চেন্দেল ফিল’ছফি – সুশান্ত কৃষ্ণ শৰ্মা
ঘৰৰ বাৰাণ্ডাৰ পকাতে বহি উডলেণ্ডৰ পুৰণি চিগা চেন্দেল এযোৰ ফেভিকুইক লগাই মেৰামতি কৰি আছোঁ৷ পৰিবাৰে চকীতে বহি মোৰ কাৰবাৰটো চাই আছিল৷ হঠাতে মই এটা কথা ভাবি পালোঁ৷পৰিবাৰক ক’লো-
: “চোৱা তুমি যে মোক মোৰ কথা-কাণ্ড দেখি চেনিমাই আছে বুলি সন্দেহ কৰা, থাকিব পাৰে, কিন্তু সেইবোৰ দুদিনীয়া৷ যুগমীয়া কিন্তু তুমি হে ৷”
পৰিবাৰে বোলে- “এইটো কথা মই কেনেকৈ মানি লওঁ, ওঠ টিপি টিপি মিচিক মিচিক কথা কোৱা মানুহ কি বস্তু মোৰ জনা আছে৷ “
মই বোলো-“ চোৱা, এইযোৰ চেন্দেল ব্ৰেণ্ডেড আছিল, কিন্তু অলপ এৰাই গ’ল বুলিয়েই মই সস্তীয়া নতুন এযোৰ লৈ ললো, কিন্তু নতুন যোৰে মোক চিগি ঠগি দিলে নহয় নে? “
পৰিবাৰে বোলে-“অ’ তাৰপৰা কি হ’ল পিছে? “
মই বোলো-“ চোৱা, এতিয়া জানো মই সেই পুৰণি যোৰ মেৰামতি কৰি পিন্ধিবলৈ লোৱা নাই? মানে যিমানেই নতুন সম্পৰ্ক গঢ়ো সেইবোৰ ক্ষণস্থায়ী, কিন্তু তোমাৰ লগত সেই পুৰণি মাদকতাপূৰ্ণ সম্পৰ্কটো সদায় থাকি যাব “
পৰিবাৰে বোলে-“ বুজিলো তোমাৰ চেন্দেল ফিল’ছফি! কিন্তু তুমি মোক নো এযোৰ চেন্দেলৰ লগত তুলনা কৰিব লাগে নে? “
মই বোলো-“ কি নো বেয়া হৈছে? হাৱাই চেন্দেলৰ লগত তুলনা কৰা নাই নহয়“
(বন্ধুসকল, সংসাৰত এনেকুৱা সৰু সৰু ধেমালি, মান-অভিমান দৰকাৰ, সংসাৰৰ সঞ্জীৱনী এইবোৰেই !) ■■
1:03 am
বঢ়িয়া