ফটাঢোল

বিজয়ৰ অফ আৰ পি- নীলাক্ষি কাকতি

ত্ৰিং ত্ৰিং

ঘৰ সৰা ঝাৰুডাল থৈ বৰ বিৰক্তিৰে যোগেশে ম’বাইলটো ৰিচিভ কৰিলে৷

: হেল্লো৷ অঁ কিবা ক’ব না কি বিজয় দা? এই গৰু-ছাগাল নুঠওতে আপনি মোক লাগি কিয়া ফোন কল্লাক নু?

: ধেই! কেলেইনো এনেকৈ কৈছা পাই? হেৰি নহয় মো কথা এটা ক’বলে আছিল আকৌ৷

: দে সোনকালে কওক৷ মোৰ ঘৰ মুচবা আছে৷ বাচনমাখা সনকালতে নুধ্‌লি হেতাৰ কোব খাম৷

: উৱা৷ তুমি ঘঅঅ ইম্মান কাম কৱা? মই আকৌ আলহী মাতি ভাত বনাব দিওঁ৷ অ এইটো বেলেগ কথা বাউ ভাৱাঘৱ পৱা ঘৱলৈ গ’লে কাউৱী পোৱাতে উঠি ৰাতি এপৱলৈ ময়ে কাম কৱো৷

: সিগ্লাখেন বাদ দিয়ক৷ ফোন কিয়া কচ্ছে আগে তাকে কওক৷

: হে হে৷ মানে কি জানা! মোৱ মানে আগতকৈ একেবাৱে এফ আ পি কমি গৈছে৷ হেডমিন বুলিও মোক কোনেও পাট্টা নিদিয়া হৈছে৷ উজনি নামনিৰ মাজত কাজিয়া লগাইও মই একোডাল কৱিব পৱা নাই৷ এতিয়া মাত্ৰ আমাৰ নতুন মুখ্যমন্ত্ৰী যোহাটত পঢ়ি গৈছিল বুলি অলপ ফুটনি মাৱি আছোঁ৷ এতিয়া তুমিয়েই কোৱাচোন মই কি কৱিলে মই আগৱ এফ আৱ পি ঘূৱাই পাম? মানে তোমাৱ পোষ্টত বহুত লাইক কমেণ্ট আহে তো৷ সেয়ে সুধিলোঁ আউ নিজৱ বুলি৷

: বাপ্পাঐ! আপনি আৰ মাথা খাবা মানুহ নাপলাক৷ শুনক৷ আপনি এটা কাম কৰক৷ আপনি ফেচবুকত গল্প বা কবিতা লেখক৷ মানুহে ভাল পালি আপনাক লাইক কমেণ্ট দিব৷

: হয় নেকি? পিছে মই সউকালিতে শিকা সেই যে ‘হলৌ উঠিল টকৌ গছত’ পদ্যটোহে জানো৷ মই যদি ‘মলৌ উঠিল বগৰী গছত’ বুলি তাৰ পৱা নকল মাৱি পদ্য এটা লিখোঁ হ’বনে বাউ? আউ কি জানা গল্প বুলিলে মু সৌৱা সেইটো কি বুলেনো —সেয়া যে বান্দৰে পিঠা ভগোৱা সাধুটোহে মনলৈ আহে৷ মই মানে লোকৱ পাতত হাঁহৰ মাংস বেছি দিয়া দেখোঁ সদায়৷ তেনে কিবা গল্প লিখিলে হ’বনে বাউ?

: বাদ দিয়ক৷ সেইচব বাদ দি আপ্নি অলপ ব্যায়াম কৰক৷ মুখৰ যত্ন লক৷ চামনি্‌ পৰা দাঁতকেইটা কাটৰী দি ৰুকক৷ 

: কৱিছিলোঁ পাই৷ মৰ্ণিৱাক কৱিম বুলি ৰাতিপুৱা এমাহলৈ ৰিক্সা এখনো ভাৱা কৱি লৈছিলোঁ৷ পেটতো নকমিলেচোন৷ ওলোটাকৈ ৰিক্সাৱালাক তিনিশ টকা দিব লগা হ’ল কাজিয়া পেচাল কৱি৷ মুখখনৰ কথা যে নক’বাই পাই! এবা যে গোটেই মুখত চাল উঠি গৈছিল পাই৷ কোনেনো জানে বেচনৰ সলনি তাত ব্লিচিং পাউদাৰ থাকিব? কিবা এটা বেলেগ উপায় দিয়ানা জগ্গু৷

: বাপ্পাঐ! নৰচু আৰ আপনাৰ লগত৷ কেকৰা বাজাদি আপনি মোৰ লগত কিয় বাজচি নু? বুজচু দিয়ক মই৷ নহ’ব দিয়ক আপনাৰ৷

: কি বুজিলানো হয়?

: মানে মোৰ তালুত চুলি আহা আৰু আপনাৰ এফ আৰ পি ঘূৰি আহা একে কথা৷ ইগলাখেনৰ বাবে সাধনা লাগবো৷ আপনি নৰে৷ বাদ দিয়ক৷

: ৱা৷ এইষা আকৌ কি ক’লা হয়? মই আকৌ এতিয়া সাধনাক ক’ত বিচাৰি যাম? হেল্লো–হেল্লো— হেৰা জগ্গু৷ ফোনটো কিয় কাটি দিলা হয়? শুনাচোন৷ হেল্লো—৷৷

☆ ★ ☆ ★ ☆

3 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল নীলাক্ষী

    Reply
  • Bagmita Borkakoty Borkakoty

    মজ্জা লিখিছা এইটো নিলাক্ষিবা♥️🙏🤣🤣

    Reply
  • Anonymous

    থৌগা লাগিল হে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *