সাৰাংশ লিখা প্ৰতিযোগিতা-ৰঞ্জিত কুমাৰ শৰ্মা
স্থানীয় বিহু সমিতিৰ চাৰিজনীয়া দলটোক চোতালৰপৰা ড্ৰয়িংৰূমলৈ লৈ গ’ল সাংবাদিক পূৰ্ণ শৰ্মাই৷ দলটোক বহিবলৈ দি ‘বহকচোন দেই’ বুলি কৈ শৰ্মাই ভিতৰৰ কোঠাত সোমালে৷ বিহু সমিতিৰ দলটোৱে চান্দা বিচাৰি অহা বুলিয়েই নিশ্চিত হ’ল শৰ্মা৷
: দুশ টকামান উলিয়াই থ’বা, বিহুৰ চান্দা নিবলৈ আহিছে বোধকৰোঁ৷
ভিতৰতে থকা পত্নীক কথাখিনি কৈ সাংবাদিক পূৰ্ণানন্দ শৰ্মা পুনৰ ড্ৰয়িংৰূমলৈ ওলাই আহিল৷ অৱশ্যে দলটোৰ সৈতে কথা পাতি শৰ্মাৰ ভুল ভাগিল৷ আচলতে স্থানীয় বিহু সমিতিৰ সম্পাদক ভাস্কৰ ডেকাই সাহিত্য-সাংস্কৃতিক সম্পাদক দিম্পল কলিতা আৰু দুজন সদস্যক লগত লৈ জ্যেষ্ঠ সাংবাদিক পূৰ্ণ শৰ্মাৰ ঘৰলৈ অহাৰ উদ্দেশ্য চান্দা সংগ্ৰহ নহয়, শৰ্মাক নিমন্ত্ৰণ দিয়াহে৷
: এইবাৰ বিহুত আমি এটি বিশেষ প্ৰতিযোগিতা পাতিবলৈ সিদ্ধান্ত লৈছো৷ আপুনি প্ৰতিযোগিতাৰ এজন বিচাৰক হোৱাটো আমি বিচাৰিছো৷ সেয়ে আপোনাক আমন্ত্ৰণ দিবলৈকে আহিলোঁ৷
বিহু সমিতিৰ সম্পাদক ভাস্কৰ ডেকাৰ কথাখিনি শুনি সাংবাদিক শৰ্মাই সুধিলে…..
: কি প্ৰতিযোগিতা?আৰু মইনো কি বিচাৰক হ’মহে?
: প্ৰতিযোগিতাটোৰ নাম সাৰাংশ লিখা প্ৰতিযোগিতা৷ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাবে পাতিবলৈ বিচাৰিছো৷ আপোনাক বিচাৰক হিচাপে বিচৰাৰ কাৰণ আছে৷ প্ৰথম কথা, প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগীক বাতৰিৰ সাৰাংশ লিখিবলৈ দিয়া হ’ব৷ দ্বিতীয় কথা, আপুনি প্ৰিণ্ট মিডিয়াৰ এগৰাকী অভিজ্ঞ সাংবাদিক৷এতিয়া আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰিলে আমি কৃতাৰ্থ হ’ম৷
কথাখিনি কৈ সম্পাদকজনে লগত নিয়া মোনাখনৰপৰা এটা দীঘল খাম উলিয়াই পূৰ্ণ শৰ্মাৰ হাতত দিলে৷ বাকীবোৰেও সম্পাদকক সমৰ্থন কৰি শৰ্মাক তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে অনুৰোধ জনালে৷
আমন্ত্ৰণটো পাই সাংবাদিক পূৰ্ণ শৰ্মাই পিচে বেয়া পোৱা নাই, বৰং ভালহে পালে৷ তথাপি সাংবাদিক বোলা ৰাজহুৱা উপাধিটোৰ গ্লেমাৰটোতো কিছু হ’লেও ৰাখিবই লাগিব৷ তাতে আকৌ জ্যেষ্ঠ সাংবাদিক৷ লোকে অভিজ্ঞ বুলিও স্বীকৃতিও দিছে৷ পোনে পোনে হ’ব বুলি ক’বলৈ তেওঁৰ ভাল নালাগিল৷
: মোৰ অলপ অসুবিধা হয়হে৷বিশেষকৈ আগতীয়াকৈ কথা দিবলৈ টান৷
পূৰ্ণ শৰ্মাই হেহোঁনেহো কৰা দেখি বিহু সমিতিৰ কেউজনেই শৰ্মাক আমন্ত্ৰণ ৰক্ষা কৰিবলৈ পুনৰবাৰ অনুৰোধ কৰিলে৷
: ঠিক আছে বাৰু৷ আৰু কোনোবাক কৈছেনে? — সাংবাদিক শৰ্মাই সুধিলে৷
উত্তৰত বিহু সমিতিৰ সাহিত্য-সাংস্কৃতিক সম্পাদক দিম্পল কলিতাই ক’লে…..
: হয়, কাষৰে ছোৱালী হাইস্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী নীলাক্ষী বাইদেউ আৰু সমালোচক-লেখক হেমন্ত কাকতি ছাৰক মতা হৈছে৷ তেওঁলোকো বিচাৰক হিচাপে থাকিব৷টিভি আৰু প’ৰ্টেলৰ ৰিপ’ৰ্টাৰ দুজনক মতা হৈছে৷ তেওঁলোকে কাৰিকৰী দিশটো পৰিচালনা কৰিব৷
খামৰপৰা উলিয়াই লোৱা চিঠিখনত চকু ফুৰাই সাংবাদিক পূৰ্ণ শৰ্মাই ক’লে……
: অ’, প্ৰতিযোগিতা দ্বিতীয় বিহুৰ দিনা? ঠিক আছে বাৰু, যাম৷
কথা-বতৰাৰ মাজতে মিছেছ শৰ্মাই চাহ একাপকৈ দিয়াৰ কথা কৈছিল যদিও বিহু সমিতিৰ দলটোৱে চাহ খোৱাৰ ইচ্ছা প্ৰকাশ নকৰিলে৷ শৰ্মা আৰু শৰ্মানীক নমস্কাৰ জনাই তেওঁলোকে বিদায় ল’লে৷
দ্বিতীয় বিহুৰ দিনা, মানে এক ব’হাগত দিনৰ ১১ বজাত সাংবাদিক পূৰ্ণ শৰ্মা বিহুতলীত উপস্থিত হ’ল৷ প্ৰতিযোগিতা ১১ বজাৰ পৰাই আৰম্ভ হোৱাৰ কথা আছিল যদিও প্ৰতিযোগীৰ সংখ্যা কম হোৱাত আৰু ব্যৱস্থাপনাতো কিছু পলম হোৱাত এঘণ্টা পলমকৈহে প্ৰতিযোগিতা আৰম্ভ হ’ল৷ অৱশ্যে এঘণ্টা পলম হোৱাটো তেনেই স্বাভাৱিক৷ পঢ়ি থকা সময়ত ধেমালিতে কোৱা ‘আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে’ বোলা বাক্যটোলৈ মনত পৰি পূৰ্ণ শৰ্মাৰ হাঁহি উঠিল যদিও মুখগহ্বৰৰ ভিতৰৰ পৰা হাঁহিটো বাহিৰলৈ সশব্দে ওলাব নোৱাৰাকৈ মুখখন টিপি ৰাখিলে৷
যি কি নহওক এঘণ্টা পলমকৈ হ’লেও প্ৰতিযোগিতা আৰম্ভ হ’ল৷ অৱশ্যে প্ৰতিযোগীৰ সংখ্যাহে আশানুৰূপ নহ’ল৷ দহগৰাকীমান প্ৰতিযোগীৰ মাজতে অনুষ্ঠিত হ’ল প্ৰতিযোগিতা৷ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে বিচাৰক আৰু কাৰিকৰী পৰিচালকক ফুলাম গামোচাৰে সম্বৰ্দ্ধনাও জনোৱা হ’ল৷ প্ৰতিযোগিতাৰ নিয়মাৱলী প্ৰতিযোগীসকলক জনাই দিয়া হ’ল৷ সকলোৰে সন্মুখত আঁৰি দিয়া এখন স্ক্ৰীণত এনড্ৰ’ইড ম’বাইল ফোন সংযোগ কৰা হ’ল৷ প্ৰতিযোগিতাৰ বিষয়ে প্ৰতিযোগীসকলক বুজাই দিয়া হ’ল৷
প্ৰতিযোগিতা এনেধৰণৰ…..স্ক্ৰীণত বাতৰি এটা দেখুওৱা হ’ব৷ এংকৰে পৰিৱেশন কৰা বাতৰিটো শেষ হোৱাৰ পাচত দহ মিনিটৰ ভিতৰত প্ৰতিযোগীয়ে বাতৰিটোৰ সাৰাংশ লিখিব লাগিব৷
সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ল৷ স্ক্ৰীণত ‘ফাষ্ট টিভি’ৰ এটা নিউজ ‘প্লে’ কৰা হ’ল৷
‘আমি আপোনালোকক এটা ডাঙৰ খবৰ দিবলৈ লৈছোঁ৷ এটা ডাঙৰ খবৰ৷ এইটো ডাঙৰ খবৰ আপোনালোকৰ বাবে৷ কি এই ডাঙৰ খবৰ? হয় জানিবলগা এটা ডাঙৰ খবৰ৷ এই খবৰ নাজানিলে অহা এপ্ৰিল মাহৰ পাছৰপৰা আপুনি সমস্যাত পৰিব পাৰে৷ সমস্যাত নপৰিবলৈ আপুনি কি কৰিব লাগিব আপুনি জানি লওক৷ আমি আপোনালোকক দি আছো এই খবৰ৷ এপ্ৰিলৰপৰা আপুনি সাৱধান হ’ব লাগিব৷ হয়, এক এপ্ৰিলৰপৰা আপোনাৰ ৰেচন কাৰ্ডত আহিব পৰিবৰ্তন৷ হয় এক গুৰুত্বপূৰ্ণ খবৰ৷ এক এপ্ৰিলৰ পৰা আপোনাৰ ৰেচন কাৰ্ডৰ লগত সংযোগ কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ৷ হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম৷ যিসকল চৰকাৰৰ হিতাধিকাৰী আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কৰিব লাগিব এই কাম৷ এই কাম নকৰিলে আপুনি সমস্যাত পৰিব পাৰে৷ আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু আপুনি যদি হিতাধিকাৰী হয় তেন্তে শীঘ্ৰে কৰক এই কাম৷ নহ’লে চৰকাৰী আঁচনি পোৱাৰ পৰা বঞ্চিত হ’ব পাৰে৷ অৱশ্যে চৰকাৰে আধাৰ নম্বৰ সংযোগৰ এই সময়সীমা বৃদ্ধি কৰিব পাৰে৷ সময় পাৰ হৈ যোৱা বুলি ভয় নকৰিব৷ আজিয়েই এই কাম কৰক৷ এটা ডাঙৰ খবৰ জনাই …৷’
নিউজ এংকৰে বাতৰিটো ‘ৰিপিট’ কৰিবলৈ লোৱাৰ সময়তে সংযোগ কাটি দিয়া হ’ল৷ লগে লগে আৰম্ভ হ’ল প্ৰতিযোগিতা৷ প্ৰতিযোগীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাত প্ৰতিযোগিতাৰ সামৰণি পৰে৷ বিচাৰকসকলে প্ৰথম তিনিটা স্থানৰ বাবে তিনিগৰাকী প্ৰতিযোগী নিৰ্বাচিত কৰিলে৷ প্ৰথম স্থান পোৱা প্ৰতিযোগীজনে বাতৰিটোৰ সাৰাংশ লিখিলে এইদৰে—
‘চৰকাৰে এক নতুন সিদ্ধান্ত লৈছে৷ সেইমতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰৰ আঁচনিবোৰ পাই থাকিবলৈ ৰেচন কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিব লাগিব৷’
সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ কিন্তু এগৰাকী প্ৰতিযোগীক নিচুকনি হ’লেও পুৰস্কাৰ এটি দিবলৈ বৰ মন আছিল৷
ছাত্ৰী প্ৰতিযোগীগৰাকীয়ে লিখিছিল—
‘ইমান চিঞৰ, ৰিপিট ৰিপিট আৰু ৰিপিট৷ একতা কাপুৰৰ হিন্দী চিৰিয়েলতকৈ দীঘল নিউজ যেন লাগিল৷ সব খেলিমেলি লাগি গ’ল৷ একো নুবুজিলোঁ৷’
☆ ★ ☆ ★ ☆
6:51 pm
বঢ়িয়া লাগিল ৰঞ্জিতদা