মূল গল্প: ক্ৰমশঃ প্ৰগতি,গল্পকাৰ: শৰদ যোশী,ভাবানুবাদ-মুনমুন সৰকাৰ
পাঁচটা পোৱালিৰ সৈতে শহাপহু এহাল আছিল।
এদিন কুকুৰনেচিয়া বাঘ এটা জীপ গাড়ীৰে আহিল আৰু ক’লে,
“তোমালোক সমাজৰ অসামাজিক তত্ত্ব নাজানা নেকি? চৰকাৰে তিনিটাকৈ সন্তানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।”
……আৰু দুটা পোৱালি লগত লৈ গুচি গ’ল।
কিছুদিনৰ পিছত কুকুৰনেছীয়া বাঘটো পুনৰ আহি ওলালহি আৰু নিয়ম সলনি হ’ল বুলি কৈ আকৌ এটা পোৱালি লৈ গ’ল। শহাপহুহালে ভাবিলে যি হ’ল, হ’ল। এতিয়া অন্ততঃ আমি অলপ শান্তিৰে থাকিব পাৰিম। কিন্তু ঠিক সেই সময়তেই জংঘলত জৰুৰীকালীন অৱস্থা জাৰি কৰা হ’ল।
কেইদিনমানৰ মূৰত বাঘে শহাপহুহালক থানালৈ মাতিলে আৰু ক’লে যে শুনিবলৈ পোৱামতে তোমালোকে চৰকাৰৰ নিৰ্ণয় বৰ এটা ভাল পোৱা নাই হেনো।সেয়ে তলে তলে তোমালোকে হেনো চৰকাৰৰ বিপক্ষে ষড়যন্ত্ৰ কৰি আছা? শহাপহুহালে পোনছাটেই এই কথা অস্বীকাৰ কৰিলে আৰু নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ যুক্তি দাঙি ধৰিব খুজিলে কিন্তু; তেতিয়াই কুকুৰনেচিয়াই ক’লে,
“এতিয়া জৰুৰীকালীন সময়, এই সময়ত তোমালোকৰ কোনো যুক্তিয়েই মানি লোৱা নহ’ব। সেইদিনা থানাৰপৰা শহাপহুহাল নাইকিয়া হ’ল। এহাল জীৱ কমি গ’ল।
দুটা মাত্ৰ পোৱালী অৱশিষ্ট আছিল। বোধশক্তি বৰ বেছি নাছিল। মাক বাপেকক বিচাৰি থানালৈ গ’ল। কুকুৰনেচিয়াটোৱে এই সুযোগলৈ বাট চাই আছিল। পোৱালী দুটা থানালৈ নোযোৱা হ’লে এই জৰুৰীকালীন অৱস্থাতো দুদিনমান বেছিকৈ জীয়াই থাকিব পাৰিলেহেঁতেন।
☆ ★ ☆ ★ ☆