ফটাঢোল

আলাপ – বাৰ্তালাপ….ৱিথ ‘হংসৰাজ’-দীক্ষিতা বৰা

নমস্কাৰ!

দৰ্শকৰ প্ৰিয় অনুষ্ঠান ‘আলাপ-বাৰ্তালাপ’ৰ আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ মই নীলপৰীয়ে। প্ৰিয় দৰ্শক, আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ আজিৰ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছো এজন বিশিষ্ট কবিক, তেখেতৰ নাম হৈছে শ্ৰীমান বিজয় হংসৰাজ মহন্ত। আহকচোন তেওঁৰ সৈতে চিনাকি হওঁ।

নীলপৰী: নমস্কাৰ হংসদাদা।

মলমলীয়া হাঁহি এটা মাৰি দুয়ো হাত যোৰ কৰি মূৰটো সামান্য ওপৰলৈ দাঙি অতিথিয়ে প্ৰতি নমস্কাৰ জনাবলৈ চেষ্টা কৰিলে।তেওঁৰ মুখেৰে ওপৰলৈ উৰি গ’ল কিছু বগা ধোঁৱাৰ এটা ফোৱাৰা, আৰু ৰজনীগন্ধাৰ অণু পৰমাণু বতাহত বিয়পাই তেখেতে কৈ উঠিল….

অতিথি: নমঃকা।

নীলপৰী: পোনপ্ৰথমেই আপোনালৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ দাদা। প্ৰশ্নটো হ’ল যে ‘আলাপ- বাৰ্তালাপ’ৰ হোষ্টগৰাকী অৰ্থাৎ মোৰ বিষয়ে আপুনি কি ক’ব বিচাৰিব?

অতিথি: সুন্দৰ প্ৰশ্ন..আৰু ইয়াৰ উত্তৰটোও হৈছে সুন্দৰ। এই যে তোমালোকে সাক্ষাৎকাৰ ল’বলৈ প্ৰতি সপ্তাহত একোগৰাকী অতিথি নিমন্ত্ৰণ কৰি আনা, আধা ঘন্টাৰ প্ৰশ্ন উত্তৰ শিতানৰ পিছত দুঘণ্টামান ধৰি ৰন্ধা-বঢ়া, খোৱা-বোৱাৰ অনুষ্ঠান এটা চলোৱা, সেইটো বৰ ভাল কথা। আৰে অতিথি মাতি আনি যদি হাঁহে মাহে এসাজ খুৱাই নপঠিয়ালা, কিহৰ অতিথি মাতিলা হে? কিন্তু তোমালোকে যিহেতু খোৱা বোৱাৰ অনুষ্ঠানভাগ সুন্দৰকৈ চলাই নিছা, গতিকে নিঃসন্দেহে তুমি এগৰাকী ভাল হোষ্ট আৰু এইটো এটা ভাল অনুষ্ঠান।

নীলপৰী: ধন্যবাদ দাদা। এতিয়া আমি আপোনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। আপোনাৰ সৰুকালৰ বিষয়ে জনাওকচোন।

অতিথি: মোৰ সৰু কালটো বিশেষ সুখৰ নাছিল।বৰ কষ্টৰে পাৰ কৰিছিলোঁ দিনবোৰ।পঢ়াশালিলৈ গ’লে মাষ্টৰে মাৰে, নগ’লে আকৌ ঘৰত পিতায়ে মাৰে। সেই দুখ-ব্যথাবোৰ সৰুৰে পৰাই মনত জমা হৈ থাকি এতিয়া কবিতাৰূপে কলমৰ মুখেৰে নিগৰি ওলায়। গতিকে ক’ব পাৰি যে সৰুকালটো সুখৰ নহ’লেও উল্লেখযোগ্য আছিল।

নীলপৰী: দৰ্শকবৃন্দ, আপোনালোকে শুনিবলৈ পালে হংসৰাজ দাদাৰ শৈশৱৰ বিষয়ে। তেখেতৰ শৈশৱৰ পুঞ্জীভূত বেদনাই যে বৰ্তমানৰ কাব্য প্ৰতিভাক গঢ় দিছে, সেয়া তেখেতে অকপটে স্বীকাৰ কৰিছে।আমি তেখেতৰ লগত আৰু আলোচনা কৰি থাকিম, কিন্তু এইখিনিতে লৈছোঁ এক চমু বিৰতি।

নীলপৰী: প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আলাপ-বাৰ্তালাপৰ মাজলৈ।

বাৰু দাদা, আপুনি এনেকুৱা কি দুষ্টালি কৰিছিল যাৰ কাৰণে এনেকৈ পিতন খাইছিল?

অতিথি: তোমাক কোনে ক’লে মই দুষ্টালি কৰা বুলি? মই সমূলি দুষ্টালি কৰা নাছিলোঁ।আচলতে মই একেবাৰে চিধা আছিলোঁ ল’ৰাটো। গতিকে সকলোৱে মোক ঠগাইছিল। আমাৰ ওপৰৰ শ্ৰেণীত পঢ়া এজন ল’ৰা আছিল দেৱদাস শইকীয়া। তেতিয়াৰ দিনত এজন শিক্ষকেই আটাইবোৰ শ্ৰেণীক একেলগে বহুৱাই লৈ পঢ়ায়।আমাৰ আৰু দেবুদাহঁতৰ শ্ৰেণীৰ ল’ৰাবোৰ প্ৰায়ে ওচৰতে বহোঁ।এবাৰ পঢ়ুৱাৰ মাজতে মাষ্টৰক ভয় খুৱাবলৈ বুলি দেবুদাই ফটকা এটা আনিছিল ফুটাবলৈ। শলিতাডাল দীঘলকৈ উলিয়াই জুই লগাবলৈ লওঁতেই মই দেখিলোঁ। সুধিলোঁ কি কৰে, বোলে মাষ্টৰক ভয় খুৱাও। মই বোলো হেই, এনেকৈ শেষৰ শাৰীত ফুটালে শব্দটো ডাঙৰকৈ নুশুনিবই, ভয় নাখাব। সেইবুলি ফটকাটো লৈ মাষ্টৰৰ ভৰিৰ ফালে দলিয়াই দিলোঁ। ফটকাটো গৈ মাষ্টৰৰ ভৰিৰ ওচৰতে ফুটিল, লগতে ধূতীতো জুই লাগিল। মাষ্টৰে আৰু তাৰপিছত জ্বলি থকা ধূতীত ধৰি ৰকেটৰ গতিত দৌৰিছে নহয়। মই বোলো বঢ়িয়া, দেবুদাৰ প্লেনৰ সফল ৰূপায়ণত মই সহায় কৰি দিলোঁ যিহেতু দেবুদাই মোক বৰ ভাল পাব চাগৈ, লজেন খাবলৈ দুই এপইচা দিব। পিছে মোৰ আশাত তেওঁ সমূলি চেঁচা পানী ঢালিলে। মাষ্টৰৰ ঘৰটো স্কুলৰ ওচৰতে আছিল। অলপ পিছত মাষ্টৰে যেতিয়া কাপোৰ সলাই এছাৰি এডাল লৈ সোমাই আহি সুধিলেহি বোলে কামটো কোনে কৰিছিলি ক, আটায়ে মোৰফালে চালে। দেবুদাইহে সাক্ষী দিলে বোলে হয় ছাৰ, এইটো কাম ইয়েই কৰিব। ইয়াক ভালকৈ পিটক। মই দেবুদাক সহায় কৰাৰ ফল সেয়া হ’ল, অজলা ল’ৰাটো পাই আটায়ে মোকে ফচালে।

নীলপৰী: অসস্… বৰ দুখজনক কাহিনী দেই। বাৰু তেন্তে আপোনাৰ দুখজনক শৈশৱক এৰি আমি কিছু আগবাঢ়োঁ। আপোনাৰ যৌৱনৰ দিনবোৰৰ বিষয়ে কওকচোন, কলেজৰ দিনবোৰৰ বিষয়ে কিছু মিঠা স্মৃতি।

অতিথি: কলেজৰ জীৱন বুলিলে এক বেলেগ অধ‍্যায়, এক অন‍্য আৱেগ। ক্লাছ নকৰি বাৰাণ্ডাত আড্ডা দিয়া, পৰীক্ষাৰ আগত NC/DC লাগিব বুলি প্ৰিঞ্চিপালৰ ওচৰত আগলৈ ক্লাছ কৰিম বুলি মিছা শপত খাই পৰীক্ষাত বহাৰ অনুমতি অনা, গাঁৱত কাৰোবাৰ অসুখ হ’লেও ঘৰৰ মানুহৰ অসুখ বুলি দৰ্খাস্ত দি ডিপাৰ্টমেণ্টত এসোঁতা কান্দি কেইদিনমানৰ ছুটী মঞ্জুৰ কৰোৱা… এই আটাইবোৰেই জীৱনৰ একো একোটা বৰ্ণিল পৃষ্ঠা।

নীলপৰী: হয় দাদা, সুন্দৰ কথা কৈছে। আপোনাৰ বাৰু কেতিয়াবা যৌৱনৰ বা লাগি মন কঁপি উঠিছিল নে দাদা?

অতিথি: কেতিয়াবা..?? এইষাৰ আকৌ কি কথা ক’লা? কেতিয়াবা নহয়, প্ৰায়েই। মোৰ মনটোৱেই তেনেকুৱা অ’, বাঁহপাত কঁপাদি কঁপিয়েই থাকে।

নীলপৰী: তেন্তে আপোনাৰ ৰোমাণ্টিক প্ৰেম কাহিনী এটা শুনাওকচোন।

অতিথি: ঠিক আছে বাৰু শুনা। চিৰিত বহি আড্ডা দি থাকোঁতে থাকোঁতেই কলেজত এজনী বৰ ধুনীয়া ছোৱালী দেখিছিলোঁ। নাজানো কি মোহিনী শক্তি আছিল, মই তাইক দেখিলে একে থিৰে চাই থাকিছিলোঁ। লাহে লাহে তায়ো মোক চাবলৈ ল’লে, চকুৱে চকুৱে পৰিলে মিঠাকৈ হাঁহি এটা মাৰিবলৈ ল’লে। অলপ দিনৰ পিছত ঘৰলৈ উভতি যোৱাৰ পৰত মই প্ৰায়ে তাইৰ পিছে পিছে যাবলৈ ল’লোঁ। এদিন সেইদৰে গৈ থাকোঁতেই তাই মাজ ৰাস্তাতে উলটি চাই উপযাচি মোক মাতিলে। তাৰ পিছৰপৰাই আমি কথা-বতৰা আৰম্ভ কৰিলোঁ। দিনবোৰ ভালদৰেই গৈ আছিল। আঘোণ মাহ সোমাল, ৰাস আহিল। তাই মোক একেলগে ৰাস চাবলৈ মাতিলে। আমি প্লেন কৰা মতে মই সিহঁতৰ পিছ চোতালৰ কাষৰ কলগছ কেইজোপাৰ আঁৰত লুকাই থাকি তাইৰ লগত ৰাস চাবলৈ যোৱাৰ কথা আছিল। পিছে মই আন্ধাৰত মনিব নোৱাৰি ভুল ঠাইত ৰৈ থাকোঁতে মাকে এপাকত পেলাবলৈ অহা চেঁচা পানী এচৰিয়া মোৰ গাতে পৰিল। বৰকৈ জাৰ লগাত মই উপায় নাপাই উলটি আহিলোঁ। ঠাণ্ডা লাগি জ্বৰ হৈ মোৰ দুদিন কলেজ খতি। তৃতীয় দিনা কলেজত গৈহে গম পালোঁ যে ৰাসৰ দিনা ৰাতিয়েই তাই শংখচূড়ৰ লগত পলাই গ’ল। মোক মানে তাই ব’ডীগাৰ্ড কৰিহে মাতিছিল ৰাসলৈ যাবলৈ।

নীলপৰী: ইচ ইচ দাদা, মোৰ আধা পেকেট টিচুপেপাৰ শেষ হৈ গ’ল আপোনাৰ দুখৰ কাহিনী শুনি। প্ৰিয় দৰ্শক, চকুপানী আৰু নাকৰ পানী মচিবলৈ এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি।

 ** বিৰতি — দাঁত ঘঁহি থাকোঁতে জপৰা চুলিয়া ডেকা এজনৰ দাঁতৰ বিষ হ’ল। দেৱাল ভাঙি ওলাই আহি এগৰাকী সুন্দৰী যুৱতীয়ে সুধিলে, ‘ক‍্যা আপকে টুথপেস্ট মে নমক হে?’

ডেকা: নেহী হে।

যুৱতী: তেনেহ’লে এয়া লিজিয়ে নিমখীয়া টুথপেস্ট। দাঁত ব্ৰাছ ভী কৰিয়ে ঔৰ ঘৰ মে নমক খতম হ’ জায়ে ত’ তৰকাৰী মে ভী ঢালিয়ে।

সেই টুথপেষ্টেৰে দাঁত ঘঁহি থাকোঁতে ডেকাৰ দাঁতৰ বিষ ভাল হ’ল, চুলিখিনি নিজেই গৈ সুন্দৰ ষ্টাইলত পজিচন হৈ ৰ’ল, পিন্ধি থকা কাপোৰ গাতে কাঢ়া ইষ্ট্ৰি কৰা যেন হৈ পৰিল। তথা সেই টুথপেষ্টৰ জহতে তেওঁ জীৱনত অনেক দিশত সফল হৈ গৈ থাকিল।

নীলপৰী: এইবোৰ দুখৰ কথা এৰি এতিয়া অন্য প্ৰসংগলৈ আগবাঢ়োঁ। আপোনাৰ সমাজ জীৱনৰ বিষয়ে কিছু কথা কওকচোন। সমাজৰ বিষয়ে আপুনি কি ভাবে? মানুহৰ সৈতে কেনেধৰণৰ সম্পৰ্ক বৰ্তাই ৰাখে?

অতিথি: সামাজিক জীৱনটো সুখ-দুখৰ সমাহাৰ। মই আনৰ সুখৰ কথা ভাবোঁ, কিন্তু বিনিময়ত দুখহে পাওঁ। এটা সৰু উদাহৰণ দিওঁ। মই এটা পৰোপকাৰী ল’ৰা। চেঙেৰা কালৰে কথা, এদিন দেখিলোঁ আমাৰ কাষৰ ঘৰতে ভগা জেওঁৰাৰ মাজেৰে মূৰ সুমুৱাই আন এঘৰৰ গৰু এজনীয়ে গছপাত কেইখিলামান টানি আনি খাবলৈ চেষ্টা কৰি আছে। মই বোলো বেচেৰী চাগৈ ভোকত আছে। তাতে আকৌ বাৰীখনত থকা লহপহীয়া পালেং, গাজৰ, মূলা পুলিবোৰ দেখি চাগে তাইৰ পেটে বেছিকৈ কলমলাইছে। গাইজনীলৈ বেয়া লাগি মই নঙলাডাল খুলি তাইক বাৰীত সুমুৱাই থৈ আহিলোঁ বোলো তাইৰো পেট ভৰক বাৰীখনো চাফা হওক। অলপ দেৰিকৈ গৈ দেখিছোঁ কাষৰ ঘৰৰ মানুহজন আৰু গাইজনীৰ গৃহস্থৰ মাজত তুমুল কাজিয়া। ওচৰৰে পোৱালি এটাই কাৰণটো কি সুধি লৈ মোলৈ আঙুলিয়াই দিলে। তাৰপিছত আৰু কি কাৰণত ক’ব নোৱাৰোঁ দুয়োটায়ে মিলি মোক চপৰানিয়ে চপৰানিয়ে দৌৰাইছে। ভোকাতুৰ অমাত প্ৰাণীটোক ভালকৈ এসাজ খাবলৈ দিলোঁ মই, পিছদিনা গাখীৰ এপোৱা দিহে যাব লাগিছিল আহি। পিছে মোক খেদাহে দিলে।

নীলপৰী: ইচ ৰাম… নাপাতোঁৱেই দিয়ক এই দুখৰ বিষয়ত কথা। বাৰু আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওকচোন।

অতিথি: কৰ্মজীৱনটো আকৌ মোৰ খুউব ভাল দেই। অইলৰ কাম আৰু, কিহৰ টেনচন। নে কি কোৱা? অইল প্ৰডিউছ কৰাই আছোঁ, আৰামত খাই আছোঁ।

নীলপৰী: হয় দাদা ঠিক কৈছে, কোনো টেনচন নাই। ইমান ডাঙৰ বিভাগ এটাত আপুনি কাম কৰে বুলি জনাই নাছিলোঁ। তথাপিও যে কিম্মান ডাউন টু আৰ্থ। বৰ ভাল লাগিল মোৰ আপোনাক ওচৰৰপৰা লগ পায়। আপোনাৰ চাগৈ অইলৰ কামত বিদেশলৈ যোৱা কৰা হৈয়ে থাকে, নহয়নে?

অতিথি: চোৱা, প্ৰথম কথা হ’ল মই মানি চলোঁ যে জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী। গতিকে নিজৰ ঠাই, নিজৰ খানা.. এইবোৰেই বৰ ভাল পাওঁ। বাকী অইলৰ কথা ক’বলৈ গ’লে পথাৰত পকা ধান আছে, তাকে খাই খাই প্ৰডিউছাৰে প্ৰডিউছ কৰি থাকে। মই ফাৰ্ম অ’নাৰ হে।

নীলপৰী: ধান আৰু অইল, ঠিক বুজি নাপালোঁ। দাদা কথাষাৰ অকণ ভালকৈ বুজাই কওকচোন।

অতিথি: তেনেই সহজ কথা এইটো নীলপৰী, মন দি শুনিবা। পথাৰত ধান পকিল, দাই আনি মাৰি ঘৰত থৈছে। তাৰে অলপ অলপ কৰি নি নি মই গঁড়ালত দি থাকোঁ আৰু খাই খাই সিহঁতে তেল বঢ়াই থাকে গাত।

নীলপৰী: সিহঁত মানে?

অতিথি: হাঁহ কেইটা।

নীলপৰী: হাঁহ ক’ৰ?

অতিথি: মোৰ ফাৰ্মৰ।

নীলপৰী: অ’ আপোনাৰ হাঁহৰ ফাৰ্মো আছে। পিছে চাকৰিলৈ গ’লে সেইখন কোনে চায়?

অতিথি: বেলেগ নো কি চাকৰি? তেলাল হাঁহৰ মাংসৰ বিজনেছ কৰোঁ আকৌ। সেয়াহে কাম, সেয়াই কৰ্মজীৱন।

নীলপৰী: হা… (চকু ডাঙৰ কৰি) কি কয় হে দাদা আপুনি?

অতিথি: অ’তো… ঠিকেই শুনিছা।

নীলপৰী: বাৰু তেন্তে দাদা, অনুষ্ঠানৰ শেষত এতিয়া আমি আপোনাৰপৰা এটি কবিতা আবৃত্তি শুনিম। স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ অনুৰোধ জনালোঁ।

অতিথি: নিশ্চয় নিশ্চয়। মই নিজৰ আটাইতকৈ ভাল লগা কবিতাটো শুনাওঁ। এইটো হ’ল এটা ‘চেমি চনেট’।

কবিতাৰ শিৰোনামা — ‘এটা তেলাল সপোনৰ পম খেদি’

পকা ধাননিত আঘোণ নামিল,

আঘোণৰ হাঁহ তেলাল।

নৈৰ পাৰত সৰিয়হ ফুলিলে

তাতে হাঁহ চৰোৱাটো ভাল।

পেক পেক পেক হাঁহৰ মাতত

 হিয়া জুৰ পৰে,

থেপেক থাপাক খোজবোৰ দেখি

পেট ৰাইজাঁই কৰে।

মুচৰি ধৰিবা, হাঁহটো মাৰিবা,

ৰান্ধিবা কোমোৰাৰে জোল।

ড্ৰাই ফ্ৰাই কৰি লগতে গিলিবা

 বটলে বটলে ফুল।

তেলাল হাঁহৰ সোৱাদত আত্মা তৃপ্ত হয়,

প্ৰেমিকেও প্ৰেমিকাক কয় এই সোৱাদৰ ভাগ নহয়।

নীলপৰী: প্ৰিয় দৰ্শক, হংসৰাজ দাদাৰ আবৃত্তিৰে আপোনালোকে শুনিবলৈ পালে এক সুন্দৰ হৃদয়স্পৰ্শী কবিতা।আজিলৈ আমাৰ বিদায় লোৱাৰ সময় হ’ল। পুনৰ আন এগৰাকী অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *