও নকৰোঁ৷ তেওঁলোকৰ মনত যদি কিবা কৰিম বুলি ইচ্ছা এটা প্ৰকট হয় কৰিবই৷ 

বৰুৱাই আকৌ কৈ গ’ল- বুজিছে, তেওঁৰ ফেচবুক ৱালত আজিৰ আপডেট চাওক, তেওঁ নাচোৰবান্দা, কিতাপ উলিয়াবই৷ গতিকে মই ওলোটাখৰ মাৰি পাট্টা নেপাম৷ যি পাৰোঁ লাগি ভাগি দিয়াই বেষ্ট পলিচি হ’ব৷ 

মই তেওঁৰ আপডেটত চকু ফুৰালোঁ৷ লিখিছে-  “হাই ফ্ৰেনজ কেনে আছা? সকলোৰে বাবে এটা ভাল খবৰ আছে। পৰৱৰ্তী গ্ৰন্থমেলালৈ লৈ আহিম এখন অসাধাৰণ গ্ৰন্থ। মোৰ লগত থাকিবানে?” 

তলত আউলি বাউলি চুলি মেলি থোৱা এখন চেলফিও গাঠি দিছে৷ ইতিমধ্যে হেজাৰৰ ওপৰত লাইক কমেণ্টৰ বানপানী আৰম্ভ হৈছে। এঘণ্টাতে কেইবা শ মান কমেণ্টো আহিছে৷ এজনে  লিখিছে,  “আমি আছো মেডাম,  কিতাপখন উলিয়াই লওক, বিক্ৰীৰ দায়িত্ব আমাৰ!”

আন এটা ‘ফ্ৰেণ্ডে’ লিখিছে, মেডাম, মই ১০০ শতাংশ নিশ্চিত যে আপোনাৰ কিতাপখন এইবাৰ গ্ৰন্থ মেলাত চুপাৰ ডুপাৰ হিট হ’ব! আপোনাৰ কিতাপ কিনিবলৈ মানুহৰ লাইন লাগিব৷ 

আন এজন ফলৌৱাৰে লিখিছে, চকুত টোপনি নাই! মাত্ৰ ভাবিছোঁ মেডামৰ কিতাপখন কেতিয়া ওলাব? নিশ্চিত হওক মেডাম, আপোনাৰ কিতাপখন এইবাৰ বেষ্টচেলাৰ হ’ব!

ক্ৰমান্বয়ে বাঢ়িছে বৰুৱা পত্নী দ্বীপান্বিতা বৰুৱাৰ ফেন ফ’ল’ৱাৰ৷

বৰুৱাহঁতৰ কথাবোৰ ভাবি ভাবি নিজৰ কথালৈ মনত পৰিল৷ বহু বছৰ ধৰি ফেচবুক আৰু বাতৰি কাকতত লিখি আহিছোঁ৷ অৰ্থনীতি, ৰাজনীতি, ভাষা সাহিত্য, সমাজ ব্যৱস্থা, খেলাধুলা  আদি কৰি একো টপিকেই এৰা নাই৷ পিচে আজিলৈকে কোনেও বিশেষ গুৰুত্ব নিদিয়ে। গোটেই দিনটো ফেচবুকত কঠোৰ পৰিশ্ৰম কৰি লিখিলোঁ কিন্তু মাত্ৰ কেইটামান লাইক কমেণ্টৰ বাহিৰে একো নাই৷  মই পোৱা মন্তব্যবোৰৰ বেছিভাগেই গালি-গালাজ! মানুহে বাতৰি কাকত পঢ়া কেতিয়াবাই বন্ধ কৰিলে৷ মই পোৱা কিছুমান মন্তব্য ইমানেই কটু যে কি ক’ম আৰু! এদিন এজন ‘ফ্ৰেণ্ডে’ লিখিছে, প্ৰফাইলৰ ছবিখন হনুমানৰ দৰে দেখা গৈছে! এই লুকটো লৈ আপুনি কেনেকৈ লেখক হ’ল? কাম বন নাই যদি লিখা বাদ দি ৰিক্সা চলাওক৷ মোৰ পাঠকে কেতিয়াবাই  মোক সোঁৱৰাই দিছিল যে লিখাৰ কামত সময় খৰচ নকৰি কিবা ব্যৱসায় বাণিজ্যত মনোযোগ দিব লাগে৷ 

মই জনাত বৰুৱাৰ ঘৈনীয়েক প্ৰথমবাৰ মেট্ৰিক ফেইল৷ লিখক হ’বলৈ মন মেলা বৰুৱানী অসমীয়াত কম্পাৰ্টমেণ্টেল লৈ দ্বিতীয়বাৰহে পাছ কৰিছিল৷ অথচ তেঁৱেই কিতাপ লিখিব? 

মই ভাবি গুণি থাকোঁতেই এইবাৰ স্বয়ং বৰুৱানীৰেই ফোন আহি গ’ল৷ 

“দাদা, ভালে আছে? কিতাপ এখন লিখি প্ৰকাশ কৰিবলৈ ওলাইছোঁ, অলপ সহায় কৰিব নিজৰ মানুহ বুলি৷”

মই মুখ মেলিব নৌ পাওঁতেই তেওঁ কৈ গ’ল৷ 

” কিহৰ ওপৰত লিখিলে ভাল হ’ব কওক না! আপুনিতো বহুত অভিজ্ঞতা থকা লিখক মানুহ৷ কি কিতাপ লিখিব পাৰি, কওক না৷  গল্প, উপন্যাস নে কবিতা?”

এইবাৰ তেওঁৰ মাতটো অলপ  লেনিয়াই লৈ অধিকাৰ মিহলি সুৰত ক’লে যেন তেওঁ মোৰ গাৰ্ল ফ্ৰেণ্ডহে! 

মোৰ মাতটো অলপ কুমলিল যদিও অলপ কঠোৰ ভাবেই মই ক’লোঁ, যি মন যায় লিখক আকৌ৷  পিচে কিতাপ লিখিব কিন্তু  প্ৰকাশক ক’ত পাব? আপোনাৰ কিতাপখন কোনে প্ৰকাশ কৰিব?

মই ক’বলৈহে পালোঁ, তেওঁৰ উত্তৰ ৰেডী আছিল -ইতিমধ্যে প্ৰকাশকসকলে মোৰ পিছফালে শাৰী পাতিবলৈ আৰম্ভ কৰিছে! 

বৰুৱানীৰ কথা শুনি মই থতমত খালোঁ। কি ক’ম! মানে প্ৰকাশকে অলগৰ্ধজনীৰ বাবে লাইনো পাতিলে? গোটেই জীৱন এজন প্ৰকাশক বিচাৰি উলিয়াব পৰা নাছিলোঁ, আৰু বৰুৱানীৰ বাবে প্ৰকাশকৰ লাইন !

পুনৰ বৰুৱানীৰ দাবি আৰু আবদাৰ ভৰা কথা আৰম্ভ হ’ল – দাদা, প্লিজ মোৰ বাবে কিবা এটা কৰক, নহ’লে মই জীয়াই থাকিব নোৱাৰিম৷ কাইলৈ মই আপোনাক লগ কৰিবলৈ আহি আছোঁ, আপুনি পাৰিব মোক সহায় কৰিব৷ 

সিদিনা হা না একো নকৈ কেবল “চাওঁ দিয়কচোন, আহক বাৰু” বুলি কৈ ফোনটো থলোঁ৷ 

পিছদিনা ৰাতিপুৱাই বৰুৱা বৰুৱানী দুয়ো মোৰ ঘৰত হাজিৰ৷ মোৰ বুজিবলৈ বাকী নাছিল যে বৰুৱানীৰ গাত লিখকৰ ভূত বাৰুকৈয়ে লম্ভিছে৷ মোক একো ক’বলৈ নিদি বৰুৱাই আৰম্ভ কৰিলে –

“চাওক এওঁ জীৱনত কেতিয়াও দুটা শাৰীৰ কাহিনী বা কবিতা এটাও লিখা নাই, গোটেই দিনটো মেকআপত ব্যস্ত, কি লিখিব? তাৰোপৰি কিতাপ এখন প্ৰকাশ কৰিলে প্ৰকৃত লেখকে আৰু পাঠকে আপোনাক বা মোকহে গালি-গালাজ  কৰিব। মই নিজেই এইবোৰত একো অভিজ্ঞতা নথকা মানুহ৷ গাত পৰমানু বোমা এটা পেলালেও কবিতাৰ ‘ক’টোও নোলাব৷ আপুনিয়ে এওঁক বুজাওক৷ 

বৰুৱাৰ কথাখিনি শুনি এসোপা মেক আপ সানি অহা বৰুৱানীয়ে হুকহুকাই কান্দি পেলালে৷ হতাশ হৈ তেওঁ ক’লে, তেতিয়াহ’লে মোৰ কিতাপ আৰু নোলাবই! প্ৰকাশকক মই কি ক’ম?

মেকআপসোপা নষ্ট হোৱাৰ আশংকা কৰি মই তেওঁক চকুপানী মচিবলৈ টিছু পেপাৰ এখন দি ক’লোঁ, এটা কাম কৰক, মেকআপৰ ওপৰতে কিতাপ এখন লিখক। আজিকালি এনে কিতাপ বহুত হিট হ’ব৷ আপুনি একো কৰিব নালাগে, মাত্ৰ প্ৰতিদিনে আপোনাৰ মেকআপ কেনেকৈ কৰে তাৰ বিৱৰণ লিখক আৰু ই কাম কৰিব।

এইবাৰ বৰুৱানীয়ে জঁপিয়াই উঠিল, উস ৰাম! হে ভগৱান! এই ধাৰণাটো মোৰ মনত এতিয়ালৈ কিয় অহা নাছিল বাৰু? বহুত ধন্যবাদ দাদা, মই আজিয়েই কিতাপৰ কাম আৰম্ভ কৰিম৷ 

**

এমাহ মান পিছত  মানে গ্ৰন্থমেলাৰ ঠিক কেইদিনমান আগত বৰুৱানীৰ পৰা ফেচবুকতেই খবৰ আহিল যে কিতাপখনৰ কাম শেষ হ’ল। ইতিমধ্যে নামো ফাইনেল কৰিলে- “দ্বীপান্বিতা বৰুৱাৰ ৰূপচৰ্চা”৷  ফেচবুকত বৰুৱানীয়ে অহৰহ কিতাপখনৰ বিজ্ঞাপন দি থাকিল। এদিন শুনিলোঁ দ্বিতীয় সংস্কৰণ চলি আছে৷ যিখন কিতাপ এতিয়ালৈ প্ৰকাশেই হোৱা নাই তাৰ আকৌ দ্বিতীয় সংস্কৰণ? কথাষাৰ শুনাৰ পাছত বুকুৰ পৰা এটা হুমুনিয়াহ ওলাই আহিল গম নোপোৱাকৈ !

গ্ৰন্থমেলা আৰম্ভ হোৱাৰ এসপ্তাহৰ পাছত আকৌ বিজ্ঞাপনটো দেখিলোঁ, দ্বিতীয় সংস্কৰণটো সম্পূৰ্ণ শেষ হৈছে, ইতিমধ্যে তৃতীয় সংস্কৰণৰ কাম আৰম্ভ হৈছে৷ 

কৌতুহল দমাব নোৱাৰি বৰুৱাক এদিন ফোন কৰিলোঁ৷ 

“কি খবৰ বৰুৱা? কিতাপৰ দ্বিতীয় সংস্কৰণো শেষ হ’ল অথচ গমেই নেপাওঁ যে?”

“নকব কাকতি, এদিন গ্ৰন্থমেলালৈ আহক, সকলো নিজ চকুৰেই দেখিব৷ প্ৰতিদিনে ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছতেই এওঁ গ্ৰন্থমেলালৈ দৌৰি যায়। গোটেই দিনটো কটাই ৰাতি ঘৰলৈ উভতি আহোঁ। প্ৰতিদিনে এখনকৈ শাৰী/ড্ৰেছ সলনি কৰে৷ আগতে তেওঁ মোক প্ৰশংসা কৰিছিল, এতিয়া মই প্ৰশংসা কৰিছোঁ। চেলিব্ৰিটিৰ কথা! এদিন মই সুধিলোঁ কিতাপখন লৈ কিবা ফেশ্বন শ্ব’লৈ যাবা নে কি?  পত্নীয়ে মুখ ঘূৰাই ক’লে, তোমাৰ দৰে মূৰ্খ মই জীৱনত কেতিয়াও দেখা নাই! কিমান টিভি কেমেৰা ঘূৰি ফুৰে তুমি দেখিছানে? একদম অকাত্য যুক্তি। ইয়াৰ পিছত আৰু আমাৰ কথা-বতৰাৰ স্কোপ নহয়গৈ৷ ফেচবুকত বিভিন্ন মানুহৰ লগত মোৰ পত্নীৰ ছবি দেখিছোঁ। কিতাপতকৈ পাঠকে পত্নীৰ সৈতে চেলফি লোৱাত সুখী। চেলফি লোৱাৰ লোভত ষাঠি বছৰীয়া বুঢ়াইও ৰূপচৰ্চাৰ কিতাপ কিনিছে৷”

কিছুদিন পিছত প্ৰকাশকে পুনৰ বিজ্ঞাপন দিলে, বিপুল সংখ্যক পাঠকৰ কথা বিবেচনা কৰি আমি “দ্বীপান্বিতা বৰুৱাৰ ৰূপচাৰ্চা’ নামৰ কিতাপখনৰ তৃতীয় সংস্কৰণটো বজাৰলৈ আনিবলৈ বাধ্য হ’লোঁ!!

এদিন শুকুৰবাৰে মই সেই কিতাপৰ ষ্টলত উপস্থিত হ’লোঁ। প্ৰকাশকজন মুখত এমোকোৰা হাঁহি লৈ বহি আছে। বৰুৱানীৰ সাজ-পোছাক চিনেমাৰ নায়িকাৰ দৰে। পাঠকৰ সৈতে চেলফি লৈ লৈ যেন ভাগৰি পৰিছে। হৰিণা বিচাৰি ফুৰা ভোকাতুৰ বাঘৰ দৰে বৰুৱানীও পাঠকক বিচাৰি যেন বিয়াকুল। কোনোবাই চেলফিৰ স্বাৰ্থত কিতাপ কিনিলে, তাক অটোগ্ৰাফ নিবিচাৰিলেও দি আছে। অন্যফালে ভাল, সুপৰিচিত লেখকসকলে নিজৰ নিজৰ মুখখন এঙাৰহেন ক’লা কৰি বহি আছে।  তেওঁলোকৰ কাউণ্টাৰত গ্ৰাহক তেনেই সেৰেঙা৷ 

দূৰৰ পৰা চালোঁ, গ্লেমাৰাছ বৰুৱানীক বৰ ধুনীয়া দেখা গৈছে। প্ৰকাশকজনক দেখি সুধিলোঁ, কিতাপখন কেনেকুৱা হৈছে?

প্ৰকাশকে ৰহস্যময় হাঁহি এটা মাৰি ক’লে, চুপাৰহিট কিতাপ, লৈ যাওক! এইবাৰৰ বেষ্ট চেলাৰ! 

এজন বুঢ়াই কিতাপ কিনি বৰুৱানীৰ সৈতে চেলফি তুলিছে। মই সুধিলোঁ, 

-খুড়াই কি কিতাপ কিনিলে?

খুড়াই ক’লে, 

-উপন্যাস।

-খুড়া এইখন উপন্যাস নহয়। মেকআপৰ কিতাপহে!

খুড়াই মিচিকিয়া হাঁহি এটা মাৰি ক’লে, 

-অ’ ভাল, এইখন মেকআপৰ কিতাপ? কোনো সমস্যা নাই লেখক বৰ ধুনীয়া। তেওঁৰ লেখা ভাল হ’ব লাগিব! মোৰ লগত লোৱা কি সুন্দৰ ছবিখন চোৱা!

এনেতে বৰুৱানীৰ লগত চকুৱে চকুৱে পৰিল৷ মই ওচৰ চাপি গৈ বৰুৱানীৰ কিতাপখন হাতত লৈ অভিনন্দন জনালোঁ৷ ফটককৈ বৰুৱানীয়ে নিজৰ অটোগ্ৰাফ দি তেওঁৰ লগত চেলফি এখন ল’বলৈ অনুৰোধ জনালে৷ মই একান্ত বাধ্য ছাত্ৰৰ দৰে সহযোগ কৰিলোঁ৷

সেইদিনা গধুলি ফেচবুকত বৰুৱানীয়ে সেই ছবিখন আপলোড কৰি লিখিলে, মাত্ৰ কিছু সময় আগতে আমাৰ তৃতীয় সংস্কৰণৰ কিতাপসমূহ শেষ হৈছে৷   বিখ্যাত লিখক হেমন্ত কাকতিয়ে মোৰ কিতাপখন কিনিবলৈ গ্ৰন্থমেলালৈ আহিছিল। ইমান ব্যস্ত থকাৰ পিছতো তেওঁ কেৱল মোৰ কিতাপখন কিনিবলৈ গ্ৰন্থমেলালৈ অহা বাবে অশেষ ধন্যবাদ৷ 

বৰুৱানীৰ আপডেটত নিজৰ নামটো পাই ধন্য মানিলোঁ৷ ভাবিলোঁ বৰুৱাক এটা ফোন কৰি তেওঁৰ পত্নীৰ এই অভূতপূৰ্ব সাফল্যৰ বাবে অভিনন্দন জনাওঁ। ফোনটো উঠোৱাৰ লগে লগে আগ্ৰহেৰে ক’লোঁ, “কংগ্ৰেচুলেচন বৰুৱা! আপোনাৰ ৱাইফৰ কিতাপ বেষ্ট চেলাৰ হৈছে৷ চুপাৰ হিট কিতাপৰ বাবে বহুত অভিনন্দন!” 

সিফালৰ পৰা বৰুৱাৰ উত্তৰ ভাঁহি আহিল-

-“সব নাটক কাকতি, মোৰ টকা সোপা পানীত পৰিল বুজিছে৷ কাপোৰৰ নামতে প্ৰায় পঞ্চাছ হেজাৰৰ বাঁহ খালোঁ৷  গ্ৰন্থমেলা শেষ হ’বৰ হ’ল, এশখন কিতাপো চেল নহ’ল কাকতি৷ ঘৰত থকা বাকীসোপা কিতাপ  মই কেজিৰ ভাওত বিকিব লাগিব৷ কিন্তু লাভৰ মূৰত এটাই হ’ল যে তেওঁৰ ফেচবুক চেলিব্ৰিটি হোৱাৰ আশা পূৰ্ণ হ’ল৷” 

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *