মই কিয় অভিনেত্ৰী নহ’লো-ৰঞ্জু হালৈ মুনি
সৰুৰেপৰা অভিনয়ত মোৰ বিৰাট ৰাপ আছিল।ৰেডিঅ’ত নাটক শুনি শুনি মনতে কল্পনা কৰিবলৈ লৈছিলো যে মই যদি অভিনয় কৰোঁ,মোক কেনেকুৱা লাগিব? গামোচাৰ মেখেলা-চাদৰ পিন্ধি দুই-এটা অংগী-ভংগীৰে মই মোৰ নাটকীয় যাত্ৰা আৰম্ভ কৰিছিলো।
এল পি স্কুলত থাকোতে চাৰে কৈছিল,”কণীৰ বাকলিত মানুহৰ আকৃতি দি আলহী বহা কোঠাৰ ওপৰত ৰছীৰে ওলোমাই থৈ ৰছীৰ আনটো মূৰত ধৰি থাকিবি আৰু আলহী আহিলেই সেইডাল জোৰকৈ জোকাৰি দিবি আলহীয়ে পুতলা নাচ বুলি ভাবিব।”
নাজানো চাৰে বা ক’ত দেখিছিল সেইবিধ নৃত্য।
কথামতেই কাম,আলহী অহাৰ আগতেই পৰীক্ষা কৰি লওঁ বুলি ভাবি কণী এটা ভাঙি ভাজি খাই বাকলিটোত কেৰাহীৰ কাজল মিঠাতেল মিহলাই ধুনীয়াকৈ সজালো।চকুৰ ভ্ৰূকোছা সাইলাখ ৰাৱণৰ চকুৰ পতাৰদৰে।বগা বাকলিত ক’লা ৰঙৰ সুন্দৰ সমাহাৰ।দীঘল ৰছী এডালৰ মূৰটো কণী বাকলিৰ পেটটোত বান্ধি ঘৰৰ খুটাত ৰছীডাল পাক এটা মাৰি ঘূৰাই আনি আনটো মূৰ নিজৰ হাতত ৰাখিলো।লাহে লাহে ৰছীডাল জোকাৰি দিওঁ পেটটো ভাঙি কণীৰ বাকলিয়ে উলটি উলটি নাচে।আলহী অহাৰ আগতেই বাকলিটো ভাঙি ভাঙি পৰিবলৈ ধৰাত কণী নৃত্য তাতেই সামৰি এইবাৰ নিজকে অলপ অভিনেত্ৰীৰ ৰূপত সজাবলৈ চেষ্টা কৰিলো।সাজি-কাচি ধুনীয়াকৈ আইনাৰ আগত নাটকৰ দৰে কথাবোৰ কোৱা আৰম্ভ কৰিলো।সেইটোও বেছিদিন নচলিল।কিবা দেও ভূতে ধৰা বুলি এদিন মাই আইনাই চাইনাই গবা মাৰি দিলে।আইনা ভাঙি গালে-মুখে তেজ।শেষ….মুখখনেই ধুনীয়া হৈ নাথাকিল যেতিয়া অভিনেত্ৰী হোৱাৰ আশা আৰু নাই।শেহতীয়াকৈ আকৌ লকডাউনত অভিনেত্ৰী হোৱাৰ বাসনা জাগিল।জাগিল মানে জাগিলেই।ইউ টিউবত চিনেমা বনাই থকা গাঁৱৰে ল’ৰাকেইজনক অভিনেত্ৰী লাগে।
মই বোলো,’মোকেই ল ঐ।’ সিহঁতে যেনিবা মান্তি হ’ল।মোৰ চৰিত্ৰটো হ’ব এল পি স্কুলৰ ৰান্ধনী পোষ্টটোৰ বাবে খাটি থকা ৰান্ধনীৰ।আৰম্ভ হ’ল শ্বুটিং।মেক আপৰ নামত এসোপা পণ্ডচ্ পাউডাৰ মোৰ মূৰত ঢালি দিলে।তাৰ মানে চুলি পকা ৰান্ধনী।দুফালে সেওঁতা ফালি কপালত এটা ডাঙৰ ফোঁট।হে ভগৱান!ৰাৱণৰ ভনীয়েক শূৰ্পনখাও ধুনীয়া আছিল।ৰূপটো দেখি মোৰ গাটো কিবা লাগি গ’ল।তথাপিও অভিনয়ৰ মোহ।চৰিত্ৰ এটা যে পাইছো।তাৰ পিছত আইনাত চাই স্ফূৰ্তিতে এনেকৈ হাঁহিছো নহয় সকলো অবাক।তাৰ মাজতে কোনোবা এজনে ক’লে বোলে,
“বাইদেউ বহুত ধুনীয়া তুমি।যদিহে অভিনয় কৰিলাহেঁতেন নহয়…অভিনয়ৰ ক্ষেত্ৰত তুমি বহুত সফল হ’ব পাৰিলাহেঁতেন।”
আই ঐ দেহি সোণটো!কি ধুনীয়া কথা কৈছে চা।নিজৰ প্ৰশংসা সবেই ভাল পায়।
“পিছে বাইদেউ এটা কথা!”
“কিনো।”
হাঁহি হাঁহি সুধিছো।
“আপোনাৰ দাঁত কেইটা লগাতকৈ ডাঙৰ।”
“হেহ।”
“অ’ বাইদেউ নহ’লে আপোনাৰ অভিনয় যাত্ৰা খুব ধুনীয়া হ’লহেঁতেন।”
নকৰোঁ মই অভিনয়,নহওঁ মই অভিনেত্ৰী।দমকলৰ পাৰত গৈ এবাল্টি পানী ঢালি মোৰ অভিনয় যাত্ৰা তাতেই সামৰিলো।
☆ ★ ☆ ★ ☆