ফটাঢোল

মোৰ ‘বাচন্তী’ৰ লগত এদিন-কল্পনা প্ৰিয়দৰ্শিনী বৰগোহাই

‘শ্বোলে’ চিনেমাৰ নায়িকা হেমা মালিনীৰ ঘোঁৰাগাড়ীখন মনত আছেনে? দৈনন্দিন কাম-কাজৰ বাবে ময়ো তেনে এজনী ‘বাচন্তী’ পুহি ৰাখিছোঁ৷ পাৰ্থক্য বুলিবলৈ বাচন্তীয়ে ঘাঁহ খাইছিল আৰু মোৰখনে তেল খায়৷ ‘খাই’ বুলি ক’লে ভুলেই হ’ব- মানে হোৰাহোৰে পিয়ে৷ তথাপি চলি থাকোঁ সেইখনৰ ভৰষাতে৷ ৰাতিপুৱাই অলপ ওলাই যাওঁ বুলি মোৰ বাচন্তী মানে স্কুটীখন ষ্টাৰ্ট দি দেখোঁ তেল একেবাৰে নাই, যেনেতেনে তেল ডিপো এটা পালেগৈয়ো হ’ব বুলি  ওলাই আহিলোঁ। 

আজিকালি ইমান যে কথা পাহৰিবলৈ লৈছোঁ। এনেকৈ তেলৰ কথা ভাবি থাকোঁতে ঘপহকৈ মিঠাতেললৈ মনত পৰিল। মিঠাতেলো শেষ হ’বৰ হৈ আছিল, আজি অলপ লৈ যাব লাগিব। মিঠাতেলৰ কথা ভাবোঁতে মাংসলৈও মনত পৰিল, সেয়ে মাংসৰ দোকানত গৈ মাংস অকণমান ল’লোঁ। কিন্তু হঠাৎ মনত পৰিল আজি ঘৰত জলকীয়া আৰু বিলাহী নাই৷ সেয়ে চবজী বজাৰত সোমাই জলকীয়া আৰু বিলাহী অলপ ল’লোঁ যদিও মনটো বেয়া লাগি থাকিল, শাক পাচলিৰ যে ইমান দাম বাঢ়িছে, পিয়াঁজৰ দাম আশী টকা হ’লগৈ আৰু  চল্লিছৰ তলত ভাল খাব পৰা চাউলো নাপায়। এনেকুৱা হ’লে আমাৰ দৰে মানুহৰ বাবে দেখোন খাবলৈ  একোৱেই নাথাকিবগৈ! 

সেইদিনা মোৰ সন্মুখতে এগৰাকী মানুহে চাউলৰ দাম সুধি  সুধি শেষত আধাকেজি চাউল লৈ সেমেকা মনেৰে ঘৰলৈ গৈছিল। দেখি বৰ বেয়া লাগিল যদিও মোৰ পইচা দি দিবলৈ মন নগ’ল কাৰণ জীৱন  যুদ্ধত হাৰিলেও জিকিলেও সকলোৱে নিজৰ যুঁজ নিজেই দিব লাগিব৷ সৰু সৰু সহায়ৰ হাতবোৰে মানুহক দুৰ্বল কৰে বুলিহে মই ভাবোঁ।

বস্তুৰ দাম দেখিয়েই বহুত দিন হ’ল মিঠাই কিনিয়ে পোৱা নাই। আজি ভাবিলোঁ কাষতে থকা হোটেলখনৰ পৰা  মিঠাই অলপ লৈ যাওঁ, বহুত দিন মিঠাই চাহ খোৱা নাই। লগালগ আকৌ গাখীৰ চাহ কাপলৈ ইমান মনত পৰিলে। গাখীৰ চাহ কিন্তু এইবাৰ ঘৰলৈ যাওঁতে আমাৰ বৌৱে বহুত ধুনীয়া  একাপ খুৱাইছিল। পিচে খুৱালে কি হ’ব, চাহ একাপ খুৱাই দুপৰীয়া ভাত সাঁজ মোকে ৰান্ধিবলৈ দিলে। টিঙিচকৈ খং এটা উঠি আহিছিল যদিও বৌজনীয়ে যে বহুত মৰম কৰে তাকে ভাবি খং ৰাগবোৰ নাইকিয়া হৈ গ’ল৷ অহ, পাহৰিছিলোঁৱেই, বৌৰ গাটো বৰ ভাল নহয়, ঘৰত গৈয়ে এটা ফোন কৰি খবৰ ল’ব লাগিব। ফোন বুলি কওঁতে আকৌ মনত পৰিল ফোনটোৰ  টেম্পাৰ্ড গ্লাচখনো সলাব হৈ আছে নহয়,  ভাবিলোঁ মনত পৰোঁতেই সেইখনো সলাই লওঁ। 

হোটেল এখনত এফালৰ পৰা মিঠাইৰ দাম সুধি সুধি শেষত কাটা বিস্কুটৰ পেকেট এটা লৈ দহ টকা এটা উলিয়াই দিলোঁ। মানুহজনে যিটো চাৱনি দিলে যেন তাক মই একামোৰ মাৰিহে দিলোঁ। তাৰপিছত  মোবাইল দোকানত গৈ টেম্পাৰ্ড গ্লাচখন ঠিক কৰি ল’লোঁ। মোবাইল দোকানৰ ল’ৰাটো যে  একদম মোৰ ভতিজাটোৰ দৰে দেখাত। ভতিজাটোলৈ বৰকৈ মনত পৰে কেতিয়াবা, এতিয়া যোৰহাটত  থকা হ’লে কিমান বাৰ যে আহিলহেঁতেন মোৰ ওচৰলৈ!  লগতে  ভাগিনটোও আহে। সিহঁত দুইটা হাইদৰাবাদত আছেগৈ। হঠাৎ মনত পৰিল বাৰ শাহুয়েকৰো বেমাৰ নহয়, তাইকো ফোন এটা কৰিব লাগিব। তেনেতে মোৰ ল’ৰাটোৰ ফোন আহিল আৰু সি ক’লে হোৱাটচ এপত কেইটামান পিকচাৰ  দিছোঁ প্ৰিণ্ট আউট কৰি আনিবা। হোৱাটচ এপটো খুলি চাই দেখোঁ মোৰ ভাল লগা মানুহজনৰ এটা মেচেজ “‌কি খবৰ?” মনটো ভাল লাগি গ’ল। 

জেৰক্সৰ দোকানত গৈ প্ৰিণ্ট আউট উলিয়াই ল’লোঁ। মনটো ভৰি আছে ভাল লগা মানুহজনক ঘৰত গৈ ৰিপ্লাই দিম। কি বুলি দিম, কেনেকৈ দিম ভাবি আহি থাকোঁতেই হঠাৎ অনুভৱ হ’ল ঠাণ্ডা লাগিছে দেখোন। এই আহিন কাতি মাহত সময়বোৰ বৰ আচহুৱা, গৰম কাপোৰো পিন্ধিব নোৱাৰি আৰু নিপিন্ধিলেও ঠাণ্ডা লাগে। এইবাৰ নতুনকৈ এটা  জেকেট ল’ব লাগিব বহুত দিন হ’ল চুৱেটাৰ লোৱা নাই এইবাৰ এটা চুৱেটাৰো ল’ব লাগিব। মিণ্ট্ৰাৰ পৰাই ল’ম আৰু!

এনেকৈয়ে আহি আছোঁ অভাৱ এখিনি আৰু চৰকাৰৰ প্ৰতি ক্ষোভ এখিনি লৈ। আজি কিয় জানো স্কুটীখনত  গৈ কিবা এটা ভাল লাগিছে দেখোন। যেন গৈয়ে থাকিম গৈয়ে থাকিম। সকলো চিন্তা  এৰি শূন্যত  ওপঙি থাকিম। এয়া কি  হঠাৎ  স্কুটীখনৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল। এতিয়াহে মনত পৰিছে বহুত  দিন হ’ল এইখন  চাৰ্ভিচিঙত দিয়া নাই। অৱশ্য  সময়ৰো অভাৱ। অকলশৰীয়া হৈ কেতিয়াবা  ভুল কৰিলোঁ যেনো অনুভৱ হয় । ভাগৰ লাগে মোৰো। কিন্তু লগত থাকি পিঞ্জৰাত বন্দি হৈ থকাতকৈ অকলশৰীয়া আৰু মুক্ত জীৱনটো বহুত ভাল। এহ মনটোৱে বেয়া লাগি গ’ল নহয়। কি কৰোঁ কি নকৰোঁ কৰি স্কুটীখন ঠেলি ঠেলি চিনাকি গেৰেজ এটালৈ লৈ গৈ আছোঁ। তেনেতে মনলৈ আহিল ইচ ৰাম আজি ল’ৰাটো  লগত থকা হ’লে কিমান যে  লাজ কৰিলেহেঁতেন এনেকৈ স্কুটীখন ঠেলি নিয়া দেখি৷ কিয় জানো সি ইমান লাজ কৰে এইবোৰ কথাত। মই কিন্তু নকৰোঁ। জীৱনৰ সংঘাতত মোৰ লাজ  একপ্ৰকাৰৰ নাইকিয়া হৈ গৈ আছে দিনে দিনে৷ 

এইবোৰ ভাবি ভাবি আহি গেৰেজ পালোঁহি। দাদাজনক ক’লোঁ এইখন ঠিক কৰি দিয়ক বৰ কষ্ট পালোঁ আজি। দাদাজনে  এফালৰ পৰা খুলি খালি চাই দেখে ষ্টাৰ্ট  নহয় হে নহয। বহুত সময়ৰ পিছত মোলৈ চাই এনেই সাধাৰণ ভাবে সুধিলে তেল ঠিকে আছে নহয়? তেতিয়াহে মোৰ  হাঁহিম নে কান্দিম লাগিবলৈ ধৰিলে। ঘৰৰ পৰা প্ৰথমে স্কুটীত তেল ভৰোৱাৰ উদ্দেশ্য লৈয়ে আৰম্ভ হৈছিল আজিৰ যাত্ৰা। কিন্তু এয়া মই কি কৰিলোঁ, গোটেই পৃথিবীখনৰ কথা মনত ৰাখিলোঁ, মাজে মাজে যোৰহাট মৰিয়নি হাইদৰাবাদ পৰ্যন্ত ঘূৰি আহিলোঁ। আনহে  নেলাগে এইবাৰ কাক ভোট দিম তাকো ভাবি সিদ্ধান্ত ল’লোঁ কিন্তু পাহৰিলোঁ যদি তেল ভৰাবলৈহে পাহৰিলোঁ। নিজকে যদি দুজনী কৰি এজনী সন্মুখত ৰাখিব পাৰিলোঁহেঁতেন আজি নিজকে ‘ৰাম ধুলাই’ দিলোঁহেঁতেন। কিন্তু এইবোৰ ড’ৰেমনেহে কৰিব পাৰে। ড’ৰেমনৰ  কথা মনলৈ আহোঁতেই নিজক একদম ৱাৰ্ণিং দিলোঁ। খবৰদাৰ এইবাৰ তই আৰু ক’তো যাব নোৱাৰ তেল ডিপোৰ বাহিৰে। বাটত এটা দুটা নহয় তিনিটা ডিপো পাৰ হৈ আহিলোঁ তথাপিও মোৰ মনত পৰিব নেলাগেনে? এতিয়া  মেকানিক দাদাজনক কি কওঁ? তেখেতে যিটো বিশ্বাসত মোক তেল আছে নাই বুলি সুধিছে  সেইটো বিশ্বাসত আজিলৈকে তুমি বেয়া পাবা নেকি বুলিও কোনেও সুধি পোৱা নাই মোক। কি কৰোঁ নকৰোঁ কৈ নিজৰ গালতে এটা চৰ সোধাই দিলোঁ। 

দাদাজনে ঘপহকৈ চোৱা দেখি ক’লোঁ  বৰ ডাঙৰ ম’হ এটা পৰিছিল। তাৰ পিছত আৰু  ৰৈ নাথাকি  একো নোকোৱাকৈ ৰিক্সা এখনত উঠি চালকজনক ক’লোঁ, ব’লা তেল ডিপো এটাত ৰখাই দিবা। হাতত স্কুটীৰ ডিকিত থকা বটলটো…।

☆ ★ ☆ ★ ☆

3 Comments

  • Anonymous

    বহুত ভাল লাগিল পঢ়ি। একদম সাধাৰণ কিন্তু অসাধাৰণ♥️

    Reply
  • হেমন্ত কাকতি৷

    মজা লাগিল কাহিনীটো! আৰু লিখি থাকিবা৷

    Reply
  • Bagmita Borkakoty Borkakoty

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *