ফটাঢোল

পাৰ্থৰ দিন-ৰাতি – শ্ৰুতিমালা মিশ্ৰ

আমাৰ পুৰণি চিনাকিৰ ভাতৃ পাৰ্থ ট্ৰেন্সফাৰ লৈ ঘৰৰ ওচৰৰ স্কুল এখনলৈ আহিল । জনিয়াৰ চৰাঞ্চলৰ পৰা । নলবাৰীলৈ আহি প্ৰথম দুদিনমান ভালকৈয়ে গ’ল স্কুলৰ সময়বোৰ । লাহে লাহে পাৰ্থ মাষ্টৰ দুই-এক অঘাইটং চলিৰ পাল্লাত পৰিল ।

চলি অঘাইটং হʼলে কি হ’ব ! আমাৰ পাৰ্থ জানো কম বিহলঙনী মাষ্টৰ ! অজাতশত্ৰুৰ নতুন সংজ্ঞা আমাৰ পাৰ্থৰ দৰে কেপি, ৰজনী, বিমল, শিখৰ খোৱা মানুহকেইটা । গুটখা মুখত ভৰাই পাগুলি থকা সময়ত কোনো কথা নাই, চুপচাপ সন্মুখত থকাজনৰ কথা মনোযোগেৰে শুনি থাকে, যেতিয়া ঘপকৈ উঠি গৈ চুকত পেৰেককৈ পিকসোপা পেলায় তেতিয়াই আমি সকলোৱে বুজি উঠোঁ যে এতিয়া পাৰ্থই কিবা এআষাৰ গহীন কথা ক’ব ।

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰহি পাৰ্থক ক্লাছ কৰি থকাৰ মাজতে কিবা মিছা কথা কোৱাৰ কথা ওলাওতে প্ৰসংগক্ৰমে সুধিলে – “অʼ চাৰ, পৃথিৱীৰ চবোতকে ডাঙাৰ মিছা কথা কি হে ?”

ছাত্ৰ-ছাত্ৰীৰ আগত পাৰ্থ পৰিল বিপদত । কিছু সময় বাহিৰৰ গছবোৰৰ ওপৰেৰে চকু ফুৰাই আনি লাহে লাহে থুতৰিৰ ছাগলীদাড়িখিনিত হাত বুলাই বুলাই চিন্তা কৰি লাহেকৈ উত্তৰ দিলে – “চলিহাত, পৃথিৱীত দুটায়ে বৌম ডাঙাৰ মিছা কথা আছে ।”

ছাত্ৰ-ছাত্ৰী – “হাও কি মিছা কথা হে চাৰ ?”

পাৰ্থ : “১নং গোকাট মিছা কথা – সন্মানীয় ৰাইজ, অলপ সময় ধৈৰ্য ধৰক । খন্তেক পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ’ব আৰু ২নং চিটীবাছৰ হেণ্ডিমেনে এএএএ খালী গাড়ী খালী গাড়ী, আহক আহক, ভিতৰোত ফুটবল খেলবা পাৰাকে জাগা আছে ।”

পাৰ্থৰ উদাহৰণ শুনি চলি-পলি শ্বকড আৰু আমাৰ ভ্ৰাতৃ পাৰ্থ শৰ্মা ৰকছ ।

 

আকৌ আন এদিনৰ ঘটনা ।

দুখন গাঁৱৰ মাজভাগত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ এজন শিক্ষক হিচাপে ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাত এদিন পাৰ্থই ছাত্ৰ- ছাত্ৰীসকলক প্ৰাৰ্থনাৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তা সন্দৰ্ভে বুজাই আছিল । তেওঁ সদায় যে ৰাতি ভাত খোৱাৰ সময়ত পৰিয়ালৰ সকলোৱে ভগৱানৰ নাম ল’ব লাগে তাকেও বুজালে লগত ।

দুদিনমান পিছত তেওঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ কথামতে‌ কাম কৰিছে নে নাই তাকে প্ৰমাণ চাবলৈ পঞ্চম শ্ৰেণীৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে । পঢ়াবলৈ আৰম্ভ কৰি তেওঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰ থোলোকক উঠিবলৈ ইংগিত দিলে ।

পাৰ্থ চাৰঃ থোলোক, কোৱাচোন সিদিনা যে মই তোমালোকক সকলোকে ৰাতি ভাত খোৱাৰ সময়ত পৰিয়ালৰ সকলোৱে ভগৱানৰ নাম ল’ব লাগে বুলি কৈছিলোঁ সেই কামটো তোমালোকৰ পৰিয়ালত নিয়মিত কৰি আছা নে ?

 

থোলোকঃ হয় চাৰ , আমি সদায়েই ভগৱানৰ নাম লওঁ ৰাতি ভাত খাওঁতে । কালিও দেউতাই ভাত খাওঁতে প্ৰথমেই ভগৱানৰ নাম লৈছিল ।

পাৰ্থ চাৰঃ হয় নেকি ! খুব ভাল কথা দেই । পিছে দেউতাইনো কি বুলি ভগৱানৰ নাম লʼলে ভাত খাওঁতে ?

থোলোকঃ চাৰ, দেউতাই ভাতৰ কাঁহীত হাত দিয়েই কৈছিল ‘হে ভগৱান, আজিও ভাতৰ লগত জাতিলাও !’

ফিচিককৈ ওলাব খোজা হাঁহিটো কোনোমতে ওঁঠৰ ফাঁকত জব্দ কৰি পাৰ্থই লাহেকৈ ছাত্ৰীসকলক কʼলে – “দে দে তুহুন প্ৰাৰ্থনা আৰম্ভ কৰ ।”

স্কুলৰ পৰা আহি পাৰ্থই ভাত-পানী খাই ফেচবুকটো খুলি লৈ কিবা এটা পোষ্ট কৰিলে । সেই একে সময়তে অনলাইন থকা‌ মোৰ নিউজফিডত স্ক্ৰʼল কৰি গৈ থাকোঁতে লগে লগে পাৰ্থৰ পোষ্টটো জিলিকি উঠিল ।

 

#আধুনিক ফকৰা-যোজনা ( পাৰ্থৰ নতুন সংযোজন‌)

১/ লাইকৰ সংখ্যা পাঁচটো

ভাইৰেল হোৱাৰ মনটো

২/ প্ৰফাইলত লগাবা লক

তেহে নাখাবা চিচিটিভি (মানে‌ ফেচবুক)ত ঠগ

৩/ আহু চাবা ধাননিত

ছোৱালী চাবা ফেচবুকৰ পদূলিত

৪/ আছে স্ক্ৰীণশ্বট দিয়া নাই

দিলে স্ক্ৰীণশ্বট ৰক্ষা নাই

৫/ মোবাইল থাকিলে নহ’ব

সেইটো অপ্পʼ আৰু ভিভ’ হ’ব লাগিব

ছোৱালী পতালেই নহ’ব

লʼৰাৰ DSLR ও লাগিব

৬/ আছে কলীয়া বৰণ ফিল্টাৰ লগোৱা নাই

ফটোত ফিল্টাৰ লগালে বগা হোৱাৰ পৰা ৰক্ষা কৰোতা নাই ।

৭/ যʼতেই দেখিবা সৰিয়হৰ খেতি

তাতেই বহি যাবা পʼজ দি ফটো উঠি

৮/ ডিচেম্বৰ ৩১ৰো বাৰ্তা

মদৰো যাত্ৰা

৯/ এশ ছোৱালীয়ে স্কুটি পায়

লʼৰাই বাইকলৈ বাট চাওঁতেই যায়

১০/ শাৰী শাৰীকৈ পʼজ দিবা

লাইক কমেণ্ট তাতেই পাবা

১১/ লাইক দিবা, তেহে ইনবক্সত ঠাই পাবা

১২/ ইনবক্সত চেনী খাই বিচনাত উঠিবা

ঘৈণী/পৈয়েকৰ হাতত পৰিলে বাঘঢকাটো খাবা

১৩/ মূৰত নাই মালটো

ট্ৰʼল খোৱাৰ মনটো

১৪/ আত্মীয়ক মাতি চিচিটিভি ফ্ৰীতে লগোৱা

১৫/ যি লাইক কমেণ্ট বাঢ়ে

তাৰ এখন ফটোতে চিন

১৬/ এনেয়ে বাইদেউ নাচনী

তাতে আকৌ অনলাইন শ্বপিঙৰ ফুটনি

১৭/ নাই লভ ৰিয়েক্টতকৈ

এটা লাইকেই ভাল

১৮/ এনেয়ে দাদা চতপতি

মদ খায় তিনিটেকেলী

১৯/ কণা হওক কুঁজা হওক ৰীলৰ ওস্তাদ-ওস্তাদনী

ফটা হওক চিটা হওক ভাইৰেলৰ পোৱালি

২০/ ৰাইজে ভাইৰেল কৰিলেই বিখ্যাত হয়

২১/ ষ্টেটাছত গালি দিয়ে বাস্তৱত ওলাই নাহে

২২/ পুৱাই উঠি দেখিবা যাক

মামাৰ ভাগিন বুলিবা তাক

ইমানবোৰ কষ্টৰ মূৰত এইসোপা লিখি পাৰ্থই এতিয়া লাহেকৈ সন্তুষ্টিৰে ভৰা দীঘলকৈ উশাহ লʼলে‌ । পাৰ্থৰ আধুনিক ফকৰা-যোজনা পঢ়ি অলপ সময় খুকখুকাই হাঁহিলোঁ ।

☆ ★ ☆ ★ ☆

 

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *