ফটাঢোল

দৰ্জা বিবাহ-উপাসা ভাগৱতী

ফাগুন আহিলেই বিয়াৰ বতৰ আৰম্ভ হৈ যায়। নিজে পাতিম পাতিম বুলি থাকোতেই দিনবোৰ দেখোন হৰহৰাই নদীৰ সোঁতত হেৰাই গৈ আছে।ভাল ছোৱালী এজনী  বিচাৰি নাপালো।তাতে বন্ধুমহলত চিকতা বুলি নাম এটাও আছে যে!কেতিয়াবা ছোৱালী চাবলৈ গ’লে কথাই কামে সেইফেৰা সকলোৰে বোধগম্য হৈ পৰে আৰু ….মোৰ বিয়া নেচেল। কালি হঠাতে বন্ধু ৰমেনে বিয়া মাতিবলৈ আহিল।তাৰ আগত অলপ লাজেই লাগিল। বিয়া মইহে আগতে পাতিম বুলি বৰমাতেৰে কৈ গপতে গঙাটোপ হৈ আছিলো কিন্তু ৰমেনৰহে আগে ভাগে হ’লগৈ।মুখত জোৰকৈ হাঁহিটো বিৰিঙাই তাক শুভেচ্ছা জনালোঁ।ৰমেনে বিয়ালৈ যাবলৈ দহাই দহাই কৈ গ’ল। বিয়াখন হেনো অলপ বেলেগ ধৰণেৰে পাতিছে। আজিকালি কিবা বোলেনে ডেষ্টিনেছন নে কি বুলি গোটেইখন ফাটি ফুটি যোৱা বিয়াৰ কথা কাগজ-পত্রে, ইউ টিউব-গুগুলে ভালদৰেই গম পাই উঠিছিলো। ৰমেনৰ বিয়াৰ সেই দিনটোত মোৰ যথেষ্ট কাম আছিল, বিয়া খাবলৈ যাবলৈ যথেষ্ট অসুবিধা হ’ব বুলি অনুভৱ কৰিলো যদিও বিয়াখন অলপ বেলেগ ধৰণৰ হ’ব বুলি জানি উৎসুকতাত যেনে তেনে উপস্থিত হ’মগৈ বুলি কথা দি পঠিয়ালো ৰমেনক।তাতে আজিকালিৰ বিয়াৰ বিভিন্ন ছবিবোৰ,হাই টি, ষ্টাৰ্টাৰ,মেইন কৰ্চ আদি নামেৰে বিয়াঘৰত যচা খাদ্যসম্ভাৰবোৰ মনত পৰি বিয়া মতাৰ দিনৰ পৰাই জিভাৰ পানী পৰিবলৈ আৰম্ভ কৰি দিলে। লগতে আৰু এটা কথা ভাবি মনটো ফাগুনৰ ৰঙেৰে ৰঙীন হৈ পৰিল ….তাতেই কিজানি মৰমী লগৰীজনী লগ পাই যোৱাই যায় নেকি বুলি ভাবি ভাবি ফাগুনৰ পচোৱাত কমোৱা তুলাৰ দৰেই মনটো উৰি ফুৰিবলৈ লাগিল। দিনটো কেতিয়া আহে ভাবি মনটো উজনি ভাটি কৰিবলৈ ধৰিলে।

বিয়াৰ দিনা সোনকালেই চুট-টাই কচি বিয়া ঘৰত উপস্থিত হ’লোগৈ। বহু আগৰেপৰা লানি নিছিগা গাড়ী। আধা ৰাস্তা খোজেৰেই যাব লগা হ’ল।কিন্তু বিয়াঘৰৰ সন্মুখ পাই আচৰিত হ’লো।না তামোল-পাণৰ শৰাই, না গণেশ বাবাৰ মূৰ্তি, না ঘৰৰ কোনোবা অতিথি আদৰিবলৈ আছে।বিচূৰ্তি আৰু দেই। বিয়া ঘৰৰ সন্মুখত দেখোন দুখন প্ৰকাণ্ড বন্ধ দৰ্জা। ভালকৈ চাওঁতে এখনত ‘আত্মীয়’ আৰু আনখনত ‘বন্ধু’ বুলি লিখা থকা দেখা পালো।অলপ সময় ভাবি যিহেতু মই ৰমেনৰ বন্ধু সেইবাবে বন্ধুৰ দৰ্জাখনতেই হেঁচা এটা মাৰি সোমাই গ’লো।সোমাই অলপ দূৰ যাওঁতেই পুনৰ দুখন বন্ধ দৰ্জাৰ সন্মুখীন হ’লো। কিহে পালে হয়..।অলপ খঙেই উঠিল ৰমেনে এইখন কি দৰ্জা বিয়া পাতিবলৈ লৈছে বাৰু! ভালকৈ দৰ্জা দুখনত চকু ফুৰাওঁতে পুনৰ দুটা শব্দত চকুত পৰিল ‘পুৰুষ’ আৰু ‘মহিলা’ । সাউতকে পুৰুষৰ দৰ্জাখনেৰে গতি কৰিলো।মনটো পিছে সেমেকি উঠিল।দুভাগ কৰিলে যেতিয়া এইবাৰলৈ মনৰ আশা মনতে থাকিব।কইনা চোৱাৰ আশা ডেলে। ইপিনে বিয়া খাম বুলি উদং কৰি অনা পেটটোৱে ডি জে বজাবলৈ আৰম্ভ কৰি দিলে।উসঃ! কি যে বিড়ম্বনা!!বিয়া খাবলৈ আহি এনে গতি কাৰো হোৱা নাই দেই।পেটটো এহাতে ধৰি খৰকৈ খোজ দি কেনেকৈ ষ্টাৰ্টাৰ অকণমান পেটত পেলাব পাৰি তাৰে চিন্তাত ব্যাকুল হৈ পৰিলো।পিছে নাই দৰ্জাৰ কাহিনী এইবাৰ শেষ নহবই যেন পাইছো।সেয়া সন্মুখত আৰু দুখন দৰ্জা দেখোন!কিহে যে পাইছিল আহিবলৈ।কিবা  টিকচি বিকচিখন লাগি গৈছেগৈ আৰু দেই। প্ৰেচাৰ উঠি লুটি খাই পৰো পৰো যেন লাগিল। এইবাৰেই শেষ আৰু,মই নাথাকো আৰু যামগৈ।নহ’লে উভতি যামগৈ দেই।কি দৰ্জা বিয়া পাতিবলৈ আহিছে ই।কাম নাই ৰমেনৰ।সন্মুখত পোৱা হ’লে ভালকৈ যেন ধুলাই দি দিব এনে লাগিল মনটো।কিন্তু এইবাৰ দৰ্জা দুখনৰ সন্মুখলৈ গৈ নামকেইটা পঢ়ি মনটো প্ৰশান্তিৰে ভৰি পৰিল।ৰমেনে বৰ ভাল কাম কৰিছে দেই।এনেহে হ’ব লাগে।ৰমেনৰ পিঠিত ‘ৱাহ ৱাহ’ দুটামান হাতেৰে লগাই দিবলৈ মন গ’ল।দৰ্জাৰ এখনত ‘উপহাৰ’ আৰু আনখনত ‘উপহাৰবিহীন’ বুলি লিখা আছিল।মই এইবাৰো আন বিয়াবোৰৰ দৰেই উপহাৰ অবিহনেই বিয়া খাবলৈ আহিছিলো।গতিকে মনটো ফূৰ্তিৰে ভৰি পৰিল আৰু উপহাৰবিহীন দৰ্জাত টোকৰ মাৰিলোগৈ।কিন্তু ই কি?? এয়া ক’ত উপস্থিত হ’লো……

মই বিয়া ঘৰৰ ৰমক-জমক লাইটৰ বাহাৰৰ মাজত নহয়, এক অন্ধকাৰ গলিতহে আহি উপস্থিত হ’লো দেখোন!অবাক হৈ ইফালে সিফালে চাই আৱিষ্কাৰ কৰিলো…. এইটো দেখোন বিয়াঘৰৰ পাছফালৰ গলিটোহে।কেৱল ময়ে নহয় অলেখ মানুহ মোৰ দৰেই মূৰে কপালে হাত দি তাত থিয় হৈ আছে।

(কৌতুক এটাৰ আলম লৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *