ফটাঢোল

অংক জংক পংক-শ্ৰুতিমালা মিশ্ৰ

মস্ত আইনাৰ দীঘলীয়া ঠাক-ঠাককৈ খোটালি থকা বাকচ দুটাৰ ওপৰভাগ কাপোৰ এখনেৰে জাৰি-জোকাৰি থকা সেয়া হৰগৌৰী মিষ্টান্ন ভাণ্ডাৰৰ ৱান এণ্ড অনলী এক লৌটা গৰাকী গৌৰীনাথ মেধি । গোটেই চʼকটোৰ ভিতৰত ভাল মিঠাইৰ দোকান বুলি নাম থকা গৌৰীৰ মিঠাইৰ দোকানখন। খুব কম বয়সৰ পৰা দোকানখনৰ নামত দেহে-কেহে খাটি আজিৰ এই ৰমৰমীয়া পৰ্যায়লৈ আনিবলৈ গৌৰীয়ে কম কষ্ট কৰা নাই। ৰাতিপুৱাই গা-পা ধুই নিজৰ ঘৰৰ গোঁসাইঘৰত দস্তুৰমত ধূপ দুডাল মহাদেৱৰ আগত ঘূৰাই বিৰবিৰাই এভাগ প্ৰাৰ্থনা গাই দিনটোলৈ বুলি দোকান খুলি বহে গৌৰীয়ে। দোকানত ৰখা লʼৰা দুটাৰ এটাৰ ডিউটী ৰাতিপুৱাই গৌৰী দোকানলৈ অহাৰ আগতেই দোকানৰ ভিতৰ-বাহিৰ সবতে ঝাড়ু মাৰি সৰু ৰঙা প্লাষ্টিকৰ বাল্টিটোত এবাল্টি পানী লৈ দোকানৰ ইমূৰৰ পৰা সিমূৰলৈ ছটিওৱা আৰু সুন্দৰকৈ গৌৰী বহা চকীখন কাপোৰখনেৰে জাৰি-জোকাৰি চাফা কৰা। লʼৰাটোৱে এইখিনি কৰা হোৱালৈকে ঘড়ীৰ কাঁ‌টাই ৯.৩০ৰ ঘৰ চুলেই গৌৰী আহি দোকানৰ পিছফালৰ দুৱাৰত হাজিৰ হয়হি। তাৰপিছত লাহেকৈ নিজৰ চকীখনৰ ওচৰলৈ গৈ দিনটোত উপাৰ্জন হোৱা টকা-পইচাখিনি থোৱা বক্সটোৰ একাষৰ পৰা ধূপৰ পেকেটটো উলিয়াই আনি দুডাল ধূপ জ্বলাই দোকানৰ একাষে থকা সৰু গোঁসাইৰ থাপনাখনত বিৰবিৰাই এভাগ প্ৰাৰ্থনা গাই দিনটোলৈ বেপাৰৰ আৰম্ভণি কৰে। যোৱা ৭-৮ বছৰে গৌৰীৰ এইখন ৰুটিনৰ কোনো ধৰণৰ সাল-সলনি হোৱা নাই । 

