ফটাঢোল

হামদৈত এনিশা-আদিত্য জ্যোতি বৰঠাকুৰ

গোলাঘাটৰ বিখ্যাত হামদৈ পথাৰ। ৰাস্তাটোৰ দুয়োপাৰে দুখন বৃহৎ পথাৰ। গোলাঘাটৰ ফালৰ পৰা গ’লে বাওঁহাতৰ পথাৰখনত এখন শ্মশান। জনবসতি বুলিবলৈ বৰ বেছি মানুহ নাই। সন্ধ্যাৰ পাছত মানুহৰ আহ-যাহো যথেষ্ট কমি যায়। হামদৈ পথাৰ দিনত যিমান ধুনীয়া, ৰাতি সিমানেই জয়াল। দুয়োখন পথাৰৰ মাজৰ ৰাস্তাটোত হামদৈ পুল। আগতে বৃহস্পতিবাৰে হামদৈ পুলত বগা কাপোৰেৰে ডাঙৰীয়া বহি থাকে বুলি মানুহে বিশ্বাস কৰে। দুই এজনে দেখিছেও হেনো, বৃহস্পতিবাৰে ৰাতি বগা ঘোঁৰা এটাৰ ওপৰত উঠি বুঢ়া ডাঙৰীয়া ৰাস্তাত ঘূৰি ফুৰে…..দুই এজনে ঘোঁৰাৰ খোজৰ শব্দও শুনিছে। 

চাৰিজন বন্ধু ….. একেলগে হাট-বজাৰ কৰিয়েই সংসাৰ চলাই আছে। এবাৰ তাৰে তিনিজনৰ দক্ষিণহেঙেৰা বজাৰৰ পৰা ঘুৰি আহোঁতে তেওঁলোকৰ অলপ পলম হ’ল। আছিলো সেইদিনা বৃহস্পতিবাৰ, ঘোৰ অমাৱস্যা …বতৰো ডাৱৰীয়া, মুঠতে চোৰে চৰ মাৰিলেও নেদেখা ৰাতি। তেওঁলোকে নিজৰ মাজতে দিনটোত হৈ যোৱা বজাৰৰ কথা পাতি আহি আছিল। হঠাৎ হামদৈ পুল পোৱাৰ আগত তেওঁলোকৰ এজনে কিবা এটা দেখা যেন পালে। লগৰ আন দুজনক সেইফালে আঙুলিয়াই দেখুওৱাত তিনিওজনৰে তালুৰ আগৰে জীৱ যোৱা যেন অৱস্থা…..হামদৈ পুলত সাক্ষাৎ বগা সাজেৰে বুঢ়া ডাঙৰীয়া।

এনে অৱস্থাত কি কৰিব, কি নকৰিব ধৰিব নোৱাৰা হৈ তিনিও ভগৱন্ত প্ৰভূৰ নাম গুণ গাই লাহে লাহে পাছলৈ আহিবলৈ ধৰিলে। বেছিকৈ চিঞৰ- বাখৰ কৰিবলৈও ভয়, জানোৱা বুঢ়া ডাঙৰীয়াই কিবা দোষ ধৰে, বুঢ়া ডাঙৰীয়াই দোষ ধৰিলেতো আৰু নিস্তাৰ নাই, তাতে এইবাৰ বৰতলৰ ডাঙৰীয়া সকামলৈও এজনো নগ’ল। লাহে লাহে পাছলৈ আহি থাকোঁতে এজনৰ গাত ৰাস্তাৰ কাষৰ গছৰ সৰু ডাল এটা লগাত বুঢ়া ডাঙৰীয়াই ধৰিলে বুলি ভাবি “আই ঔ কে….” বুলি বিকট চিঞৰ মাৰি ঠাইতে পৰি গ’ল…. আৰু ৰোৱাৰ সকাম নাই, লগৰ দুজনে যেনেতেনে দাংকোলালৈ পৰি যোৱাজনক ধৰি বনগাঁও নোপোৱালৈকে উৰ্দ্ধশ্বাসে দৌৰিবলৈ আৰম্ভ কৰিলে। পৰি ৰোৱাজনক উঠাবলৈ লওঁতেই তেওঁলোকে দেখিলে যে হঠাতে বুঢ়া ডাঙৰীয়াও পুলটোৰ পৰা অদৃশ্য হৈছে, হয়তো চিঞৰ-বাখৰ ভাল নোপোৱা বুঢ়া ডাঙৰীয়া তাৰ পৰা গুচি গ’ল। পুলটো পাৰ হ’লেই ঘৰলৈ মাত্ৰ অকণমান বাট, হ’লেও মানুহকেইজনে সেইৰাতি হামদৈ পুল পাৰ হ’বলৈ সাহস কৰিব নোৱাৰিলে।

গোলাঘাট টাউনৰ ফালৰ পৰা আহিলে হামদৈ পুল নাপাওঁতেই এখন হোটেল আছে, নাম ‘দিং ডং হোটেল’। আচলতে সেইখন সকলোৱে সচৰাচৰ দেখাৰ দৰে হোটেল নহয়, তৰ্জা বেৰৰ ৰূম এটা মাত্ৰ। মানুহে সেইখনক কিয় হোটেল বোলে কোনেও নাজানে। দিনটো হোটেলখন বন্ধ থাকে, গধূলি সময়ত কেইজনমান নিৰ্দিষ্ট মানুহ তালৈ আহে আৰু সস্তীয়া মদ অকণ খাই নিজৰ মাজতে আড্ডা মাৰে। সেইদিনাও তাত মদৰ মেহফিল চলি থাকোঁতে ৰাতি বহুতেই হ’ল, সকলোৱে পাহৰি থাকিলে সেইদিনা যে বৃহস্পতিবাৰ আছিল…..ডাঙৰীয়াৰ বাৰ আছিল। অৱশ্যে এজন মানুহৰ বাহিৰে বাকী কেইজনৰ বাৰৰ‌ প্ৰতি মনত ৰাখিবলৈ একো দৰকাৰো নাছিল, তেওঁৰ বাহিৰে বাকী কেইজনৰ হামদৈ পুল পাৰ হোৱাৰ দৰকাৰো নাছিল। 

ৰাতি ন-মান বাজিছে, ঠাণ্ডা কালি ইমান সময় (সেই সময়ত) মানে বহুত ৰাতি, তাতে অমাৱস্যা ৰাতিৰ ডাৱৰীয়া বতৰ। কেউফালে নিজান…..মানুহজন ‘দিং ডং হোটেল’ৰ পৰা ওলাই ঘৰৰ ফালে ৰাওনা হ’ল। হঠাতে বৃহস্পতিবাৰৰ কথা মনত পৰি মানুহজনৰ অলপ ভয় লাগিল….হ’লেও ঘৰলৈতো যাবই লাগিব। মৰণত শৰণ দি লাহে লাহে মানুহজন ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে……মনৰ পৰা ভয় আঁতৰাবলৈ মাজে মাজে গান দুই-এটা, চিঞৰ দুটা এটা মাৰি গোলাপী নিচাত মানুহজন আগবাঢ়িল…..হামদৈ পুললৈ আৰু অলপ দূৰ। যিমানেই হামদৈ পুলৰ ওচৰ চাপি আহিল, মানুহজনৰ সিমানেই ভয় লাগিবলৈ ধৰিলে…..সচাঁকৈ যদি ডাঙৰীয়া ওলাই যায়, ডাঙৰীয়াই যদি দোষ ধৰে, তাতে ডাঙৰীয়াৰ দৰে একে বগা কাপোৰো পিন্ধি আহিছে….ডাঙৰীয়াই দোষ ধৰিলেতো আৰু নিস্তাৰ নাই ।…..লগতে ইমান দেৰী হোৱাৰ বাবে মানুহজনে মনে মনে নিজকে ধিক্কাৰ দিলে আৰু আগলৈ ইমান দেৰী কেতিয়াও নকৰে বুলি মনে মনে প্ৰতিজ্ঞা কৰিলে। লাহে লাহে পুলৰ ওচৰ পাই ভয়ে ভয়ে পুলৰ চাৰিওফালে চাই কাকো নেদেখি মানুহজনৰ সাহস অলপ ঘুৰি আহিল, অলপ ভয়টো ভাগিল….হয়তো মানুহে বুঢ়া ডাঙৰীয়া ওলাই বুলি এনেই কয়….হয়তো বুঢ়া ডাঙৰীয়া বুলি কোনো নাই।

পুলৰ ওচৰ পাওঁতেই মানুহজনৰ হঠাতে খুউব জোৰকৈ প্ৰস্বাৱ কৰিব লাগিল, হয়তো আগৰ পৰাই লাগি আছিল, কিন্তু ভয়ৰ বাবে পাহৰি আছিল। এতিয়া পুলৰ ওচৰ পাই পুলত কাকো নেদেখি আৰু মানুহজন ৰ’ব নোৱাৰা হ’ল। পুলৰ কাষত ৰৈ পথাৰৰ ফালে প্ৰস্বাৱ কৰিবলৈ লওঁতেই যিটো তেজ গোট মৰা চিঞৰ শুনিবলৈ পালে, তাৰ পাছত আৰু মানুহজনে একো ক’ব নোৱাৰিলে…..পুলৰ কাষতে তেওঁ বাগৰি পৰিল। পুলটো পাৰ হ’লেই বনগাঁও মাত্ৰ সেই অকণমান বাট, কিন্তু মানুহজন পুলটো পাৰ হ’ব নোৱাৰিলে।

প্ৰতি শণিবাৰে জামুগুৰিত এখন ডাঙৰ বজাৰ বহে। ডাঙৰ মানে বেচ ডাঙৰেই….আৰু বস্তুবোৰৰ দামো যথেষ্ট সস্তা। বজাৰখনলৈ স্থানীয় বেপাৰীৰ লগতে দূৰ-দূৰণিৰ পৰাও বেপাৰী আহে নিজৰ বয়-বস্তুসমূহ বিক্ৰী কৰিবলৈ। বজাৰত ৰাতিপুৱাৰ পৰাই ধেৰ মানুহ হয়……সন্ধ্যা লগাৰ আগে আগে বজাৰ ভাঙে, বেপাৰীবোৰো ঘৰাঘৰি হয়।

মানুহজন আজি কেইবাদিনৰ মূৰত বজাৰলৈ আহিছে। মাজতে কেইদিনমান গা-মূৰ বেয়া হৈ থকাৰ বাবে মানুহজন বজাৰলৈ আহিব পৰা নাছিল। আজিৰ বজাৰত বিক্ৰী-বাৰ্তা বৰ বেয়া নহয় মানুহজনৰ,  বিকিবলৈ অনা বস্তুৰ প্ৰায়খিনিয়েই বিক্ৰী শেষ কৰিলে, বাকী ৰৈ যোৱা বস্তুখিনি চাইকেলত বান্ধি-কুৰি বজাৰ এৰিবলৈ লৈছে মানুহজন। এনেতে বহুত দিনৰ পুৰণি বন্ধু কেইজনমানক লগ পালে। ইজনে-সিজনৰ খা-খবৰ, বেপাৰ আদিৰ খবৰ ওলালে…..দিনটোৰ ভাগৰ মাৰিবলৈ কথাৰ মাজতে ঘৰলৈ যোৱাৰ আগতে ইমান দিনৰ মূৰত লগ পোৱাৰ বাবেই অকনমান সিবিধ খাবলৈ কেউজনৰ মাজত আলোচনা হ’ল।

“মই সেইবোৰ এৰিলোঁ হে, এতিয়া আৰু সোনকালে ঘৰ পাবগৈ লাগে”- মানুহজনে‌ কৈ উঠিল। 

লগৰকেইজনে কিবাকৈ মানুহজনক ঘূৰাব পাৰে নেকি আকৌ এবাৰ চেষ্টা কৰি চালে,- “এ ব’লা হে, অকণমান অকণমান খাম, তাৰ পৰা চিধাই ঘৰলৈ যাম।”

“নাই হে, বেয়া নাপাবা……আজি বহুত দিনৰ মূৰত বজাৰলৈ আহিছোঁ‌। গা-মূৰ একেবাৰে ভাল নাছিল, পৰহিমানৰ পৰাহে অকণমান মুকলি হৈছোঁ‌, আজি বহুত দিনৰ মূৰত বজাৰলৈ আহিছোঁ‌….সোনকালে ঘৰ পাবগৈ লাগে।”–মানুহজনে কৈ উঠিল ।

“অ’, আমি দেখোন একো গমেই নাপাওঁহে। তোমাক অৱশ্যে ভালেমান দিন বজাৰত দেখাও নাছিলোঁ‌…..ভবাও নাছিলোঁ‌ কিবা হৈছিল বুলি। কি হৈছিলনো তোমাৰ!”- আচৰিত হৈ মানুহকেইজনৰ এজনে সুধিলে।

“নক’বা আৰু হে, মৰাৰ পৰা বাচি আহিলোঁ‌…..ডাঙৰীয়াই পাইছিল মোক ডাঙৰীয়াই “- মানুক্ষজনে ভয়ে ভয়ে কৈ উঠিল।

“কি কোৱা হে! আমি দেখোন একো গমেই নাপাওঁ…..ক’ত, কি হৈছিল!” মানুহকেইজনৰ এজনে কৈ উঠিল।

“বাৰু যি হ’ল হ’ল আৰু, তুমি কিন্তু এইবাৰ বৰতলৰ সকামত শৰাই এখন দিবা হে…..পাছে ক’ত পালেগৈ তোমাক!” আনজনে উৎসুকতাৰে সুধিলে।

“সেইদিনা বৃহস্পতিবাৰ আছিল। তোমালোকৰ লগত মই সেইদিনা দক্ষিণহেঙেৰা বজাৰলৈ নগ’লোঁ‌, গোলাঘাটত কাম আছিল। কাম শেষ কৰোঁতে অলপ দেৰী হ’ল, তাতে সিবিধ ধৰি মেলি উঠোঁতে আৰু দেৰি হ’ল। ৰাতি আহি থাকোঁতে হঠাতে হামদৈ পুলৰ ওচৰ পাওঁতে পেচাব কৰিব লগাত পেচাব কৰিবলৈ লওঁতেই বুঢ়া ডাঙৰীয়াই এনে এটা চিঞৰ মাৰিলে, তাৰ পাছত আৰু মোৰ মনত নাই। ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱা মানুহে পুলৰ ওচৰত পৰি থকা পাই এজনে চিনি পাইহে ঘৰত থৈ আহিল…..তাৰ পাছত আজি বজাৰলৈ আহিছো” …সেহাঁই সেঁহাই মানুহজনে কৈ বহাৰ পৰা উঠিল।

হোটেলৰ পৰা ওলাই যোৱা মানুহজনক বাকী তিনিজনে মনে মনে চাই ৰ’ল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *