ফটাঢোল

পি টি এম-নাজিয়া হাচান

আবেলিৰ বেলা। শিওৰ খেল-ধেমালিৰ পাৰ্কখনত সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগতে ডেকা, আদহীয়া, বৃদ্ধ; সকলো বয়সৰ লোকেৰে এটা কোলাহল পৰিবেশ। কণকণ ল’ৰা-ছোৱালীবোৰৰ কোনোৱে ঝুলনাত ঝুলিছে কোনোৱে চি-চ’খেলিছে, কোনোৱে শ্লাইডাৰটোত চুচৰিছে, তাৰে কিছুমানৰ এটাই আনটোক চুবলৈ পিছে পিছে দৌৰিছে। 

পাৰ্কৰ কাষেৰে ঘূৰণীয়াকৈ এটা চি.চি ব্লকেৰে বনোৱা ৰাস্তা। ৰাস্তাটোত বেছি সংখ্যক লোকেই সেই শিশুবোৰৰ অভিভাৱক।তেওঁলোকে শৰীৰৰ ঘাম নিগৰাই ৰস্তাটোত খোজ কাঢ়িছে।

:ঐ বিতু! মোক লগ নধৰাকৈ তই পাৰ্ক পালিহি যে; মাৰকো বোলে কৈ অহা নাই তই? মাৰে আৰু ময়ে তোক ঘৰত বিচাৰি বলিয়া হৈ গৈছোঁ! ৰহ, মাৰক মেচেজ এটা কৰি দিওঁ; তোক পালোঁ বুলি—বিতুৱে একো উত্তৰ নিদিলে। সি দুখন হাত গালত থৈ পাৰ্কৰ কাষত থকা চিট এখনত উদাস মনে বহি আছে।

:কি হৈছে ঔ তোৰ! চুপচাপ বহি আছ যে, খেলা-ধূলাও কৰা নাই! ডাল মে জৰুৰ কোচ কালা হে যেন লাগিছে মোৰ।

:ককা, বহুত টেঞ্চনত আছোঁ মই। ধেমালি নকৰিবা।

:গৰজ পৰিছে মোৰ, তোক ধেমালি কৰিবলৈ! তোৰ ফুলা লুচি হৈ থকা মুখখন দেখি মোৰ সন্দেহ হোৱাতহে….

:তুমি নুবুজিবা। বহুত প্ৰেচাৰ ককা! বহুত প্ৰেচাৰ মোৰ মূৰৰ ওপৰত। বয়স কম; লুড অধেল।

:হাৰে! মই নুবুজিমনে তোক! লুডটো তোতকৈ সঁচাই বহুত ডাঙৰ; মাখিটোৰ পিঠিত যেন হাতীটো!

:তুমিহে বুজিছা, তুমিহে একমত। ঘৰৰ বাকী মেম্বাৰবিলাকতো একমত নহয়!

:মানে? হৈছে কি?

:একো হোৱা নাই। যোৱা, তুমি ৱাকিং কৰাগৈ।

:আৰে! তই মানে মোক খেদি দিছ? যামগৈতো; আৰু দুদিনহে আছোঁ। 

:ককা! তুমি আমাৰ লগতে একেবাৰে থাকিলেনো কি হয়?—ককাক যোৱাৰ কথা শুনি বিতুৱে লগে লগে তেওঁক সাৱটি ধৰি ক’লে।

:মই ইয়াত থাকিলে গাঁৱৰ দোকানখন কোনে চলাব? আইতাৰক কেইদিনমান থকাকৈ পঠিয়াই দিম বাৰু দে।এতিয়া ক, গালে-মুখে হাত দি এইদৰে ফুলি জুলি বহি আছ যে, কাৰণ কি?

:কালিলৈ পেৰেন্তছ টিচাৰছ মিট আছে ককা।

:আচ্চা! তাতেনো কি হ’ল?

:কি হ’ল মানে? তুমিটো নাজানা! দেউতাৰ ৰঙা চকু আৰু মাৰ বেদনা? তাৰ মাজত পৰি মোৰ যে প্ৰতিবাৰ কি অৱস্থা!

:হুমমম! তই মানে পৰীক্ষাত এইবাৰো পাল মাৰি লিখিলি ন?

:ককা, মই কেতিয়াও পৰীক্ষাত পাল মাৰি লিখা নাই। পৰীক্ষাত মই মোৰ মতে হৰ টাইম দিলছেই লিখি আহোঁ। মোৰ মতেটো মই ভাল মাৰ্কো পাওঁ; কিন্তু দেউতাহে কেতিয়াও খুচ নহয়! অল চাবজেক্তত দেউতাক হান্দ্ৰেদ পাৰ্চন্ত লাগে; সদায় পি.টি.এমৰ পৰা ওলায়ে মোৰ হাল খাৰাপ কৰি দিয়ে গালি পাৰি পাৰি। মোকটো গালি পাৰেই; মাকো ওপৰচে কয়, বোলে —ইয়াক তুমি মৰম কৰি মূৰত বহাই নল’বা। ই শেষ হ’ব নহ’লে।

:উম। জানো। তোৰ দেউতাৰটো বৰ অকৰা; ই বেটা সৰুৰ পৰায়ে অকৰা অ। কি কৰিবি! পিছে তোক মই এই বিষয়ত কি সহায় কৰিব লাগে ক!

:অ’ ককা, তুমি দেউতাক অলপ লোজ হ’বলৈ কোৱানা। বাছ, আৰু তুমি একো কৰিব নালাগে। তোমাৰ কথা দেউতাই এবাৰতে শুনিব পাক্কা।

:অ। সি বেটাই মোৰ সকলো কথা যে শুনে সেইটো বাৰু তই ঠিকে ধৰিছ; কিন্তু  তোৰ পঢ়া-শুনাৰ কথাত তাক অলপ ঢিলা হ’বলৈ ময়ে নহয় স্বয়ং ঈশ্বৰে আহি ক’লেও নুশুনে, পাক্কা। মিছাতে মই মোৰ নিজৰ ভৰিত কুঠাৰখন মৰাহে হ’ব!

 

:উফ্! মই কি কৰোঁ তেন্তে? বৰ জিদ্দী দেউতা এটা পালোঁ!অফিচৰ দৰে ঘৰতো দেউতাটোৱে বছৰ ৰোল ফল’ কৰে! 

:উম! কৰিবই দেচোন। সি বেটা এটা অফিচাৰ হয়।

:অ’ ককা, দেউতা যেতিয়া সৰু আছিল তুমিও চাগে তেওঁক পঢ়িবলৈ এনেকৈয়ে প্ৰেচাৰ দিছিলা ন? তোমাক দেখিয়ে দেউতাই সেইবোৰ শিকি ল’লে। সেইকাৰণেই তুমি এতিয়া দেউতাক লোজ হ’বলৈ ক’বলৈ চাব্বাশ নকৰা। গম পাই গৈছোঁ মই। ৰাগৰ গুৰি যে তানানানা।

:ধেই! মই তাক স্কুলত নামটোহে মাত্ৰ লগাই দিছিলোঁ। সি বেটাই নিজেই বহুত কষ্ট কৰি পঢ়িছে। সি পঢ়া-শুনাক লৈ আগৰ পৰায়ে অঁকৰা।

:তুমি দেউতাৰ কষ্টৰ কথা কৈছা? কিন্তু মোৰ কষ্ট দেউতাতকৈযে ডাবুল ট্ৰিপল তাৰ এহচাছ তোমাৰ ইছিকমানো নাই!

:ঐ বিতু, এইটো কথাত মই কিন্তু তোৰ সৈতে একমত নহয় দেই!তোৰ আকৌ কিহৰ কষ্ট অ? টাইমত খাবলৈ পাইছ, লাগে বোলোতেই সকলো বস্তু লগালগ পাইছ, থাকিবলৈ বিল্ডিং ঘৰ পাইছ, ইমান সুন্দৰ এটা কেম্পাচ দেউতাৰৰ কৰণেইতো পাইচ; কিহৰ কষ্টত ভূগিছ অ তই?

:ককা!! মই ভাবিছিলো তুমি মোৰ দৰ্ডখিনি ভালকৈ ফিল কৰিব পাৰা; কিন্তু তুমিও দেখোন দেউতাৰ নিচিনাই অঁকৰা! উফ!

:হাৰে! তই মোক অঁকৰা বুলিলি? মই তোকো বুজো, তোৰ মাৰকো বুজো আৰু দেউতাৰকো।

:নুবুজা। গলত কনফিদেঞ্চ লৈ বাহাদুৰী মাৰিছা।

:কি? গলত? কেনেকৈ গলত? কিহত গলত অ মই? তোৰ দেউতাৰে সৰুৰে পৰা কৰা কষ্টখিনি তইটো দেখা নাই! মইহে দেখিছোঁ। দেউতাৰক সৰুতে কেতিয়াও পঢ়িবলৈ যা বুলি কোৱা মোৰ মনতেই নপৰে বুইছ? নাইন টেইনত সি নিজে টিউচন লোৱাৰ সময়ত আনৰ ল’ৰা-ছোৱালীক সিহে ওলোটাই টিউচন পঢ়াই তাৰ লিখা পঢ়াৰ কাৰণে পইছা উলিয়াইছিল জান? সি কৰা কষ্টখিনি তাৰ বয়সত মোৰ মূৰে ধৰাই নাছিল; ময়োটো এজন সাধাৰণ দোকানী মানুহৰেই ল’ৰা আছিলোঁ; মোকো পিতায়েই গাঁৱৰ স্কুলখনত নামটোহে মাত্ৰ লগাই দিছিল। স্কুল গৈছিলো; কিন্তু চতুৰ্থ শ্ৰেণীলৈ পঢ়ি আধাতে পঢ়া-শুনা বাদ দি দিলোঁতো। আই-পিতায়েও সেই কথাটোত একো পাত্তাই দিয়া নাছিল; মই পিতাইৰ সৈতে দোকানত বহি কিন্তু বিৰাট মজা পাইছিলো অ; আৰু তেতিয়াই পিতাইক দোকানত সৰু-সুৰা সহায় কৰোঁতে কৰোঁতে ময়ো শেষত গৈ এটা দোকানীয়ে হৈ থাকিলোঁ! আৰু ই বেটা, মানে তোৰ দেউতাৰ; মোৰেই ল’ৰা হৈ কেতিয়াও দোকানত নবহিছিল; কোনোবা দিনা মই নথকাত আইতাৰৰ লগত সি দোকানত বহিছিল যদিও লগত কিতাপ-বহীবিলাক লৈহে বহিছিল বুইচ? সেয়েতো সি আজি ইমান ডাঙৰ এটা অফিচাৰ মানুহ হ’ল। মোৰ যে তাক লৈ কিমান গৰ্ব হয় তই কি বুজিবি! গাঁৱলৈ গ’লে দেখ নহয়, দেউতাৰক যে সকলো মানুহে কিমান সন্মান আৰু মৰম কৰে। মোৰ যে বুকুখন তেতিয়া ফূৰ্তিত কিমান ঘনাই ঘনাই উঠা নমা কৰে! ঐ বিতু চা; তাৰ ল’ৰা হৈ তই যদি ভালকৈ নপঢ় কেনেকৈ হ’ব কচোন? কলিজাত সি আঘাত নাপাবনে!

:ঔ ককা, মোৰ পইণ্ট সেইটো নহয় নহয়!

:তেন্তে তোৰ পইণ্টটোনো কি?

:তুমিয়ে কোৱাচোন বাৰু; মোক দেউতাই কিমান এইজত স্কুলত এডমিশ্যন দিছিল?

:চাৰি বছৰত আকৌ!

:এতিয়া মোৰ এইজ কিমান? 

:ছয় বছৰ আকৌ?

:তেন্তে?

:তেন্তে মানে?

:উফ্! মানে ফ’ৰ ইয়েৰচত দেউতাই কি কৰি আছিল কোৱা?

:খেলি-ধূলি চোতালতে আছিল আকৌ!

:মানে তুমি দেউতাক তেতিয়া স্কুলত এডমিশ্যনেই দিয়া নাছিলা, ইয়েছ?

:ধূৰ। ইমান পেটোকনাতে তেতিয়া স্কুলত নাম লগোৱাৰ কথাই নাহিছিল আকৌ!

:তেন্তে? দেউতাক তুমি কিমান এইজত স্কুলত এন্ত্ৰি মাৰিবলৈ দিছিলা কোৱা।

:ছয়-সাত বছৰমানত চাগে!

:ঔকে; আৰু এতিয়া কোৱা, তেতিয়া দেউতাৰ চাবজেক্ত কিমান আছিল।

:বিশেষকৈ দুটায়ে। কুঁহিপাত আৰু গণিত।

: কিবা ফৰ্ক নজৰ আহিচেনে তোমাৰ?

: কিহত ফৰক নজৰ আহিব লাগে অ’?

:হাৰে, মোৰ আৰু দেউতাৰ বচ্পন লাইফৰ মাজত?

:আহিছেতো।

:কি?

:কি আৰু? তোৰ ইংৰাজী মিডিয়াম; দেউতাৰৰ অসমীয়া মিডিয়াম, দেউতাৰে ক খ শ্ৰেণীত বস্তা লৈ স্কুল গৈছিল; তই চকী টেবুল থকা স্কুলত পঢ়িছ, দেউতাৰে এটা চোলাকে ধুই ধুই সপ্তাহটোত পিন্ধি গৈছিল; তোৰ এতিয়া ডিঙিত টাই লগোৱা দুই তিনিযোৰ বেলেগ বেলেগ ইনুফম(ইউনিফৰ্ম), দেউতাৰে টিফিন বোলা বস্তুটো কেতিয়াও দেখায়ে নাছিল, পুৱা যিকণ খাই স্কুল যায় তাৰেই গোটেই দিন কটাইছিল, আৰু তইটো এতিয়া সপ্তাহৰ ছটা দিনত ছবিধ বেলেগ বেলেগ খাদ্যৰ টিফিন লৈ যাৱ! এইবোৰ..।

:নৌ! ককা, তুমি আচল ফৰ্ক্ মেহচোছেই কৰা নাই?

:মইনো কি নকল ফৰক মেচোছ কৰিলোঁ তেন্তে?

:কৈ আছোঁ শুনা—দেউতা বুঢ়া হৈ স্কুল গৈছে, মই পেটোকনাতে; দেউতাৰ চাবঞ্জেক্ত ক্লাছ ৱানত মাত্ৰ দুটা আছিল, আৰু মোৰ এতিয়া চোৱা কেইটা? দেউতাই বচ্ছপণ বুলিবলৈ লাইফ এটা পাইছিল আৰু মোৰ কিবা লাইফ আছেনে, চোৱা! দেউতা ডাঙৰ হৈ বেলেগক টিউশ্যন কৰিবলৈয়ো টাইম পাইছিল আৰু মোক এতিয়াই দুই তিনিটা টিউশ্যন লগাই দিছে।

:এহ! সেই জামানাৰ মানুহৰ লগত তোৰ কথা মিলালে নহ’ব নহয় বিতু! তোৰ লোড মনুহটোতকৈ বিয়াগুম, সেইটোত বাৰু মই একমত; কিন্তু আজিকালি দোকানী এটা হ’বলৈয়ো ভালকৈ পঢ়িব লাগে। নহ’লে আনে তোৰ চকুৰ আগতেই দোকানৰ সব মাল কেনেকৈযে লুটি চিঙি নিব তই তাৰ উমানেই নাপাবি!শুন, আজিৰ শিশুৱেইটো কালিলৈ দেশৰ নাগৰিক। গতিকে ভালকৈ তই পঢ়িবই লাগিব। তই অতীতৰ ইতিহাস খুচৰি এতিয়াৰ উশাহ বন্ধ কৰিবলৈ গ’লে হ’ব নেকি! তই পেৰেণ্টছ মিটিঙৰ কথাটো মূৰৰ পৰা এতিয়া গুছাই পেলা; আৰু ফুৰ্টি মনেৰে লগৰবোৰৰ সৈতে খেলগৈ যাহ। সময়ত সব ঠিক হৈ যাব, চাবি—ককাকৰ কথাত বিতুৱে আৰু একো নক’লে। সি অকণমান হাঁহি মাৰি খেলিবলৈ লৰি গ’ল।

:হয় চাৰ, আহক। এয়া আপোনাৰ ল’ৰাৰ মাৰ্ক্স। সি এইবাৰ দুটা চাবজেক্তত আগতকৈ কম মাৰ্ক্সহে পাইছে। হিন্দীত থাৰ্টি ফাইভ, ইংলিছত থাৰ্টি টু; আউট অফ ফিফটি—শ্ৰেণীৰ শিক্ষয়িত্ৰীগৰাকীয়ে মুখখন অলপ বেকা কৰি পি. টি.এমত বিতুৰ দেউতাকক মাৰ্ক্সবোৰ দেখুৱাই ক’লে। বিতুৰ মুখখন ৰঙা পৰি বুকুখন দুৰু দুৰুকৈ কঁপিবলৈ ধৰিলে। সি দেউতাকৰ পৰা আজি আৰু বেছি গালি খাব তাৰ বাবে মনে  মনে নিজক তৈয়াৰ কৰি ল’লে।

:অ’কে মেডাম। থেংক ইউ বুলি— দেউতাক তাৰ সৈতে শ্ৰেণীৰ পৰা ওলাই আহিল।

:হাৰে! এয়া কি? ক্লাছৰ পৰা ওলাই দেউতা গাড়ীৰ ষ্টেয়াৰিংত বহালৈকে একো এটা শব্দও যে আজি মোক কোৱা নাই! এইবাৰ মানে মোৰ পানিশ্বমেণ্ট চুপাৰচে ভি ওপৰ হ’ব নেকি—কথাৰ একো উৱাদিহ নাপায় সি প্ৰতিবাৰৰ দৰে গাড়ীৰ পিছ চিটত গৈ বহিবলৈ ল’লে।

:পিছফালে কিয় বহিছ? আগলৈ আহ। মোৰ লগত বহ।

:ঔ মাই গড! দেউতাই মোক আগ চিটত বহিবলৈ কৈছে দেখোন! মাতটোও দেউতাৰ আজি ইমান ছফ্ট! এইটো মোৰেই দেউতা নে বুলি, বিতুৱে আৰ চকুৰে দেউতাকক এপাক চাই সন্দেহ দূৰ কৰি ল’লে। চিন্তাত তাৰ ডিঙিটো শুকাই আহিছে। দেউতাই সদায় মোক মুখেৰেই সেকা দিছে, হাত বা ভৰি উঠোৱা কষ্টখিনি কৰা নাই বাৰু আজিলৈকে। এইবাৰ চাগৈ দেউতাই সেই ব্লেংক প্লেচটো ফিল কৰিব! সেয়ে মোক কাষত বহাই ল’ব খুজিছে। লগত আজি মাৱো অহা নাই! আজি মই শেষ। ভাবি-চিন্তি সি ভয়ে ভয়ে আগৰ চিটত গৈ বহিল।

:কি হ’ল? মুখখন তোৰ শুকাই আছে যে আহোঁতে একো খাই অহা নাছিলি নেকি?—দেউতাকৰ অস্বাভাৱিক প্ৰশ্নত তাৰ কৌতুহল এইবাৰ আৰু দুগুণ বাঢ়িল!

:কিবা খাবি? সি একো নামাতিলে।

:বল, চকলেট আৰু আইছ ক্ৰীম কিনি দিওঁ তোক।

:মোৰ ৰিজাল্ট ইমান গান্দা হোৱাৰ পাছতো দেউতাৰ আজি এই ত্ৰিট! দেউতাটো চুধৰি গ’ল নেকি বাৰু?—চকলেটৰ পেকেটবোৰ কাষত থৈ সি খাও নাখাওকৈ আইছক্ৰীমটো গাড়ীত বহি খাবলৈ ধৰিলে। দেউতাকৰ অফিচ আছিল, সেয়ে ঘৰৰ সন্মূখত তাক নমাই দি দেউতাক অফিচলৈ গুচি গ’ল।—সি দেউতাক যোৱাৰ ফালে অলপ সময় ৰৈ চাই থাকি ঘৰলৈ একে উশাহে লৰ দিলে।

:ককা, মা! ক’ত আছা তোমালোক! শুনা!ভেৰি ইণ্টাৰেষ্টিং নিউজ!—তাৰ গগণফলা চিঞৰত মাক পাকঘৰৰ পৰা উধাটো খাই আহিল। ককাকো নিজৰ কোঠাৰ পৰা এপাত চেন্দেল নিপিন্ধাকৈয়ে খৰধৰকৈ ওলাই আহিল।

:কি হ’ল ঔ। হান্দ্ৰেদ পাৰ্চেন্ত পালি নেকি এইবাৰ!—ককাকে আৰু মাকে একেলগে সুধিলে।

:আৰে নাই পোৱা! তাতোকৈয়ো বেছি হিট নিউজ!

:আৰে হয়? তাতকৈ বেছি হিট নিউজ! কিনো অ?—আকৌ ককাক আৰু মাকে একেলগে সুৰ মিলাই তাক সুধিলে।

:মোৰ এইবাৰ দুটা চাবজেক্তত মাৰ্ক্স আগতকৈ কম আহিল।

:কি?? মই ক’তে মৰো! এইটো কি হিট নিউজ ঔ?—মাকৰ চকুহাল যেন মাটিত সৰিহে পৰিব। ককাকেও নিজৰ কানখন খৰকৈ খজুৱাত লাগিল।

:অ। কম আহিল। কিন্তু দেউতাই মোক এইবাৰ গালিৰ বদলে মে চকলেট আৰু আইছ ক্ৰীমহে কিনি দিলে। এইটো কম ডাঙৰ হিট নিউজ নে? এয়া চোৱা কিমান বিগ বিগ চকলেট!

:কি? দেউতাৰে তোক চকলেট আইছক্ৰীম কিনি দিলে! এইবোৰ নম্বৰ পোৱাত তোক একো নক’লে?—আচৰিত হৈ মাকৰ চকু আৰু কপালৰ ৰেখা আহি একে জেগাত যেন থূপ খালেহি।

:বোৱাৰী, ই বেটাৰ চাগে হুচ আহিল। সি চাগৈ ভাবিলে, বিতুৱে তাৰ নিচিনা নিজে মনোযোগেৰে যিদিনা পঢ়িব সেইদিনাহে নম্বৰ ভাল আহিব, মিছাতে ইয়াক গালি গালাজ পাৰি নিজৰ প্ৰেচাৰ বঢ়াই কি লাভ! যা বিতু, হাত ভৰি ধুই কিবা এটা খাই ল গৈ যা।—ককাকৰ কথা শুনি মাকে বিতুক ভিতৰলৈ লৈ গ’ল। মৰম কৰি কিবা খাবলৈ দিলে। কিন্তু বিতুৰহে মনটো কিবা ভাল নালগিল। সি দেউতাকৰ মুখখন মনত পেলাই থাকিল। দেউতাকে তাৰ কাৰণে কলিজাত আজি চাগৈ বৰকৈ দুখ পাইছে! এয়া সি ভাল কাম কৰা নাই কিন্তু। আজিৰ পৰা সি মনোযোগ দি পঢ়িব। দেউতাকে বিচৰাৰ দৰে নম্বৰ আনিব। সি কথাখিনি ককাকৰ লগত ভগাই ললে। ককাকে তাৰ কথা শুনি বৰ সুখ পালে। 

:তোৰ লগত কথা এটা আছিল অ’ বাবা।—ৰাতি ককাকে বিতুৰ দেউতাকক আহি ক’লেহি।

:অ। ক পিতাই। কি কথা? আহ বহহি— চাই থকা টি. ভিটো বিতুৰ দেউতাকে লগে লগে বন্ধ কৰি পিতাকক ক’লে।

:মই জানো; আজিকালি ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ ভাৰ বহুত বেছি। প্ৰতিযোগিতাৰ যোগ। পঢ়িবও লাগিব। কিন্তু যিবোৰ শিশুৱে নিজৰ ইচ্ছাৰে পঢ়া-শুনা কৰিব সেইবোৰহে সঁচা অৰ্থত মানুহ হ’ব; উচিত শিক্ষা ল’ব। গতিয়াই ঠেলিয়াই পঢ়ুৱা শিশুবোৰ উচিত শিক্ষাৰে শিক্ষিত নহয়। মাক-বাপেকৰ দাবী ধমকিত পঢ়ে যদিও ভিতৰি ভিতৰি সেই শিশুবোৰ হতাশাত ভোগে। বাকী তইটো মোতকৈ বেছি ভালকৈ বুজি পাৱ এইবোৰ কথা।—সেইদিনা পাৰ্কত বিতুৱে ককাকক কোৱা মনৰ কথাখিনি ককাকে ভালকৈয়ে বুজিছিল। কিন্তু তাক তেওঁ বিশেষ কোনো সঁহাৰি নজনাইছিল। নিশা যেতিয়া বিতুৰ দেউতাকে অকলে টি ভি চাই আছিল।ককাকে সুবিধা বুজি আহি পুতেকক কথাখিনি সেইবুলি বুজালে।

বিতু আৰু মাক দুয়ো নিজৰ কোঠাত তেতিয়া গভীৰ টোপনিত।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *