আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য-ইলি তালুকদাৰ
প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে বিশ্বৰ প্ৰান্তে প্ৰান্তে ‘আন্তৰ্জাতিক নাৰী দিৱস’ উদযাপন কৰা হয়।
নাৰী অধিকাৰ সম্পৰ্কে আলোচনা হয়। সভা হয়। ভাষণ হয়। তাৰ পিছত মানুহে আকৌ পাহৰি যায়। আকৌ নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যাৰ খবৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰে। এইবোৰ হৈয়েই থাকিব নাৰী দিৱসৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰালৈকে।
ওঠৰ শতিকাতে ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে সম অধিকাৰ আৰু উপাৰ্জনৰ দাবী তুলিছিল।১৮৫৭ চনৰ এই তাৰিখতে নিউইয়ৰ্ক চহৰৰ দৰ্জী মহিলাসকলে পোন প্ৰথমবাৰৰ বাবে মজুৰি বৃদ্ধি, সমঅধিকাৰ আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ধৰ্মঘটৰ আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।১৯০৫ – ১৯০৭ চনৰ সময়ছোৱাত ৰাছিয়াৰ জাৰ নিকোলাছৰ নিষ্ঠুৰ শাসনৰ পৰা মুক্তি বিচাৰি নাৰীসকলে বিদ্ৰোহ কৰিছিল।
পৰৱৰ্তী সময়ত ১৯১৪ চনৰপৰা বিশ্বৰ কেইবাখনো দেশৰ শ্ৰমজীৱী মহিলাসকলে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিবলৈ ধৰে।১৯৭৫ চনৰ ৮ মাৰ্চত ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি দিয়া হয়। কিন্তু নাৰী দিৱসৰ এই সংগ্ৰামী ইতিহাস স্বত্ত্বেও এই দিৱসটো বহুতে এটা সাধাৰণ দৃষ্টিৰে চাবলৈ বিচাৰে।এই সংগ্ৰামী ইতিহাস অনুধাৱন কৰিব নোৱাৰা বাবেই আজিও আমাৰ সমাজত সকলো ক্ষেত্ৰতে লিংগ বৈষম্য বিৰাজমান।
নাৰীৰ অধিকাৰৰ বাবে বিভিন্ন সময়ত বিভিন্ন চৰকাৰে সময়ে সময়ে আইন প্ৰণয়ন কৰি আহিছে যদিও আইন প্ৰয়োগৰ ক্ষেত্ৰত ক’ৰবাত যেন আন্তৰিকতাৰ অভাৱ পৰিলক্ষিত হয়। ইয়াৰ অন্যতম কাৰণ হ’ল আইন প্ৰণয়ন আৰু প্ৰয়োগ,এই দুয়োটাতে নাৰীৰ অংশগ্ৰহণ তেনেই নগণ্য।
মানৱ সভ্যতাৰ আদিম অৱস্থাত মানুহ যেতিয়া চিকাৰজীৱি আছিল, নাৰী পুৰুষ উভয়ে দলবদ্ধভাৱে নিত্য-নৈমিত্তিক কামবোৰ কৰিছিল,সেয়া খাদ্য বস্তুৰ সন্ধানেই হওক বা ক্ষুধা নিবাৰণেই হওক,পুৰুষৰ সৈতে সমানে জীৱ-জন্তু চিকাৰ কৰি জীৱন ধাৰণ কৰাৰ সময়লৈকে নাৰীৰ অধিকাৰ সুৰক্ষিত হৈ আছিল। সেই সময়ত নাৰী-পুৰুষৰ সুকীয়া সত্তা বিচাৰ্য বিষয় নাছিল। ইয়াৰ পাছতে সামন্তবাদী সমাজ ব্যৱস্থাত মানুহ যেতিয়া কৃষিজীৱী হৈ পৰিল তেতিয়াই নাৰীক উৎপাদন ব্যৱস্থাৰ পৰা আঁতৰাই ৰখা হ’ল।সামন্তবাদী সমাজ ব্যৱস্থাতে পুৰুষে নাৰীক ঘৰখনৰ ভিতৰতেই আৱদ্ধ কৰি ভোগৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰি এখন পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়ি তুলিলে। লগে লগে পুৰুষ নিয়ন্ত্ৰিত সমাজখনত এটা এটাকৈ নাৰীৰ অধিকাৰ সমূহ খৰ্ব কৰি তেওঁলোকক অদৃশ্য দাসত্বৰ শিকলিৰে বান্ধি ৰখাৰ প্ৰয়াস চলিল। এই সময়তে বিভিন্ন শাস্ত্ৰ আৰু নীতি শিক্ষা প্ৰণয়ন কৰি নাৰী যে পুৰুষৰ অধীন সেই কথা প্ৰতিপন্ন কৰিবলৈ যুক্তি প্ৰস্তুত কৰা হ’ল। প্ৰাচীন ধৰ্ম শাস্ত্ৰবোৰৰ ৰচক বেছিভাগেই পুৰুষ।গতিকে সমাজত বেছি প্ৰতিপত্তি লাভ কৰিছিল পুৰুষসকলে। সমাজত পুৰুষৰ দাবী আছিল বেছি। তেওঁলোকে নাৰী জাতিক কোনোদিনে পূৰ্ণ স্বাধীনতা দিয়া নাছিল।
পিতা ৰক্ষতি কৌমাৰে ভৰ্ত্তা ৰক্ষতি যৌৱনে
পুত্ৰশ্চ স্থবিৰে ৰক্ষেৎ ন স্ত্ৰী স্বাতন্ত্ৰ্যমৰ্হতি।।
এইবোৰ কথা পুৰুষেই লিখিছিল। নাৰীক সৰুকালত মাক বাপেকে পালন কৰিব, যৌৱন কালত স্বামীয়ে আৰু বৃদ্ধাৱস্থাত পুতেকহঁতে পোহপাল দিব। অৰ্থাৎ নাৰী জীৱনৰ কোনে অৱস্থাতে স্বাধীনতা নাছিল।
এই বৈষম্যৰ আজিও অন্ত পৰা নাই। বৰং কিছু কিছু ক্ষেত্ৰত বাঢ়িছেহে। সমাজৰ সকলো ক্ষেত্ৰতে পুৰুষতকৈ নাৰীৰ অংশ গ্ৰহণ দুখ লগাকৈ কম। যিকোনো কৰ্মক্ষেত্ৰ, শিক্ষানুষ্ঠান, ৰাজনৈতিক ক্ষেত্ৰ, সামাজিক অনুষ্ঠান আদিত নাৰীৰ অংশগ্ৰহণ নগণ্য।
নাৰী নিৰ্যাতন, ঘৰুৱা হিংসা, কন্যা ভ্ৰূণ হত্যা, যৌতুকৰ বাবে নিৰ্যাতন, ডাইনী হত্যা এইবোৰ যেন আমাৰ সমাজত তেনেই স্বাভাৱিক ঘটনা হৈ পৰিছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি ২০২২ বৰ্ষত দেশত চাৰি লাখ পঞ্চল্লিশ হাজাৰৰ অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে কেৱল নাৰীৰ বিৰুদ্ধে। সংস্থাটোৰ মতে প্ৰতি ঘন্টাত বাৰ গৰাকীকৈ নাৰী অপহৃতা হৈছে।দেশত পুলিচী ব্যৱস্থা যিমানেই সুদৃঢ় নহওক, বেটী বচাও বেটী পঢ়াও শ্লোগান যিমানেই নিদিয়ক কিয় নাৰীৰ প্ৰতি হোৱা অন্যায় অবিচাৰ কোনোপধ্যেই ৰোধ কৰিব পৰা নাই। চৰকাৰী পৰিসংখ্যা অনুসৰি অসমতো নাৰীজনিত অপৰাধৰ ঘটনা ব্যাপক। পৰিহাসৰ কথা এফালে নাৰীক দেৱী জ্ঞান কৰি পূজা-অৰ্চনা আনফালে জননীস্বৰূপা নাৰীৰ ধৰ্ষণ, বলাৎকাৰ, হত্যা।
ইয়াৰ মূলতে হ’ল নাৰী দিৱসৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰা মানসিকতা। নাৰী দিৱসৰ যি সংগ্ৰামী ইতিহাস সেই কথা বুজিব নোৱাৰিলে নাৰী দিৱস হৈ পৰিব এটা সাধাৰণ উৎসৱ।
এটা কথা মনত ৰাখিব লাগিব যে নৰ-নাৰীৰ উমৈহতীয়া প্ৰচেষ্টা নহ’লে কোনো কামেই নিসিজে। অকল পুৰুষ জাতিয়েই সংসাৰত আগ ভাগ লৈ থকাৰ এতিয়া আৰু সময় নহয়। সমাজৰ সৰ্ব ক্ষেত্ৰতে সমঅধিকাৰ, সমমৰ্যাদা, আৰু সমঅংশ গ্ৰহণ অবিহনে সমাজৰ সমবিকাশ অসম্ভৱ। আহক,এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতেই আমি সংকল্প লওঁ, সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে নাৰী-পুৰুষ উভয়ে হাতে হাত ধৰি সমাজখনক প্ৰগতিৰ দিশলৈ আগবঢ়াই নিওঁ। এয়াই হওক নাৰী দিৱসৰ সংকল্প।
☆ ★ ☆ ★ ☆