ফটাঢোল

চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা ইজ ইকুৱেল টু ৱান-বৰ্ণালী ফুকন

: হেৰা বৰা মাষ্টৰনী ক’ৰ পৰা আহিলা?নামঘৰৰ ফালে তেনেই পিঠি দিলা যে?

ভাদমহীয়া চৌফলীয়া ৰ’দত লৰালৰিকৈ ঘৰ পাবলৈ ততাভুকুতা খাই স্কুলৰপৰা ঘৰলৈ ঢাপলি মেলা বৰানীৰ টিঙিচকৈ খং উঠিল শইকীয়ানীলৈ৷

হাতৰ ঘড়ীটোলৈ দেখুৱাই তামোলৰ পিককণ ক’ত পেলাম ক’ত নেপেলাম কৈ ইফালে সিফালে চালে৷ৰাস্তাটো পাতল আম্লেটটোৰ দৰে লাগিছে৷মিহিকৈ মেলি দিছে আলকতৰা শিলগুটিৰ মিশ্ৰণটো৷বৰ পাকৈত দেই ৰাস্তা বনোৱা মানুহ কেইটা৷সিহঁতবোৰে চাগে ঘৰত গৈ ঘৈণীয়েকৰ কেটকেটনি শুনি এনেকুৱা একোটা আমলেট বনাই ঘৈণীয়েকহঁতক সন্তুষ্ট কৰে দেহি৷ভাগ্য ভাল পৌৰসভা কিছুদিন ধৰি বিকল হৈ আছে৷ কাষৰ কচুৱনিডৰালৈ পিকখিনি পিৰিককৈ পেলাওঁতে আধাখিনি ৰাস্তাতে পৰিল৷

:ছেহঃ! এইজনীক উত্তৰ দিবলৈ গৈ স্বচ্ছতাৰ মূৰটোকে চোবালোঁ৷

ভোৰভোৰাই কোৱা কথাখিনি চাগে শইকীয়ানীৰ কাণলৈ নগ’ল৷

: হে কিবা ক’লা নেকি?

: নাই বুজিছে খুৰীদেউ মোৰ যাতেকে সময় নাই৷মোৰ ভাগৰ কামেই কাম৷

: কিয় হে, হেড মাষ্টৰনী হ’লা নেকি?

: ইহঃ! ভাল কথা কৈছে। সেইবিধ হ’বলৈ আমাৰ গতে মানুহৰ চৈধ্য জনম লাগিব৷

: তেনেহলে?কামেই কাম বুলিলা যে!

: নাজানে নেকি মই আজিকালি ক্লাছ নাইনৰ ক্লাছ টিছাৰ৷

: এহঃ নুবুজিলো৷ক্লাছ টিছাৰ বুলিলা যে, সেইজাত কি নো?

: শ্ৰেণীটোলৈ যিজনী মাষ্টৰনী বা মাষ্টৰ আগত যায় সেইজন।

: অহঃ এতিয়া বুজিলোঁ৷তাকে কোৱা!কালাছ টিছাৰ নে কি বুলিলা যে মানে প্ৰথমতে কোঠাত গৈ কি চিধাই তুমি চাফ-চিকুণ কৰিব লাগে নেকি?

: সেইটোৰৰ বাদে সব কৰিব লাগে অ’ খুৰীদেউ৷পাছত এদিন ক’ম দিয়ক৷আপোনাৰো নামঘৰলৈ দেৰি হ’ব৷মই ভাত কেইটামান ভৰাই গাৰ্জেন বিচাৰি যাওঁ৷

এইবুলি শইকীয়ানীক কিবা ক’বলৈ সুবিধা নিদি বৰানী গুলী যোৱাদি গ’ল৷

শইকীয়ানীয়েও সময় নষ্ট নকৰি নামঘৰৰ ফালে খোজ বঢ়ালে৷

বৰানীয়ে হাত ভৰি কেইটা ধুয়েই ভাত বাঢ়ি লোৱা দেখি গিৰিয়েকে চিঞৰিলে…….