বেপাৰখন মা লক্ষ্মীৰ কৃপাত আৰু মহাদেৱৰ আশীৰ্বাদৰ বলত গজগজীয়া হোৱা বুলি গৌৰীৰ মনত এক সুদৃঢ় বিশ্বাস আছে। ৰাতিপুৱাই গা-পা ধুই সুন্দৰকৈ চুলিত এটা ঢৌ খেলোৱা ডিজাইন দি পিন্ধি-উৰি চিকুণটি হৈ অহা ৪২ বছৰীয়া গৌৰী মোটামুটিভাৱে দেখিবলৈ বেয়া নহয়। পিছে হʼলে কি হ’ব! এইহেন গজগজীয়া ডেকা এজনে আজিলৈকে ছোৱালী এজনীক পতাব নোৱাৰা কথাটোৱে মাজে-সময়ে গৌৰীৰ মনৰ ভিতৰখনত একোটা হুমুনিয়াহৰ সৃষ্টি নকৰা নহয়। লগৰবোৰে বিয়া-বাৰু কৰাই সংসাৰী হʼলগৈ। লাগ বোলোতে আলহী-দুলহী সেইকেইটাৰ ঘৰলৈ ফুৰিবলৈ আহিলে আলহীক চাহৰ লগত দিবলৈ মিঠাই কিনিবলৈ গৌৰীৰ দোকানলৈয়ে ঢপলিয়াই আহে। তেনেকৈ আলহী-দুলহী ফুৰিবলৈ আহিলে ঘৈণী এভাগ ঘটিব পাৰিলে গৌৰীৰো মন যায় নিজৰ দোকানৰ ইমান সুমিষ্ট মিঠাইৰে আপ্যায়ন কৰিবলৈ। কিন্তু গৌৰীয়ে দিনৰ পিছত দিন ধৰি, মাহৰ পিছত মাহ ধৰি, বছৰৰ পিছত বছৰ ধৰি চিংগল লাইফ ইজ দ্যা বেষ্ট লাইফ বুলি মনতে সান্ত্বনা লভি থাকে, মহাদেৱক বিৰবিৰাই প্ৰাৰ্থনা কৰি থাকে “প্ৰভু, আপী এভাগি আনি দিয়া এতিয়া। কিমান আৰু আনৰ ফেইচবুকৰ পোষ্টত লালপাণ ছটিয়াম, বিয়াৰ পোষ্টত কংগ্ৰেচুলেশ্যন দিম! এই হাতেৰে কত মিঠাই বিকিলোঁ, নিজৰ বিয়া বুলি ৰাইজক মিঠাই খুৱাব ভাগ্য নহ’ল।” 

পঢ়া-শুনাত গৌৰী বৰ চোকা নাছিল। গৌৰীৰ ভয়টো অংকলৈ বহুত আছিল। ধৰণী পাটোৱাৰী চাৰৰ ওচৰত অংকৰ টিউশ্যন লৈয়ো গৌৰীয়ে চাৰিৰ পিছত এটা শূণ্য বহুৱাইয়ে কোনোমতে মেট্ৰিকৰ দেওনা পাৰ হৈ আৰু পঢ়াভাগৰফালে চিৰিবিষ্টুৱেই কৰিলে। অংক শুদ্ধকৈ কৰিব নোৱাৰিলে স্কুলৰ সুকুমাৰ কলিতা চাৰৰ পিঠিফলা কোবকেইটালৈ মনত পৰিলেই এতিয়াও মাজে-মধ্যে গৌৰীৰ মিঠাইৰ হিচাপতে গোলমাল লাগিবলৈ ধৰে, হাত-ভৰি ঠাণ্ডা পৰি আহে । 

পঢ়া-শুনা গোল্লাই গʼলেও মিঠাইৰ দোকান ইমান বছৰে গৌৰীয়ে সুন্দৰকৈ চলাই আছে। তথাপিও যেন সকলো থাকিও গৌৰীৰ হৃদয় শূণ্য, মনটো প্ৰায়েই ফাগুণৰ লঠঙা শিমলু গছডালৰ দৰে উদং উদং লাগি থাকে। এই যেন দোকান সামৰি ঘৰলৈ গʼলেই হাতৰ খাৰুৰ জুনুক-জুনুক আৱাজ উঠাই মানুহজনীয়ে পানী এগিলাচ যাঁচিবহি, গাখীৰতে চাহপাত দি ওঁঠত এঠা খাই লাগি ধৰা থকথকীয়া চাহ একাপ যাঁচিবহি; এইবোৰ গৌৰীৰ কল্পনাতে ৰয় । 

এইবোৰ হা-হুমুনিয়াহ  ইমান বছৰত গৌৰীৰ দোকানত থকা মিঠাইসোপাইয়ো দেখি থাকে। দুদিনমানৰ পৰা নতুনকৈ যে ছোৱালী এজনী আহিছে, প্ৰায়ে গৰম গৰম নিমকি আৰু চাৰিটা ৰসগোল্লা বা লালমোহন বান্ধি দিবলৈ বৰ মিঠাকৈ কয়, যিমান ভিৰ থাকিলেও যে ছোৱালীজনীয়ে কোৱা বস্তুখিনি গৌৰীয়ে নিজে পেকিং কৰি দিয়ে এইবোৰ কাৰবাৰ দোকানৰ মিঠাইসোপাৰ চকুতো পৰিছে। লগতে গৌৰীয়ে যে এইকেইদিন ছোৱালীজনী দোকানলৈ অহাৰ সঠিক টাইমিঙটোও আয়ত্ব কৰিছে সেয়াও এই মিঠাইসোপাৰ চকুৰ পৰা সাৰি যোৱা নাই। আজিও ব্যতিক্ৰম নহ’ল, অইনকেইদিনৰ দৰে আজিও ছোৱালীজনীক মিঠাইৰ টোপোলাটো বান্ধি দি বহু সময়লৈ গৌৰীৰ মিচিকমাচাক হাঁহিটো মিঠাইখিনিৰ চকুৰ পৰা সাৰি নগ’ল।

গোটেই কাৰবাৰটো দেখি থকা মোটিচূড়ৰ ট্ৰেখনৰ পৰা ওপৰত থকা চাৰিটাই ইটোৱে সিটোৰ লগত কথা পাতিছে। 

ডাঙৰটো- “কিএ সদ্দেকা, চেপ্টা লাগবি বাচা তই ইতা। মাজুডেকাই গতাই জাগা আউগ্ৰিচি। আমাৰ দাইদেক দেখা নাই। আপী পতোৱাৰ ধাণ্ডাত মিঠাইৰ চাইজৰ দেখি আজিকালি চকু দিবাৰে সময় নহৱা হৈছি।” 

মাজত থকাটো- “তোৰ ভাগত কাৰিকৰে বেছিকে দি গতাই‌ তোক পেটলা কৰি দিছি বদ্দেকা, সেইধৰি তই মোক আৰু সদ্দেকাক হেঁচি মৰবা লাগছা। তোৰো আপীটু চাৱাৰ মন হানপাও, যিংকে হেঁচিছা তই আমাক।” 

মোটিচূড়ৰ উখনা-উখনিখন দেখি থকা লালমোহনে এইবাৰ মোটিচূড়লৈ চাই মাত লগালে – “হবো দে এ, যুযুৰাআহুন। কিংকে যুঁজি মৰবা লাগছা তুহুন। তুহুনৰ দেখি এনাইয়ো নাচোয় আপীটুই, সদায় দেখা নাই নিমকি দাইদেৰ লগত হয় মোক নেই, নহʼলি ৰসগোল্লা কাইকেক নেই আপীটুই। তুহুনৰ দেখি ঘূৰিও নাচোয়। যি হʼলিও ঘৰোত দৈৰ বাতিটুত যেইত্তা মোক ডুবে দিবো তেইত্তা আপীয়ে নাখবো! টাকলি পাৰি পাৰি খাবো।” 

ইমান সময় লালমোহনৰ আত্মসন্তুষ্টিৰে ভৰা কথা শুনি থকা দৈৰ বাতিকেইটাই মাত লগালে -“ইঃ বেটা কালুৱা। ইমান নিজৰ গুণ বাখনিবা নালগে দে, তোক তেলত সেই ইমান কʼলা কৰি ভাজিছি। তুহুন দচটা লালমোহন আইহলিও মোৰ টেঙা দৈ মিঠা কৰবা নৰা।” 

ৰসগোল্লাই মাত দিলে মাজতে – “তুহুন বৰ বকাহে গতাই। চা ভাই, ৰং আৰু আকৃতি বেলেগ বেলেগ হʼলিও আমি হলু আকে মাকোৰ চলি, মানে আকেখান দকানৰ প্ৰডাক্ট। গতিকে আমি মিলিজুলি এটুয়ে ভাব্বা লাগে যি আমাৰ গৌৰী দাদাৰ বিয়াখান কিংকে ভালকে হৈ যায় আৰু আমি চবে ভাগে ভাগে জোৰোণ আৰু বিয়াৰ দিনা দৈৰ বাতিটুত পৰবা পাৰু।” 

মলাই চমচমে ৰসগোল্লাৰ কথা সমৰ্থন কৰি কʼলে – “হওতে ৰসগোল্লাই কিন্তু ঠিক কথাই কৈছি। কুনি কʼলা কুনি বগা এগ্লা কাইজা কৰা সময় নহয়। আমি কেৱল দাদাৰ যাতে ইবাৰ চেটিঙটু জাগাত হোৱে তাকেহে ভাব্বা লাগে।” 

এইবোৰৰ মাজতে দোকানৰ দুৱাৰখন বাহিৰৰ পৰা ঠেলি যিজন মানুহ সোমাল সেইজনক দেখি গৌৰীৰ বুকু সাতটামান ঢেঁকীয়ে একেলগে ধান বনাদি ঢপঢপাবলৈ ধৰিলে। ‘মাজনী’ বুলি বৰ আলসুৱা মাতেৰে সন্মুখত চেটিং লগাই থকা ছোৱালীজনীক যিটো কণ্ঠই মাতিলে সেয়া কাৰ মাত তাকেই অনুধাৱন কৰিবলৈ গৌৰীয়ে মূৰ তুলি চাই দেখিলে গহীন মোশ্যনত সন্মুখত সেয়া স্বয়ং যমৰাজ মানে সুকুমাৰ কলিতা চাৰ দণ্ডায়মান। ইফালে ছোৱালীজনীয়ে গৌৰীৰ ফালে চাই মিঠাকৈ হাঁহিটো ওঁঠত জিলিকাই গৌৰীক কʼলে – “দাদা, এয়া মোৰ দেউতা।” কোনোমতে মুখত এমোকোৰা কেপি ভৰাই থোৱা মনুষ্যই কথা ক’বলগীয়া হʼলে যিদৰে কোনোমতে কেপিৰ টুকুৰাবোৰ মুখগহ্বৰৰ এফালে ৰাখি মাতটো উলিয়ায় ঠিক তেনেকুৱা ধৰণে গৌৰীয়ে মুখত ‘চাৰ আপুনি’ এই দুটা শব্দ ফুটাই তুলিলে। 

চাৎকৈ গৌৰীৰ চকুৰ আগেৰে নেওতাভাগ মুখস্থ দিব নোৱাৰাৰ বাবে বেতৰ আগেৰে সাৰৌপ সাৰৌপকৈ কোবোৱা কোবকেইটা আৰু কলিতা চাৰৰ ৰঙা চকুকেইটা পাৰ হৈ গ’ল। চেঙচেঙাই যোৱা ভৰিৰ কলাফুলদুটা ২৭-২৮ বছৰমান আগত যিদৰে ফৰফৰাই গৈছিল সেইদৰে যেন আজিও এইমুহূৰ্তত ফৰফৰাবলৈ ধৰিলে। ইমানদিনে বৰ আশাৰে কৰি থকা চেটিঙটো যমদূতৰ আগত নিজৰ নম্বৰটো তুলি দিয়া হেন কাৰবাৰ বুলি লগে লগে গৌৰীৰ মনত অনুভৱ হ’বলৈ ধৰিলে। নিজৰেই কাণেৰে যেন স্পষ্টকৈ শুনিলে গৌৰীয়ে বুকুৰ ইপাৰ-সিপাৰ ভেদি ঠনঠনাই ভাগি যোৱা সপোন।  ইমানদিনে আশাৰ সঞ্চাৰ হোৱা ৫জি নেটৱৰ্কৰ কানেকশ্যন মুহূৰ্ততে ২জি নেটৱৰ্কলৈ যেন কনভাৰ্ট হ’ল তেনেকুৱাই অনুভৱ হ’ল গৌৰীৰ। যি হʼলেও এই বাঘহেন মানুহজনৰ ছোৱালীজনীৰ লগত নিজৰ চেটিং লগাই আওমৰণে মৰিব নোৱাৰি বুলি গৌৰীৰ ষষ্ঠ ইন্দ্ৰিয়ই লগে লগে সচকিত কৰি দিলে। পুনৰবাৰ গৌৰীৰ মিংগল হোৱাৰ সপোন ভাগি চিংগল হৈয়ে থকা বাস্তৱলৈ ঘূৰি আহিল। মিঠাইৰ ৰাজ্যখনৰো জোৰোণত আৰু বিয়াৰ দিনা দৈৰ বাতিত ডুবি যোৱাৰ সপোন পুনৰবাৰ আধৰুৱা হৈয়ে ৰʼল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *