মূল: বুদ্ধিমতীৰ সাধু, লেখক: বি ৰামা ৰাজু, অনুবাদ-কুমকুম দেৱী শৰ্মাবৰুৱা
বুদ্ধিমতী নামৰ এগৰাকী ব্ৰাহ্মণ মহিলা গৃহস্থ আৰু সন্তান দুটাৰ সৈতে এখন ডাঠ হাবিৰ মাজেদি গৰু গাড়ী এখনত ফুৰিবলৈ গৈছিল। তাই বৰ বুদ্ধিয়ক আছিল কাৰণেই তাইৰ নামটো বুদ্ধিমতী দিছিল। এইদৰে গৈ থাকোঁতে হঠাতে হাবিৰ মাজত গৰুকেইটাই বৰ ভয় খালে আৰু গাড়ীখন এৰি থৈ বেলেগ ফালে উৰ্দ্ধশ্বাসে দৌৰিবলৈ ধৰিলে। গৃহস্থ ব্ৰাহ্মণজন আৰু গৰুগাড়ীৰ দাৰোৱানজন গৰুকেইটা ধৰি আনিবলৈ গৰুৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। বুদ্ধিমতীয়ে সন্তান দুটাক লৈ এজোপা গছৰ তলত বহিলগৈ স্বামী ঘূৰি অহালৈ বাট চাই থাকি।
এটা বাঘে তেওঁলোকক ওচৰৰ জোপোহা এটাৰ আঁৰৰপৰা দেখি আছিল। সি ভাবিলে,
“আজি ভাল চিকাৰেই মিলিছে। বহুতদিন মানুহৰ মঙহ খোৱা নাই। কিন্তু এই মানুহজনী বৰ সাহসী যেন লাগিছে। নহ’লেনো তাই মই থকা জোপোহাটোৰ কাষতে ইমান নিৰ্ভয়েৰে বহি থাকিব পাৰেনে। নিশ্চয় ইয়াৰ কিবা কাৰণ আছে।মই বৰ লৰালৰিকৈ আক্ৰমণ নকৰাই ভাল হ’বনেকি। তাইক আক্ৰমণ কৰাৰ আগতে দুবাৰ ভাবি চোৱাই ভাল হ’ব। পৰামৰ্শ এটা ল’বলৈও মোৰ বুদ্ধিয়ক মন্ত্ৰী শিয়ালো ওচৰত নাই এতিয়া।তাৰ ওচৰৰপৰাই আহোঁগৈনেকি? মই ভোক লাগিলেই ৰ’ব নোৱাৰা হওঁ কিয় বাৰু। মই আৰু সময় নষ্ট নকৰোঁ। মই চিকাৰ ধৰি খোৱাই ভাল।”
এইদৰে ভাবিয়েই বাঘটো মুকলিলৈ ওলাই আহিল আৰু মাইকী মানুহগৰাকীৰ ওপৰত জপিয়াই পৰিবলৈ সাজু হ’ল।
বুদ্ধিমতীয়ে বাঘটো দেখিলে। যদিও তাই যথেষ্ট ভয় খাইছিল তথাপিও তাই বুদ্ধি খটুৱাবলৈ নাপাহৰিলে। তাই শুই থকা সৰু ল’ৰা-ছোৱালী দুটাক নখেৰে আঁচুৰি জগাই দিলে আৰু কোলাৰপৰা নমাই দিলে। ল’ৰা-ছোৱালী দুটাই কান্দিবলৈ ধৰিলে । তেতিয়া বুদ্ধিমতীয়ে মৰম কৰি কৰি সিহঁতক ডাঙৰকৈ ক’লে,
“সোণহঁত ,মোক বেয়া নাপাবা। মইনো সদায় ক’ত পাম বাৰু বাঘৰ মঙহ।মই তোমালোকৰ কাৰণেই এই হাবিৰ মাজেদি আহিছোঁ। কিন্তু বাঘ এটাও পোৱা নাই। যদি মই এটা বাঘ পাওঁ তেতিয়া মই তাক মাৰি তোমালোক দুয়োটাকে মাংসখিনি ভগাই দিম। যদি কেনেবাকৈ দুটা পাওঁ মই তোমালোকক গাইপতি এটাকৈ দিম।এতিয়া শুই থাকাচোন মই বাঘ এটা ধৰোমানে।”
এইবুলি কৈ তাই এটা নিচুকনি গীত গাবলৈ ধৰিলে।
যেতিয়া বাঘটোৱে এই কথাখিনি শুনিলে সি বৰ ভয় খালে। লগে লগে সি দীঘল দীঘল জাপ মাৰি একেবাৰে দূৰলৈ আঁতৰি গ’ল। বহুত দূৰলৈ গৈ সি হাফলু এটাত উঠি লৈ ফোঁপাই ফোঁপাই সকলোফালে চাবলৈ ধৰিলে।
সেই সময়তে বুদ্ধিয়ক মন্ত্ৰী শিয়ালো আহি সেইখিনি পালেহি। বাঘক দেখি সি ক’লে,
“বনৰ ৰজা!অকলে অকলে ইমান দূৰৈত আহি কি কৰিছে আপুনি। আপোনাৰ পাৰিষদবৰ্গ কোনো লগত নাই যে!ইয়াত অকলে থকাটো বিপদজনক কথা।ব’লক,নিজৰ ঠাইলৈ যাওঁ।”
ইয়াকে শুনি বাঘে ক’লে,
“শিয়াল বোপা, মোৰ এইটো দ্বিতীয় জনম বুলি ধৰা। এয়া নিশ্চয় আগৰ জনমৰ পুণ্যৰ বলত হৈছে যে এতিয়াও মই জীয়াই আছো আৰু লগতে তোমাৰ লগত কথা পাতিও আছোঁ। ভাবি পোৱা নাই সেইজনী কেনেকৈ আহি মোৰ ঘৰৰ ওচৰত বাহৰ পাতি আছেহি।মই লাজ পাইছোঁ সেই বিপদজনক ঘটনাটো বৰ্ণনা কৰিবলৈ।মই আশা কৰোঁ যে সেইসময়ত মোৰ ওচৰত যাতে কোনো নাছিল।তাৰপিছত ভয়ে ভয়ে বাঘে শিয়ালৰ আগত সেই ঘটনাটো বৰ্ণনা কৰিলে।
গোটেই কথাখিনি শুনি শিয়ালে খুউব হাঁহিবলৈ ধৰিলে আৰু ক’লে,
“এই কথাখিনি আপোনাৰ মুখত শুনিবলৈ মই কষ্ট পাইছোঁ।আপুনি বাঘৰ পৰিয়ালত জন্ম লৈছে যিটোনেকি সিংহৰ পৰিয়ালৰ পিছতেই পৰে আৰু আপুনি ভীৰুৰ দৰেহে কথা কৈছে।এইটো সত্য যে আপুনি এগৰাকী মাইকী মানুহৰ ভয়ত পলাই আহিছে এইটো কথা জনাজনি হ’লে গোটেই বাঘৰ পৰিয়ালটোৱেই লাজত পৰিব আপোনাৰ কাৰণে। আপোনাৰ সেৱক সকলোখিনিৰ লগতে ময়ো এতিয়া ভোকতহে মৰিব লাগিব। কি লাজৰ কথা এগৰাকী মাইকী মানুহে তাইৰ সন্তান কেইটাক বাঘৰ মাংস খুৱাম বুলি কৈছে আৰু আপুনি তাকে শুনি দৌৰি পলাইছে।মোৰ লগত আহক আৰু মোক মাইকী মানুহগৰাকী দেখুৱাই দিয়ক। মই আপোনালৈ আগবঢ়াই দিম মানুহগৰাকীক আৰু লগতে সন্তান দুটিকো। আপুনি সিহঁতৰ অনায়াসে তেজ পিব পাৰিব।”
বাঘে উত্তৰ দিলে,
“মই তোমাৰ সাহস আৰু পৰাক্ৰমৰ কথা জানো।ইয়াত তুমি যি তি কৈ থাকিব পাৰা কিন্তু তাইৰ আগত তোমাৰ মুখ খোল নাখায় । মই তালৈ নাযাওঁ দেই এতিয়া। যদি ইচ্ছা কৰা তুমি যোৱা । মই তাই তাৰপৰা গ’লেহে তালৈ যাম।”
শিয়ালটোৱে আকৌ হাঁহিমাৰি ক’লে,
“মহাৰাজ! আপুনি কিমানদিন এইদৰে লুকাই থাকিব। মই ইয়াকে কওঁ যে তাইৰ বুদ্ধি মোৰ লগত নাখাতে অন্ততঃ। উঠক,ব’লক তালৈ যাওঁ। আপুনি যদি মোক বিশ্বাস কৰা নাই তেন্তে এই লতাডালেৰে মোক আপোনাৰ গাত বান্ধি লওক।”
এইদৰে কৈয়েই শিয়ালটোৱে লতা এডাল আনি তাৰ গাটো বাঘৰ গাটোৰ লগত বান্ধি ল’লে। তাৰপিছত বাঘক য’ত মাইকী মানুহজনী আছে তালৈ লৈ যাবলৈ ক’লে।
বুদ্ধিমতীয়ে সিহঁত দুটাক দেখিলে আৰু অলপ ভয় খালে।হঠাতে তাইৰ মনত আকৌ এটা বুদ্ধি খেলালে। তাই আকৌ চিঞৰি চিঞৰি ক’বলৈ ধৰিলে,
“অ’ শিয়াল ভায়া ,মোক ঠগিবলৈ আহিছা তুমি। তুমিটো মোক দুটা বা তাতকৈও বেচি বাঘ আনি দিম বুলি কৈছিলা।এতিয়া পলমকৈ এটা বাঘ লৈ ওলাইছাহি।ইটো কি হ’ল। মোৰ সন্তান দুটাৰ বৰ ভোক লাগিছে। এটা বাঘে সিহঁতৰ ক’ত ভোক গুচিব। বাৰু আঁহা। মই তোমাকো মাৰি সিহঁতক খাবলৈ দিম।”
এই কথা শুনি বাঘে চিধা ঘূৰি লৈ শিয়ালক ক’লে,
“মই তোক বিশ্বাস কৰাৰ কাৰণে তই এয়াই উপকাৰ কৰিছ মোৰ। এতিয়া মই তোৰ অভিপ্ৰায় বুজি পালোঁ। ভগৱানৰ কৃপাতহে মই জীয়াই আছোঁ।”
এইদৰে কৈয়েই বাঘে ভিৰাই দৌৰ মাৰিলে। তেতিয়াও শিয়ালৰ ডিঙিত অঁৰা আছিল এক সন্দেহৰ মায়াজাল।শিয়ালটোৱে বহুত আচোঁৰ -পিচোৰ খালে আৰু ঘাঁ লাগিল বাঘ দৌৰি গৈ থাকোঁতে। বাঘটোৱে দৌৰিবলৈ ধৰিলে হাবি-জংঘলৰ মাজেদি, শিলৰ ওপৰেদি বা অসমান ঠায়েদি।বহুতদূৰ যোৱাৰ পিছত ভাগৰি-জুগৰি বাঘ ৰৈ গ’ল এজোপা গছৰ তলত।তাৰ পিয়াহ লাগিল আৰু শিয়ালক ক’বলৈ ধৰিলে,
“ধুৰন্ধৰ শিয়াল! তোক মই এতিয়া ফালি পেলাম আৰু তোৰ তেজ পিম। তোৰ অসঞ্জাতী কামৰ ফল এতিয়াই ভোগ কৰিবি।”
শিয়ালটোৱে মাত লগালে,
“মহাশয়!ইয়াত যদি আপুনি বেচি সময় ৰৈ থাকে সেই মানুহজনী ইয়াতে ওলাবহি আৰু তেজৰ সোঁত বৈ যাব। তাই আহি পোৱাৰ আগতে আপুনি পলোৱাই ভাল দেখো। আপুনি মোক পিছতো শাস্তি দিব পাৰিব মোৰ দোষৰ বাবে। প্ৰথমে নিজৰ জীৱনটো বচাওক।
বাঘে কথাটো ভাল দেখিলে আৰু শিয়ালক বান্ধি থোৱা লতাডাল এৰুৱাই জাপ মাৰি আঁতৰ হৈ গ’ল।শিয়ালটোৱেও বাঘৰ কবলৰ পৰা ৰক্ষা পাই অন্যফালে দৌৰি পলাল। সি ভালকৈ বুজি পালে যে সঁচা কথা হ’লেও বুজি নোপোৱা হিংস্ৰলোকৰ আগত কোৱাটো বিপদজনক।
(উৎস : এই সাধুটো Folk Tales of India, Andhra Pradesh নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। ইংৰাজীত সাধুটোৰ নাম ‘The story of Buddhimati. কিতাপখনৰ লিখকৰ নাম B. Rama Raju. )
☆ ★ ☆ ★ ☆