: কি হ’ল ঠাণ্ডা পানী টিউবেল মাৰি বাল্টিত ধৰি থৈছিলোঁ৷গাটো সাউতকৈ ধুই আহিব লাগিছিল৷তুমিচোন ভাতৰ পাততে বহিলা৷

: নক’ব এতিয়া মোক একো। ভাতকেইটা পেটত সোমালেই হ’ল৷মই এতিয়া বাগানলৈ ঢপলিয়াব লাগিব৷

: কিয়?এই গৰমখনত বাগান!

:এসোপামান ল’ৰা-ছোৱালী স্কুললৈ অহা নাই৷ইফালে ইহঁতবোৰ ৰেগুলাৰ নহ’লে স্কুলৰ বিপদ৷ক্লাচ টিচাৰৰ দায়িত্ব৷নহাবোৰৰ বাবে ৰেকৰ্ড মেইনটেইন কৰিব লাগিব৷তাত নহাৰ কাৰণ লিখিব লাগিব৷

নাকে কাণে ভাতকেইটা গুজি বৰানীয়ে খোৱা বাচনকেইটা পাকঘৰৰ বেচিনটোতে থৈ উশাহ নসলোৱাকৈ লৰ মাৰিলে বাগানলৈ বুলি৷

: ঐ টুকটুক ব’লা, এইফালে বাগান এখন আছে যে ব’লা যাম৷

: বাইদেউ ভাড়া পঞ্চাশ টকা৷ৰিজাৰ্ভত এশ টকা৷

: ব’লা হে৷টকা টকা কৈ থাকিব নালাগে৷

বাটতে ফোনটো ওলিয়াই গাৰ্জেনলৈ ফোন লগালে বৰানী বাইদেৱে৷

: এইটো ধ্ৰুৱ মাঝিৰ নম্বৰ হয় নে?

: হয়৷কওকচোন৷

: মই আপোনাৰ ঘৰলৈকে আহি আছোঁ৷সুমনৰ স্কুলৰ বাইদেউ৷

: হামি এখন ঘৰে নাইখে৷টাউনে আহে৷

: টুকটুক ৰখোৱা ৰখোৱা৷

টুকটুকৰ ড্ৰাইভাৰজনৰ খং উঠিল৷

: সুমনৰ মাকক পাম নহয়৷

: পাব পাৰে৷ঘৰে গেলে৷

শেষত যেনিবা বৰানীয়ে ঘৰ ওলিয়ালেগৈ৷সুমনে কেৰম খেলি আছে৷বৰানীক দেখি বেঙাটোৰ দৰে হাঁহি দেখুৱালে৷

: স্কুল কিয় যোৱা নাছিলি?

: মোৰ বেমাৰ আহে৷

: কি?কি বেমাৰ?

: ঝাৰা৷

: কি পেটৰ অসুখ এমাহ ধৰি?

তল মূৰ কৰি থকা সুমনক বৰানীয়ে ধমক এটা দি ক’লে,

:মাৰক মাত যা৷

:মা নাইখে৷গুটিয়া খাব গেলি৷

: যা যা মাত, দেৰি হৈছে৷

মাকৰ লগত কথা পাতি শেষ হয় মানে অন্ধকাৰ হ’বৰ হ’ল৷ভাগ্য ভাল টুকটুকখন এৰি দিয়া নাছিল৷উভতি আহোঁতে ঘৰ পাই টুকটুকৰ দ্ৰাইভাৰে ডেৰশ টকা খুজিলে৷বৰানীয়ে তাৰ মুখ বন্ধ কৰিবলৈ ডেৰশ টকা দিয়াৰ বাহিৰে উপায় নাছিল৷ৰাতি এপৰত ঘৰ সোমাই ভাতৰ যোগাৰ কৰাৰ ওপৰিও ৰাতিপুৱাৰ বাবে যোগাৰত লাগিল৷

ৰাতি হঠাৎ সাৰ পাই  বৰাই দেখে বৰানীয়ে আইনাৰ সন্মুখত চকু টিপিয়াই আছে।

:হেৰা হৈছে কি?

: একো নাই হোৱা,শুই থাকক৷শান্তি নাই কিবা এটা কৰাৰ৷স্কুলত কৰিলে ল’ৰা&ছোৱালী মখাই হাঁহিব৷ঘৰত কৰিলে ঘৰৰ মখাই দেখিলে নহঁহাকৈ থাকিব নে?

স্কুললৈ ওলাই গেটৰ ওচৰৰপৰা বৰানীয়ে চিঞৰিলে

: হেৰি শুনিছেনে?হেৰি।

: কিয়নো টেঁটুফালি চিঞৰা হে৷এনেকৈ অভ্যাস কৰিলে স্কুলৰ ল’ৰা-ছোৱালী চেপেটা লাগিব৷শেষত গাৰ্জেনে আহি তোমাক চেপেটা বনাব৷

: বাদ দিয়ক হে৷ফোনটো ক’ত থলে?

: আও অতদিনে ফোন নোহোৱাকৈ স্কুল গ’লা৷এতিয়া ফোন?ৰিল বনা…….

মুখৰ কথা শেষ নহ’লেই৷ধুমুহাৰ গতিত বৰানী ওলাই গ’ল৷যাওঁতে চিঞৰি গ’ল৷

: গৈ পায়েই চেল্ফি নল’লে হ’ব?ফোনটো বেগতে আছে, হ’ব৷আপুনি অফিচলৈ যাব৷মই আহিলোঁ৷

পিচলৈ চাবলৈ বৰানীৰ সময় নাই৷ফোনটো সন্মুখত থৈ চকু যিমান পাৰে টিপিয়াইছে৷জানো কি হ’ল!

৮:৪৫ত স্কুল অহা দেখুৱাই ৮:৫০ত যোৱাই দেখুৱালে৷

: নাই হোৱা বুলি দুবাৰ তিনিবাৰমান টিপাৰ ফলত হ’ল৷

লগৰ নতুনকৈ সোমোৱা মকবুলে  ক’লে৷তাৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চালে৷সি তাইলৈ চাই মুখ টিপি হাঁহিছে৷বৰানীয়ে টিঙিচকৈ উঠি অহা খংটো সামৰি অনিচ্ছাপূৰ্বক হাঁহি এটি মাৰি আঁতৰি যাবলৈ লওঁতেই পাছফালৰপৰা মকবুলে চিঞৰিলে…..

: টেবলেটটো লৈ ল’ব বাইদেউ।আজিৰপৰা ল’ৰা-ছোৱালীৰ উপস্থিতি আমি চকু টিপিওৱাটোতে দিব লাগিব৷প্ৰথমে খালী ল’ৰা-ছোৱালীৰ নাম ভৰাই ল’ব৷

বৰানীয়ে কি ক’ব ভাবি নাপালে৷মুখৰ ভিতৰতে ভোৰভোৰাই ভোৰভোৰাই ৰেজিষ্টাৰত চহী কৰিবলৈ অফিচ কোঠা পালেগৈ৷

তাত ৰিভলভিং চকীখনত হেড ছাৰ উপবিষ্ট হৈ আছে৷তেওঁৰ কপালত তিনিটা ভাঁজৰ ঠাইত ছটা ভাঁজ পৰিছে৷কাষে-পাঁজৰে কোনো এটা মানুহ নাই৷তাৰ মানে হেডৰ আজি বাৰুকৈয়ে খং উঠিছে৷বৰানীৰ মূৰত অজস্ৰ কামৰ হিচাপ।তেওঁৰ সময় নাই চাবলৈ হেডৰ কপালত দুটা নে দহটা ভাঁজ পৰিছে।

: বৰানী!

গলগলীয়া মাতত বৰানী বাস্তৱলৈ উভতিল৷

: কওক ছাৰ৷

কলমটোৰ সাফৰখন মাৰি মাৰি সুধিলে……

: আপুনি কালি কেইজন ছাত্ৰছাত্ৰীৰ ঘৰলৈ গ’ল?

কেইবাজনো নাই অহা যে কাৰণ কাৰোবাক সুধিছে নে?

: হয় ৷সুধিছিলোঁ ওচৰৰ ল’ৰাছোৱালীক৷কাৰোবাৰ পেট বিষ,কাৰোবাৰ মূৰ বিষ বুলি কয়৷কাৰোবাৰ চকুৰ অসুখ৷কাৰোবাৰ ভাইৰেল জ্বৰ৷

: ইহঁতে সকলোৱে ইউনিফৰ্ম পালে নে?

: হয় ছাৰ৷ইউনিফৰ্ম দিয়া হ’ল৷ খাতাত তেওঁলোকৰ চহীও লোৱা হ’ল৷

: মিড ডে মিল চোৱাৰ দায়িত্বও দুদিনমান দিয়া হৈছে চাগৈ?

: হয় ছাৰ৷

: বিনামূলীয়া খানা,বিনামূলীয়া চোলা পায়ো ল’ৰা-ছোৱালী কিয় স্কুল অহা নাই?মই ওপৰৱালাক জবাব দিব লাগিব৷আপুনি খবৰ কৰক৷ কাৰণ বিচাৰক৷ঘৰে ঘৰে যাওঁক৷

বৰানীয়ে মুখেৰে কি ক’ব ভাবি নাপালে৷

ল’ৰা-ছোৱালীৰ নাম টেবলেটত ভৰাবলৈ লৈ হাবাথুৰি খাইছে বৰানী৷নাম ভৰাবলৈ চেষ্টা কৰিলেই ডাউনলোডিং বুলি আহে৷চেষ্টা কৰি কৰি মূৰ ঘূৰোৱা যেন লাগিছে৷টেবলেটটো সামৰি এইবাৰ উপস্থিতিৰ খাতাত উপস্থিতি দি গ’ল৷উপায় নাই৷প্ৰযুক্তিবিদ্যা যেতিয়া হাতেকামে কৰা বিদ্যাতকৈ ধীৰে সুস্থিৰে যায় তেতিয়া প্ৰযুক্তিক আঁতৰাই ৰখা উচিত৷ৰেজিষ্টাৰখন বন্ধ কৰি বৰানীয়ে পুনৰ চেষ্টা কৰি চালে ৷

: নাই নাই৷নোৱাৰি৷এনেকৈ হ’লে ক্লাছ কৰা নহ’বগৈ৷

: বৰ্ডত অংক এটা পাতিছে আৰু শ্ৰেণীৰ আটাইতকৈ তীখৰ ল’ৰাটোৱে পিচফালৰ পৰা চিঞৰি ক’লে……

: বাইদেউ আজি আইৰন টেবলেট দিম কৈছিল৷

হয়তো সপ্তাহত এদিনটো খুৱাবই লাগিব৷বৰানীয়ে খৰধৰকৈ কমনৰূমলৈ গৈ আইৰনৰ টেবলেট খিনি লৈ ক্লাছলৈ উভতিল৷ৰেজিষ্টাৰখন মেলি ভাগেভাগে সিহঁতবোৰক খাবলৈ দি বৰানীয়ে হাত ঘড়ীটোলৈ চালে৷সময় হাতত কম৷অংক এটা বুজাই উঠিছে আৰু খৰধৰকৈ চকিদাৰজন সোমাই আহিল৷

: বাইদেউ আজিৰ প্ৰেজেণ্ট?

: বৰ্ডত লিখা আছে৷

বৰানীয়ে লাহেকৈ বৰ্ডৰ কাষৰপৰা আঁতৰি দিলে৷কাগজ এটুকুৰাতে উপস্থিত অনুপস্থিতৰ হিচাপটো লিখি তেওঁ গ’লগৈ৷

বৰানীয়ে মুখেৰে গাই গাই লিখি গ’ল বৰ্ডত……

“চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা ইজ ইকুৱেল টু ওৱান“

:বাইদেউ নটিছ-

পুনৰ চকিদাৰজন সোমাই আহিল৷চছমাযোৰ মোহাৰি বৰানীয়ে পঢ়ি গ’ল…..

অহা মাহৰ বিশ তাৰিখ অৰ্থাৎ ২০/৯/২০২৩ৰ পৰা ছয়মহীয়া পৰীক্ষা আৰম্ভ হ’ব৷

:ইয়াতে চহীটো।

চহীটো কৰি উঠি দেখে পুনৰ এখন বহী তেওঁ আগবঢ়াই দিছে৷

: এইখন?

প্ৰশ্নবোধক চাৱনিৰে চকিদাৰজনলৈ চালে৷

: প্ৰক্সি ক্লাছ৷

: অহ৷চহীটো কৰি বৰানী পুনৰ বৰ্ডৰ ওচৰ পালেগৈ৷

: ছাত্ৰ-ছাত্ৰীসকল মই কি কৈছিলোঁ?সূত্ৰটো?

: মুখস্থ কৰিবলৈ৷

: হ’লনে মুখস্থ?

: নাই বাইদেউ৷

চটফটীয়া ল’ৰাটোৱে পাছফালৰপৰা চিঞৰিলে

: বেইল পৰিল বাইদেউ৷

বৰানীৰ দমাই থোৱা খংটো টিঙিচকৈ উঠিল৷

তেওঁ নুশুনাৰ ভাও ধৰি পুনৰ বৰ্ডত লিখিলে…..

“ওৱান প্লাছ টেন স্কুৱাৰ থিটা ইজ ইকুৱেল টু  চেক স্কুৱেৰ থিটা“

বৰ্ডত লিখি পিছফালে উভতি চাওঁতেই দেখিলে হাতত কাগজ এখন লৈ ক্লাছৰ নিৰ্জু ছোৱালীজনী ৰৈ আছে৷

বিৰক্ত হৈ কপাল থুপাই বৰানীয়ে তাইক সুধিলে…….

: কি হ’ল?

: বাইদেউ আধাৰ কাৰ্ড খুজিছিল যে আপুনি৷

তেতিয়াহে বৰানীৰ মনত পৰিল আধাৰ কাৰ্ডৰ নম্বৰসমূহ জমা দিয়াৰ আজি অন্তিম তাৰিখ৷

হাতত কাগজখন লৈ ৰেজিষ্টাৰখনৰ ভিতৰত সুমুৱাই থ’লে৷পুনৰ টেবলেটটোলৈ চকু গ’ল৷চকু আঁতৰাই পুনৰ ব’ৰ্ডলৈ চালে।ব’ৰ্ডত যেন চাইন থিটা কচ থিটাই তেওঁলৈ উপলুঙা কৰি হাঁহিছে৷টেন আৰু চেক থিটাই নিজৰ ঠাইৰ পৰা আঁতৰি জপিয়াই জপিয়াই নাচিব ধৰিছে৷মূৰটো আচন্দ্ৰাই কৰা যেন লাগিছে বৰানীৰ৷দেৱালখনত ভেজা দি তেওঁ ভাবি থাকিল৷ছুটীৰ পিছত ঘৰলৈ যাব নে চনু মাঝিক বিচাৰি চান্দমাৰী বাগানলৈ যাব। সি এমাহ হ’ল স্কুললৈ অহা নাই।

☆ ★ ☆ ★ ☆

One comment

  • ৰিণ্টু

    বঢ়িয়া লাগিল বা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *