ফটাঢোল

ওলোটা খৰ-নয়নমণি হালৈ

নৱজ্যোতি যুৱক সংঘৰ ল’ৰাকেইটাই থিয়েটাৰ মাতিছে, ভ্ৰাম্যমাণ থিয়েটাৰ। এই লৈ গোটেই গাঁওখনত দুমাহ আগৰ পৰাই এটা উত্‍সৱমুখৰ পৰিৱেশ। কমিতিৰ ল’ৰাকেইটা এখোপ চৰা, সিহঁতৰ ভৰি এইকেইদিন মাটিত পৰাই নাই। দিনটো চকত আড্ডা আৰু সন্ধিয়া হ’লেই কাৰ ঘৰত চিজন টিকট লৈ ‘হামলা’ দিব পাৰি তাৰেই আলোচনা। আহ্বায়ক কমিটিৰ সম্পাদক পিংকু হালৈ এই আলোচনাৰ মধ্যমণি। কৈলাশবাসী শিৱৰ লগত যেনেকৈ অনবৰতে নন্দী-ভৃণ্ডী, ভুত-প্ৰেত এইবোৰ লাগি থাকে,  পিংকুৰ সোঁৱে-বাৱে, আগে-পিছে এইকেইদিন অলেখ ভুপ-প্ৰেত। কোনোবাই যদি ফ্ৰী টিকটত নাটক চোৱাৰ মাথা মাৰি আছে, কোনোবাই মাথা মাৰি আছে নাটকৰ মোহময়ী নায়িকা কামিনীৰ লগত এখন চেল্ফী লোৱাত কিন্তু পিংকুৰ ধাণ্ডা একমাত্ৰ ‘কালেকশ্যনত। 

এইকথা সকলোৱে জানে যে থিয়েটাৰৰ আহ্বায়ক কমিতিয়ে থিয়েটাৰক আগধন দিবলৈ এটা বুজন পৰিমাণৰ ধন চিজন টিকট (কালীন টিকট) বিক্ৰীৰ জৰিয়তে সংগ্ৰহ কৰি লয়। গতিকে সংঘৰ ল’ৰাকেইটাই কাক কাক চিজন টিকট দিব তাৰ এখন আগতীয়াকৈ তালিকা বনাই ৰাখিছে আৰু এই তালিকাত যেতিয়া কলবাৰী উচ্চতৰ মাধ্যমিকৰ অবসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুক্ত ভৱজিত্‍ বেজবৰুৱাৰ নামটো দেখিবলৈ পালে, কমিতিৰ গোটেই ল’ৰাকেইটাই মূৰে-কপালে হাত দিলে। বোলে যমৰ মাকৰ পৰা মৰা চলি ঘূৰাই আনিব পাৰি, কিন্তু ভৱজিত্‍ বেজবৰুৱাৰ পকেটৰ পৰা পইচা উলিয়াই আনিবলৈ কাৰো সাধ্য নাই।‌ এই অঞ্চলৰ মঠ-মন্দিৰ, সকাম-নিকাম ক’তো এটকা দিয়াৰ উদাহৰণ নাই এই বেজবৰুৱাৰ। আকাশখন খহি পৰা বুলি ক’লেও মানি ল’ব পাৰি, কিন্তু এহাজাৰ টকা খৰচ কৰি ভৱজিত্‍ বেজবৰুৱাই ভ্ৰাম্যমাণৰ নাটক চাব, এইটো কথা মানি ল’ব নোৱাৰি। কিন্তু এই কথা আহ্বায়ক কমিতিৰ সম্পাদক পিংকুক বুজাব কোনে!

পিংকুৱে বেজবৰুৱাৰ পৰা পইচা উলিয়াই অনাটোক এটা ‘চেলেঞ্জ’ হিচাপে ল’লে। লগৰ নয়নৰ লগত এই লৈ বাজী মাৰিলে, বোলে যদি সি ভৱজিত্‍ বেজবৰুৱাক টিকট দি পইচা আনিব পাৰে তেন্তে পিংকুৱে যি খায় তাকে খুৱাব, নহ’লে ওলোটাই পিংকুৱে গোটেই গাঁৱৰ ল’ৰামখাকে চাহ খুৱাব লাগিব।  কথা মতেই কাম। সন্ধিয়া পিংকুৱে সোঁৱে-বাৱে এজাক ল’ৰাক লৈ ভৱজিত্‍ বেজবৰুৱাৰ ঘৰৰ কলিং বে’লত হাত দিলে। টং টং টং টঙকৈ চাৰিবাৰমান বে’লটো বজাৰ পিছত লুঙী গেঞ্জী আৰু চকুত ডাঠ ফ্ৰেমৰ চশমা পৰিহিত বেজবৰুৱা চাৰ ওলাই আহিল আৰু আহিয়েই বাৰাণ্ডাত থকা জিৰো পাৱাৰৰ বাল্বটো জ্বলাই দিলে। কাম নাথাকিলে চাৰে এই লাইট, ফেন এইবোৰ নচলায়। পাকঘৰত বাইদেৱে ৰন্ধা-বঢ়া কৰি থকা সময়ত এটা বাল্ব জ্বলাই ৰাখে আৰু চাৰৰ কিবা পঢ়িব লগা থাকিলে তাতে টুল এখন পাৰি বহি লয়। বাকী সময়খিনিত বিচনি এখন লৈ আন্ধাৰে-মুন্ধাৰে বহি থকাটো চাৰৰ অভ্যাস হৈ গৈছে। লাইটৰ ক্ৰমবৰ্ধমান বিলক লৈ চাৰৰ বহুত চিন্তা আৰু এতিয়া যেতিয়া চাৰে বাৰাণ্ডাত এজাক ল’ৰা থিয় হৈ থকা দেখিবলৈ পালে চাৰৰ চিন্তাই অন্য এটা ৰূপ ল’লে। কিছুসময় চাৰে নিবোকাচামোন হৈ ল’ৰাহঁতৰ হেৰফেৰ লক্ষ্য কৰিলে। তাৰপিছত লাহেকে মাত দিলে- 

: অঁ তোমালোক! 

: আমি মানে চাৰ নৱজ্যোতি যুৱক সংঘৰ পৰা আহিলোঁ।

: অঁ চিনি পাওঁ, চিনি পাওঁ, তোমালোকক আৰু চিনি নাপামনে! আহা।

আহা বুলি কোৱাৰ লগেলগে গোটেইকেইটা চাৰৰ পিছে পিছে চ’ৰাঘৰলৈ সোমাই বহি গ’ল। গলহেকাৰি এটা মাৰি চাৰে মাত দিলে-

:  পিচে কিয় আহিলা তোমালোক?

: চাৰ আমি নৱজ্যোতি সংঘই এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ মাতিছোঁ।

: অঁ বিৰাট ভাল কথা। ভাল হৈছে, এইবোৰ মাতিব লাগে। আমি আগতে কিমান নাটক চালোঁ।

: চাৰেও নাটক চায়? অত্যুত্‍সাহী এটাই টেপেতকৈ মাত দিলে।

: অঁ সেই খোলা পাৰ্টিৰ নাটক। আগতে সেইবোৰে চলিছিল। মাটিত খেৰ পাৰি দিয়ে আৰু তাতে বহি গোটেই ৰাতি নাটক চাওঁ।

: চাৰ আজিকালি খোলা পাৰ্টিৰ নাটক নহোৱাই হ’ল নহয়! আজিকালি সকলোৱে ভ্ৰাম্যমাণ থিয়েটাৰেই পচন্দ কৰে।

: ভাল ভাল, চাব লাগে। এই নাটকবোৰত বোলে আজিকালি ৰে’ল, বাচ এইবোৰো দেখুৱায়।

: হয় হয় চাৰ, ৰে’ল-বাচ এইবোৰ সৰু কথা, কেইবছৰমান আগতে আৱাহন থিয়েটাৰে মঞ্চত হেলিকপ্তাৰ দেখুৱাই দিলে নহয়! চাৰৰ আগ্ৰহ দেখি পিংকুৱে দুগুণ উত্‍সাহেৰে সৰস বৰ্ণনা দিলে।

: বাপৰে! আৰু বোলে কোনোবাই আনাকোণ্ডা সাপডালকো উলিয়াই দিলে।

: হয় চাৰ, ভ্ৰাম্যমাণৰ নাটক এতিয়া বহুত এডভান্স হৈ গ’ল। এইবাৰতো কটা হাত এখন মঞ্চত ঘূৰি থাকিব।

: কটা হাত? কেনেকৈ দেখাবহে? 

চাৰে অবাক হৈ পিংকুক সোধে|

: তাকেইতো চাৰ। যোৱাবাৰ এখন নাটকত গুলীয়াগুলী দেখুৱালে, আপুনি ক’ব নোৱাৰিব যে সেয়া নকল গুলীয়াগুলী।

: নকল নেকি?

: ক’তনো আৰু নাটকত আচল গুলীয়াগুলী হ’ব চাৰ! 

পিংকুৱে ঢেক-ঢেকাই হাঁহি কথাষাৰ ক’লে।

: তাৰমানে এই যে পিষ্টল, গুলীয়াগুলী এইবোৰ সব নকল?

: হয় চাৰ, সব নকল।

: আৰু সেই ৰে’ল, বাচ, হেলিকপ্তাৰ সেইবোৰ?

: সেইবোৰো নকল চাৰ। ক’তনো আচল হ’ব?

: গুলী লাগি যে মৰি যায় সেয়াও নকল?

: নকল চাৰ, আচল হ’লে দেখোন পুলিচ কেচ লাগি গোটেইসোপা জেলত সোমাব লাগিব। 

পিংকুৱে হাঁহিটো মুখত লৈয়ে ক’লে। চাৰৰ ঘৰত থিয় দিয়াৰ সময়ত তাৰ মনত আশাৰ কিৰণ চাকি ঢিমিক-ঢামাককৈ জ্বলি আছিল। এতিয়া সেই চাকি মাঘবিহুৰ মেজিৰ জুইকুৰাৰ দৰে জ্বলি উঠিছে। হ’ব, এইবাৰ চাৰৰ পৰা কিবা এটা হ’ব। ইমান উত্‍সাহেৰে চাৰে কথা পাতিবলৈ লৈছে যেতিয়া এটা টিকট চাৰৰ কাৰণে সম্ভৱ নহোৱাকৈ নাথাকে আজি।

: পিচে এতিয়া মই কি কৰিব লাগিব? 

এয়া চাৰ লাইনত আহিলেই,

: মানে চাৰ, পিংকুৱে আৰম্ভ কৰিলে, আমি যে থিয়েটাৰখন মাতিছোঁ, তাৰকাৰণে তেওঁলোকক এডভান্স অলপ পইচা দিবলগা হয় কিন্তু আমাৰনো আৰু ক’ত ইমান পইচা আছে! মনৰ উত্‍সাহটোহে আছে কিন্তু উত্‍সাহেৰেতো আৰু কাম নহয়, গতিকে এনে কিছুমান ব্যক্তিৰ ওচৰলৈ আহিছোঁ, যিয়ে আমাৰ পৰা এটা চিজন টিকট ল’ব। মাত্ৰ এহাজাৰ টকা চাৰ। আপুনি আৰু বাইদেৱে গোটেইকেইদিন একদম সন্মুখত বহি নাটক চাব পাৰিব।

: মাত্ৰ এহাজাৰ চাৰ।

চাৰে অলপ পৰ দৰক মাৰি ৰ’ল। তাৰপিছত ধমহকৈ উঠি ‘ৰ’বা’ বুলি ভিতৰ কোঠাত সোমাল। পিংকুৰ মুখত যুদ্ধজয়ৰ হাঁহি। বাকীকেইটাই সেমেনা-সেমেনিকৈ বহি আছে। পিংকুৱে এবাৰ গোটেই ল’ৰাজাকলৈ চায়, চকুৰে যেন ক’ব খোজে ‘দেখিছ মোৰ শক্তি, এনেই আহ্বায়ক কমিতিৰ সম্পাদক হোৱা নাই মই!’ এইবাৰ চাৰ সোমাই আহিল। চাৰৰ হাতত দুখন খমখমীয়া পাঁচশ টকীয়া নোট দেখি পিংকুৰ লগৰকেইটাই নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হৈ গ’ল। এৰা, চাৰৰ হাতত সেইদুখন সঁচা-সঁচিকৈ পাঁচশটকীয়া নোট! ‘লোৱা’ বুলি নোটদুখন আগবঢ়াই দিওঁতে কমিতিৰ কোষাধ্যক্ষ নয়নৰ একেকোবে চাৰৰ ভৰিত দীঘল দি পৰিবলৈ মন গ’ল। কোনোমতে সি নিজকে ৰখালে কিন্তু নোটদুখন কাপোৰৰ মোনাটোত ভৰাব খোজোঁতে কিবা কাৰণত তাৰ নোটত জিলিকি থকা মহাত্মা গান্ধীৰ ফটোখনলৈ চকু গ’ল গান্ধীৰ ফটোখন দেখোন অলপ বেলেগ!

ভালকৈ চাই সি দেখিলে এৰা হয়তো, গান্ধীৰ মূৰত দেখোন চুলি আছে। এইবাৰ সি নোটখন চকুৰ সন্মুখলৈ আনিলে। আৰে! এয়াতো গান্ধী নহয়েই, শ্বাহৰূখ খানহে দেখোন! আনখন নোটত সেয়া অমিতাভ বচ্চন। লগেলগে সি নোটদুখন পিংকুৰ হাতত তুলি দিলে। পিংকুৱে দেখিলে কথা বিষম।

: চাৰ এইদুখন দেখোন নকল নোট। পিংকু জাঁপ মাৰি উঠিল।

চাৰে এইবাৰ ভালকৈ বহি ল’লে, “শুনা, তোমালোকৰ নাটকত যেতিয়াৰ পৰা নকল পিষ্টল, নকল গুলী, নকল ট্ৰাক, বাচ, হেলিকপ্তাৰৰ ঠাইত আচল পিষ্টল, আচল গুলী, আচল ট্ৰাক, বাচ, হেলিকপ্তাৰ আহিব, তেতিয়া মোৰ নকল নোটদুখনো আচল হৈ পৰিব। এতিয়া যোৱা।” 

এইবুলি কৈয়ে চাৰে ৰূমত থকা  একমাত্ৰ জিৰো পাৱাৰৰ বাল্বটো অফ কৰি দিলে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *