ফটাঢোল

লটিঘটি-কমলা দাস

ফুৰিবলৈ বা ভ্ৰমণ কৰি ভাল নোপোৱা মানুহ খুব কমেইহে ওলাব। আপুনিও নিশ্চয় ভাল পায়! ভ্ৰমণৰ এক সুকীয়া মাদকতা আছে বাবে ভ্ৰমণ কৰি ময়ো ভাল পাওঁ। পিছে সেই মাদকতা কেতিয়া কি ৰূপত আহে আপুনি বা মই পূৰ্বানুমান লগাব নোৱাৰোঁ।  আহকচোন, মই কৰা ভ্ৰমণ এটাৰ মাদকতা একেলগে লওঁ।

: ঐ ভাইটি, টিকটটো ভালদৰে লৈছানে নাই?

ৰৈ থকা সৰু গাড়ীখনত উঠিবলৈ লৈ মই নিশ্চিত হ’বলৈ ভাইটিক সুধি ললোঁ।  সি লৈছোঁ বুলি সঁহাৰি দিয়াত গাড়ীত উঠি বহিলোঁ। চিনাকি দ্ৰাইভাৰজনে গাড়ী চলাই দিলে।

প্ৰয়োজনীয় কাম এটাৰ বাবে উৰিষ্যাৰ ভুৱনেশ্বৰলৈ যাব লগা হৈছিল। দুমাহ আগতেই যাত্ৰা আৰু শোৱাৰ নিশ্চিত টিকট কাটি থোৱা আছিল। নিৰ্দিষ্ট তাৰিখত আমি যাত্ৰা কৰিবৰ বাবে বঙাইগাঁও ৰে’ল ষ্টেচনলৈ বুলি ওলাইছোঁ। কাৰণ আমাৰ যাত্ৰা তাৰপৰাহে হ’ব। বঙাইগাঁও ৰে’ল ষ্টেচনলৈ আমাৰ ঠাইৰপৰা দুঘন্টাৰ বাট। আমাৰ যাত্ৰাৰ সময় ৰাতি এঘাৰ বজাত। সেয়ে আমি ঘৰতেই ৰাতিৰ সাঁজ খোৱা বোৱা কৰি ভাৰালৈ লোৱা গাড়ী এখনেৰে বঙাইগাঁওলৈ বুলি ওলালোঁ।

ৰাতি দহ বজাত আমি গৈ বঙাইগাঁও ৰে’ল ষ্টেচন পালোঁ। আমি যাবলগীয়া ৰে’লখন আহি পাবলৈ তেতিয়াও এঘণ্টা সময় বাকী আছে।আমাক থবলৈ যোৱা গাড়ীখনৰ দ্ৰাইভাৰক বিদায় দি আমি আমাৰ গধুৰ বেগবোৰৰ সৈতে নিৰ্দিষ্ট প্লেটফৰ্মত বহি অপেক্ষা কৰি থাকিলোঁ।এনেয়ে বহি থকাতকৈ চাৰিওফালৰ পৰিবেশ আৰু অচিনাকি যাত্ৰীবোৰক লক্ষ্য কৰিলোঁ।দিন-ৰাতিৰ ছেদভেদ নোহোৱাকৈ আহিছে মানুহ, গৈছে মানুহ! সকলোৱেই ব‍্যস্ত। সময় পালে এনেদৰে কেতিয়াবা অচিনাকি লোক বা পৰিবেশ নিৰীক্ষণ কৰি থাকিও কিবা এটা মজা লাগে। কত ৰকমৰ যে মানুহ! ৰেল ষ্টেচন, হাৱাই আড্ডা, হাস্পতাল  আদিত থাকিলে দিন-ৰাতিৰ পাৰ্থক্য নোহোৱা যেন হৈ পৰে।

সেই ৰাতিও বিভিন্ন যাত্ৰীয়ে নিজৰ গন্তব‍্য স্থান পাবলৈ বিভিন্ন ৰে’ল গাড়ী ধৰিবলৈ লাগিছে।  উজনিমুৱা,নামনিমুৱা যাত্ৰীসকলৰ লৰা-ঢপৰা, চকা থকা বেগবোৰ ঘৰঘৰাই, চোঁচৰাই টানি লৈ গৈ নিৰ্দিষ্ট ডবাটোলৈ দৌৰ দিয়া, নিজৰ আসন সংৰক্ষিত থকা ডবাটোত উঠিবলৈ হেতা-ওপৰা লগোৱা আদিবোৰ চাওঁতে চাওঁতে সময়ৰ টিকনি আগফালে দৌৰি থাকিল। আমাৰো যাত্ৰাৰ সময় চমু চাপি আহিল।

 এক নম্বৰ প্লেটফৰ্ম।অৰ্থাৎ আমাৰ ৰে’ল গাড়ীখন এক নম্বৰ প্লেটফৰ্মত আহিব। জাননী লিখা থকা ব’ৰ্ডখনত চাই লৈ আমি নিশ্চিন্তে বহি অচিনাকি যাত্ৰীবোৰকে চাই আছোঁ।অহা আহিছে, যোৱা গৈছে। আমি থকা এক নম্বৰ প্লেটফৰ্মৰ কাষতে চাহৰ দোকান, জিৰণি চ’ৰা আদি ঘৰবোৰ শাৰী পাতি আছে। সেইবোৰৰ মাজেৰে বাহিৰ ওলাই যোৱা ৰাস্তা এটা আছে। ৰাস্তাটোৰে ৰে’ল লাইন এটাও দেখা পোৱা যায়। হয়তো ৰখাই থ’ব লগা ৰে’লবোৰ সেইফালে থয়। বহুতো যাত্ৰী সেই মাজৰ ৰাস্তাটোৰেও ওলাই গৈছে। হয়তো কৰবাৰপৰা আহি নমা যাত্ৰীয়ে সেইফালেদিয়েই কোনোবা ফালে ওচৰ ৰাস্তা ধৰিছে!

ইতিমধ্যে আমাৰ ৰে’লগাড়ীখন আহি পাবৰ হৈছে বুলি ঘোষণা কৰিলে। আমিও আমাৰ বেগবোৰ চপাই মেলি লৈ উঠিবলৈ সাজু হৈ থাকিলোঁ ।

যিমান দূৰলৈকে দৃষ্টিয়ে ঢুকি পায়,সিমান দূৰলৈকে চাই আছোঁ,ৰে’লখন আহি পালে নেকি বুলি! পিছে দেখা দেখিয়েই নাই। নাহে হে নাহে।  ঘোষণা কৰাৰ পিছতো ইমান দেৰি লাগেনে আহি পাবলৈ! পুনৰ ঘোষণা শুনিলোঁ আমি যাবলগীয়া ৰে’ল গাড়ীখন হেনো প্লেটফৰ্মত সোমাইছে! অথচ আমি দেখা নাই!  কি হ’ল! ভয়ো লাগিছে। আমি বাৰু সঠিক প্লেটফৰ্মতে আছোঁনে!  ইমান সময়ে অপেক্ষা কৰি থাকি ৰে’লখন যদি ফেইল মাৰিব লাগে, আমাৰ ফালে হ’ল আৰু! কি কৰোঁ কি নকৰোঁ কৈ ভাইটিয়ে এবাৰ পিছলৈ চাই দেখিলে আমি ভাবি থকা সেই আওহতীয়া ৰে’ল লাইনটোৰে কিবা এখন ৰে’ল আহি সোমাইছে।সি সন্দেহবশতঃ দৌৰি গৈ ৰে’লৰ নম্বৰটো চাই গম পালে, সেইখন আমি যাব লগা ৰে’লখনেই চোন!সি উধাতু খাই আহি ক’লে, “ব’ল,ব’ল  বাইদেউ, সেই খনেই আমাৰ গাড়ী!” হতভম্ব আমি উশাহ চুটি কৰি গধুৰ বেগবোৰ সামৰি লৈ দৌৰিছোঁ আৰু দৌৰিছোঁ!ৰে’লখন বঙাইগাঁৱত দুই মিনিটহে ৰয়। দৌৰা দৌৰিকৈ  গৈ কোনোমতে ৰে’লখন পাই আমাৰ নিৰ্দিষ্ট ডবাটোৰ নম্বৰ চাই নাথাকি সন্মুখত যিটো পালোঁ তাতেই উঠি দিলোঁ । এবাৰ উঠি ল’ব পাৰিলে চিন্তা নাই।  ডবাবোৰৰ মাজেৰে আমাৰ নিৰ্দিষ্ট ডবাটোলৈ গৈ থাকিব পাৰিম। আমি উঠাৰ পাছতেই ৰে’লখন চলিবলৈ ধৰিলেই।

যেনেতেনে ৰে’লখনত উঠিবলৈ পাই স্বস্তিৰ উশাহটো টানি ল’লোঁ।এতিয়া নিজৰ ডবাটোলৈ গৈ পালেই হয় আৰু। দুয়ো গধুৰ বেগবোৰ দাঙি,টানি যেনেকৈ পাৰোঁ কঢ়িয়াই নিবলৈ সাজু হ’লোঁ।পিছে পোন্ধৰ নম্বৰ ডবাৰপৰা দুই নম্বৰ ডবালৈ তেনেদৰে যোৱাটো উজু কথা নাছিল। “হামচফৰ” নামৰ ৰে’ল গাড়ীখন গোটেইখনেই শীততাপ নিয়ন্ত্ৰিত।শীততাপ নিয়ন্ত্ৰিত ডবাবোৰৰ দুৱাৰবোৰ খুলিবলৈ টান। খুলি লৈও ধৰি থাকিহে সোমাব লাগে। নহ’লে বন্ধ হৈ যায়। তেনেকুৱা টানি খুলিব লগা দুৱাৰ ডবাটোৰ দুয়ো ফালে দুখন থাকে। দুয়ো হাতে, পিঠিয়ে এসোপা বয়বস্তু দাঙি থকা অৱস্থাৰে এখন দুৱাৰ খুলিবলৈকে কঠিন। তাতে আকৌ তেৰটা ডবা পাৰ হৈ যাব লাগিব! মানে ছাব্বিশ খন দুৱাৰ! অকল দুৱাৰেই নহয়, প্ৰতিটো ডবাত আমাৰ নিচিনা নিজৰ চিটটো ল’ব নোপোৱা যাত্ৰীসকলেও বয়বস্তুৰে সৈতে ঠেক বাটটোত কোনোবা থিয় হৈ আছে, কোনোবাই অহা-যোৱা কৰি আছে।আজি কপালত কষ্টই লিখা আছিল বুলি ভাবি বহুত কষ্টেৰে দুৱাৰৰ লগতে সেইসকল যাত্ৰীকো ঠেলি  হেঁচি এটা এটাকৈ ডবাবোৰ পাৰ হৈ গৈ থাকিলোঁ।  গৈ থাকোঁতে যিবোৰ যাত্ৰীয়ে কম্বল উৰি মহাসুখেৰে টোপনি মাৰি আছিল, সেইসকলক দেখি অলপ ইৰ্ষাও হৈছিল। আমি মৰিছোঁ জলৌজপৌ হৈ আৰু ইহঁতে আৰামত শুই আছে!

সময় পাৰ হৈ গৈ মাজনিশা পালে । আমি ভাগৰত লেবেজান হৈছোঁ। কষ্ট হ’লেও যেনেতেনে নিজৰ আসনখন ল’ব পাৰিলেই হয় আৰু বুলি মনোবল বান্ধি আগবাঢ়ি গৈ আছোঁ ! পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি!  আমি গৈ গৈ ন নম্বৰ ডবাত ৰৈ গ’লোঁ । সেইটো ডবাৰ মাজেৰে আৰু আগলৈ যোৱা বাট নাই। মানে আছে যদিও বন্ধ কৰি থোৱা আছে। কাৰণ আগৰ ডবাটো ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ হয়। যাত্ৰী সকলক ৰাতিৰ সাঁজ খোৱা দিয়া হোৱাৰ পাছত বন্ধ কৰি থোৱা হয়।

কি কৰোঁ এতিয়া! কেনেকৈ যাওঁ!  আগলৈ যাবলৈ হ’লে আমি নামি গৈ এইটো ডবা পাৰ হৈ গৈ আগৰ ডবাত উঠিব লাগিব। ইফালে ৰে’ল চলিছে পূৰ্ণ গতিত। ইয়াক তাক সুধি গম পালোঁ যে ৰেলখন গৈ একেবাৰে নিউ কোঁচবিহাৰত হে ৰ’ব! মানে ৰাতি আঢ়ৈটা মান বাজিব! তেতিয়া বাৰ বাজি ত্ৰিশ মিনিট গৈছে। এই দুঘন্টা সময় কি কৰোঁ! ইয়াৰ মাজতে  টিটিয়ে অনুসন্ধান কৰি আমি নুঠা বুলি গম পালে আমাৰ টিকট প্ৰত‍্যাহাৰ কৰি দিয়ে! ৰেলত মাত্ৰীসকলক কাপোৰ-কানি দি থকা ল’ৰাটোক সুধি গম পালোঁ যে টিটি সাত নম্বৰ ডবাত আছে। লগ ধৰিবলৈ হলে সাত নম্বৰ ডবাটোলৈ যাব লাগিব। ভাইটিয়ে বেগবোৰ কাষৰীয়া কৈ থৈ পুনৰ সাত নম্বৰ ডবাটোলৈ উভতি গৈ টিটিক লগ কৰি আমাৰ সমস্যাৰ বিষয়ে অৱগত কৰি থৈ আহিল যাতে আমাৰ টিকট প্ৰত‍্যাহাৰ নকৰে।টিটিয়ে নকৰোঁ বুলি কথা দিলে। টিটিয়ে হেনো আৰু এটা কথাও ক’লে যে গুৱাহাটীৰপৰা গোৱালপাৰা হৈ অহা ৰে’লবোৰ হেনো সেইটো লাইনেৰেই সোমায় আৰু বহুতো যাত্ৰীয়ে সেইটো এক নম্বৰ প্লেটফৰ্ম বুলি ভুল কৰে। সেইটো হেনো 1+!  সি উভতি আহিল।এতিয়া আমি কি কৰো!  বহিবলৈ সুবিধা নাই। থিয় হৈ থকাটোও অসহনীয় হৈ উঠিছে। উপায় নোহোৱাত নিজৰ লাজটো অলপ একাষৰীয়া কৰি থৈ শুই থকা যাত্ৰী এজনক অনুৰোধ কৰি তেওঁৰ ভৰি পথানত যেনে তেনে টিকাটোৰ আধা পাৰি লৈ বহিলোঁ।ৰে’লখন কোনোবাটো ষ্টেচনত ৰখালৈকে ভাইটিয়েও নিজৰ সুবিধা কৰি ল’লে।  ভাগৰত অৱশ হোৱা আমাক মাজে মাজে টোপনিয়েও জোকাই থৈ যায়।জোৰকৈ টোপনিক খেদি আমি সতৰ্ক হৈ থাকিলোঁ ।

নিশা দুই বজাত ৰে’ল গাড়ীখন নিউ কোঁচবিহাৰ ষ্টেচনত ৰ’ল। বন্ধ দুৱাৰ খুলি আমি বাহিৰলৈ চালোঁ । নিজম পৰি থকা অচিনাকি ষ্টেচনত নামি যাবলৈও ভয়! যদি মুহূৰ্ত্ততে ৰে’লখন এৰি দিয়ে! আমাৰ কি হ’ব! ইফালে ভবা -চিন্তা কৰি থাকিবলৈও আমাৰ হাতত সময় তেনেই কম। খৰখেদাকৈ সিদ্ধান্ত ল’বই লাগিব। অৱশেষত যি হয় হ’ব বুলি ভাবি গধুৰ গধুৰ বেগবোৰ নমাই লৈ আমিও নামি গলোঁ। নামিয়েই আগলৈ দৌৰ দিছোঁ। সেইখিনি সময়ত কেনেকুৱা যে লাগিছিল!অচিনাকি ঠাই এখনৰ ষ্টেচনত ৰাতি দুই বজাত গধুৰ বেগ টানি টানি দৌৰি আছোঁ!  দৌৰি দৌৰি গৈ  ৰন্ধা-বঢ়া কৰা ডবাটো পাৰ হৈ আঠ নম্বৰ ডবাটো পালোঁ । সেইটোৰ আকৌ প্ৰথমতে পোৱা দুৱাৰখন ভিতৰৰ পৰা বন্ধ! আকৌ সিটো মূৰলৈ দে দৌৰ!  দৌৰি গৈ যেনেতেনে সিটো মূৰৰ দুৱাৰখনেৰে প্ৰথমতে বেগবোৰ দাঙি দাঙি উঠাই দি আমিও উঠি গলোঁ । ইতিমধ্যে ৰে’ল চলিবলৈ  ধৰিলে। ৰক্ষা!

পুনৰ দুৱাৰ ঠেলি কৰা যাত্ৰা আৰম্ভ। গৈ গৈ আমাৰ নিৰ্দিষ্ট ডবাটো পাই নিজৰ চিটবোৰ বিচাৰিবলৈ ধৰিলোঁ। অৱশেষত বিচাৰি পালোঁ যেনিবা।তেজেমূতা কষ্টৰ পিছত নিজৰ নামত থকা চিটটো বিচাৰি পাই যিমান আনন্দ লাগিল, এভাৰেষ্ট জয় কৰা হ’লেও কিজানি ইমান স্ফূৰ্তি নালাগিলহেঁতেন!পিছে চিটটো বিচাৰি পায়ো লেঠা।  আমাৰ চিটত বেলেগ কোনোবাই ফস্তি মাৰি শুই আছে। আমাৰ চিট তলত এটা আৰু ওপৰত এটা আছিল। তলৰ জনক জগাই দিলোঁ । তিৰোতা মানুহ এজনী শুই আছিল গা-মূৰ ঢাকি।কেংকেঙাই উঠিল।ওপৰৰ চিটত থকা গিৰীয়েকে আমাক ধমকি দি নামি আহিল। আমি আমাৰ টিকটত থকা চিট নম্বৰ দেখুওৱাত যেনিবা মনে মনে ৰ’ল।ঘৈণীয়েকেও কেৰোঘেঁহো কৈ উঠি চিটতো এৰি দিলে।আমি আমাৰ বেগ আদি সামৰি থৈ বিছনা সাজু কৰি অৱশেষত কঁকালটো পোনালোঁ । সময় তেতিয়া পুৱতি নিশা তিনি বাজি ত্ৰিশ মিনিট গৈছে। ভাবিছোঁ, ঘৰত থকা হ’লে অলপ পিছতে চৰাইৰ কিচিৰমিচিৰ  মাত শুনিলোৱেইহেঁতেন কিজানি! কেনেকুৱা এটা যে অভিজ্ঞতা হ’ল আজি আমাৰ!

চকু দুটা জোৰকৈ মুদি দিলোঁ, কিজানি অলপ শুবলৈ পাৰোঁৱেই!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *