বৰগীত-অসীমা এছ দত্ত
(তাইক পাওঁ লগ এতিয়াও কৰবাত।মুখলৈ চাই নামাতে)
এতিয়াৰ অমৃত বৃক্ষ ৰোপণৰ নামত গছৰ ঠাল দিয়া কাৰবাৰটো সৰুতে মোক ওচৰৰ এজনীয়ে কৰিছিল। কৃষ্ণচূড়া পাতটো গুৰিতে চিঙি তলৰ পিনে মাটিৰে টোপোলা কৰি মোক ৰুবলৈ দিয়ে।যেতিয়াই ফুলৰ পুলি খোজো তেনে কৰে তাই।
তাইক বহুবাৰ সকীয়াইছে লোকে আচলজনীকে জোকাইছ। সাপৰে এইৰে কঁকালটো একেই,কোব এটায়ো নাপাহৰে।
দুদিনমান পিছত আহিল শংকৰ উৎসৱ।বৰ উলহ- মালহেৰে পাতে ঘৰৰ ওচৰৰ ঘাটত।মেলা বহে ডাঙৰ।সৰহ ৰবাব টেঙাৰে মেলা সেইখন। সেই উৎসৱতে বৰগীত প্ৰতিযোগিতাত ভাগ ল’ব আমাৰ বা আৰু ওচৰৰ ফুলৰ পুলি দিয়াজনীয়ে। সেই কেইদিনত সৰু,আমাৰো এইম এটাই আছিল বৰগীত শিকাৰ। মই পিছে আনকমন,লিখাৰ কথাহে ভাবিছিলোঁ বৰগীত।গোৱাটোতো সৱেই গায়,লিখাতোহে মেইন।
তাকে মনৰ ভাৱ ব্যক্ত কৰি ঘৰত শংকৰদেৱে বগৰোৱা ষাঁড়টোৰ দৰে মোক বগৰাবলৈ তিনিটা আহিছে খেদি,মা দেতা,আইতা।ওপৰ খাপত থকা তোক থুকুচিয়ে থওঁ,গুৰুজনাৰ ঠাই লৱ।বুজিলোঁ ন’হব।
নিৰ্দিষ্ট দিনটোত সাজিকাচি ওলাল বৰগীত গাবলৈ ৰাইজ।ধুন পেচ মাৰি ৰেডি।খোল এজনেই বজাব,সকলোৰে লগত। বা আৰু সিজনীৰ হাতত ভাগে ভাগে গাবলগীয়া বৰগীত লিখা বহী।মোক ফুলৰ নামত ঠগা জনীয়ে ভয়তে তিনিবাৰ মুতিছে যোৱাৰ আগত আমাৰ ঘৰত।
মই মনতে,তোক জেগাত মুতুৱাম ব’ল আজি, পাহৰা নাই মই।
সিহঁততকৈ আমি আগত গৈ জেগাত হাজিৰ।মানুহে নধৰা উৎসৱত।বিচাৰকৰ আসনত কলেজৰ আমাৰ দেতাৰ বন্ধু প্ৰিঞ্চিপাল চাৰজন।তেনেতে মাইকত ঘোষণা বৰগীত প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ নাম। প্ৰথমতে মুন বা গ’ল। তাইৰ মাত ভাল, ভালেই গালে,পিছে মানুহ দেখি কঁপনি যি চাট মাৰিছে…সেপ ঢুকোতে ঘটককৈ গিলাকন মাইকত যিটো শব্দ ফুটিছে ,ডিঙিৰ ঘটিকাটোও সেপৰ লগতে পেটলৈ গ’ল বুলি ভাবিব মানুহে।মুন বাৰ পিছত গ’ল লোকৰ গাঁৱৰ এজনী। বেয়া নাই হোৱা,মাত্ৰ গৰুৱে শিলত মুতি মুতি যোৱা চাউণ্ডটোৰ দৰে মাজে মাজে কঁপনিত শব্দবোৰ থলৰ থলৰ সৰে।খুলীয়াটোৱে মুতি দিব বুলি এইকেইপাতে যিমান পাৰে দূৰলৈ বহে।মোৰ পিছে এইকেইজনীৰ লগত মতলব নাই।
থাৰ্দত নাম আহিল মেইন বস্তুটো মোক ঠগাজনী।
মেইন জেগালৈ যোৱাৰ আগত তাই, আঁতৰলৈ গৈ কাগজত নিয়া পাউদাৰগাল লেপালেপে সানি লৈ সৰু আইনা এখন মাকে ধৰি দিছে,তাই গালত মোহাৰি লগাইছে। ডিঙিৰ ওপৰৰকণ বগা কোমোৰা হৈ তলৰ পিনে কোমোৰা বগোৱা খেৰ গালৰ ৰং লৈ লচপচকৈ তাই জেগাত বহিছে।তাই গোটেই পেণ্ডেলৰ তলখন কণামুনাকৈ চাই , চাইদৰ গৰু এটালৈ চাই ফেঁকুৰিলে অলপ।
মই তন্ন তন্ন নজৰ মাৰিছো তাইক। গৰুটোলৈহে মানে এইৰ লাজ লগা নাই।খুলীয়াজনে বহী মেল ,মানুহ নাচাবি, বহীলৈ চাই গা বুলি উৎসাহ দিয়ে।মই কমিটিৰ মানুহৰ গালিকো কেৰেপ নকৰি, দহোটামান মূৰৰ ওপৰেৰে জঁপিয়াই সৱতকৈ আগত তাইক চাবলৈ হাজিৰ।তাই বহীখন মেলি খোলৰ চেৱত গাটো হিলাই সুৰটো অন্তৰৰপৰা উলিয়াই আনে। প্ৰথম পাতটোৰপৰা আৰম্ভ…… গোপালে কি গতি কৈলে গোবিন্দে…
ভালপাওঁ আকাশৰ মেঘৰ ধেমালি, এঘাৰঙ এঘাৰঙ এশ একৈশ।লৰালৰিকৈ তাই পাত লুটিয়াই ,আধা সাহিত্য আধা অংক বহীখনত।খুলীয়াই খিতৌ বজাইয়ে টুক টুকাই ৰৈ আছে খোলটোৰ গাত, গা ঐ মৰতি, সৱেই চাই আছে আমাৰ পিনে।তাই সম্ভৱ দুইপিনৰপৰা কান্দিছে,তলৰ পিনেও ওপৰৰ পিনেও।
গোটেই বহীখন লুটিয়াই তাই খুলীয়াজনক দেখুৱাইছে।এষাৰিহে বৰগীত ওপৰত লিখা আছে, তাকো ভাল পাওঁ কবিতাটোৰ লগত বাকী সৱ অংক।
খুলীয়াই নিজৰ ধূতী বচাই ,তাই বিশেষ কাৰণবশতঃ দেৰিকৈ পৰিৱেশন কৰিব বুলি খেদে।জহনি মৰতি অঙ্কৰ বহী লৈ বৰগীত গাৱ। ফুট।
কেঞ্চেল তাই। বেচেৰী পণ্ডচ্ পাউদাৰৰ ওপৰেৰে লোৰ কাটি কান্দি উঠি আহি মুন বাহঁতৰ ওচৰত হিয়ালি জিয়ালি ধুমুহাত লৰা বাঁহজোপাৰ দৰে লৰিছে।বহীখন ভুল কৰাত মাকে দুঢকা কন্দাতে দিয়েও।
বাপেকটোৱেও চোঁচা মাৰি আহি ,চকুৰ বাদুত কাজল ,গালত কাজল,কপাল খন চকুৰপানীয়ে ঢুকি নেপাই শুধ বগা হৈ থকা জীয়েকৰ বেতাল ৰূপটো নিচিনি মানুহৰ মাজত বিচাৰি ফুৰিছে।চিনি পালেই বজাব।
আমাৰ দেতাৰ মানুহগৰাকীয়ে আকৌ তেনেতে বহীখন চাওঁ বুলি খুজি,এইখন আমাৰ পাপুৰ অঙ্কৰ বহী চোন বুলি মোলৈ চাই অবাক।ওচৰতে ৰবাব টেঙা এহালৰ ওপৰত বহি গাড়ী গাড়ী খেলি থকা মই দে দৌৰ। অলপ দূৰ ৰবাব টেঙা হালৰ ওপৰতে উঠি চলি গ’লো। লগৰ বোৰে থেলি নিছে।লাষ্টত সিহঁতো এনেই তোৰ লগত মৰাতকৈ বুলি পলাই দিলে।পিছৰপৰা মেখেলা দাঙি মাক জীয়েকৰ চোঁচা , লগত আমাৰ দেতাৰ ভাগৰ জনীও, ৰবাব টেঙাৰ গাড়ী এৰি চাপৰ জোপোহা গছ এজোপাৰ ওপৰত উঠিলোগৈ।গছৰ তলতে ৰৈ মোক ক’ত গ’লো চাই ফুৰিছে তিনিওজনীয়ে।জীয়েকে কৈছে এই সিহঁতৰ ঘৰত মুতিবলৈ যাওঁতেই বহীখন সলালে।এষাৰি বৰগীত তলত অঙ্ক,এইৰ বাদ দি কোনো নহয়।
তিনিওজনী অলপ পিছত গ’লগৈ।তাই নতুনকৈ গাব আকৌ। মই গছৰ পৰা জঁপিয়াই , তলতে বহি বিড়ি হুপি থকা এটাৰ পিঠিতে পৰি মানুহৰ মাজলৈ দৌৰিছো তাৰে বোকোচাত উঠি।
পিঠিত উঠাটোৰ ৰাম্ফা চিঞৰ,ভূতে পালে বুলি।
: হেই নমা,ভূত নহয়,মাষ্টৰৰ জীয়েক হে।
সি নমাই ঘূৰে মানে মই ভীৰৰ মাজত সোমালোগৈ।
তেতিয়ালৈ সেই গছৰ ঠাল দিয়াজনী বৰগীতৰ মঞ্চত।
এনেহেন মাতটো তালৈকে গাবলৈ উৎপাত। সুৰটো ওপৰত ধৰি চিঞৰিছে,গুৰুজনাই তললৈ নামি আহি মুখত সোপা দিব লগা গতি।মই আছোঁ দুখ নকৰ আই।নাই মৰা নহয়,তোৰ মাততে আজিহে মৰিম হেৰৌ।
খুলীয়াজনে খোল বজোৱাই নাই,খোলৰ কামেই নাই ,যিডাল টেঁটু ফালিছে ,খোলেৰে মৰিয়াইছে বুলিহে ভাবিব বুলি সেইজনো উঠি আহিল কাণখন জোকাৰি।
তিনিটাকৈ গছৰ ডাল গোবৰ দি ৰুই থৈছো বেৰি কুঢ়ি তাইৰ জহত। এই ঠগন কি পাহৰি যাম!!!
☆ ★ ☆ ★ ☆