ফটাপ্ৰেম-বাগ্মিতা ৰাজখোৱা বৰকাকতি
মেট্ৰিক পাছ কৰি আহি নগাঁৱৰ জুনিয়ৰ কলেজ এখনত নাম ভৰ্তি কৰিছিলোঁ। কাৰ্বি আংলঙৰ পৰা হায়াৰ চেকেণ্ডেৰী পাছ কৰি ইংৰাজীত মেজৰ লৈ ডিগ্ৰী পঢ়িবলৈ অহা বাইদেউ এজনীৰ লগতে এটা প্ৰাইভেট হোষ্টেলত একেলগে থাকিবলৈ ল’লোঁ। সুন্দৰকৈ থকা আৰু বুদ্ধিদীপ্ত পুৰুষৰ প্ৰতি দুৰ্বলতা যেন মোৰ জন্মগত আৰু তেনে পুৰুষ পতকৈ মোৰ ক্ৰাছ হৈ পৰাটো তেনেই সাধাৰণ কথা।
জুনিয়ৰ কলেজখনত ক্লাছ কৰি থকা এসপ্তাহ মান হৈছিল। তেনেতে এদিন আমাৰ ওপৰৰ ক্লাছৰ ল’ৰা এজনলৈ চকু গ’ল। তেওঁ লগৰ তিনিজনমানৰ লগত কিবা কিবি কথা পাতি আছিল। ৱাহ, কি সুন্দৰ ব্যক্তিত্ব! খোজ কাটলয়েই চাবা নে লগৰ বিলাকৰ লগত কথা পাতোঁতে তেওঁৰ শাৰীৰিক ভঙ্গীমায়েই চাবা! একদম যেন মোৰ মনে বিচৰা হিৰ’জনেই…” দেখা জ’ তুঝে য়াৰ, দিল মে বজী গীটাৰ…”ৰ দৰে অৱস্থা তেতিয়া মোৰ।
আমাৰ যেতিয়া ক্লাছ নাথাকে তেতিয়া মোৰ লগত নতুনকৈ বন্ধু হোৱা আৰু ইতিমধ্যে কিছু ফ্ৰি হোৱা বান্ধৱী এজনীক লৈ সিহঁতৰ ক্লাছৰ ফালে যাওঁ। যাওঁতে ডিঙি মেলি মেলি চাই যাওঁ কিজানি হিৰ’ক দেখোঁৱেই। মোৰ বান্ধৱীজনীক তেতিয়ালৈকে কোৱা নাছিলোঁ যদিও তাই মোৰ কাৰবাৰ বিলাকত কিবা এটা সন্দেহ কৰিলে। ময়ো ভাবিলোঁ অকলে মোৰ দ্বাৰা একো নহ’ব গতিকে তাইক কথাটো কৈ দিয়াই ভাল হ’ব। সেয়ে ল’ৰাটো দেখুৱাই মোৰ যে তেওঁক বিৰাট ভাল লাগে কথাটো তাইক ক’লোঁ। বান্ধৱীজনীয়ে বোলে ” ৰ’বা, সেইটো ক্লাছত মোৰ ঘৰৰ ওচৰৰ বা এজনী আছে, তাইৰ লগত মোৰ ভাল, তাইৰ পৰা মই সকলো উলিয়াম..এখেত কি, ক’ত আৰু কিয় বিখ্যাত”!
পাছত বান্ধৱীৰ পৰা গম পালোঁ যে টাউনৰে ল’ৰাজন নগাঁৱৰ এখন প্ৰসিদ্ধ ইংৰাজী মাধ্যমৰ স্কুলৰ পৰা অহা। ইংৰাজীত বেছ চোকা, ল’ৰাটো ভাল আৰু কোনো ছোৱালীৰ লগত তেতিয়ালৈকে একো হিয়া দিয়া নিয়া হোৱাৰ তথ্য নাই।
কথাখিনি গম পাই মনৰ গীটাৰখন এল মেজৰ মানে লাভ মেজৰ কৰ্ডত আকৌ এবাৰ বাজি উঠিল। পিচে এতিয়া চিন্তাটো হ’ল তেওঁক কথাটো জনোৱা যায় কেনেকৈ। তেতিয়া মোবাইল ফোন নাছিল আৰু বেলেগৰ হতুৱাই কোৱাবলৈ মোৰ মন নাছিল। যিহেতু কিবা গৰবৰ হ’লে আকৌ কলেজত সবেই গম পাব আৰু মোৰ নাক কাণ কটা যাব। সেয়ে চিঠি এখন লিখি সুবিধা বুজি তেওঁক দিয়াটোকে ঠিক কৰিলোঁ।
এদিন ক্লাছ নথকা সময়ত কলেজৰ ৰূম এটাত আমি দুজনী বহি তালৈ চিঠি এখন লিখিবলৈ ল’লোঁ। কঁপা কঁপা হাতেৰে ময়ে আৰম্ভ কৰিলোঁ …মৰমৰ…. এইটো শব্দ লেখাৰ পাছতে লগৰজনীয়ে বোলে, “ঐ, ৰ’বা, ইংৰাজী মেডিয়ামৰ পৰা অহা ল’ৰা, অসমীয়া পঢ়িব পাৰিব জানো? বুজি নাপাই যদি বেলেগক পঢ়িব দিয়ে তেতিয়া তোমাৰ ইজ্জত কা ফালুদা বনি যাব দেখোন! ইংৰাজীত লিখিব লাগিব বুজিছা”!
ইংৰাজীত লিখাৰ কথা কওঁতে হাত ভৰি আৰুহে কঁপিবলৈ ধৰিলে, কি লিখোঁ, যদি বানান ভুল হয়, যদি গ্ৰামাৰত ভুল হোৱা বুলি ধৰে! নহ’ব দেই মোৰ দ্বাৰা ইংৰাজীত প্ৰেমপত্ৰ। বান্ধৱীজনীও একেই, তায়ো ইংৰাজীত ওস্তাদ নহয়। কি কৰোঁ কি নকৰোঁ চিন্তা কৰি কৰি হঠাৎ মোৰ ৰূমমেট বা জনীৰ কথা মনলৈ আহিল। বায়ে ইংৰাজীত মেজৰ লৈ পঢ়ি আছে, গতিকে বাকে ক’ব লাগিব আৰু যি হয় হ’ব!
সেইদিনা কলেজৰ পৰা ঘূৰি যাওঁতে বাৰ কাৰণে এটা চকলেট লৈ গ’লোঁ। বাজনী ৰূমতে আছিল ফ্ৰি হৈ, গতিকে চকলেটটো আগবঢ়াই লাজ লাজ কৈ কথাখিনি ক’লোঁ আৰু ইংৰাজীত তেওঁ মোৰ প্ৰেমপত্ৰখন লিখি দিবলৈ অনুৰোধ জনালোঁ। বায়ে বোলে চিন্তা নকৰিবি মই ইমান ধুনীয়াকৈ লিখি দিম, তাৰ কি তাৰ বাপেকেও না কৰিব নোৱাৰিব। মই বোলো বিয়া হোৱাৰ কথা অহাই নাই যেতিয়া বাপেকক নেলাগে বাৰু প্ৰথমে পুতেকে না নকৰিলেই হ’ল !
কথামতেই বাজনীয়ে খুব ধুনীয়াকৈ ইংৰাজীত চিঠি এখন লিখি দিলে, কথাৰ মাজে মাজে দুটামান সুন্দৰ প্ৰেমৰ ইংৰাজী কবিতাত দুই চাৰি শাৰী ভৰাই দিলে। সেইদিনা ৰাতি মই চিঠিখন চাগৈ এশবাৰ মান পঢ়িলোঁ। তাৰ পাছত চিঠিখনতে তিনিটামান চুমা খাই কলেজলৈ লৈ লোৱা বেগটোত ভৰাই থ’লোঁ।
পাছদিনাৰ পৰা বেগত চিঠি লৈ আমাৰ দুজনীৰ তেওঁক কেনেকৈ অকলশৰে লগ পাব পাৰোঁ তাৰ সন্ধানত অহা যোৱা চলি থাকিল। পিচে নাই, তেওঁ অকলে নাথাকেই অনবৰতে লগত কোনোবা থাকেই। কলেজলৈ আহোঁতেও যাওঁতেও আৰু কলেজত থকা সময়খিনিতো লগত কোনোবা এটা থাকিবই। এই দৰেই চিঠি দিম দিম বুলি দিনৰ পাছত মাহেই পাৰ হ’ল। সিহঁতৰো ফাইনেল পৰীক্ষা ওচৰ চাপিল আৰু কলেজলৈ কমকৈ অহা হ’ল। তেনেতে আমিও এটা দীঘলীয়া বন্ধ পাই ঘৰলৈ গ’লোঁ। ঘূৰি আহি অন্তিমবাৰৰ বাবে এটা চেষ্টা কৰিম বুলি মনতে ভাবি আছিলোঁ কাৰণ আৰু কিছুদিনৰ পাছত ফাইনেল পৰীক্ষা দি ক’ৰ ল’ৰা ক’লৈ যাবগৈ আকৌ চাগে ক’ত লগ পাম!
সেইদিনা কলেজ পোৱাকৈ ৰাতিপুৱাই ঘৰৰ পৰা আহিলোঁ। লৰালৰিকৈ কলেজলৈ ওলাই বেগটো লওঁতেই মন কৰিলোঁ মই বেগটোৰ চেইণ ডাল বন্ধ নকৰাকৈ থৈ গৈছিলোঁ। কিতাপখিনি ভৰাবলৈ বেগটো মেলি লওঁতেই তিনি চাৰিটা মান পঁইতাচোৰা বেগটোৰ পৰা ওলাই লৰ মাৰিলে। বেগত হাত ভৰাই চিঠিখন উলিয়াই আনি দেখোঁ মোৰ মৰমৰ চিঠিখন গোটেই ফুটা ফুটা আৰু উৱলি যোৱাৰ দৰে হ’ল। মনৰ দুখতে ভাবিলোঁ, যা বাদ দে আৰু এইবোৰ, ইয়াৰ সৈতে প্ৰেম কৰা মোৰ ভাগ্যত নাই….
মোৰ প্ৰেম পঁইতাচোৰাই খালে!
☆ ★ ☆ ★ ☆
3:05 pm
হে ভগবান! এনেকুৱা কেচ নেকি?