ফটাঢোল

পাৰ্কিং-ৰঞ্জিত কুমাৰ শৰ্মা 

: হেৰি, শুনিছেনে?

: শুনি আছোঁ, কোৱা৷

: কথা এটা ভাবিছোঁ৷

: এটা কিয়, হেজাৰটা ভাবা৷ কোনে মানা কৰিছে?

: পেংলাই কৰিব নালাগে৷ পেপাৰখনৰ পৰা মূৰটো তুলি শুনক৷ সেইখন গোগ্ৰাসে গিলিব নালাগে৷

: এইবাৰ চণ্ডিকা আগতীয়াকৈ ধৰালৈ নামিলেইনে?

: কি ক’লে? কি ক’লে? শুনা-নুশুনাকৈ ক’ব নালাগে৷ ডাঙৰকৈ কওক৷

শেষৰ সংলাপটো দত্তই স্বগতোক্তি কৰাৰ দৰেই কৈছিল৷ কিন্তু দত্তই যে তেওঁকেই উদ্দেশ্য কৰি কিবা কৈছে সেইটো দত্তনীয়ে নুবুজাকৈ নাথাকিল৷ কাজেই দত্তনী গুজৰি উঠিল৷ 

: নাই হে একো কোৱা নাই৷

: এ হ’ব৷ আমি নুবুজাকৈ থকা নাই৷ এই বান্দীক ইতিকিং, পেংলাই কৰাৰ বাহিৰেনো আপুনি কি কৰিব পাৰে?

: ক’তনো ইতিকিং কৰিলোঁহে৷ কোৱা কোৱা কি ক’বলৈ বিচাৰিছা?

: কালি মহালয়া গ’লেই৷ আজি দেওবাৰ৷ আপুনিও ঘৰতে আছে৷ পূজাৰ বজাৰ কেতিয়া কৰিব?

: পূজাৰ বজাৰ আৰু কি কৰিবলগা আছে? পোছাকহে…?

: ইমান সাধাৰণভাবে কৈ দিলে যে? পূজাৰ কপোৰ কি আপুনি বজাৰৰ পৰা অনা লেৰেলা পৰা বেঙেনা বুলি ভাবিছে নেকি? বেপাৰীয়ে বেগত ভৰাই দিব আৰু দাম-দৰ নকৰাকৈ আপুনি পইচাকেইটা দি লৈ আহিব?

: তেন্তে কি কৰিব লাগে?

: কি কৰিব লাগে মানে? বজাৰলৈ যাব লাগে৷ ইহ্‌, একেবাৰে একো আও-ভাও নোপোৱা দেখুৱাইছে? বাবা হোষ্টেলৰ পৰা আহি পালে কি লয় ল’ব৷ কিন্তু ছোৱালীজনীকতো পূজা বুলি কাপোৰ এযোৰ দিব লাগে?

: তোমাক নালাগে নেকি? আলমীৰাত ঠাই অকণমান উলিয়াই থোৱা৷

: এ হ’ব৷ নিজে যেনিবা কাপোৰ নিপিন্ধাকৈয়ে আছে৷ মতাবোৰে ছোৱালী-বোৱাৰীকহে কাপোৰ লোৱা দেখা পায়৷ পুৰুষৰ চকুতেই কিবা গন্দগোল আছে যেন লাগে৷

: ঠিক কৈছা হে৷ এই গন্দগোলতে পুৰুষ ফচি যায়৷

: এ হ’ব৷ চুপতি মাৰি থাকিব নালাগে৷ দেওবাৰ যেতিয়া এতিয়াই বজাৰলৈ যোৱাই ভাল হ’ব৷ আবেলি আকৌ আপুনি ক্ৰিকেট চাবলৈ টিভি বিছনা গাৰুৰে সখী পাতিবই নহয়৷

: এতিয়া দেখোন এঘাৰ বাজিবৰে হ’ব৷ ভাত কেতিয়া ৰান্ধিবা কেতিয়া খাবা?

: এদিন বাহিৰত খালে মহাভাৰতখন অশুদ্ধ নহয় বলক৷ কাপোৰ-কানি কিনি তিনিওটাই আজি হোটেলতে খাই আহিম৷ 

: ব’লা তেন্তে৷

দত্ত বজাৰলৈ যাবলৈ মান্তি হ’ল৷ কাকতখন জাপি টি-টেবলখনত থৈ দত্ত বহাৰ পৰা উঠিল৷

বজাৰলৈ যোৱাৰ প্ৰস্তুতিপৰ্ব আৰম্ভ হ’ল৷ পৰৱৰ্তী প্ৰায় ডেৰ ঘণ্টা সময়ত দত্তৰ মুখৰ সংলাপ আছিল এনেধৰণৰ— ‘হ’ল নে তোমালোকৰ?’ ‘আৰু কিমান সময়?’ ‘কাপোৰ পিন্ধোতেই ইমান সময় লাগেনে?’  ‘হেৰা বিয়া খাবলৈ নোযোৱা নহয়, বজাৰলৈহে যাবা?’

আনহাতে এই সময়ছোৱাত দত্তনীৰ সংলাপ আছিল এনেধৰণৰ— ‘দুজনী ওলাবলৈ অলপতো সময় লাগিবই৷’ ‘আপুনি কাপোৰ পিন্ধক পাছত আপোনাৰেই নহ’বগৈ৷’ ‘জধলা হৈ নোলাব কিন্তু৷’ ‘এই হ’লেই আৰু৷’ ‘হৈছেই, আপুনি খিৰিকীকেইখন মাৰকচোন৷’ ‘আমাৰ হ’লেই, দুৱাৰৰ তলা-চাবিযোৰ লওকচোন৷’

এই দৃশ্যাংশৰ অন্তিম সংলাপটো দত্ত দম্পতীৰ কন্যাই মাতিলে— ‘পাপা, তুমি গাড়ীখন উলিওৱাগৈ আমাৰ হ’লেই৷’

অৱশেষত যেনিবা দুপৰীয়া দত্তই পত্নী আৰু কন্যাক লৈ বজাৰলৈ বুলি গাড়ী পোনালে৷

পত্নী-কন্যাৰ কথামতে শ্বপিং মল এটাৰ ওচৰত দত্তই গাড়ী ৰখালে৷ আজিকালি ‘শ্বপিং’ মলতহে হয়, আগৰ জামানাৰ দৰে দোকানত আৰু হয়নে? গতিকে দত্ত দম্পতীয়েও তাকেই কৰিলে৷ 

মলটোৰ সন্মুখত ৰাজপথতে দাঁতিৰফালে চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ ভিৰ দত্তৰ চকুত পৰিল৷ যান-বাহনৰ ‘পাৰ্কিঙ’ৰ ব্যৱস্থা নকৰাকৈ মল খোলাৰ পৰিণতি এয়া৷ দত্তই গাড়ীখন মলটোৰ সন্মুখৰ পৰা কিছুদূৰ আগুৱাইহে ৰাখিবলগা হ’ল৷ দত্তৰ অসন্তুষ্ট মনটোৱে কোনেও নুশুনাকৈ প্ৰশ্ন কৰিলে— ‘পাৰ্কিঙৰ ব্যৱস্থা নৰখাকৈ এইসবে মল খোলাৰ অনুমতি কেনেকৈ যে পায়?’ তেওঁ অৱশ্যে এইকথা জানে যে মলটোত স্থানীয় বিধায়কগৰাকীৰো শ্বেয়াৰ আছে৷

দত্তই গাড়ীখন ৰখোৱাৰ লগে লগে পৌৰসভাৰ কৰ তোলা লেচী এজন আগবাঢ়ি আহিল৷ লেচীজনে কুপন এখন আগুৱাই দিলে৷ দত্তই কুপনখন লৈ কৰ পৰিশোধ কৰিলে৷ পাৰ্কিঙৰ বাবে সুব্যৱস্থা নাথাকিল বুলিয়েই কৰ দিব নালাগিবনে? দত্তই নাগৰিকৰ কৰ্তব্য পালন কৰিলে৷

পাৰ্কিঙৰ জঞ্জাল সামৰি দত্তই পত্নী-কন্যাক লৈ শ্বপিং মলটোলৈ সোমাই গ’ল৷ কিছুসময় তেওঁ পত্নী-কন্যাৰ পিছে পিছে কাপোৰ চাই মলৰ ভিতৰত ইফালে-সিফালে বিচৰণ কৰিলে৷ তিনিমহলীয়া মলটোৰ ভিতৰখন বাতানুকূল যদিও ব্যৱস্থাটো পৰ্যাপ্ত নহয়৷ চাৰিওপিনে কেৱল কাপোৰ আৰু কাপোৰ৷ কাপোৰৰ মাজে মাজে খালী এলেকাবোৰেৰে গ্ৰাহকসকল ঘূৰি ফুৰিছে৷ পত্নী-কন্যাৰ সৈতে কাপোৰৰ দ’মৰ ফাকে ফাকে ঘূৰি দত্তৰ আমনি লাগিল৷ কেইবাৰমান তেওঁ মলৰ ভিতৰতে দুই-এঠাইত থিয় হৈয়ো সময় কটোৱাৰ চেষ্টা কৰিলে৷ কিন্তু তাতেও দুই-এটা মৃদু খুন্দা খাবলগীয়া হ’ল৷ ইয়াৰ মাজতে পত্নী-কন্যাই ওপৰ মহলালৈ যাবলৈ মন কৰাত দত্তই ক’লে— ‘তোমালোকে যোৱা৷ ক’ত কি বিচাৰি পোৱা লোৱাগৈ৷ মই তলতেই আছোঁ৷’

ইফালে-সিফালে থিয় দি, মাজে-সময়ে এনেই দুই-এপদ কাপোৰ হাতেৰে চুই চাই, হাতৰ ঘঁড়ীটোলৈ চাই দত্তই সময় কটালে৷ মাজতে বিদ্যুৎ কৰ্তনো হ’ল৷ জেনেৰেটৰ চলিল যদিও এ চি নচলিল৷ সীমিতসংখ্যক পাংখাহে চলিল৷ এনেদৰে চল্লিশ মিনিটমান অতিবাহিত হোৱাৰ পাছত যেনিবা দত্তৰ পত্নী-কন্যা ওপৰৰ পৰা তললৈ নামি আহিল৷ তাকে দেখি কিছু সকাহ পোৱা দত্তই আগুৱাই গৈ সুধিলে— 

: হ’লনে তোমালোকৰ? ডেৰ ঘণ্টাই লগালা দেখোন?

: হৈছে হৈছে৷ পচন্দৰ কাপোৰ নাপালোঁৱেই৷ আমাৰ দুয়োৰে দুযোৰমান ল’লোঁ৷ জাৰৰ দিন পাবহিয়েই যিহেতু গৰম কাপোৰো ল’ম বুলি ভাবিছিলোঁ৷ কিন্তু গৰম কাপোৰ তেনেকৈ নাপালোঁৱেই৷ আপোনাৰ বাবে কুৰ্তা-পাঞ্জাৱী এযোৰ ল’ব লাগিছিল নহয়৷

: নালাগে নালাগে৷ মোৰ কাৰণে কাপোৰ ল’ব নালাগে৷ ঘৰত এসোপা আছেই৷ তেনেকৈ পিন্ধাই নহয়, নতুনেই আছে৷ যেতিয়া লাগে তেতিয়া ল’লেই হ’ল৷

নিজৰ বাবে কাপোৰ ল’বলৈ দত্ত মান্তি নহ’ল৷ কন্যাইও দেউতাকৰ বাবে পূজাৰ কাপোৰ বুলি কিবা এপদ ল’বলৈ কৈছিল যদিও দত্ত মান্তি নহ’ল৷

: হ’ব ব’লা৷ বিহুত ল’ম৷ এতিয়া বিলটো দিয়া, যাওঁগৈ৷

মলৰ কাউণ্টাৰৰ সন্মুখত শাৰীত থিয় হৈ মাতৃ-কন্যাই বিল পেমেণ্ট কৰাৰ পাছত তিনিও মলৰ বাহিৰলৈ ওলাই আহিল৷ কিন্তু পাছমুহূৰ্ততে দত্তই  “তোমালোকে আগবাঢ়া, মই আহি আছোঁ” বুলি পুনৰ মলৰ ভিতৰত সোমাল৷ দত্তনীয়ে একো ক’বলৈ সুযোগেই নাপালে৷ কিছু সময় পাছতে দত্ত পুনৰ ওলাই আহিল৷ মাক-জীয়েক মলৰ সন্মুখতে ৰৈ আছিল৷ দত্ত ওলাই অহাৰ লগে লগে দত্তনীয়ে সুধিলে— 

: কিয় গৈছিল ভিতৰলৈ? কাপোৰৰ বেগটো দেখোন আমাৰ লগতেই আছে৷

: একো নহয়, মানুহ এজনক কথা এষাৰ ক’বলৈ গৈছিলোঁ৷ ব’লা ব’লা যাওঁগৈ৷

দত্তই বেগাবেগিকৈ খোজ দিলে৷

তিনিও গাড়ীত বহাৰ পাছত দত্তনীয়ে ক’লে— 

: হেৰি নহয়, ‘বিশাল’তো এপাক সোমাব লাগিছিল।

বিৰক্তিৰে দত্তই সুধিলে— 

: আৰু কি ল’বলৈ বাকী থাকিল?

: ইয়াত পচন্দৰ কাপোৰ এযোৰ বিচাৰিছিলোঁ, নাপালোঁ৷ তাত পাওঁ নেকি চাওঁচোন৷ পাকঘৰৰ বস্তুও ল’ব লগা আছিল৷ তাত ছেন্দেলো চাম বুলি ভাবিছোঁ৷

: তাৰমানে আৰু এক-ডেৰঘণ্টা?

: চিন্তা কৰিব নালাগে দিয়ক৷ ইমান সময় নালাগে৷

‘বিশাল’ শ্বপিং মলটোৰ ওচৰত দত্তই গাড়ীখন ৰখালে৷ তাতো ৰাজপথৰ এফালে যান-বাহনৰ দীঘলীয়া শাৰী৷ দত্তই গাড়ীৰ ভিতৰতে থাকিব বিচাৰিছিল যদিও মাক-জীয়েকে নামানিলে৷ তিনিও মলটোলৈ সোমাই গ’ল৷ অৱশ্যে দত্তৰ বাবে মলটোহে বেলেগ হ’ল, অভিজ্ঞতাখিনি পূৰ্বৰ মলটোত হোৱাখিনিয়েই থাকিল৷ এইবাৰ যেনিবা চল্লিশ মিনিটমানৰ ভিতৰতে পত্নী-কন্যাই বজাৰ সামৰিলে৷ কিন্তু মলটোৰ পৰা ওলাই আহোঁতে এইবাৰ দত্তৰ হাততো বেগ এখন ওলমিল, মানে ওলোমাই দিয়া হ’ল৷ এইবাৰ দত্তই মলটোৰ পৰা ওলোৱাৰ প্ৰাকমুহূৰ্তত মলটোৰ পৰিচালকজনৰ কাষ চাপিল৷

 : এইবাৰ আকৌ কি হ’ল?

 ওভতাৰ সময়ত দত্তনীয়ে সুধিলে৷

: একো নহয়, তেওঁক কথা এটা কলোঁ৷ ব’লা এতিয়া৷

দত্তই হোটেল এখনৰ সন্মুখত গাড়ীখন ৰখালে৷ ভাত খাই থকা সময়ত দত্তনীয়ে পুনৰ সুধিলে— 

: দুয়োটা মলৰ পৰা ওলোৱাৰ সময়ত যে ঘূৰি গৈ কথা পাতিলে, কাৰ সৈতে কিনো কথা পাতিলে?

: তেনেকুৱা একো বিশেষ নহয়হে৷ সোনকালে খোৱা যাব লাগে৷ 

: খায়েইতো আছোঁ৷ পলম হ’বলগা কি আছে? ইয়াৰ পৰাতো ঘৰলৈহে যাম৷ ক্ৰিকেটৰ নিচাই মূৰত ধৰিলেই বোধকৰোঁ৷

হোটেলৰ পৰা ওলাই পত্নী-কন্যাক লৈ দত্তই ঘৰলৈ বুলি গাড়ী ঘূৰালে৷ কেঁকুৰি এটাত পাক মাৰি আগবাঢ়োতে দত্তৰ গাড়ীৰ ভিতৰৰ পৰাই ৰমেশ চৌধুৰীৰ কাপোৰৰ দোকানখনলৈ চকু গ’ল৷ ৰমেশ কেৱল দত্তৰেই নহয়, চহৰখনৰ বহুতৰে চিনাকি৷ তেওঁৰ দেউতাকে আৰম্ভ কৰি থৈ যোৱা কাপোৰৰ দোকানখন চহৰখনৰ অন্যতম পুৰণি দোকান৷ দত্তই অকলে বজাৰলৈ আহিলে কেতিয়াবা কাপোৰ ল’বলগা হ’লে ৰমেশৰ দোকানৰ পৰাই লয়৷ দুটামান গেঞ্জী-জাঙিয়া লোৱাৰ বাবে দত্তই কালি এবাৰ ৰমেশ দোকানত সোমাইছিল৷ তেতিয়াই ৰমেশে কৈছিল— ‘ব্যৱসায় পৰি আহিছে৷ পূজাৰ ছিজনতো আশা কৰামতে বিক্ৰী হোৱা নাই৷ পূজাৰ ভিৰ আগৰ দৰে নাই৷’

ঘৰ সোমোৱাৰ আগমুহূৰ্তত পত্নীয়ে দত্তক পুনৰ সুধিলে— 

: দুয়োটা মলতে কাৰ সৈতে কি কথা পাতিছিল নক’লে যে?

: কিনো একেটা কথাকে চেপেটা কৰি আছা হে?

: ক’লেনো কি হয়? ইহ্‌ একেবাৰে! বাৰু, ক’ব নোৱৰা পাৰ্চনেল কথা যদি নালাগে ক’ব৷

: একো পাৰ্চনেল কথা নহয় হে৷ দুয়োটা মলৰ মেনেজাৰক কৈ আহিছোঁ, গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা নকৰিলেও কথা নাই৷ কিন্তু বিবাহিত পুৰুষৰ বাবে যাতে পাৰ্কিঙৰ ব্যৱস্থা কৰি লয়৷

: মানে?

: মানে আৰু কি? তিৰি-চলিৰ লগত মললৈ যোৱা পুৰুষসকলৰ বাবে বহিব পৰাকৈ কিছু সুকীয়া আসনৰ ব্যৱস্থা কৰিবলৈ কৈ আহিছোঁ৷

: কি? 

দত্তনী গুজৰি উঠিল৷ 

দত্ত দম্পতীৰ কন্যাই খিলখিলকৈ হাঁহি দিলে৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *