ফটাঢোল

আচলীকাইৰ লাভ ষ্ট’ৰি-অসীম বৰা

এনেই আচলীকাইৰ জীৱনত বহু লাভ ষ্ট’ৰি আছে৷ তাৰে এটাৰ কাহিনী আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ‌।

আচলীকাইৰ খুড়াকৰ জীয়েকৰ বান্ধৱীজনীক আচলীকাইৰ মনে খাইছে। মনে খাইছে মানে এক তৰফা প্যাৰ৷ ভনীয়েকৰ ঘৰলৈ বন্ধৱীজনী অহাৰ খবৰ পালেই আচলীকাই আমাৰ আড্ডালৈ বৰকৈ নাহে৷ নাহে মানে ভনীয়েকৰ কলেজীয়া বান্ধৱীজনী ভনীয়েকৰ ঘৰত থকালৈকে তাৰ দেখা- দেখি নহয়েই। সেইকেইদিন সি ভনীয়েকহঁ‌তলৈ বুলি চানা – চিপচৰ পেকেট লৈ এনিটাইম হাজিৰ হৈ থাকেই৷ লগতে খূড়াকৰ ঘৰত উপযাচি যি- টি কাম কৰি সি তাৰ ক্ৰাচজনীৰ এটেনচন পাবলৈ অহৰহ চেষ্টা কৰি থাকে।  

ছমাহমানৰ চেষ্টাৰ বলত তাৰ প্ৰেমে অলপমান হয়তো সফলতা পাবলৈ আৰম্ভ কৰিলে। মানে ছোৱালীজনীয়ে তাক অলপ ভাও দিবলৈ ধৰিলে৷ ভাও মানে ছোৱালীজনীক বাইকত উঠাই ঘৰত থ’ব পৰা হ’লগৈ৷ কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিব পৰাৰ সাহস, সুবিধা মিলা নাছিল। ফোন নম্বৰ লৈ  ফোনতে ক’বলৈও ছোৱালীজনীৰ নিজা মবাইল নাছিল।

তাৰ অনুৰোধ পেলাব নোৱাৰি ভনীয়েক আইজনীয়ে কথাটো বান্ধৱীজনীক ক’লে। তাইও ভনীয়েকক ক’লে — “ভাল পাই যদি, লগতে মতা মানুহ হয় যদি নিজ মুখেৰে ক’বলৈ ক’বি।”

আঃ আচলীকাইক কোনে পাই এইবাৰ। তাৰ মানে জুই সিফালৰ পৰাও লাগি আছে। সেই সময়তে সোণালী সুযোগ আহিল৷ আচলীকাইৰ ক্ৰাচজনীৰ গাঁৱত কাৰোবাৰ বিয়া। দৰা যিহেতু মোৰ কলেজীয়া বন্ধু এটাৰ ককায়েক গতিকে বিয়ালৈ মোক মাতিছে। বিয়ালৈ আচলীকাইৰ ভনীয়েককো মাতিছে। আৰু ভনীয়েকৰ লগত বিয়ালৈ যোৱাৰ দায়িত্ব ভাৰ তাৰ। ভনীয়েকক বাইকত তুলি বিয়ালৈ নিব, লগতে তাৰ ক্ৰাচজনীক প্ৰপোজ দিব৷ এনে সূৱৰ্ণ সুযোগত ত্ৰুটি ৰাখিব নোৱাৰি। গতিকে আইডিয়া ল’বলৈ আমাৰ ওচৰ পালেহি৷ 

আমিও আইডিয়া দিলোঁ‌ — অকল মূখেৰে ক’লেই নহ’ব, হাৰ্টৰ ডিজাইনৰ কাৰ্ড এখন, দামী চকলেট এটা,  লগতে কিবা গিফ্ট এটা পেকিং কৰাই আনিবি।

সেইমতে সি আনিলে। তামাম আবেগ ঢালি,  দুই- এটা ইংলিচ শব্দ লগাই তাৰ কাৰ্ড লিখি দিলোঁ‌৷

সকলো পৰিকল্পনা হৈ গ’ল। বিয়াৰ দিনা সি ভনীয়েকক লৈ ৰাতিপুৱাই যাব৷ মই আৰু আন এটা সন্ধিয়া যাম। দৰা যোৱাৰ পাছত সুবিধা বুজি সি প্ৰেমৰ প্ৰস্তাৱ দিব আমাৰ সন্মূখতে।

সন্ধিয়া আমি বিয়া ঘৰ পালোঁ‌গৈ৷ আচলীকাইৰ ৰেহ – ৰূপ দেখি গম পালোঁ‌ দিনটোৰ ভিতৰতে সি ভাল ঠাই বনাই ল’লে৷

কলেজীয়া বন্ধুৱে পিছফালৰ ভড়াঁলৰ তললৈ তিনিওটাকে মাতি নিলে তাতে তিনিওটাই দুই এপেগ খালোঁ‌। 

দৰাও কইনা আনিবলৈ গ’ল, বিয়াঘৰ খালী হৈ পৰিল। আচলীকাইৰ ভনীয়েক আইজনীক ক’লোঁ‌ – যা তোৰ লগৰজনীক মাতি দে,  মানুহো নাই এতিয়া৷

তাই ভিতৰলৈ গৈ লগৰজনীক মাতি আনিলেগৈ৷ লগত তাইৰ উপৰি আৰু দুজনী বডি গাৰ্ড৷ তিনিওজনী ৰভাৰ ভিতৰতে থকা ফুল এজোপাৰ আঁৰতে ৰ’ল৷ আইজনী আমাৰ ওচৰ পালেহি৷

তাইক ক’লোঁ‌ – তই,  ইয়াতে বহি থাক৷ তই ওচৰত থাকিলে ই লাজতে ভালকৈ ক’ব নোৱাৰিব৷

তাই মোৰ কাষতে বহিল৷

তেতিয়াই ছোৱালীজনী ফুলজোপাৰ আঁৰৰ পৰা অলপ পোহৰলৈ আহিল। এযোৰ আকাশী নীলা কাপোৰ,  ওপৰলৈ বন্ধা খোপা,  ৰঙা বগা পৰা গাল,  গালৰ কাষেৰে বৈ পৰা দুডালমান চুলি,  বেৰিয়া গজা দাঁতেৰে মিচিকিয়াই হাঁহি আমাৰ ফালে চাইছে৷ উফ, অপূৰ্ব! এনে লাগিছে যেন মোলৈহে চাইছে৷

লগৰটোৰ ঘৰলৈ আহোঁতে এদিনো নেদেখিলোঁ‌ কেনেকৈ তাইক। ইয়াক  যদি কেনেবাকৈ  ৰিজেক্ট কৰে, তেতিয়া হ’লে…..( মনতে ভাবিলোঁ‌)  

এইফালে আকৌ আচলীকাইয়ে কাণত ফুচফুচাই সুধিছে — কি বুলি ক’ম ন৷ ক’ আকৌ।

– যা যি মন যায় ক’গৈ৷ এতিয়া শিকাবলৈ টাইম আছে নেকি যা?  ( মোৰ দৃষ্টি ছোৱালীজনীৰ ফালে, চুলি কেইডালত এনেয়ে হাত ফুৰালোঁ‌।)  

আচলীকাই উঠি গৈ তাইৰ ওচৰ পালেগৈ৷ ছোৱালীজনীয়ে তলমুৰ কৰি,  লাজতে গালৰ চুলি কেইডাল চিজিল কৰিছে। ( বাঃ কি ধুনীয়া দৃশ্য ) 

আচলীকায়ে ৰভাৰ খুঁ‌টা এটাত লাহেকৈ আওঁজি,  সোঁ ভৰিটো বাওঁ ভৰিৰ ফালে ক্ৰচ কৰি হিৰো ষ্টাইলত খাৰা হৈ হাতৰ উপহাৰৰ পেকেটটো আগবঢ়াই দিলে৷ 

তায়ো লওঁ নলওঁ কৈ লাজে লাজে হাতখন আগবঢ়াই আনোঁ‌তেই —

ঘাৰাম৷

খুঁ‌টা- চুটা ভাঙি আচলীকাই হামখুৰি খাই পৰিলগৈ,  গিফ্টৰ পেকেট ক’ৰবাত সোমালগৈ৷

কিবা বুজি পোৱাৰ আগতেই ছোৱালীজনী ভিতৰলৈ দৌৰিলে। পিছে পিছে আইজনীহঁ‌তো দৌৰিল৷ আচলীকাই ধৰফৰাই উঠিল। 

ওচৰ চাপি গৈ সুধিলোঁ‌- কি হ’ল পৰিলি কেনেকৈ?  দুপেগহে খাইছিলি?  

– ধূৰ ( অশ্লীল)। খুটাটো পুতাই নাছিল। এনেই লগাই থৈছিল৷ মই আওজি দিলত হাওলি গ’ল ( অশ্লীল)  – প্ৰচণ্ড খঙেৰে আচলীকাইয়ে ক’লে৷

– হ’ব দে যি হ’ল হ’ল। এতিয়া বহি ল। আইজনীক কৈ আকৌ মাতি পঠিয়াম৷ এইবাৰ এক্টিং কৰি নাথাকিবি,  চিধা দমত ক’বি।

খন্তেক পাছতে আইজনী আহিল। আমি কিবা কোৱাৰ আগতেই বকিবলৈ লাগি গ’ল —

– মদসোপা হজম কৰিব নোৱাৰিলে খাৱ কেলৈ? তাই ভিতৰত কান্দি কান্দি মোকে গালি পাৰিছে।  কৈছে বোলে, “ইমান মদাহী মানুহ জীৱনত দেখা নাই৷ প্ৰপ’জ কৰাৰ টাইমতে খাই ফিটিং হৈ মানুহৰ আগতে লুটি খাই পৰিছে, এনেকুৱা ল’ৰা এনেও নালাগে৷ আৰু মুখৰ আগত নাহিবলৈ ক’বি।” 

(আচলীকায়ে বহু দিনলৈ পেণ্ডেলৱালাটোক বিচাৰি আছিল, প্ৰতিশোধ ল’বলৈ।)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *