ড্ৰাইভিং স্কুলৰ মাষ্টৰ-প্ৰান্তৰ ভাগৱতী
“হেৰা ! কি হ’ল আজি ! এই সন্ধিয়া পৰত একেবাৰে মুখ ফুলাই ৰোহঘৰত সোমাই থকা দি ৰুমত সোমাই শুই আছা যে ?”
সন্ধিয়া অফিচৰপৰা ঘৰলৈ আহি শ্ৰীমতীক সেইদৰে বিছনাত শুই থকা দেখি সুধিলোঁ।শ্ৰীমতীয়ে মুখেৰে “হুহ” বুলি মুখখন ঘূৰাই সিফালে বাগৰি পুনৰ শুলে।
বেগটো থৈ মুখ হাত ধুই আহি পুনৰ মৰমেৰে সুধিলোঁ,
“কি হ’ল কোৱা আকৌ। নক’লে কি হৈছে কেনেকৈ গম পাম বাৰু?”
ইতিমধ্যে গম পাইছোৱেই কিবা এটা লাগে নিশ্চয়!
কেইবাবাৰো সোধাৰ পিছত তেওঁ মুখ খুলিলে…..
“মোক স্কুটি এখন লাগে।”
“কি !!!”….
মোৰ মুখৰপৰা চিঞৰেই ওলাই গ’ল।
“অ।মোক লাগিবই। চুমী বৌ, কৰবী বৌ, জুলি মাহী, আনকি মমী খুৰীয়েও কি ধুনীয়াকৈ ষ্টাইল কৰি স্কুটি চলাই আমাৰ ঘৰৰ আগেদি ফোঁ-ফোৱাই গুচি যায়; মোৰ লাজেই লাগে ! গতিকে মোকো লাগিব।”
শ্ৰী মতীৰ খাৰাংখাচ উত্তৰ।
মই বোলো…..”তুমি দেখোন কৈছিলা তুমি বোলে আগতে চাইকেলেই চলোৱা নাছিলা ! এতিয়া স্কুটি কেনেকৈ চলাবা??”
“মোক শিকাই দিবা আকৌ !”……তেওঁ ক’লে।
মই বোলো….. “বুঢ়া শালিকাক মাত শিকাবলৈ বৰ দিগদাৰ। তাতে তুমি আগতে চাইকেলেই চলাই পোৱা নাই।”
“মই সেইবোৰ নাজানো। মই কালাৰ পছন্দ কৰিলোৱেই। মোক লাগিবই।”…….তেওঁ খঙেৰে উত্তৰ দিলে।
মই বোলো….. “হ’ব বাৰু। কিন্তু স্কুটি কিনাৰ আগতে তুমি প্ৰথম চলাবলৈ শিকিব লাগিব। যদিহে তুমি চলাব পৰা হোৱা তেন্তে বাৰু মই নিশ্চয় তোমাক কিনি দিম। কালিলৈ অফিচ বন্ধ যেতিয়া আমাৰ পুৰণি ঘৰৰ খুৰাৰ ছোৱালীজনীৰ স্কুটিখন তোমাক চলাবলৈ শিকাম । ওলাবা।”
পিছদিনা শ্ৰীমতী আৰু মই পুৰণি ঘৰৰ স্কুটিখন লৈ তাতেই মোৰ ড্ৰাইভিং স্কুলৰ পাঠ দান আৰম্ভ কৰিলোঁ। আমাৰ পুৰণি ঘৰৰ চৌহদটো যথেষ্ট ডাঙৰ।পদূলিটোও যথেষ্ট দীঘল আৰু ডাঙৰ। কাষতে জেওৰা দি ধানখোলা আৰু আলু, কবি আদিৰ খেতিও আছে। শ্ৰীমতীয়ে ধুনীয়া কৈ চুড়িদাৰ এযোৰ পিন্ধি আহিছে।তেওঁক স্কুটিৰ আগত বহিবলৈ দি পিছত মই বহি মোৰ ভৰি দুখন দুইফালে মাটিত লগাই তেওঁক ক’লোঁ, “এতিয়া লাহে লাহে এক্সিলেটৰ পকাই দিয়া আৰু গৈ থাকা।শ্ৰীমতীয়েও সেইমতে লাহে লাহে এক্সিলেটৰ পকাই নিজৰ দুই ভৰি স্কুটিত উঠাই গৈ আছে। মই ভৰিদুখন দুইফালে মাটিত চোঁচৰাই গৈ আছোঁ। নহ’লে কেনেবাকৈ বেলেঞ্চ নোহোৱা হ’লে বিপদ হ’ব। এইদৰে কেইপাকমান ঘৰৰপৰা পদূলিমুখ আকৌ পদূলিমুখৰপৰা ঘৰলৈ চলোৱা হ’ল স্কুটি। শ্ৰীমতীয়ে বোলে…….”তুমি ভৰি দুখন ওপৰত উঠোৱা। নহ’লে দেখোন সৰু ল’ৰা-ছোৱালীয়ে তিনিচকীয়া চাইকেল চলোৱাৰ দৰে হৈ আছে।”
মই বোলো…….”আজিয়ে নেলাগে নেকি!”
তেওঁ বোলে…….”মই পাৰিম, বেলেঞ্চ ৰাখিব।”
সেইবাৰ ”সাৱধানে চলাবা ,বেলেঞ্চ ৰাখিবা”…..জাতীয় দুটামান পৰামৰ্শ দি মই ভৰি দুখন স্কুটিত উঠাই দিলোঁ। অকনমান দূৰ গৈ হঠাতে কিনো হ’ল ভোঁ ও ওওওওওও …. কৰি তীব্ৰ গতিৰে স্কুটিৰ আগ চকা দাং খাই বাওঁফালে উৰি যোৱাৰ দৰে গৈ কাষৰ বাৰীৰ জেওৰা ষাড় গৰুৱে মহতিওৱাৰ দৰে ভাঙি স্কুটি ছিটিকি পৰিল !!
পিছমুহূৰ্তত অলপ দেৰিলৈ একো তত ধৰিব পৰা নাছিলোঁ। চকু মুদি দিছিলোঁ। তাৰ পিছত চকু মেলি দেখা পালোঁ ধানখোলাৰ খেৰৰ দমৰ ওপৰত চিতভোলোঙা খাই শ্ৰীমতী আৰু মই নিজকে আৱিষ্কাৰ কৰিলোঁ পাচলিৰ বাৰীত এগালমান ফুলকবিৰ মাজত লাং খাই পৰি আছোঁ। আৰু স্কুটি আলুগছ বোৰৰ শাৰীৰ মাজত বেল্টি খাই আছে !!
গাৰ পৰা ধান খেৰবোৰ আঁতৰাই শ্ৰীমতীয়ে মোলৈ চাই খঙেৰে ক’লে, “তোমাৰ কাৰণেই হ’ল।”
মই মনৰ ভিতৰতে ক’লোঁ, “এৰা। বেলেঞ্চ ৰখাৰ ধান্দাত থাকি এক্সিলেটৰডাল মই জোৰেৰে পকাইছিলো নে তুমি?”
“বাৰু হ’ব দিয়া আৰু।এতিয়া আৰু স্কুটি চলাই ফালিব নালাগে। মই ঘৰত নাথাকিলে ক’ৰবাত যাবলগীয়া হ’লে ড্ৰাইভাৰ মাতি গাড়ীখন লৈয়েই যাবা।”
এনেদৰেই মোৰ এদিনীয়া ‘ড্ৰাইভিং স্কুলৰ মাষ্টৰ’ৰ চাকৰিৰো অন্ত পৰিল !!
☆ ★ ☆ ★ ☆