কালী-যোগেশ ভট্টাচাৰ্য
: অই গণেশ, এইবাৰ দেৱালীত অসমলৈ যাম দে। যোৱা মাহত দুৰ্গা পূজালৈ গৈ বঢ়িয়া লাগিছিল।
– সন্ধিয়া চাহ খোৱাৰ পৰত ক’লে দুৰ্গাই।
: নোৱাৰো মই যাব। মোৰ কাম আছে।
– গণেশে পোনচাটেই দুৰ্গাৰ প্ৰস্তাৱ নাকচ কৰি দিলে।
: তেনেহ’লে মই অকলেই যাম দে। জালুকবাৰীৰ পৰা মেজিক লৈ বেলতলা চাৰিআলিলৈ গৈ তাৰ পৰা বাছত গণেশগুৰি গ’লে তোৰ গণেশ মন্দিৰ নাইবা মোৰ দুৰ্গামন্দিৰটোত ৰাতি থাকি দিব পাৰিম নহয় জানো? মোৰ ৰাস্তা মুখস্থ হৈ গৈছে।
: আৰে তেনেকৈ নহ’ব। দুৰ্গাপূজাৰ পৰিবেশ বেলেগ আৰু দেৱালীৰ পৰিবেশ বেলেগ। তাতে আৰু সেইখন অসম হয়। কোনোবা বিধায়ক মিনিষ্টাৰে শহুৰেকৰ ঘৰলৈ ওলালেও পুলিচে মেইন ৰাস্তা খালি কৰি দি পাব্লিক গাড়ীবোৰ গলিয়েদি সুমুৱাই দিব। তাৰ পিছত ক’ৰবাত নমাই দিব তোমাক, ৰাস্তা হেৰাই গোটেই ৰাতি ঘুৰি ফুৰিব লাগিব তুমি।
: আৰে ইমানো নজনা নহয় দে মই। গণেশগুৰি ওলাব পাৰিম আৰু কিবা কৈ।
: আগতেচোন বছৰ বছৰ ধৰি মৰ্ত্যলৈ নগৈছিলা? এইবাৰ দুৰ্গা পূজাত গৈ কি চখ লাগিল তোমাৰ?
: নহয় ঔ। মানুহবোৰৰ কাণ্ড-কাৰখানাবোৰ চাই জমনি লাগে।
: সেইকাৰণেটো তোমাক অকলে যাব দিব নোৱাৰি। যোৱাবাৰ মই নহ’লে কিমানক ত্ৰিশূলেৰে খুচিলাহেঁতেন হিচাপ নাথাকিলহেঁতেন। আৰু শেষত ভেশচন গুচাই আচল ৰূপ দেখাওঁতে নিউজ চেনেলৰ মানুহে কেনেকৈ আগুৰি ধৰিছিল মনত নাই।
: এইবাৰ একদম মনে মনে গৈ চাই গুচি আহিম।
: নাই নহ’ব। অকলে যাব নোৱাৰা।
হঠাৎ কিবা এটা ভাবি গণেশে ক’লে-
: এটা কাম কৰিব পাৰা কিন্তু। দেৱালীৰ সময়ত কালী মাহীও অসমতে থাকিব। তুমি তেওঁক লগ ধৰি লৈ অলপ ঘূৰিব পাৰিবা।
: অঁ, অঁ। সেইটোৱেই কৰিম দে তেনেহ’লে। বহুদিন বাই-ভনী লগ হোৱাও নাই। ক’ত লগ পাম তাইক বুজাই দে।
গণেশে সহজে বিচাৰি উলিয়াব পৰা কালী মন্দিৰ এটাৰ এড্ৰেছ বুজাই দি মাকক পৃথিৱীলৈ পঠিয়াই দিলে।
দেৱালীৰ দিনা দুৰ্গাই গণেশে শিকাই দিয়ামতে গৈ কালী মন্দিৰ ওলালগৈ। পুৱাৰ সময়। পূজাৰীৰ বাহিৰে মানুহ-দুনুহ নাছিলেই। অলপ জিৰাও বুলি গছ এজোপাৰ তলত বহোতেই দুৰ্গাৰ পিনে এজনী ছোৱালী দৌৰি দৌৰি আহিল।
: অঁ বাই, কেতিয়া আহিলি?
বাই বুলি মাতোঁতেহে দুৰ্গাই ছোৱালীজনীৰ পিনে ভালদৰে চালে। দিপলিপ সুন্দৰী এজনী। অলপ মিঠা বৰণীয়া।
: তই…. কালী…
: অঁ, অঁ। কিমান দিনৰ মূৰত যে লগ পালোঁ তোক।
: উমম। পিছে তোক অলপ বেলেগ দেখা হৈছে। অলপ ক’লা পৰিছ।
: ক’তা, মইচোন জন্মৰে পৰাই ক’লা।
: ধেই। কি যে ক। এটা সময়ত দেৱতাবোৰে তই কোনজনী, মই কোনজনী ধৰিবই নোৱাৰিছিল। ৰ’দে ৰ’দে বেছিকৈ ঘূৰিছ নেকি?
: নহয় দে। বাদ দে সেইবোৰ। অলপ ঘূৰি আহোঁ ব’ল।
দুৰ্গা আৰু কালী সাধাৰণ মানুহৰ বেশত ওলাই গ’ল। কালী আৰু দুৰ্গা দেখাত সাইলাখ একেই। কালীতকৈ দুৰ্গা সামান্য বগা, কিন্তু সেইখিনি পাৰ্থক্য ভালকৈ নাচালে চকুত নপৰিছিল। কিন্তু আজি যিজনী কালীক দুৰ্গাই লগ পালে, সেইজনী যেন আগৰজনী নহয়। তথাপি বডি কালাৰৰ কথা বেছিকৈ সুধি থকাটো অশোভনীয় হ’ব বুলি ভাবি দুৰ্গাই সেইটো চিন্তা বাদ দিলে।
: বাই, সৌ পাৰ্লাৰখনলৈ যাওঁ ব’ল?
: পাৰ্লাৰ? কিয়? তই মোতকৈও ধুনীয়া। অলপ মাত্ৰ আগতকৈ ক’লা পৰিছ।
: মই কালিয়েই মেক আপ কৰি থৈছোঁ। তইহে অলপ মেক-আপ কৰি ল’ব লাগিব।
: হে.. মেক-আপ কিয় কৰিম ও মই?
: তই মোৰ কথা শুন। নহ’লে পিছত পস্তাবি কিন্তু।
কালীৰ কথা দুৰ্গাই ঠিক বুজি নাপালে যদিও দেৱালীৰ কিবা বিশেষ নিয়ম আছে বুলি ভাবি পাৰ্লাৰত সোমাল। তাতে ছোৱালী এজনীয়ে দুৰ্গাৰ গালে-মুখে এসোপামান কিবাকিবিৰে সাতটামান তৰপ ঘঁহি দিলে।
: ধেই, কিবা যেন দেখা হৈছে মোক। কি লগাই দিলি এইসোপা।
– পাৰ্লাৰৰ বাহিৰলৈ আহি দুৰ্গাই কালীক ক’লে।
: কাইলৈ নিজেই বুজি পাবি তই। এতিয়া হ’ল।
বুজি নোপোৱা কথাত মাথা মাৰি থাকি লাভ নাই বুলি ভাবি দুৰ্গাই কালীৰ কাষে কাষে খোজ দিলে। অলপ দূৰ গৈ ফুটপাথৰ দোকান কেইখনমানলৈ চাই দূৰ্গাই কালীক সুধিলে-
: অসমত কিবা যুদ্ধ বিগ্ৰহ চলি আছে নেকি ঔ?
: নাইটো। কিয়?
: দোকানে দোকানে বম ৰকেট বিক্ৰী হৈ আছে যে?
দুৰ্গাৰ কথা শুনি কালীয়ে ঢেকঢেকাই হাঁহিলে।
: এইবোৰ দিৱালীৰ বম। যুদ্ধ নকৰে এইবোৰেদি। এনেই ফুটাই।
: কি এনেই ফুটাই ঔ?
: সন্ধিয়া গম পাবি দে।
কালীৰ কথা শেষ নহ’লেই। দুৰ্গাৰ নিচেই কাষত বিকট শব্দ এটা হ’ল। উচপ খাই উঠি দুৰ্গাই কালীক সুধিলে-
: কিহৰ শব্দ আছিল এইটো?
: আলু বম।
: তইচোন সন্ধিয়া ফুটাব বুলি কৈছিলি?
: নহয় মানে সন্ধিয়াই ফুটাই। কিন্তু কেইটামানে আৱেগ উৎসাহ দমন কৰিব নোৱাৰি দিনৰ পৰাই আৰম্ভ কৰে।
দুৰ্গা আৰু কালীয়ে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰোঁতেই সন্ধিয়া হৈছিল। এটা দুটাকৈ ফটকা বোমাৰ শব্দ বাঢ়ি গৈ আছিল। বোমাৰ শব্দত দুৰ্গাৰ গা চা বেয়া লাগি গ’ল। এঠাইত বহুত মানুহে জুম বান্ধি আঠু কাঢ়ি থকা দেখা পাই দুৰ্গাই কালীক ক’লে-
: সৌৱা, গছৰ তলত পূজাত বহিছে মানুহে। প্ৰসাদ অকণ খাই আহো ব’ল।
: ধেই, পূজা নহয় সেয়া। ঝাণ্ডি মুণ্ডা খেলিছে সিহঁতে?
: কি মাথা মুণ্ডা?
: আৰে জুৱা, জুৱা। আজি দিৱালী বুলি জুৱা খেলে ইহঁতে।
: দে হ’ব দে। তোৰ মন্দিৰলৈ যাও ব’ল। বোমাৰ শব্দ শুনি শুনি অশান্তি লাগিছে আৰু মোৰ।
দুৰ্গা আৰু কালীয়ে মন্দিৰলৈ বাট পোনাইছিলেই। তেনেতে দুৰ্গাৰ নিচেই কাষত আহি বিৰাট শব্দ কৰি বোমা এটা ফুটি গ’ল। বোমা দলিয়াই দিয়া ল’ৰাটোৰ ওচৰলৈ গৈ দুৰ্গাই সুধিলে-
: ভাইটি গালৈ বোমা কিয় দলিয়াইছা?
অভদ্ৰ ল’ৰাটোৱে ক’লে-
: আপুনি চাই খোজ কাঢ়িব লাগে। দিৱালীৰ দিনা ৰাস্তাত বম নুফুটি বেলুন ফুটিব নেকি?
ল’ৰাটোৰ কথাত কাষত ঠিয় হৈ থকা তাৰ লগৰ চাৰিটামানে গিৰ্জনি মাৰি হাঁহিলে। তেনেতে দুৰ্গাৰ ভৰিৰ ওচৰত আৰু এটা বম আগতকৈও বেছি জোৰত ফুটি গ’ল। দুৰ্গা ই গম পালে যে এইবাৰ ইচ্ছা কৰিয়েই সিহঁতে গাৰ কাষত বম মাৰিছে। হঠাৎ টিঙিচকৈ দুৰ্গাৰ খং উঠি গ’ল।
ল’ৰাকেইটাই হাতত লৈ থকা পেকেটোৰ পিনে দুৰ্গাই পোন্দোৱাকৈ চালে। দুৰ্গাৰ চকুৰ পাৱাৰত পেকেটৰ ভিতৰত থকা বম এটা ফুটি গ’ল। সিহঁতে ভয়তে পেকেটটো দলিয়াই দিলে।
তাৰ পিছত এটা এটাকৈ পেকেটৰ ভিতৰত থকা আটাইকেইটা বম ফুটিবলৈ ধৰিলে। ওচৰ পাজৰৰ মানুহৰ পকেটত যিমান বম আছিল নিজে নিজে ফুটিবলৈ ধৰিলে। ভয় খাই মানুহবোৰে পকেটৰ বোমা ফটকাবোৰ ৰাস্তাত দলিয়াবলৈ ধৰিলে। দোকানবোৰৰ পৰাও বোমা ফটকাবোৰ নিজে নিজে ৰাস্তাত চিটিকি পৰি ফুটিবলৈ ধৰিলে। মুহূৰ্ততে হাজাৰ হাজাৰ বোমা ফটকা ৰাস্তাত পৰি পৰি বিকট শব্দ কৰি ফুটিবলৈ ধৰিলে। সেই শব্দত মানুহবোৰৰ কাণ তাল মাৰি ধৰিলে। বোমাৰ জুই পোহৰৰ মাজত সিহঁতে দেখিলে ৰাস্তাৰ মাজত সিংহ এটাৰ ওপৰত কোনোবা দেৱী এগৰাকী বহি আছে। সিহঁতৰ বুজিবলৈ বাকী নাথাকিল সেয়া কোন আছিল। কাণবোৰ হাতেৰে ঢাকি মানুহবোৰে দেৱীৰ আগত আঁঠু ললে।
: হে কালী গোসানী। বোমাৰ ফুটোৱা বন্ধ কৰি দিয়া। আমাৰ কাণ ফাটি যাব এতিয়া। এইবাৰলৈ দয়া কৰা।
দুৰ্গাই ভাবিলে যে ইহঁতে দূৰ্গা কোন কালী কোন তাকো চিনি নাপায়। তথাপি সেইবোৰত মাথা নামাৰি দুৰ্গাই ক’লে-
: কেনে মজা পাইছ? বোমা ফুটাই ভাল লাগেচোন তহঁতৰ? চাউণ্ড লাগেচোন? কেনে লাগিছে এতিয়া?
: ক্ষমা কৰা কালী মা। এইবাৰ লৈ ক্ষমা কৰা।
: মই বোমা ফুটোৱা বাবে তহঁতৰ যি অৱস্থা হৈছে তহঁতে ফুটালেও বাকী জীৱ-জন্তুৰ একেই অৱস্থা হয়। সিহঁতেটো আপত্তি নকৰে। আজি মোৰো বম ফুটাই ফুৰ্তি কৰিবলৈ মন গৈছে। তহঁতে শুনি থাকে।
এইবুলি দূৰ্গাই আৰু দুই তিনি হেজাৰমান বোমা চকুৰ ইংগিতেৰে ফুটাই দিলে। মানুহবোৰে কাণত হাত দি মাটিত বাগৰি পৰিবলৈ ধৰিলে।
কথা বিষম দেখি কালীয়ে দুৰ্গা ৰৈ থকা ঠাইখিনিৰ চাৰিওফালে কলগছ এসোপা জ্বলাই কোনেও একো নেদেখা কৰি দি দুৰ্গাৰ সৈতে অন্তৰ্ধান হ’ল। সেইদিনা ৰাতি ক’তো আৰু বোমাৰ শব্দ শুনিবলৈ পোৱা নগ’ল।
পিছদিনা পুৱা কালীয়ে দুৰ্গাক ক’লে-
: বহুবছৰৰ পিছত পূজা খাবলৈ আহি ৰাতি শুব পাৰিছো ঔ। আনকালে গোটেই ৰাতি বোমা ফটকাৰ শব্দত টোপনি নাহিছিল।
: মই আৰু মজা দিলোঁহেঁতেন সিহঁতক। তইহে টানি আনিলি।
: এহ, হ’ব দে। মজা পাইছেই সিহঁতে।
: এই ৰহচোন। তোৰ ভক্তকেইটাই তোক চিনি নাপায় নেকি? কালি সন্ধিয়া মোক সিংহৰ ওপৰত দেখিও কালী মা বুলি দেদাউৰী পাৰি আছিল যে।
: অ, ৰহ। এক মিনিট। কৈ আছোঁ।
এইবুলি কালীয়ে ক’ৰবাৰ পৰা আইনা এখন আনি দুৰ্গাৰ সম্মুখত দাঙি ধৰিলে। আইনাত নিজৰ মুখখন দেখি দুৰ্গাই উচপ খাই উঠিল।
: মোৰ মুখখনচোন গোটেই ক’লা পৰি গ’ল। মুখত এঙাৰ ঘঁহা যেন লাগিছে।
: হেঃহেঃ ৰাস্তাত যিমান বম ফুটিছিল, যিমান ধোঁৱা ওলাইছিল, তাৰেই ফল এয়া। তই নিজেও ফুটোৱা নাছিলি জানো।
: ইয়ে। কি হ’ব এতিয়া মোৰ?
: একো নহয় ৰ। মেক-আপ এনেই কৰাই আনিছিলো বুলি ভাবিছ?
এইবুলি কালীয়ে দুৰ্গাৰ মুখৰ পৰা মেক-আপখিনি টানি টানি আঁতৰাই নিজৰ মুখৰ মেক-আপখিনিও গুচাই পেলালে। দুয়োৰে মুখ দুখন জিলিকি উঠিল।
: তই এই ফটকা বোমাৰ ধোঁৱা খাই খাইহে ক’লা পৰিছ?
: নাই নাই? মেক আপটোহে ক’লা পৰিছে। সেইকাৰণে মই এই দুদিন মেক-আপ নুগুচাওৱেই। মোৰ আচল মুখখন ইহঁতে দেখাই নাই। আজি ৰাতিৰ কাৰণে আকৌ মেক-আপ লগাব লাগিব।
: আগতে গম পালে বম ফুটুৱাকেইটাক আৰু মজা দিলোঁহেঁতেন।
: নালাগে দে বাই। মজাটো ইহঁতে নিজেই পাব। আমাৰ এদিনৰ কাৰণে মুখ দুখনহে ক’লা পৰিছে। বছৰে বছৰে দিৱালীত ধোঁৱা খাই খাই ইহঁতৰ কলিজা কিমান ক’লা পৰিছে ভাবি চা।
☆ ★ ☆ ★ ☆