বৰুৱাৰ বিলৈ-কৰবী দেৱী
: হেৰা শুনাচোন ।
: কোৱা শুনি আছো।
নাকে মুখে চিগাৰেটৰ ধোঁৱা এসোপামান উৰুৱাই বৰুৱাই গহীনত ক’লে।
বৰুৱাৰ পত্নীয়ে চকীখন অলপ টানি আনি বৰুৱাৰ বাহুতে বাহু লগাই বহিল।
: ৱাহ্ ।আজি গোঁসানীৰ মনটো খুবেই ভাল নেকি? একেবাৰে বাহুতে বাহু লগাই বহিলা দেখোন।
: কি? তুমি কাটিং মাৰি কৈছা যে? কি বুলি ভাবিছা তুমি? মই তোমাক তেল মাৰিছো? মই তোমাক চেনি মাৰিছো…? এই নবহো যাহ্……
খঙতে চকীখন ঘেৰেঘেৰাই টানি চোতালৰ অন্য এটা কোণ পোৱালেগৈ। পত্নীৰ খঙাল ৰূপ দেখি বৰুৱা নিশ্চুপ হৈ পৰিল। এইবাৰ তেওঁ চকীখন টানি পত্নীৰ কাষতে বহিল। পত্নীৰ কাণে কাণে মিঠাকৈ ক’লে,
: হ’ ব দিয়া আৰু…. খং – ৰাগ এৰা। আচ্ছা কোৱাচোন, কি ক’ব খুজিছিলা।
: নকওঁ। একো নকওঁ ।
: তেন্তে যোৱা পাগঘৰলৈকে। ভাতকে ৰান্ধাগৈ। ইয়াত বহি মোৰ মাঠাটো নষ্ট কৰিছা কিয়?
বৰুৱাই তেনেকৈ ক’বলৈহে পালে, তেওঁৰ পত্নীয়ে ফেঁকুৰি উঠিল।
” হেই। কি যে হ’ব নহয় ।এইখন মানে চব ওলট পালট হৈ গ’ল দেখোন।”
মনতে ভোৰভোৰাই বৰুৱাই পত্নীক নিচুকাব ধৰিলে,
: হেৰা। এনেকৈ কিয় কন্দা কটাখন কৰিছা?নাপায় নহয়। তুমি কান্দিলে মই বেছি কষ্ট পাওঁ অ। আচ্ছা শুনাচোন ।অলপ শ্বপিং মলৰ পৰা আহোগৈ ব’লা। তোমাৰ যি যি মন যায় কিনিবা। বজাৰ কৰিলে মনটোও ভাল লাগিব নে কি কোৱা?
: কি সঁচা? সঁচাকৈ তুমি বজাৰ কৰিবলৈ যাবা?
: অ’ যাম আকৌ। দস্তুৰমত যাম।
: আয়ু ।তুমি যে ইম্মান ভাল।ৰবা, মই এতিয়াই ৰেডি হৈ আহো হা।
মুহূৰ্ততে বৰুৱানীৰ চকুপানী শুকাই গ’ল। বিষাদৰ চাপ তিলমানো নোহোৱা হৈ পৰাত মুখখন ৰঙীন হৈ পৰিল। বৰুৱাই পেটে পেটে ভোৰভোৰাই ক’লে,
: ধন্য সৃষ্টিকৰ্তা। কি যে মায়াবী গুণেৰে স্ৰজিলা তুমি এই নাৰী জাতিটোক। ইমান ৰং…!!
শ্বপিং মলত ভবাতকৈও বেছি খৰচ কৰিলে বৰুৱানীয়ে। বৰুৱাৰ পেটে পেটে খং নুঠা নহয়। কিন্তু উপায় নাই। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল’লেই যেতিয়া।
নিশা বৰ আদৰ যত্নেৰে ভাতসাঁজ যতনাই দিলে বৰুৱানীয়ে।পাগঘৰ সামৰি অলপ মুকলি চোতালখনত বহি পৰিল দুই পতি – পত্নী। জোনাকেৰে উপচি পৰা নিশাটো মায়াময় হৈ পৰিছে ।হঠাৎ বৰুৱানীয়ে প্ৰশ্ন কৰিলে,
: হেৰা, এনেকুৱা এটা জোনাকী নিশাতে ছাহজাহানে মমতাজক তাজমহলৰ প্ৰতিশ্ৰুতি দিছিল নহয়নে?
: হয় ।
—-লাহেকৈ ক’লে বৰুৱাই ।
: তুমি পিছে কি কৰিবা মই ঢুকুৱাৰ পিছত? নে তুমিও অন্য এটা তাজমহল বনাবা নেকি?
: হেই, কি বাজে কথা সুধি থাকা হে? দিনে দিনে যিডাল গতিত খৰছ কৰিবলৈ আৰম্ভ কৰিছা , তাজমহল বাদেই দিয়া, দ্বিতীয় বিবাহ কৰিবলৈকে ধাৰত পোত যাব লাগিব যেন পাওঁ।
: কি? দ্বিতীয় বিবাহ? মই মৰিলে মানে তুমি দ্বিতীয় বিবাহ কৰিবা! ইমান সাহস তোমাৰ?
ৰণচণ্ডী ৰূপটো সাৱটিয়ে পুনৰ হাও হাওকৈ কান্দিবলৈ ধৰিলে বৰুৱানীয়ে। বৰুৱা বৰ বিবুদ্ধিত পৰিল।
“ছেহ্ কি কি যে ওলাই যায় ফটা মুখখনেৰে।”
–পুনৰ বৰুৱাই ভোৰভোৰাই উঠিল।পত্নীৰ ওপৰতো খং এজাউৰি উঠিল। সেয়ে অলপ টানকৈয়ে ক’বলৈ ধৰে,
: হেৰা হ’ব দিয়া ।এতিয়া এইবোৰ ঘঁৰিয়ালৰ চকুপানী টুকি মোৰ মাঠাটো আকৌ নষ্ট কৰিবলৈ যত্ন নকৰিবা। জীয়াই থকাৰ দিনকেইটাৰ কথা চিন্তা কৰাহে। কিনো মৰাৰ পিছত কি কৰিবা নকৰিবা আদি অদৰকাৰী কথাত লাগি থাকা?
বৰুৱাৰ খং দেখি বৰুৱানীয়ে আৰু অলপ বেছিকৈহে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে। দাঁত মুখ কৰচি ক’লে,
: মোৰ মৃত্যুৰ পিছত যি কৰা কৰি থাকিবা। কাৰোবাক বিয়া পাতি আনা, হৰণ কৰি আনা আনি থাকিবা। কিন্তু…….??
: কিন্তু….!! কিন্তু কি?
বৰুৱাই উৎসুকতাৰে সোধে।
: কিন্তু মোৰ কাপোৰ আৰু গহণাত ভুলতেও যেন কোনেও হাত নিদিয়ে । মনত ৰাখিবা, মই সেই আলমাৰিটোতে সোমাই থাকিম ভূত হৈ। গতিকে সাৱধান।
: হেই থাকিবা যোৱা য’ত যি কৰি থাকা।তোমাৰ কাপোৰবোৰৰ প্ৰতি এনেও মোহ নাই গংগাৰ। তাই সেই হট ড্ৰেছবোৰ এৰি তোমাৰ এই চুৰিদাৰ আৰু শাৰীবোৰ মেৰিয়াবলৈ নাহে বুজিলা। আৰু গহণা….?? গহণা তাই এনেও পিন্ধিবলৈ বেয়া পায়। গতিকে সেইবোৰ টেনশ্যনেই নাই মোৰ…..
বৰুৱানীৰ ৰণচণ্ডী সুৰত সুৰ মিলাই বৰুৱাইনো কি কৈ পালে তলকিবই নোৱাৰিলে। খঙৰ ভমকত জিভাখন পিছল খোৱাৰ পিছত বৰুৱা মৌন। বাকৰুদ্ধ।
স্থিতপ্ৰজ্ঞ ।
যেন সাৰসুৰ নোহোৱা এটুকুৰা চেঁচা বৰফ।
হুচ অহালৈ বৰুৱাই দেখিলে, “তেওঁ হস্পিটেলৰ চিকবেডত…….
হঠাৎ তেওঁৰ মানস পটত পত্নীৰ অবয়বটো ছয়াময়াকৈ ভাঁহি উঠিল। হাতত কাঁচৰ ফুলদানিটো লৈ সৌৱা বৰুৱানী আহি আছে।
মুহূৰ্ততে পুনৰবাৰ বেহুচ হৈ পৰিল বৰুৱা।
☆ ★ ☆ ★ ☆