শনিবাৰৰ এঘণ্টাৰ শনি-প্ৰয়াত প্ৰাণজিৎ বৰুৱা
সন্ধিয়া ৫.৩০ বাজিছে। টিউচন এটা আছিল বুলি মনত পৰিল। লগে লগে সাজু হ’লোঁ। ২০ মিনিটমানৰ ভিতৰতে ৰেডি হৈ যাবলৈ ওলাইছোঁহে HTC ফোনটো বিচাৰি পোৱা নাই। সকলোতে বিচাৰি নাপায় শেষত বিচনাৰ কম্বলখন জোৰেৰে আঁতৰাই দিছিলোঁহে ফোনটো দেৱালত লাগি বিছনাত মোৰ সন্মুখত হাজিৰ। হিঃ হিঃ কৰি ফোনটোৰ টেম্পাৰড গ্লাছখনে তিনিটা দাগেৰে যেন মোক কৈ দিলে বেটা সাজু হ,
আৰম্ভটোৰ আজিৰ শনিবাৰৰ শনিময় ঘণ্টা।
ঠাণ্ডা ইমান নাই, জোতা পিন্ধাৰ এলাহত চেণ্ডেলজোৰকে পিন্ধিবলৈ বিচাৰিলোঁ। কিন্তু শনিৰ প্ৰকোপ পৰিলে ক’ত পায়। নাপালো, শেষত দেউতাৰযোৰকে পাই পিন্ধি লৈ
প্ৰভুক সোঁৱৰি এক্টিভাখন ষ্টাৰ্ট দিলোঁ।
অলপ দূৰ গৈ ফোনটো উলিয়াই চাওঁ, এটা মিছ কল। কোননো বুলি চালো টিউচন কৰা ল’ৰাটোৰ দেউতাকৰ মিছদ কল। কিনো হ’ল বুলি ভয়ে ভয়ে লগালো ভবাটোৱেই হ’ল, পৰিয়ালৰ সৈতে আজি থিয়েটাৰ চাবলৈ যাব বাবে টিউচন আহিবলৈ মনা কৰিবলৈকে ফোন কৰিছিল। মইহে গম নাপালোঁ। গমনো ক’ত পাম বেকত যিহেতু শনি!
বাৰু যি হ’ল হ’ল আহিলোঁ যেতিয়া কিবা এটা খাই অহাই ভাল। মই টাউনলৈ আহিলে মানে মুখত কিবা এটা দিব নাপালে শান্তি নাপাওঁ। সেইবুলিয়ে বাছ ষ্টেণ্ডৰ ফাষ্ট ফুডৰ দোকানখনত গৈ এ’গ চাও এক প্লেটৰ অৰ্ডাৰ কৰিলোঁ।
ভাগ্য ভাল থকাৰ বাবেই ২০ মিনিটৰ মূৰত অৱশেষত মোৰ ভাগটো পালোঁ। কিন্তু হ’লে কি হ’ব বোলে শনিবাৰে ওলাই যাবি ভালকৈ মজা পাবি এনেকুৱাকৈ বেক গ্ৰাউণ্ড মিউজিক এটা বাজি আছেই নহয়। গতিকে সেই দেই যোৱা তিতা তিতা লগা এখিনিহে ভাগত পৰিল। আজি ভাবিয়েই আছিলো এনেকুৱা এটা হ’ব পাৰে বুলি যেতিয়া, বিনা প্ৰতিবাদে খায়ে দিলোঁ।
তাতে কিনা চাওমিনৰ চচলৈকে সোৱাদ বুলি কথা এটা আছেই।
পইচাটো দি এইবাৰ আন এটা কাম আছিল বাবে লৰালৰিকৈ আহিব লৈছিলোঁহে, ঘটনা ঘটিলেই নহয় আৰু এটা। ঘটনা মানে পিন্ধি অহা দেউতাৰ চেন্দেলযোৰ চিগি থাকিল। মই এইবাৰ একেবাৰে নিশ্চিত আজি শনিবাৰ নোহোৱা হ’লে এইযোৰ চিঙাৰ সম্ভাৱনীয়তা দশমিক শূন্য শূন্য একেই থাকিল হয়। বাৰু যি হ’ল হ’ল আৰু ইমানবোৰ বেয়াৰ মাজত কিবা এটা ভাল হওক বুলি সেইদিনা কাম এটাৰ বাবে লাভ কৰা তেল দহ লিটাৰৰ কুপনখন লৈ তেল দিপোলৈকে ওলালোঁ তেল অলপকে ভৰাই আনো বুলি।
কিন্তু হ’বলগীয়া আছেই যেতিয়া কি ভাল ডাল হ’ব আৰু য’ত শনিৰ প্ৰকোপ পৰে তাতে কোনে কিডাল কৰিব পাৰে…
তেল দিপোৰ কৰ্মচাৰীজনে কওঁতেহে চালো দাদা এইখন ডিজেলৰ শ্লিপ ইয়াত পেট্ৰল নাপাব নহয়, ভুলতে দিলে চাগৈ শুধৰাই আনিব লাগিব। মই বোলো হয় নেকি এইটোহে বাকী আছিল আৰু আজি, হ’ব দিয়ক ধন্যবাদ ! আহিছোঁ।
মই বোলো ঘৰলৈ যোৱাই ভাল হ’ব আৰু ক’তো নোসোমাও দেই প্ৰভু!
কিন্তু আই অ’ (চেনি )শনি যাবি কেনি বুলি যেন বাট ভেটি ধৰিবলৈ ৰৈয়ে আছিল প্ৰভুয়ে। এইবাৰ মোৰ মানে মোৰ এক্টিভাৰ হেড লাইটত ধৰিবলৈও বাদ নিদিলে শনি দেৱতাই। কথা নাই বতৰা নাই ফিউজেই হ’ল নহয়। তাকো ট্ৰেফিক পুলিচ জনাই নোকোৱা হ’লে গম নাপালোৱেই হয়। হাঁহিমেই নে কান্দিম ভাবি বিচাৰি বিচাৰি কোনোমতে আহি টকা তিনিশ শৰাধ কৰি অৱশেষত ভাল কৰিলোঁ লাইটটো। এইবাৰ নহ’ব ক’তো ৰোৱা নহ’ব। শনি দেৱতাক সন্মানেৰে ভক্তিভাবেৰে প্ৰণাম কৰি লাহে লাহে এক্টিভা চলাই ঘৰ পালোঁহি।
আহি পাই এক দীঘল উশাহ লৈ ঘৰ সোমাইছোঁ আৰু, শনি দেৱতাৰ শেষ অস্ত্ৰ মানে ভনীৰ হতুৱাই বকনি আৰম্ভ কৰালে নহয়, অথনি খাবলৈ দিয়া জলপানৰ বাটিটো বিচনাত এৰাৰ পৰা আৰম্ভ কৰি এই কথাখিনি লিখি থকাৰ বাবে ভাত খাবলৈ নোযোৱালৈকে মানেই শেষ হোৱাই নাই আৰু।
যাওঁ বুইছে গতি বিষম হোৱাৰ আগতেই,
আপোনালোকে নিজৰ বুলি পঢ়িলে পঢ়িব নপঢ়িলে নাই,
মোৰ শনি ভাঙো আৰু শনিবৰীয়া শনি সেৱাৰে মাৰিছোঁ সামৰণি, খাওঁগৈ ভাতত আলু আৰু বইল কণী।
ক্ষেমিব দেই ৰাইজ জয় জয় শ্ৰী শনি…
☆ ★ ☆ ★ ☆