ফটাঢোল

প্ৰেমপত্ৰ-নীলাক্ষি কাকতি

আজিকালিৰ দিনত ‘প্ৰেমপত্ৰ’ৰ বৰ বিশেষ গুৰুত্ব নাই যেনেই ভাব হয় যদিও আমি পঢ়ি থকা দিনত ‘প্ৰেম’ আৰু ‘প্ৰেমপত্ৰ’-এই দুবিধৰ দৈ আৰু চিৰা, হাঁহ আৰু কোমোৰাৰ  দৰেই সম্পৰ্ক আছিল৷ প্ৰেমপত্ৰৰ বাবে কিমানৰ প্ৰেম তুলতুলীয়াকৈ পকিছিল, কিমানৰ প্ৰেম গাখীৰ ফটাদি ফাটিছিল, ঘৰত ধৰা পৰি কাৰ কিমানৰ পিঠিত বাবৰি শাকৰ ফুল ফুলিছিল সীমা নাই!

স্কুলীয়া দিনত লগৰ বান্ধৱী কেইজনীমানৰ প্ৰেমপত্ৰ পঢ়ি ভাব হৈছিল- বাপ্ ৰে  ইহঁতৰ কি ভাগ্য! কি কি সাহিত্যৰ পয়োভৰ! মহান কবিৰ কবিতাৰ দুলাইন, ছন্দ মিলাই লিখা নিজৰ মনৰ ভাব, মিঠা মিঠা কল্পনা! পিচে নিজৰ বেলিকা সেইবিধৰ পৰা দূৰত থাকোঁ৷ কোনোবাই প্ৰপ’জ কৰিব বিচাৰিলেও ঘৰত ফলাখৰিৰ কোব খোৱাৰ ভয়ত গান্ধাৰীৰ বেশত থাকোঁ৷ যি নহওক আমাৰ লগৰ প্ৰেমপত্ৰ পোৱাকেইজনীৰ বেলেগ ডিমাণ্ড আছিল৷ লগতে সিহঁতৰ প্ৰেমপত্ৰ পঢ়িবৰ বাবে আমাৰ হেতা-ওপৰা লাগিছিল৷ মিঠা মিঠা কথা লিখি তলত বা মাজত হাৰ্ট এটা আঁকি তাত মাজেৰে কাড় চিন এডাল দি পঠিওৱা চিঠিখনৰ ডিমাণ্ড ৰিলায়েঞ্চৰ শ্বেয়াৰতকৈ কোনো গুণেই কম নাছিল৷

বাৰু যিয়েই নহওক নিজে কাৰো বাবে নিলিখিলেও প্ৰেমপত্ৰ লিখাৰ ষ্টাইল সম্পৰ্কে মোৰ এটা সম্যক ধাৰণা হৈছিল৷ মই বোধকৰো সেইবাৰ হায়াৰ চেকেণ্ডাৰীৰ দ্বিতীয় বৰ্ষত৷ মোৰ লগৰ এজনে নতুনকৈ প্ৰথম বাৰ্ষিকত পঢ়িব অহা এজনীৰ প্ৰেমত হাবুডুবু খালে৷ কিন্তু তাৰ বিৰাট ভয়৷ কেনেবাকৈ যদি তাই প্ৰেম প্ৰত্যাখ্যান কৰে! আমি কেইজনমানে তাক তামাম জেক দিছোঁ৷ তাৰ ফালে তাই মাজে মাজে চাই বুলি কুহেলিকা ৰেষ্টুৰেণ্টত কফি আৰু আলুৰ চ’প ও খালোঁ৷ তাক ক’লো -নাই এনেকৈ নহ’ব৷ প্ৰেমৰ কাৰণে ইতিহাসত মানুহে কত কিমান কি কৰি থৈছে আৰু তই তাইক মাত এষাৰ দি তোৰ মনৰ কথাও ক’ব নোৱাৰ? ধিক্কাৰ! সি বেচেৰাই কন্দনামুৱা হৈ মোক ক’লে-

“তয়ে ভালকৈ কিবা লিখি দে যাতে তাই মোক ভাল পায়৷”

মই বোলোঁ –

“মই কি লিখিম? তাতে মোৰ আখৰ বেয়া৷”

 সি ক’লে-

“একো নহয় লিখ৷ তই কবিতাও লিখ নহয়৷ তাৰে দুই এশাৰী সুমুৱাই দিবি৷”

উপায় নাই৷ বন্ধুত্বৰ খাতিৰত কবিতা, মৌ, চেনি,গুড় মিক্স কৰি দুই পৃষ্ঠামান লিখিলোঁ৷ লগতে তাইক নাপালে যে সি এই সংসাৰৰপৰা বিদায় ল’ব সেয়াও লিখিলোঁ৷ লিখা হোৱাত কলেজৰ টাবত লগোৱা ফুলৰ পুলি এটাৰ পৰা মনে মনে ফুল এপাহ ছিঙি চিঠিৰ মাজত সুমুৱাই দি ছোৱালীজনীৰ লগৰ আৰু আমাৰ চিনাকি জুনিয়ৰ এজনীক চিঠিখন দি ছোৱালীজনীক দিবলৈ দিলোঁ৷ তাৰপিছতেই উৎকণ্ঠা আৰম্ভ হ’ল কি উত্তৰ আহিব বুলি৷ তাক অভয় দি ক’লোঁ যে একো চিন্তা কৰিব নালাগে৷ যি চিঠি লিখিছোঁ উত্তৰ সি বিচৰাধৰণেই হ’ব৷

পিছদিনা কলেজত আড্ডা মাৰি আছোঁ৷ হঠাৎ দেখিলোঁ ছোৱালীজনীৰ লগত আমি পঢ়া স্কুলৰ অংকৰ বাইদেউ৷ নামতো নকওঁ দেই৷ আমি তেওঁক দেখিলেই ভয়তে কঁপো৷ বিৰাট কাঢ়া বাইদেউ৷ বুজিলোঁ আমাৰ গ্ৰহদোষ আৰম্ভ হৈছে৷ ছোৱালীজনী আৰু বাইদেউ আমাৰ ওচৰলৈ আহিল৷ আমি থিয় হৈ বাইদেউক নমস্কাৰ দিলোঁ৷ তাই ক’লে-

“মা এইজনেই ল’ৰা৷”

হে ইশ্বৰ! মনতে ভাবিলোঁ প্ৰেমত পৰিবলৈ ই ছোৱালী বিচাৰি নাপালে৷ বাইদেৱে লগৰজনক বৰ কাঢ়াকৈ একো নক’লেও ক’লে যে এতিয়া পঢ়া-শুনা কৰাৰ সময়৷ পঢ়াত মন দিয়া উচিত৷ ভৱিষ্যতে যাতে এনে কথাৰ পুনৰাবৃত্তি নহয়৷ লগতে এইটোও ক’লে যে-

“তোমাৰ হাতৰ আখৰ ইমান বেয়া৷ আখৰ ভাল কৰিবাচোন৷”

সি মোৰ ফালে পোন্দোৱাকৈ চালে৷ ময়ো চকুৰে বুজাই দিলোঁ- আগতেই কৈছিলোঁচোন মোৰ আখৰ বেয়া৷ মোৰ হাতৰ আখৰৰ সমালোচনা বাদ দে৷ তোক যে ব’ৰ্ডলৈ মাতি বাইদেৱে অংক কৰিব নিদিলে সেইটো ভাব!

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰিকা😂 ভলাই কা জমানাই নাই মানে

    Reply
  • দেবজিত শৰ্মা

    তামাম হৈছে৷

    Reply
  • জিতু

    মজ্জা

    Reply
  • ৰিণ্টু

    তামাম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *