ফটাঢোল

মীনা বেন-পংকজ কুমাৰ নেওগ

১৯৮৪ চনৰ জানুৱাৰী মাহৰপৰা ১৯৮৬ চনৰ জুলাই-আগষ্ট মানলৈ মই পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অব ওকলাহোমা (University of Oklahoma)ত আছিলোঁ। ইউনিভাৰ্চিটিখন ওকলাহোমা চিটিৰপৰা প্ৰায় ৩০-৪০ মিনিটমান দূৰৈত নৰ্মেন নামৰ এখন মফচলীয় চহৰত অৱস্থিত।এতিয়া নৰ্মেনখন কিমান প্ৰসাৰিত হ’ল নাজানো কিন্তু সেই সময়ত আছিল এখন ‘Sleepy Town’ বা ‘নিদ্ৰামগ্ন’ সৰু চহৰ।ইউনিভাৰ্চিটিখন লৈয়েই সৰু টাউনখন গঢ়ি উঠিছে। মই মিচেছ ক্লেয়ৰ হলেণ্ডাৰ নামৰ ৭৫ বছৰীয়া বিধৱা মহিলা এগৰাকীৰ ঘৰত কোঠা এটা ভাড়া লৈ আছিলোঁ। ঘৰটোৰ তলৰ মহলাত ঘৰৰ মালিকনী নিজে থাকি ওপৰৰ তিনিটা কোঠা ইউনিভাৰ্চিটিৰ ছাত্ৰ বা ছাত্ৰীক ভাড়া দিছিল। ঘৰটো ইউনিভাৰ্চিটিৰ নিচেই ওচৰত থকা বাবে আমাৰো খোজকাঢ়ি বা চাইকেল চলাই ক্লাছলৈ অহা-যোৱাত সুবিধা হৈছিল।কিবা কাৰণত মিচেছ হলেণ্ডাৰে মোক বৰ ভাল পাইছিল আৰু ক্লাছ বা কাম নাথাকিলে মোকো তেখেতৰ গাড়ীখনত উঠাই বজাৰ-সমাৰ কৰাবলৈ বা ফুৰাবলৈ নিছিল।তেখেতৰ মীনা নামৰ এগৰাকী ভাৰতীয় বান্ধৱী আছিল আৰু ময়ো এদিন মীনাহঁতৰ ঘৰলৈ যাবলৈ সুবিধা পাইছিলোঁ।মীনাৰ স্বামী আছিল আমাৰ ইউনিভাৰ্চিটিখনৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° ৰিচাৰ্ড বেকাৰ। ড° বেকাৰৰ সৈতে চিনাকি হওঁতে তেখেতৰ বিষয়ে বিশেষ নাজানিছিলোঁ; পিছতহে শুনিছিলোঁ তেখেত অকল ওকলাহোমাৰে নহয় সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে ৰাজনীতি বিজ্ঞানৰ এজন মুধাফুটা অধ্যাপক! মিচেছ হলেণ্ডাৰে মীনাক ডঃ বেকাৰৰ পত্নী বুলি চিনাকি কৰি দিয়াৰ সময়ত বৰ আচৰিত হৈছিলোঁ। মীনা আছিল সাধাৰণ চুটি-চাপৰ আৰু কিছু শকত এগৰাকী মধ্যবয়সী ভাৰতীয় মহিলা।কোনোমতে ভঙা-ভঙা ইংৰাজীত মিচেছ হলেণ্ডাৰ বা মোৰ সৈতে কথা-বতৰা পাতিছিল। মোক ভাৰতীয় বুলি গম পাই পিছলৈ হিন্দী ভাষাতে মোৰ ঘৰৰ বা-বাতৰি লৈছিল।সাধাৰণতে ডাঙৰ নাম কৰা প্ৰফেচাৰ এজনৰ পত্নী বুলি ক’লে যি এগৰাকী মহিলাৰ ধাৰণা বা প্ৰতিচ্ছবি মনলৈ আহে তাৰ সম্পূৰ্ণ ওলোটা আছিল মীনা।চিনাকি হোৱাৰ পিছত মীনা বেকাৰৰ কথাবোৰে গোটেই নিশা মনত খু-দুৱনি তুলি থাকিল। এগৰাকী প্ৰায় অশিক্ষিতা বা স্বল্প-শিক্ষিতা সাধাৰণ গুজৰাটী মহিলাৰ সৈতে ড° ৰিচাৰ্ড বেকাৰৰ কেনেকৈ মিলন ঘটিল? ড° বেকাৰ নিজে আছিল ৰাজনীতি বিজ্ঞানৰ এজন লব্ধ-প্ৰতিষ্ঠ অধ্যাপক।তেখেতৰ পৃথিৱীখন আছিল এখন সম্পূৰ্ণ ভিন্ন পৃথিৱী – ছাত্ৰ-ছাত্ৰী, পঢ়া-শুনা, ক্লাছ, ছেমিনাৰ, গৱেষণা ইত্যাদিত নিমজ্জিত হৈ থকা মানুহ এজনে মীনাবেনৰ দৰে এগৰাকী সাধাৰণ ভাৰতীয় মহিলাক ক’ত লগ পালে?ইয়াৰ আঁৰত নিশ্চয় কিবা এটা ডাঙৰ কাহিনী থাকিব লাগিব! পিচদিনা পুৱা মিচেছ হলেণ্ডাৰক কুটুৰি কুটুৰি মীনাবেন আৰু ড° ৰিচাৰ্ডৰ বিয়াৰ কথাবোৰ সুধিলোঁ। মিচেছ হলেণ্ডাৰে ড° ৰিচাৰ্ড বেকাৰ আৰু তেখেতৰ মাতৃক বহুত আগৰেপৰা চিনি পাইছিল। তেওঁলোক গোটেইবোৰ আছিল নৰ্মেন, ওকলাহোমাৰ পুৰণি বাসিন্দা।মিচেছ হলেণ্ডাৰে মোক যিটো কাহিনী  কৈ শুনাইছিল সেইটো আছিল তলত দিয়া ধৰণৰ।অৱশ্যে গোটেই কাহিনীটো তেখেতে নিজেও বিয়াৰ পিছত ড° বেকাৰৰ মুখত শুনিবলৈ পোৱা।

মীনাহঁতৰ ঘৰ আছিল ভাৰতৰ আহমেদাবাদত। অতি দৰিদ্ৰ মাক-দেউতাকৰ সন্তান আছিল মীনা। দেউতাকে কাপোৰৰ দোকান এখনত দৰ্জীৰ কাম কৰিছিল। মীনাৰ তলত দুটা ভায়েক আৰু এজনী ভনীয়েক। এবেলা খালে আনবেলা খাবলৈ পৰিয়ালটোৰ টনাটনি। তথাপি মীনাই প্ৰাইমেৰী স্কুলৰ তিনি-চাৰিটামান শ্ৰেণী পঢ়িবলৈ পাইছিল, কিন্তু তাৰ পিছতেই তাইৰ পঢ়া-শুনা বন্ধ হ’ল। ভায়েক দুটাক পঢ়ুওৱাটোহে বাপেকৰ প্ৰথম চিন্তা আছিল। মীনাই ঘৰতে থাকি ঘৰুৱা কামবোৰত মাকক সহায় কৰিবলৈ ধৰিলে। লাহে লাহে মীনা গাভৰু হ’ল; মাক-বাপেকে তাইক বিয়া দিয়াৰ কথা চিন্তা কৰিবলৈ ধৰিলে। ইফালে মীনা সিহঁতৰে চুবুৰীৰ ল’ৰা এজনৰ প্ৰেমত পৰিল আৰু লাহে লাহে সিহঁতৰ মাজৰ সম্পৰ্ক গভীৰ হ’ল। মাকে কথাটো গম পাই মীনাৰ দেউতাকক জনালে আৰু দেউতাকেও খঙত একো নাই হৈ জীয়েকক খুব মাৰধৰ কৰিলে। দেউতাকে ঘৰৰ ওচৰৰ মীনাৰ পানিগ্ৰাহী ডেকাজনক চকুপাৰি দেখিব নোৱাৰিছিল। প্ৰথম কথা, ল’ৰাজনৰ জাত-পাত আছিল বেলেগ আৰু দ্বিতীয়তে কেও-কিছু নোহোৱা বাটে-পথে ঘূৰি ফুৰা ল’ৰাজনৰ কোনো কৰ্ম সংস্থানো নাছিল। জীয়েকক বিয়া কৰালে সি কি কৰি খুৱাব? সিহঁতৰ মাজৰ সম্পৰ্ক শেষ কৰিবলৈ একে আষাৰতে মীনালৈ দেউতাকৰ আদেশ আহিল। দেউতাকৰ স্পষ্ট কথা….সেই বিজতৰীয়া আৰু অকৰ্মণ্যটোক বিয়া কৰালে মীনা আৰু কেতিয়াও নিজৰ ঘৰলৈ উভতি আহিব নোৱাৰে, কোনো কাৰণতে তেওঁ আৰু মীনাক নিজৰ জীয়েক বুলি স্বীকাৰ নকৰে। কিন্তু দুই হৃদয়ৰ সঁচা মিলন ঘটিলে জগতৰ সকলো বাধা-বিঘিনি হৈ পৰে অতি তুচ্ছ। দেউতাক-মাকে দৰা বিচাৰি পোৱাৰ আগেয়েই সেই বছৰৰ নৱৰাত্ৰিত মীনা প্ৰেমিকজনৰ সৈতে উধাও হ’ল। ১৮ বছৰ বয়স অতিক্ৰম কৰা জীয়েকে নিজ ইচ্ছাৰে প্ৰেমিকৰ সৈতে পলাই যোৱাত দেউতাকে পুলিচক একো এজাহাৰ নিদিলে; মাক কিছুদিনৰ বাবে কান্দি-কাটি বাউলী হ’ল।  আগেয়ে কৰা প্ৰতিজ্ঞামতে দেউতাকে ডাঙৰ জীয়েক মৰিল বুলি মনৰপৰা তাইৰ চিন্তা বিসৰ্জন দিলে। ইতিমধ্যে মীনা আৰু তাইৰ গিৰিয়েক আহমেদাবাদৰ পৰা এখন সৰু চহৰলৈ গ’ল। গিৰিয়েকে অলপ-অচৰপ মেকানিকৰ কাম জানিছিল-সেই বিদ্যাৰেই সি এখন মটৰ চাইকেল আৰু স্কুটাৰ মেৰামতি কৰা দোকানত কাম এটা পালে। এইদৰে টুকটুক-টাকটাককৈ সিহঁত চলি থাকিল। দুবছৰৰ পিছত মীনাৰ প্ৰথমটো সন্তানৰ জন্ম হয়। লাহে লাহে সংসাৰৰ বোজা বাঢ়ি অহাৰ লগে লগে ইখনৰ পৰা সিখন চহৰ বাগৰি কেইটামান পইচা আৰু বেছিকৈয়ে আৰ্জন কৰাৰ আশাত মীনাহঁতে চাকৰি বিচাৰি ঘূৰি ফুৰিব ধৰিলে। এইদৰে প্ৰায় তিনি বছৰমান বাগৰি ফুৰাৰ পাছত ‘Manpower Supply’ কোম্পানী এটাৰ জৰিয়তে গিৰিয়েকে অ’এন জি চিৰ ড্ৰিলিং ৰিগ এটাত অপটু বনুৱা বা ‘Unskilled Labour’ ৰ চাকৰি পালে।  চাকৰিটো আছিল অস্থায়ী, তথাপি আগেয়ে কৰি অহা চাকৰি কেইটাতকৈ দৰমহা-পাতি যথেষ্ট ভাল আছিল। ড্ৰিলিং ৰিগটো তেলখাদ খননৰ বাবে যি ঠাইলৈ লৈ যোৱা হয় সেই ঠাইলৈকে বনুৱাসকল যাবলগীয়া হৈছিল। তিনিমাহ ৰিগত কাম কৰাৰ পাছত তিনি সপ্তাহৰ ছুটী পাই মীনাৰ গিৰিয়েক ঘৰলৈ আহিছিল। আগৰ তুলনাত লাহে লাহে মীনাহঁতৰ অৱস্থা যথেষ্ট টনকিয়াল হৈ আহিবলৈ ধৰিলে। কিন্তু নিয়তিৰ কি ক্ৰুৰ পৰিহাস ! সামান্য সুখৰ মুখ দেখিবলৈ পোৱা অভাগিনী মীনাৰ জীৱনলৈ পুনৰ কাল সন্ধিয়া নামি আহিল। চাকৰি পোৱা প্ৰায় তিনিটা বছৰ পাৰ নৌ হওঁতেই ড্ৰিলিং ৰিগত হোৱা এটা আকস্মিক দুৰ্ঘটনাত মীনাৰ গিৰিয়েক মৃত্যুমুখত পৰে। অপটু শ্ৰমিক যোগান ধৰা ‘Manpower Supply’ কোম্পানীটোৱে  শ্ৰমিকবোৰৰ বাবে কোনো বীমাৰ ব্যৱস্থা কৰা নাছিল বাবে মীনাই সিহঁতৰপৰা ক্ষতিপূৰণ হিচাবে ফুটাকড়ি এটাও নাপালে।

গিৰিয়েকক হেৰুৱাই মীনা অথাই সাগৰত পৰিল, ইতিমধ্যে গৰ্ভত দ্বিতীয় সন্তানটোৱেও স্থিতি লোৱা বুলি তাই গম পালে। একো উপায় নেদেখি আকৌ আহমেদাবাদলৈকে উভতি যাবলৈ মীনা সাজু হ’ল। মাকৰ ফালৰ ককা-আইতাকে মীনা আৰু নাতিনী ফাল্গুনীক আদৰি ল’লে; দেউতাকে বহুত দিনৰ আগেয়েই মীনাৰ বাবে তেওঁলোকৰ ঘৰৰ দ্বাৰ ৰুদ্ধ কৰি দিছিল।এতিয়াহে মীনাৰ প্ৰকৃত জীৱন সংগ্ৰাম আৰম্ভ হ’ল। পঢ়া-শুনা নজনা প্ৰায় নিৰক্ষৰা মহিলা এগৰাকীয়ে ক’ত কৰ্ম সংস্থান বিচাৰি পাব?মানুহৰ ঘৰে ঘৰে গৈ কাপোৰ আৰু বাচন ধোৱা বা ৰান্ধনী হিচাবে মীনাই কাম কৰিবলৈ ধৰিলে। জীয়েকক ঘৰৰ ওচৰৰে চৰকাৰী স্কুল এখনত নাম লগাই দিলে। দ্বিতীয়টো সন্তান (কৃষ্ণা) জন্ম হোৱাৰ পাছত আইতাকৰ আদেশত মীনা কিছুদিন ঘৰতে থাকিল, কিন্তু কিমান দিনলৈ তাই ককা-আইতাকৰ বোজা হৈ ৰ’ব ? ককাকো আছিল অৱসৰপ্ৰাপ্ত এজন চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়াল। কাম বিচাৰি মীনা আকৌ বাটলৈ ওলাল। কেইবাটাও কাম সলনি কৰি অৱশেষত এখন ছোৱালী হোষ্টেলত তাই ৰান্ধনীৰ চাকৰি এটা পালে।  প্ৰায় ৫০ গৰাকী ছোৱালী থকা হোষ্টেলটোত মীনাই দুই বেলা ৰন্ধা-বঢ়া কৰিব লাগিছিল; তাৰ বিনিময়ত পোৱা সামান্য টকাকেইটাৰে কোনোমতে সংসাৰখন চলি আছিল। এইদৰে প্ৰায় ৭-৮ বছৰ বাগৰি গ’ল; ফাল্গুণী আৰু কৃষ্ণাও ডাঙৰ হৈ আহিবলৈ ধৰিলে। ঠিক তেনে এটা সময়ত সুদূৰ আমেৰিকাত থকা দূৰ সম্বন্ধীয়  ভায়েক এজনৰ পৰা মীনালৈ এটা প্ৰস্তাৱ আহিল।দূৰ সম্বন্ধীয় ভায়েক খেমচান্দ ভাইৰ আমেৰিকাৰ ওকলাহোমা চিটিত বেছ ডাঙৰ ব্যৱসায় আৰু এই ব্যৱসায় লৈয়েই স্বামী-স্ত্ৰী দুয়োগৰাকী ভীষণ ব্যস্ত। তেওঁলোকৰ অলপতে এহাল যঁজা  ল’ৰা-ছোৱালীৰ জন্ম হৈছে আৰু সিহঁতক চোৱা-চিতা কৰিবলৈ ভাৰতীয় মহিলা এগৰাকীৰ অতীৱ প্ৰয়োজন। খেমচান্দ ভাইয়ে মীনাবেনৰ সকলোবোৰ কথা গম পাই তেখেতক আমেৰিকালৈ লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। মীনাবেন তেওঁলোকৰ সৈতে আমেৰিকাত থাকি যঁজা কেঁচুৱা হালৰ তদাৰক কৰিব পাৰিব। থকা-মেলা, খোৱা-বোৱা ইত্যাদিৰ ওপৰি মীনাবেনক মাহে মাহে তেওঁলোকে দৰমহা দিব আৰু সেই দৰমহাৰ পইচাৰে তাই ভাৰতত থকা ছোৱালী দুজনীক ভালকৈ পঢ়ুৱাব আৰু চোৱা-চিতা কৰিব পাৰিব। যঁজা হালৰ ৫ বছৰমান হলেই মীনাবেন আকৌ ঘৰলৈ উভতি যাব পাৰিব। খেমচান্দ ভাইৰ প্ৰস্তাৱ মীনাৰ মনঃপূত হ’ল। গোটেই জীৱন ছোৱালী হোষ্টেলটোত গেবাৰি খাটি থকাতকৈ আমেৰিকাত কেইবছৰমান ভায়েকৰ পৰিয়ালটোৰ চোৱা-চিতা কৰিব পৰাটো আছিল অধিক আদৰণীয়। মীনা ভাৰতলৈ আকৌ উভতি নহালৈকে ফাল্গুণী আৰু কৃষ্ণা ককাক-আইতাকহঁতৰ সৈতে থাকিব পাৰিব। খেমচান্দ ভাইৰ প্ৰস্তাৱত ৰাজি হোৱাত অতি সোনকালেই তেওঁলোকে মীনাক আমেৰিকালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে। খেমচান্দ ভাইহঁতৰ ব্যৱসায় ওকলাহোমা চিটিত যদিও ঘৰ আছিল নৰ্মেনত।ৰাতিপুৱাই স্বামী-স্ত্ৰী দুয়ো একেলগে প্ৰাতঃৰাশ কৰি ওলাই যায় আৰু সন্ধিয়া ৭ বজাৰ পিছতহে ঘৰলৈ ওভতে। কেঁচুৱা দুটাৰ আপডাল কৰাৰ সম্পূৰ্ণ ভাৰ পৰিল মীনাৰ ওপৰত। যঁজাহালক গা-পা ধুৱাই সময়মতে খুওৱা, বিছনালৈ নি শোওৱা, সিহঁতৰ সৈতে খেলা বা ভাল বতৰ কৰিলে পেৰাম্বুলেটৰত বাহিৰলৈ ফুৰাবলৈ নিয়া এইবোৰ আছিল তাইৰ দৈনন্দিন কৰ্তব্য।তদুপৰি যঁজাহালৰ মাক-বাপেক গধূলি ঘৰলৈ উভতি অহাৰ আগেয়ে সন্ধিয়াৰ আহাৰ প্ৰস্তুত কৰা, ঘৰৰ ভিতৰখন সাৰি-মচি পৰিষ্কাৰ কৰি ৰখা এই সকলোবোৰ কামে মীনাক যথেষ্ট ব্যস্ত কৰি ৰাখিছিল। নিজৰ কৰ্মব্যস্ততাৰ মাজতো সন্মুখৰ ঘৰটোলৈ মাজে মাজে মীনাৰ চকু গৈছিল।

ৰাস্তাৰ সিপাৰে সন্মুখৰ ঘৰটোত থাকে এজন আদহীয়া আমেৰিকান ভদ্ৰলোক আৰু এগৰাকী বৃদ্ধা – সম্ভৱতঃ সেই মানুহজনৰে মাক। দিনটোৰ সৰহভাগ সময়েই ঘৰটোৰ দুৱাৰ-খিড়িকীবোৰ বন্ধ থাকে বা কাকো দেখিবলৈ পোৱা নাযায়। আবেলি সময়ত কেতিয়াবা মানুহজনে বৃদ্ধাগৰাকীক হুইল-চেয়াৰ এখনত পদ-পথেৰে ফুৰাবলৈ নিয়ে – কেতিয়াবা আধাঘণ্টা বা বতৰ ভাল থাকিলে খুব বেছি এঘণ্টা। মীনাই যঁজাহালক আবেলি ফুৰাবলৈ নিলে কেতিয়াবা তেওঁলোকৰ মুখা-মুখি হয়। বৃদ্ধাগৰাকীয়ে হাঁহি এটা মাৰি মীনাক অভিবাদন জনায় আৰু  পেৰাম্বুলেটৰত থকা কেঁচুৱা দুটাক গালে-মুখে হাত ফুৰাই মৰম কৰে। ডাঠ ফ্ৰেমৰ চশমা পিন্ধা লোকজনেও মীনালৈ চাই মূৰ দুপিয়াই হাঁহি এটা মাৰে। মীনায়ো তাইৰ সীমিত ইংৰাজী ভাষাৰ জ্ঞানেৰে বৃদ্ধাগৰাকীক উত্তৰ দিবলৈ চেষ্টা কৰিছিল। এইদৰে প্ৰায়েই আবেলি পৰত দুয়োপক্ষৰ সাক্ষাৎ চলি থাকিল। মাক আৰু পুতেক অকলে থকা ঘৰটোত আন কোনো তৃতীয় ব্যক্তি ফুৰিবলৈ বা থাকিবলৈ অহা মীনাৰ চকুত পৰা নাছিল। এদিন দুপৰীয়া কাম-কাজ অঁতাই মীনা অলপ আজৰি হৈছিল; হঠাৎ তাই মন কৰিলে যে সন্মুখৰ ঘৰটোৰ বাটৰ দাঁতিত কেইবাখনো গাড়ী ৰৈ আছে। এখন এম্বুলেঞ্চো ৰৈ থকা দেখা পালে। কিছু সময়ৰ পিছত কোনোবা এজনক এম্বুলেঞ্চখনলৈ কাপোৰেৰে ঢকা ‘ষ্ট্ৰেটছাৰ’ এখনত উঠাই নি ভেনখন গুচি গ’ল  আৰু ৰৈ থকা গাড়ীবোৰো এখন দুখনকৈ কিছু সময়ৰ পিছত নাইকিয়া হ’ল। গধূলি খেমচান্দ ভাইহঁত কামৰ পৰা উভতি অহাৰ পিছত সন্মুখৰ ঘৰত দেখা ঘটনাবোৰ মীনাই তেওঁলোকক ক’লে। খেমচান্দ ভায়ে লগে লগে চুবুৰীয়াৰ ঘৰলৈ গৈ খবৰ আনিলে যে ঘৰৰ মালিকনী অৰ্থাৎ বৃদ্ধাগৰাকীৰ জীৱন বন্তি নুমাল আৰু তেখেতৰ নশ্বৰ শৰীৰ সংৰক্ষণৰ বাবে (Embalming) হাস্পাতাললৈ নিয়া হৈছে। পৰৱৰ্তী দেওবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। কথাটো শুনি মীনাৰ অন্তৰখন ভাৰাক্ৰান্ত হৈ পৰিল; সদায় আবেলি ফুৰিবলৈ যাওঁতে লগ পোৱা মাক-পুতেকৰ যোৰাটো চিৰদিনৰ বাবে বিচ্ছিন্ন হ’ল – সেই শুভ্ৰকেশী মৰমিয়াল বৃদ্ধা গৰাকীক আৰু কেতিয়াও মীনাই লগ নাপায়।

মাকৰ মৃত্যুৰ পিছত ডাঠ ফ্ৰেমৰ চশমাধাৰী ওচৰ চুবুৰীয়া গৰাকী আৰু যেন গম্ভীৰ হৈ পৰিল। মীনাই গধূলি সময়ত প্ৰায়েই তেখেতক ঘৰৰ বাৰান্দাত অকলে বহি থকা দেখে বা ঘৰৰ সন্মুখৰ বাটচ’ৰাত পায়চাৰি কৰি থকা দেখা পায়। মাকক হেৰুৱাই মানুহজন যেন হঠাতে দিশহাৰা হৈ পৰিছে। মীনাৰ মাজে মাজে বৰ দুখ লাগে ওচৰ চুবুৰীয়াজনলৈ। কিবা এটা অদৃশ্য শক্তিয়ে মীনাক লাহে লাহে তেখেতৰ ওচৰলৈ টানি নিলে। আবেলি সময়ত যঁজাহালক ফুৰাবলৈ নিওঁতে সন্মুখৰ ওচৰ চুবুৰীয়াজনৰ ঘৰত সোমাই মীনাই তেখেতৰ খবৰ-বাতৰি লোৱা হ’ল। সদ্য মাতৃহাৰা এজন বয়স্ক লোকৰ সৈতে কিনো ভাৱৰ আদান-প্ৰদান কৰিছিল সেয়া অকল মীনাইহে জানিছিল। নিজৰ অজানিতে লাহে লাহে মীনাই মানুহজনৰ অপৰিপাটি হৈ পৰি থকা ঘৰটোৰ তদাৰক কৰিবলৈ ধৰিলে, যেতিয়াই পাৰে তেখেতৰ ঘৰটো চাফ-চিকুণ কৰি পুনৰ চিকচিকীয়া কৰি তুলিলে।কেতিয়াবা তেখেতলৈ কফি একাপ বনাই দি আৰু নিজেও একাপ হাতত লৈ বাৰান্দাত বহি মীনাহঁতে কথা পাতিছিল। কেতিয়াবা মীনাই তেখেতৰ সন্ধিয়াৰ আহাৰ প্ৰস্তুত কৰি আৰু সময়মতে খোৱা-বোৱা কৰিবলৈ অনুৰোধ কৰি বিদায় লৈছিল। এইদৰে লাহে লাহে সন্মুখৰ ওচৰ চুবুৰীয়া গৰাকীৰ সৈতে মীনাৰ হিয়া-দিয়া-নিয়া আৰম্ভ হ’ল। অবিবাহিত হৈ থাকি মাকৰ সৈতে গোটেই জীৱন কটোৱা লোকজনেও বুজি উঠিছিল যে তেখেতৰ মৰমৰ মাতৃৰ স্থান পূৰাবলৈ মীনা যেন সাক্ষাৎ অৱতাৰ হৈ আহিছে অন্য এক ৰূপত। মীনাক এৰি এতিয়া আৰু কোনোপধ্যে তেওঁৰ বাবে অকলশৰে থকা সম্ভৱপৰ নহয়। বাৰেৰহণীয়া গছৰ পাতেৰে দোঁ খাই পৰা শৰৎ কালৰ কোনোবা এটা আবেলি সেই ভদ্ৰলোকজন খেমচান্দ ভাইহঁতৰ ঘৰত উপস্থিত হ’ল – অতি বিনীতভাৱে সকলোৰে আগত মীনাক জীৱনৰ চিৰ-লগৰী কৰি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে! পোন প্ৰথমে খেমচান্দ ভাই চক্ খাই উঠিছিল যদিও খেমচান্দ ভাইহঁতে লাহে লাহে কথাবোৰ বুজি পালে; তেওঁলোকৰো আনন্দৰ পাৰ নোহোৱা হ’ল। গোটেই জীৱন কেৱল দুখ আৰু কষ্টকে চিনি পোৱা দূৰ সম্পৰ্কীয় বায়েক গৰাকীক তেওঁলোকৰ সৈতে থাকিবলৈ আৰু কৰ্ম-সংস্থান দি খেমচান্দ ভাইহঁতে ইতিমধ্যে মীনাৰ বা মীনাৰ পৰিয়ালটোৰ বহুত উপকাৰ সাধিছিল; কিন্তু এনেভাৱে যে দ্বিতীয়বাৰৰ বাবে বায়েকৰ সংসাৰখন থান-থিত লাগিব সি আছিল সপোনৰো অগোচৰ। কোনোবা এটা শুভদিনত মীনা আৰু ড° ৰিচাৰ্ড বেকাৰৰ শুভবিবাহখন সম্পন্ন হ’ল। তেওঁলোকে পুৰণি ঘৰটো এৰি ইউনিভাৰ্চিটি কেম্পাচৰ ডাঙৰ এটা ঘৰ ল’লে।  ড° বেকাৰে ভাৰতবৰ্ষত থকা মীনাৰ দুই জীয়ৰী ফাল্গুণী আৰু কৃষ্ণাক বিধিসন্মতভাৱে গ্ৰহণ কৰি লোৱাৰ পাছত সকলোবোৰ পুনৰ আহি ওকলাহোমাৰ নৰ্মেনত গোট খালে। পৰম কৰুণাময়ৰ আশিসত হাঁহি, ধেমালি আৰু সুখেৰে ভৰপূৰ এখন নতুন সংসাৰ আৰম্ভ হ’ল। ফাল্গুণীয়ে ইউনিভাৰ্চিটি অব ওকলাহোমাতে নাম লগালে; কৃষ্ণা তেতিয়াও স্কুলতে পঢ়ি আছিল বাবে ‘নৰ্মেন হাইস্কুল’ লৈ গ’ল। কৃষ্ণাৰ কিছু শাৰিৰীক বাধাগ্ৰস্ততা থকা বাবে তাইক ড° বেকাৰে বিশেষ কিছুমান বিষয় পঢ়োৱাৰ কথা ভাবিলে যাতে ভৱিষ্যতে তাই স্বাৱলম্বী হৈ উঠিব পাৰে। মই নৰ্মেনলৈ পঢ়িবলৈ যোৱা মাত্ৰ দুবছৰমানৰ আগেয়ে হেনো ড° বেকাৰৰ পৰিয়ালটোৰ থান-থিত লাগিছিল।

হিন্দী চিনেমাতকৈয়ো বিচিত্ৰ আৰু বিস্ময়কৰ কাহিনীটো শুনি মই বহু সময়লৈ তধা লাগি ৰৈছিলোঁ। বিধাতাই ভাগ্যৰ ঘূৰ্ণীচক্ৰত পাক খুৱাই কাক, ক’ত, কেনেকৈ আৰু কেতিয়া দুখ বা সুখৰ সাগৰলৈ দলিয়াবলৈ পাঙে সি সাধাৰণ নৰ-মনিচৰ ভাৱনাৰ ব্যতীত!এষাৰ কথা আছে  – “শেষ ভালেই সকলো ভাল!” মীনাবেনৰ জীৱনটোৱেও তমসাচ্ছন্ন দুৰ্ঘোৰ ধুমুহাৰ অন্তত অৱশেষত সুখ বিচাৰি পোৱাত মনটো জুৰ পৰিছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *