বেলেগ-যোগেশ ভট্টাচাৰ্য
ঘটনাটো আমি স্কুলত পঢ়ি থকা দিনৰে। সেই বয়সত গৰমৰ বন্ধ, বিহুৰ বন্ধ, পূজাৰ বন্ধ মানে গাঁওলৈ গমন। মামাৰ ঘৰেই হওক, জেঠাইৰ ঘৰেই হওক নাইবা নিজৰ গাঁৱৰ ঘৰখনেই হওক, গৰমৰ বন্ধত গাঁৱলৈ গৈ বছৰটোৰ বাবে ‘ৰিফ্ৰেছ’ হৈ অহাটো আমাৰ ৰুটিনৰ অবিচ্ছেদ্য অংগ আছিল। আজিকালিৰ ল’ৰা- ছোৱালীৰ দৰে মোবাইল টিভিৰ প্ৰতি আমাৰ নিচা নাছিল; নিচা হ’বলগীয়া প্ৰগেমো নাছিল অৱশ্যে।
তেনে এটা দীঘলীয়া বন্ধত গাঁৱৰ ঘৰলৈ কেইদিনমান থকাকৈ গ’লোঁ। মা-দেউতা দুদিনমান থাকি গুৱাহাটীলৈ গুচি গ’ল, আৰু মই থাকিলোঁ গাঁৱত আইতাৰ লগত। আমাৰ ঘৰত সেইকেইদিন কিবিকিবি কাম চলি আছিল। বাৰীৰ গছ কাটিবলৈ, শাক- পাচলি ৰুব পৰাকৈ মাটি চহ কৰিবলৈ, মাটিৰ বেৰত চূণ- তেল সানিবলৈ বিভিন্ন ধৰণৰ মানুহৰ আমাৰ ঘৰলৈ আহ- যাহ চলি আছিল। তাৰে কেইজনমান মানুহৰ নাম জানিছিলোঁ মই, কেইজনমানৰ অকল উপাধি জানিছিলোঁ। আমি তেওঁলোকক অমুক কাকা, তমুক কাকা বুলি মাতিছিলোঁ।
গুৱাহাটীলৈ যোৱাৰ পৰত দেউতাই মোক বুজাই দিছিল কোনজন মানুহে কি কাম কৰিব, আৰু সেইমতে মোক অলপ তদাৰক কৰিবলৈ কৈ গৈছিল। সেই বয়সত তদাৰক কৰিবলৈ পোৱা মানে একপ্ৰকাৰৰ ৰজাৰ গাদীটো পোৱা যেন কথা। চাৰি পাঁচজন মানুহে মোৰ আণ্ডাৰত কাম কৰিব, এইটো কি ধেমালি কথা!
দেউতা যোৱাৰ কিছুসময় পিছত এজন দুজনকৈ মানুহবোৰ আহিল। দেউতাই কোৱা কথাখিনি কাগজ এখনত লিখি থৈছিলোঁ মই। জীৱনৰ প্ৰথমটো ঠিকাদাৰী কামত খেলিমেলি হোৱাটো ঠিক নহয়। গতিকে যিমান পাৰোঁ নিয়াৰিকৈ কামখিনি কৰিবলৈ পকেটত ‘লেডাৰ’ কভাৰ লগোৱা সৰু নোট বহী এটা আৰু পাইলট কলম এটা লৈ থৈছিলোঁ। ঠিকাদাৰ মানুহে বহীৰ পৰা ফালি লোৱা বগা কাগজ আৰু তিনিটকীয়া বলপেন লৈ থাকিলে তলতীয়া কৰ্মচাৰীয়ে বৰ সমীহ নকৰিব বুলিয়েই তেনেধৰণৰ প্ৰস্তুতি।
কাগজখনত লিখি থোৱা মতে মই মানুহবোৰক কাম ভগাই দিলোঁ। টোটেলত পাঁচজন মানুহৰ, দুজনক আগৰ পৰাই জানো, তিনিজনক মই প্ৰথমবাৰ দেখিছোঁ।
: হৰিণ কাকা, আপুনি বাৰীৰ পিছফালে বগৰাই থোৱা কঁঠালডাল ফালি খৰি কৰক। সেইখিনি হৈ গ’লে বেলেগ কাম দিম।
: হবো দি বাপা।
: ধিপেন কাকা, আপুনি বাঁহগছ দুডালমান কাটি সৰু সৰু কামি বনাওক। হৈ গ’লে বেলেগ কাম দিম।
: ভাত খাবা যক লেগি হৈ যাবো।
: অনিল কা আৰু ফুকন কা কোন নো?
: আমি দে বাপা। পিছে অনিল নহে, তনিল হে মোৰ নাম। আৰু ই ফুলকন।
: তনিল কেনেকৈ হ’ল হে? অনিল হ’ব হে লাগিছিল।
: এহ মাই পিতি যেংকে নাম ৰাখছি সেংকে নাম হছি। আমি কিবা নিজোৰ নাম নিজে ৰাইখছো নিকি?
: হ’ব দিয়ক। আপোনালোক দুয়ো পুখুৰীৰ চাৰিওফালৰ ঘাঁহ বন কাটি চাফা কৰক। তাৰ পিছত বেলেগ কাম দিম।
এনেদৰে চাৰিওজনক কাম ভগাই দি মূঢ়া টো পাৰি লালচাহ একাপ লৈ এসোঁহা মাৰোঁতেই আৰু এজন মানুহ হাজিৰ হ’ল।
: বাপু, মই কি কৰো কউ।
দেউতাই যোৱাৰ পৰত মোক এটা কথা তিনিবাৰমান কৈ গৈছিল যে তেওঁ উল্লেখ কৰা মানুহকেইজনৰ বাদে আন কোনো মানুহক কামত নলগাও যেন। গাঁৱত কেইটমান ধোদ মানুহ আছিল। সিহঁতে পুৱাই মানুহৰ ঘৰলৈ গৈ কাম বিচাৰে, কিন্তু দিনটো ফাং- ফুং কৰি কটায়। চোতালৰ ঘাঁহ বন চাফা কৰোতেই দিনটো যায় সিহঁতৰ। দুটামানে আৰু এবেলা কাম কৰিয়েই দিনটোৰ পইচা বিচাৰে। ঘৰত চাউল অলপ কিনি দি আহি বাকী কাম কৰিম বুলি কয়, কিন্তু ঘৰ নগৈ চিধাই চুলাইৰ ঘাটিত বহেগৈ। তাৰ পিছত আৰু কিহৰ পিছবেলাৰ কাম? সেইবাবে দেউতাই যাকে তাকে কামত নলগায়। অচিনাকী মানুহ এজনক কামত লগাই দেউতাৰ গালি খাবলৈ মোৰো মন নাছিল। গতিকে মানুহজনক ক’লোঁ-
: আজি কাম নাই দিয়ক কাকা। চাৰিজন মানুহে কামত লাগিছেই।
: তোৰ পিতেৰেই মোক আইভা কৈছি।
: মোকতো কোৱা নাই। চাৰিজন মানুহৰ কথাহে কৈছিল মোক। আপুনি পৰহি আহিব যাওক।
: ধেই আপা, কি কথা কৈছাহ তই। মোক য কালি বাজাৰোত লগ পাই মাতি গেইছি। ইতা নাংগে বুলি কলি কেংকে হবো? মই বেলেগ কাম ৰাখলু হৈ নহয়। দিনটোৰ হাইজৰা মাৰা গেল না মোৰ ইতা।
মই ভাবিলোঁ যে মোৰেই লিখাত ভুল হ’ল নেকি। আকৌ এবাৰ কাগজখন ভালদৰে চালো। নাই, চাৰিজনৰ নাম কাম স্পষ্টকৈ লিখা আছে। পাঁচ নম্বৰ কাৰো কথা উল্লেখেই নাই।
: আপুনি পৰহি আহক। দেউতা আহিব পৰহি। কাম থাকিলে দিব।
: পইদ্ধিনাক লেগি মই লঘাণ দিম নেকি? চূণোৰ বোস্তাটো ক’ত থছি কৌ। আৰু মাইটা তেলোৰ গেলানটো দি। বেৰাত ৰং দেও মই।
মোৰ লগে লগে মনত পৰিল দেউতাই কোৱা যে চবেই চূণ তেল দিব খোজে, কামটো সহজ কাৰণে। ধোদকেইটাইও বেলেগ একো কাম নাপালে লোকৰ ঘৰত চূণ তেল দিবলৈ যায়। কিন্তু আমাৰ গাঁৱৰ কোনো এজনেও কামটো ভালকৈ নাজানে। বেৰত দিবলগীয়া চূণ কাঠত লেপা যায়, কাঠত দিবলগীয়া মাটি-তেল বেৰত লাগি যায়। চূণ তেল পেলাই মজিয়া লেতেৰা কৰা কাৰবাৰটো আছেই। গতিকে মানুহজনৰ মতলবটো বুজাত অসুবিধা নহ’ল মোৰ। ই বেটাই চূণ গলাওতে এটা বেলা খেদাব আৰু দূপৰীয়া চাউল কিনিব লাগে বুলি পইচা খুজি নি চুলাই খাই পৰি থাকিব। শেষত দেউতাৰ গালি খাম মই।
দেউতাই মোক দঢ়াই দঢ়াই কৈছিল-
“চূণ- তেল দিয়াটো বেলেগে কৰিব। ঘাঁহ-বন চফা কৰা, বাঁহগছ কাটি কামি বনোৱা আৰু খৰি ফলা কামটো আমাৰ গাঁৱৰ হৰিণ ধিপেনহঁতৰ মাজত যিকোনো এজনে কৰিলেই হ’ল। কিন্তু চূণ- তেল দিয়া কামটো আমাৰ ইহঁতক নিদিবি। সিহঁতে কৰিব খুজিলে ও নিদিবি কৰিব। সেইটো কাম বেলেগে কৰিব। আমাৰ গাঁৱৰ মখাই চূণ- তেল দিব নাজানে।”
: চাওক কাকা, আপুনি চূণ- তেল দিব নোৱাৰিব। দেউতাই মানা কৰিছে।
: কি দেউতেৰে হাক দিছি? মোক দেউতেৰে নিজে মাতছি আৰু তই কৈছাহ হাক দিছি বুলি। মই বেৰাত ৰং নামাল্লি কাই মাইৰবো? আৰু মই ইতা হাইজৰা নপলি, গধলাক লেগি চাইল দালি কৰ পাৰাই কিনি নিম? মোৰ তিৰি চলি খাবো কি?
মানুহজনৰ কথা শুনি অলপ বেয়াও লাগিল মোৰ। কাম নাপাই লঘোণ দিব লাগিলে কম বেয়া কথা হ’বনে। তথাপি ভাবিলোঁ যে মই যিহেতু ঠিকাদাৰ, গতিকে কিছুমান সিদ্ধান্ত ময়ো ল’ব পাৰোঁ। কাম হ’বহে লাগে। প্ৰতিটো কথাই আখৰে আখৰে পালিব লাগিব বুলি কি কথা আছে!
: আপুনি এক কাম কৰক। আহিছে যিহেতু গুচি যাব নালাগে, দমকলৰ পাৰটোকেই চাফা কৰক।
: হেই, সেগ্লা কাম নক্ৰো। মই ৰং কৰা মাহনুহে।
: তেনেহলে উপায় নাই। বেলেগ কাম নাই।
: কিনো জতৌ পতৌ লগৈছাহ পুৱেই পুৱেই। আউবেৰে আছে যদি মাতি দি। তেওঁ জানে যাহ মোক।
মানুহজনৰ কথাত মই অলপ বিৰক্ত হৈছিলোঁ যদিও আইতাক সুধি অহাত একো লোকচান নাই বুলি ভাবি একে দৌৰে পাকঘৰ পালোগৈ। কেঁচা খৰিৰ ধোৱা খাই ভাত ৰান্ধি থকা আইতাক ক’লো-
: মানুহ এজন আহিছে, বেৰত চুণ- তেল দিব বোলে। তোমাক মাতিছে।
: হেই, মই যাবা নৰু ইতা। খৰি কাটবা জানা হ নাই গজমুৰা হাতে। ৰং মিস্ত্ৰী হবা আহে। হাথীৰ ভৰি হান ডাঙাৰ কে খৰি ফালছি এহাতে। ডাংবাও নৰি, জুয়ো নধৰে।
: কি কওঁ মই মানুহটোক তেনেহলে?
: নেদবি ৰং দিবা তেহ্নাক। ৰং বেলেগে দিবো। দেউতেৰে কালিয়েই বন্দবস্তো কৰি থৈছি।
‘হ’ব দিয়া’ বুলি কৈ মই একেদৌৰে চোতাল পালো গৈ।
: কাকা, আপুনি ৰং দিব নালাগে বুলি আইতায়ো কৈছে। দমকলৰ পাৰ চাফা কৰে যদি কৰক, নহ’লে যাওকগৈ।
মানুহজনে মুখেৰে কিবা ভোৰভোৰাই দমকল চাফা কৰিবলৈ ধৰিলে।
এঘণ্টাৰ পিছত যেতিয়া মই আটাইকেইজনক চাহ দিবলৈ গ’লোঁ। দমকল চাফা কৰাজনে আধাঘণ্টাত কাম শেষ কৰি বহি আছিল।
: কাকা, আপুনি বহি আছে যে?
: নবহি কি কৰিম। পাৰা কামটো কৰবা নেদলি। বেলেগ কাম আছে যদি কৌ। নাই যদি হেৰাত চূণ মাৰোঁ।
: অস, অলপমান বহক। মই কাম দি আছোঁ। ৰং কৰা কামটো কৰিব নোৱাৰিব মাত্ৰ।
: আধাঘণ্টামান ভাবি চিন্তি মই তেওঁক ফুলগছৰ গুৰি খুচৰিবলৈ দিলোঁ। আধাঘণ্টাত সেইটো কামো কৰি বহি থাকিলে। তাৰ পিছত মই তেওঁক নাৰিকল ফালি দিয়াৰ পৰা জলপাইৰ আচাৰ ৰ’দত মেলি দিয়া লৈ খুচুৰা কাম কিছুমানত লগালোঁ। সেইবোৰ কাম আচলতে মোৰ ভাগৰ কাম হে আছিল। কিন্তু মানুহজনক এনেই বহুৱাই থোৱাতকৈ কামবোৰ কৰালোঁ।
দুপৰীয়া আটাইকেইজন ভাত খাবলৈ ঘৰলৈ যাবলৈ ওলাল। বাকী চাৰিজন যোৱাৰ পিছত এইজনক ক’লোঁ-
: কাকা, আপোনাৰ আৰু কাম নাই যাওক। পিছবেলা নাহিলেও হ’ব।
: পইচা কিন্তু দুয়োবেলাৰ দিবা লাগবো মোক।
মই ভাবিলোঁ যে ইয়াৰ বাবে কাম বিচাৰি মুৰটো নষ্ট হ’ব মোৰ। পিছবেলা টিভিত চিনেমা দিব। গোবিন্দাৰ নতুন চিনেমা। হলত ওলোৱা দুমাহ হৈছে মাত্ৰ। গতিকে ডিষ্টাৰ্ব হ’ব পৰা সুৰুঙা নৰখাই ভাল। মানুহটোক দিনটোৰ পুৰা পইচা দি মোৰ হিচাপ বহীখনত টিপ চহী মাৰিবলৈ ক’লোঁ। পিছে মানুহটোৱে টিপচহী নামাৰি কলম খুজিলে। তৃতীয় শ্ৰেণীলৈ পঢ়িছে হেনো।
বাকী চাৰিজনেও দুপৰীয়া ভাত খাই ঘুৰি আহি বাকী কাম কৰি অটাই আবেলি পইচা লৈ ঘৰলৈ গ’ল। মই সকলোৰে পৰা চহী টিপচহী যি পাৰোঁ লৈ ল’লোঁ। ঠিকাদাৰীৰ প্ৰথম দিনটোৰ সফলতাত নিজেই নিজকে আলু পৰঠা খুৱাম বুলি প্ৰতিশ্ৰুতি দি চিনেমা চাবলৈ বহিলোঁ।
পাচ ঘণ্টাৰ চিনেমা (আচলতে দুঘণ্টা বিশ মিনিট। বাকী দুঘণ্টা চল্লিশ মিনিট এডভাৰ্টাইজমেণ্ট) চাই শেষ নহওঁতেই বাহিৰৰ পৰা গালি গালাজৰ শব্দ শুনিবলৈ ধৰিলোঁ। ভালদৰে মন কৰি শুনিলোঁ যে গালিবোৰৰ মাজে মাজে মোৰ নাম উচ্চাৰিত হৈ আছে।
একেজাপে গৈ চোতাল পাই দেখিলোঁ দেউতা আহি পাইছে। দুদিন পিছত আহিবলগীয়া মানুহ আজিয়েই কিয় আহিল সেইটো চিন্তা কৰাতকৈ গালি কেইটাৰ কাৰণ উদ্ধাৰ কৰিবলৈ হে যত্ন কৰিলোঁ।
: ৰং কৰা মানুহজনক বেলেগ কামত কিয় লগালি? মই হৰিণহঁতক চকত লগ পাওঁতে কৈছে মোক।
: তুমিয়েইচোন কৈছিলা ৰং যাকে তাকে কৰিবলৈ দিব নালাগে।
: সি ৰং কৰা মানুহেই হয়। তাক দমকলৰ পাৰ চফা কৰিবলৈ কিয় লগালি?
: তুমিচোন কৈছিলা ৰং বেলেগে কৰিব। আইতাক সোধোতে আইতাইও তেনেকৈ কৈছিল।
: সিয়েই বেলেগ।
: কি বেলেগ?
: তাৰ নাম বেলেগ।
দেউতাৰ কথা শুনি মুৰটো বেয়া লাগিল মোৰ। সাউৎকৈ ভিতৰলৈ গৈ হিচাপৰ বহীখন মেলি চাই দেখিলোঁ একেবাৰে ওপৰত মানুহটোৰ নামটো লিখা আছে-
‘শ্ৰী বেলেগ চন্দ্ৰ দাস।’