ফটাঢোল

মোৰ জীৱন সোঁৱৰণ-ড° মৌচুমী  কলিতা

মহান মহান ব্যক্তিসকলেও তেওঁলোকৰ জীৱন সোঁৱৰণ লিখে।মইনো কিয় নিলিখো বাৰু…. মোৰ শৈশৱ আৰু কৈশোৰৰ দুটা কুকাৰ্য্যৰ কথা আজি ৰাজহুৱা কৰিম এই লেখাৰ জৰিয়তে…..

১। ভূত…..

তেতিয়া মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ‌।মোৰ মাৰ খুড়ী এগৰাকীৰ মৃত্যু হোৱা বাবে মই আৰু মা মামাহঁতৰ ঘৰলৈ গৈছিলোঁ‌, সন্ধিয়া মৃতকৰ ঘৰত কিবা সকাম আছিল। সকলো সকামৰ ঘৰত। মাৰ লগত ময়ো গৈছিলোঁ‌। চোতালত সকলো পৰিয়ালৰ মহিলাসকলৰ ঘূৰণীয়া মেল। মেলৰ মাজত বহি দুনীয়াখনৰ চিৰিয়াচ কথাবোৰ হজম কৰি অশান্তি লাগি গৈছিল মোৰ।মাজতে মোৰ জেঠাই এজনীয়ে ক’লে যে যিগৰাকী আইতা ঢুকালে তেওঁ হেনো নতুনকৈ বনোৱা ঘৰটোলৈ বৰ হেঁপাহ আছিল।মাত্ৰ এমাহ মানহে থাকিব পালে ঘৰটোত। মৃত্যুৰ আগতেও ঘৰটোত থাকিবই নাপাম আৰু বুলি কৈ আছিল।জেঠাইৰ মতে তেওঁৰ আত্মা হেনো তৃপ্ত নহ’ল। তেওঁৰ চিন্তা এতিয়া ঘৰটোত আইতাৰ অতৃপ্ত আত্মাৰ কোপদৃষ্টি নপৰিলেই হ’ল। মোৰ মাই নামানে, কৈছে এইবোৰ মিছা কথা। একো ভূত নাই পৃথিৱীত। “ভূত আছে, ভূত নাই”……এই বিষয়টো লৈ দুয়ো বায়েক-ভনীয়েকৰ মাজত ভাল যুক্তি তৰ্ক। দুয়ো উচ্চশিক্ষিতা। নিজৰ সমৰ্থনত দুয়োৰে চোকা যুক্তি। মই এইসৱৰ মাজত বহি লৈ মূতা লাগিও মূতিব নোৱাৰা দামুৰি পোৱালীৰ দৰে চটফটাই আছোঁ‌। এপাকত জন্মতেই বৰদানস্বৰূপে পোৱা কুবুদ্ধিৰ ভাণ্ডাৰ মোৰ মগজুটোলৈ আহি গ’ল এটা মজাৰ আইদিয়া।মূতা লাগিছে বুলি মাক কৈ মোৰ ৱালখনৰ সিপাৰে থকা মামাৰ ঘৰলৈ দৌৰ দিলোঁ‌।যাওঁতেই কোনেও তলকিব নোৱাৰাকৈ নতুনকৈ বনোৱা মৃত আইতাজনীৰ হেঁপাহৰ ঘৰটোৰ ওচৰৰপৰা এটা মজলীয়া আকাৰৰ শিলগুটি লৈ ল’লোঁ‌ হাতত।অলপ আগলৈ আহি বাথৰূমৰ কাষলৈ গৈ বেৰৰ কাষেৰে  নতুন পকা ঘৰৰ টিনত দিলোঁ শিলটো মাৰি।কামফেৰা সুকলমে কৰি মই চিঞৰ-বাখৰ কৰি তাল-ফাল লগাই দিলোঁ। এনেয়ো মই অভাৰ এক্টিঙৰ খাজানা। অতখন কৰি ধৰা পৰাৰ ভয়ত মই চেন্স লেছ হোৱা ভাও ধৰিলোঁ‌। মৃতকৰ ঘৰত চলি থকা গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশ এটাত সঁ‌চাকৈ সকলোৱে ভয় খালে। গীতা পাঠ কৰি থকা ককাজনে ধূতী দাঙি দৌৰ দিলে ঘৰলৈ। ইফালে মোৰ অৱস্থা দেখি সৱৰে হাহাকাৰ। কান্দি-কাটি মাৰ অৱস্থা নাই। জেঠায়ে মাক গালি দি আছে।মাই ভূত বিশ্বাস নকৰা কাৰণে হেনো মোৰ এনেকুৱা হ’ল। মুঠতে এটা হাহাকাৰ পৰিৱেশ। জেঠাইৰ মতে তেওঁৰ অনুমান সঁচা। নতুন ঘৰৰ মোহত আইতা ভূত হৈ আহিছে। পৰিস্থিতিৰ গম্ভীৰতা দেখি বিশ্বাস নকৰাসকলেও ভয়তে জেঠাইৰ কথাত হয়ভৰ দিলে। এইবোৰৰ মাজত মূৰ্চ্ছা যোৱাৰ ভাৱত মই।ডাক্তৰৰ বাবে আৰু কিমান টাইম এনেকৈ ৰৈ থাকিব লাগিব নাজানো। এপাকত মোৰ মগজুৱে মোক এলাৰ্ম দিলে, “এইবোৰ ভাও এৰি উঠি বহ।” ময়ো ভাবিলোঁ‌ কথাটো হয়। ডক্তৰ আহি কি কৰে ঠিক নাই। ধৰা পৰিব লাগিলে ডাঙৰ কথা হ’ব। লাহেকৈ দুটামান কেঁ‌কনি মাৰি চকু দুটা মেলিলোঁ‌। মায়ে মোক সাবটি কান্দি কান্দি সুধিলে, “কি হৈছিল তোৰ ?” মই বিন্দাচ ক’লোঁ‌, “নাজানো কি হৈছিলে, মূতি থাকোঁতে কোনোবাই মোক ঢকা মাৰি দি মাহীহঁ‌তৰ ঘৰৰ ফালে গুচি গৈছে। মানুহজনীৰ হাতখন ইমান ঠাণ্ডা আছিল যে মোক চুই দিওঁতে মই ঠাণ্ডাতে একো গম নোপোৱা হৈ গ’লোঁ‌। তাৰ পিছৰখিনি ইতিহাস। মুঠতে মই আৰু ভগৱানৰ বাহিৰে আজিলৈ কোনেও গম নাপালে ভূতৰ আঁৰৰ ৰহস্য ।

২।  চাৰিটা হাঁহ পোৱালি আৰু চাৰিডাল লাঠি…..

গৰমৰ বন্ধৰ সময়। মই ক্লাছ ছিক্সৰ ছমহীয়া পৰীক্ষা দি উঠিছোঁ‌। ল’ৰা এজন ভাল লাগিব লৈছিল। প্ৰথম প্ৰেমৰ অনুভূতি। তাৰ পিছত আৰু এনেকুৱা অনুভূতি বিয়াৰ আগলৈ কিমানবাৰ হৈছে মই কাউণ্ট কৰিব নোৱাৰিম। মুঠতে তেতিয়াৰপৰাই মই প্ৰেমিক চৰাই। এই ঘটনাটো মোৰ প্ৰথম প্ৰেমৰ লগত জড়িত। প’ষ্ট অফিচৰ পিয়নেও পাত্তা নোপোৱা পিয়ন এজনী আছিলে মোৰ। মোতকৈ দুই ক্লাছ সৰু। পঢ়া শুনাত ধদুৱা। মোক আহি ৰাতিপুৱাই কৈ গ’ল যে ল’ৰাজন স্কুটাৰ ভাল কৰিবলৈ আহিছে। তেতিয়া আমি কোৱাৰ্টাৰত থাকোঁ‌। কোৱাৰ্টাৰৰ ঠিক সমুখতেই চাইকেল, স্কুটাৰ ভাল কৰা এটা গেৰেজ। কাষতে গেৰেজৰ মালিকৰ ঘৰ। মালিকৰ মাক বৰমা আৰু বৰমাৰ সাৰথি ত্ৰিশজনীমান হাঁহ আৰু তাৰে কেইজনীমান একেবাৰে পোৱালি…..

মই আমাৰ ঘৰৰপৰা ল’ৰাজনক চাব পৰা নাই ভালকৈ। তেওঁক চাবলৈ গ’লোঁ‌ বৰমাৰ ঘৰলৈ। চকীত থিয় দি ৱালৰ ওপৰেৰে লুকাই লুকাই চাই আছোঁ‌। মোৰ ঠিক কাষত হাঁ‌হৰ গঁ‌ড়াল। এপাকত চকী, মই আৰু পিয়নে গৈ পৰিলোঁ‌ পোৱালি হাঁ‌হকেইটাৰ ওপৰত। লগে লগে কাঠৰ চকীৰ ভৰত চাৰিটা পোৱালি চেটেপ। মই ত্ৰাহি মধুসূদন সুঁৱৰিলোঁ। বৰমাই গম পালে কলিজা খাব। লগে লগে কু-বুদ্ধি উক দিলে। গঁ‌ড়ালৰপৰা চাৰিটা বাঁ‌হৰ খুটি ভাঙি ল’লোঁ‌। মৃত হাহঁপোৱালি চাৰিটাৰ আত্মাৰ সদ্গতি কামনা কৰি জোংকেইটা মাটিত পুতি লৈ সিহঁতক তাতে গোঁজা মাৰি দিলোঁ‌। দূৰৰপৰা দেখিলে পোৱালিকেইটা থিয় হৈ থকা যেন দেখি। যিমান পাৰি সোনকালে কাম ফেৰা কৰি ক্ৰাছক তাতেই এৰি ঘৰলৈ দৌৰ দিলোঁ‌। গধূলি বৰমাৰ গোৱাল-গালিত বুজিলোঁ‌ যে ঘটনাৰ ৰহস্য ইতিমধ্যে ফাদিল হ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *