এণ্টিক্লাইমেক্স-ঈশ্বান জ্যোতি বৰা
পাঞ্জাবাৰী অভিমুখে আহি থকা চিটিবাছখন দিশপুৰৰ পৰা নাতিদূৰৈৰ আস্থানটোত নিয়মমাফিক ৰৈ গ’ল৷ নিৰ্বিকাৰ ভাৱ এটাত মই বহি আছিলোঁ, শেষৰফালৰ পৰা গন্তি কৰিলে দুই নম্বৰ আসনখনত, খিৰিকীৰ কাষত অৰ্ধশুদ্ধ হাৱা খাই৷ মোৰ একেবাৰে কাষৰ বাঁওফালে বহি আছে বাইদেউ এগৰাকী আৰু তেওঁৰ কাষতে খিৰিকীৰ কাষত ছয়-সাতবছৰীয়া জীয়ৰী৷ বোধহয় তেওঁলোক নিয়মীয়া ক্ৰীড়া অনুশীলনৰ পৰা আহিছে৷
বাছখন ৰোৱাৰ কেইছেকেণ্ডমান উকলিছে৷
হঠাতে আস্থানৰ কাষতে থকা ম’ম’ৰ ভ্ৰাম্যমান দোকানখনলৈ চাই বাইদেৱে চিঞৰে-
‘হেই ম’ম’ৱালা! ম’ম’ৱালা!’
-ম’ম’ৱালাই নুশুনে৷
বাইদেৱে পূৰ্বতকৈ মাতটো ডাঙৰ কৰি চিঞৰে-‘ম’ম’ৱালা!’ এইবাৰো ম’ম’ৱালাৰ কৰ্ণ-গোচৰ কৰাত বাইদেউৰ কণ্ঠ বিফল৷
ম’ম’ৱালাৰ সমুখতে পাইচাৰি কৰি আছিল যুৱক এজনে৷ তেওঁ অৱতীৰ্ণ হ’ল বাইদেউ আৰু ম’ম’ৱালাৰ সংযোগকাৰী হিচাপে৷
‘অ’ ভাইটি, বাইদেৱে মাতি আছে৷’
যুৱকৰ কণ্ঠ আৰু ইংগিত অনুসৰণ কৰি ম’ম’ৱালাই মূৰ দাঙিলে৷ দেখে-বাছৰ ভিতৰৰ পৰা, আইনাৰ ফাঁকটোৰ পৰা বাইদেৱে মাতি আছে৷ এগৰাকী সম্ভাব্য ম’ম’ৰ গ্ৰাহক লাভ কৰি তেওঁ আনন্দিত৷ পিচে বাইদেউৰ কণ্ঠত চেঁপা উত্তেজনা আৰু উৎকণ্ঠাৰ প্ৰলেপ৷ কাৰণ, এক মূৰামূৰি সময়ত তেওঁ ম’ম’ খোৱাৰ প্লেনটো ‘বনাই’ পেলাইছে৷ বোধহয় জীয়েকৰ উচতনি নাইবা নিজৰেই ম’ম’ৰ প্ৰতি থকা এক চিৰ-জাগ্ৰত প্ৰৱণতা৷ ম’ম’ আহি তেওঁৰ হাতত পৰিব নে নাই-সেইটো এতিয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিছে এটা অজ্ঞাত চলকৰ (variable) গতিবিধিৰ ওপৰত৷ সেইয়া হৈছে বাছখনৰ চালক৷ কাৰণ, ম’ম’ আৰু বাইদেউৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা লেনদেনটো সম্পৰ্কে তেওঁ অজ্ঞাত৷ কোনোমুহূৰ্তত চালকে বাছখন চলাই দিয়ে, তাৰ ঠিকনা নাই৷
: মোক একপ্লেট ম’ম’ দিয়া৷ সোনকালে কৰা৷
-বাইদেৱে অজ্ঞাত চলকৰ তৎগম বুজি ম’ম’ৱালাক মিনতিৰ সুৰত কয়৷
: কিমান টকা?
-বাইদেউৰ ৰ’বলৈ সময় নাই৷
: ত্ৰিশ টকা বাইদেউ৷
-পিচে ম’ম’ৱালাৰ ধৈৰ্যশীল উত্তৰ৷
: পঞ্চাছ টকা দিছোঁ৷ বিশ টকা হাতত লৈ আহা৷
বেগৰ পৰা পইচা উলিয়াই বাইদেউ ৰেডি৷ খিৰিকীৰ পৰা হাতখন উলিয়াই বাইদেউৰ তৎপৰতা প্ৰদৰ্শন৷ এটা অস্বাভাৱিক টেনশ্যন ঠাইখণ্ডত মুহূৰ্ততে বিয়পি পৰে৷ পৰিস্থিতিটো শ্বাসৰুদ্ধকৰ হৈ পৰিল তেতিয়া, যেতিয়া বাছ-চালকে ‘ভুউউম’ কৰি এক্সচেলেৰটত ভৰি থ’লে৷ বাছৰ চকা দুখোজমান আগুৱাই গ’ল৷ অজানিতে এখন শ্বাসৰুদ্ধকৰ খেলৰ মাজত সোমাই পৰিলোঁ৷ বাছখনে গতি লোৱাৰ আগতে বাইদেউৰ হাতত আহি ম’ম’ প্লেট পৰিবহিনে? পাৰিবনে তেখেতে জীয়েকক ম’ম’ খুৱাব?-আমি বাট চাবলৈ বাধ্য৷
উৎকণ্ঠিত বাইদেৱে ক্ষীপ্ৰ গতিৰে এবাৰ ম’ম’ৱালালৈ, এবাৰ চালকৰ আসনলৈ চাইছে৷ ম’ম’ খাবলৈ পামনে? ইমান সময় লাগেনে ইয়াক পাঁচটা ম’ম’ প্লেটখনত দাঙি আনি থওঁতে?
ভাৰত-পাকিস্তানৰ খেলৰ এজন উৎকণ্ঠিত দৰ্শকলৈ ৰূপান্তৰিত হৈ ময়ো এবাৰ ম’ম’ৱালালৈ, এবাৰ বাইদেউলৈ আৰু এবাৰ ডিঙি মেলি কণমানি ছোৱালীজনীৰ উৎকণ্ঠিত মুখখন চোৱাৰ প্ৰয়াস কৰিলোঁ৷ জমি উঠিছে খেলখন! তেনেতে চালকক দেখিলোঁ, পিছফাললৈ চাইছে৷ বোধহয় মানুহৰ সমাগম নেদেখি বাছখন চলাই দিব এতিয়া! তেন্তে বাউদেউৰ ম’ম’-আঁচনি গেল৷ কেঞ্চেল!
দেখিলোঁ, ম’ম’ৱালাই প্ৰস্তুত কৰি থকা ম’ম’ৰ প্লেটখন তেওঁৰ ওচৰত আগৰে পৰা হাত পাতি থকা ল’ৰাজনলৈহে আগবঢ়াই দিলে৷ ছেহ! কি কৰিলে এয়া! নৌ বল দি দিলে৷ বাইদেউৰ বোধহয় খঙেই উঠি গ’ল৷ উৎকণ্ঠা আৰু উত্তেজনাৰ চোক আকৌ বাঢ়িল৷ সিপিনে বাছৰ চকা আৰু অলপ ঘূৰিল৷
: সোনকালে কৰা৷ বাছখন যাবগৈ এতিয়া৷
পৰিস্থিতি এনেকুৱা হৈ পৰিছেগৈ যে, বাইদেৱে যেন নিজেই গৈ ম’ম’ৱালাৰ দোকানত প্ৰৱেশ কৰি ম’ম’ বনাই আনিবগৈ৷ উচপিচনি বাঢ়িছে৷
তেনেতে সেই ল’ৰাজন আহিল৷ সেই যে ম’ম’ৱালা আৰু বাইদেউৰ মাজত সংযোগকাৰী যুৱকজন-সেইজন৷
বাইদেৱে আকৌ এবাৰ ল’ৰাজনৰ সহায় ল’বলৈ আগবাঢ়িল৷
কি কৰিব এতিয়া! যুৱকজনে সহায় কৰিবনে?
দুটামান ধমক দি যুৱকজনে নিজৰ স্বঘোষিত লোকেলগিৰিৰে ম’ম’ৱালাৰ পৰা ম’ম’ৰ প্লেটখন সোনকালে আনি বাইদেউৰ হাতত দিব পাৰিবনে? আমি চকু মেলিলোঁ-কাণ্ডটো চাবলৈ৷
: তুমি পইছাটো তেওঁক দি দিয়াচোন৷
-টেনছনত ম্ৰিয়মান বাইদেৱে যুৱকজনৰ হাতলৈ পঞ্চাছ টকীয়া নোটখন আগবঢ়াই দিয়ে৷
: সোনকালে কৰাচোন৷ বাছখন যাবগৈ এতিয়া৷
ময়ো মনৰ ভিতৰৰ পৰা চিঞৰিছোঁ-‘সোনকালে কৰকহে৷ ইমান লেহেম কিয়?’
পিচে…,
দুৰন্ত গতিৰে চলি থকা শ্বাসৰুদ্ধকৰ খেলখন বৰষুণৰ হঠাত আগমনৰ বাবে বাতিল কৰাৰ দৰে ঘটনা এটা ঘটি গ’ল তেতিয়া, যেতিয়া যুৱকজনে সদম্ভে নিজৰ পৰিচয় দাঙি ধৰিলে-
: আপুনি কিয় ইমান টেনশ্যন লৈছে বাইদেউ! মই এই বাছৰে হেণ্ডিমেন! মই নোকোৱালৈকে বাছখন নাযায়৷
মুহূৰ্ততে চলি থকা খেলখনৰ ছাছপেঞ্চ, উত্তেজনা, উৎকণ্ঠা গোটেইবোৰ গৰমত গলি গ’ল৷ নিমিষতে সকলো গায়েব৷
বাইদেউৰ টেনছন অদৃশ্য৷ মুখত এমোকোৰা হাঁহি৷
‘ছেহ্, গোটেই ক্লাইমেক্সতে চেঁচাপানী পৰিল৷’
খেলখন বৰ অনাকাংক্ষিতভাৱে সমাপ্তি হ’ল৷ মনটো বেজেৰুৱা হৈ পৰিল৷
কি কৰিম আৰু! বিধ্বংসী স্পয়লাৰত বিধ্বস্ত হৈ মই খিৰিকীৰ ফালে মুখ ঘূৰালোঁ৷
☆ ★ ☆ ★ ☆
12:50 pm
ভাল লাগিল পঢ়ি
12:51 pm
ভাল লাগিল
12:53 pm
আকৌ এবাৰ পঢ়িলো। ঈশানৰ লেখাৰ আমেজেই সুকীয়া
12:54 pm
আকৌ এবাৰ পঢ়িলো, ঈশানৰ লেখাৰ আমেজেই সুকীয়া
7:35 am
বৰ ভাল লাগিল।