ফটাঢোল

আমাৰ এওঁ – -দ্বিজেন তামুলী

সাদৰী মহিলা সকলে যে নিজৰ গিৰিহঁতৰ নাম নকয় তাৰে এটা সৰু উদাহৰণ ৷ ঘটনাটো এনে ধৰণৰ…

গুৱাহাটীত কাম খিনি শেষ কৰি ঘৰলৈ উভতিম আৰু৷ এওঁ কলে সময় আছে পাটিৰি দাৰ ঘৰত এপাক সোমাই যাওঁ বলক, তেখেতে বৰকৈ কৈ আছে৷ ময়ো ভাবিলো এপাক মাৰিয়ে যাওঁ৷

সময় আবেলিৰ বেলি পশ্চিম আকাশত লুকাই সাধাৰণ এন্ধাৰ নামি আহিছে৷ গৈ পোৱাৰ লগে লগে পাটিৰি দাই আথে বেথে ভিতৰলৈ নি বহিবলৈ দিলে৷ পৰিবেশটো বৰ ভাল লাগি গৈছিল মোৰ৷ গোঁসাই ঘৰত পাটিৰি দাৰ বৌৱে ধূপ চাকি জ্বলাই এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰি দিছে৷ ধূপ ধুনাৰ গোন্ধে চৌপাশ আমোলমলাই আছিল৷ মন প্ৰাণ ভৰি গৈছিল এটা বুজাব নোৱাৰা অনুভৱে৷ পাটিৰি দাও বহি ললে আমাৰ সৈতে৷

এটা সুললিত কণ্ঠত ভাহি আহিল প্ৰাৰ্থনাৰ সুৰ ভক্তিত মূৰ দোঁ খাই যোৱা কথা আৰু৷
অনুমান কৰিলোঁ প্ৰাৰ্থনাটো অলপ মোডিফাই কৰি গাইছিল পাটিৰি দাৰ বৌৱে৷

“ আমাৰ এওঁ আদি কৰি জীৱ যত!
ৰাম ৰাম ৰাম ৰাম ৰাম! !
মায়া শয্যা মাজে
আচন্ত ঘুমতি যায় ই“! !

মই প্ৰথমতে ধৰিব পৰা নাছিলো প্ৰাৰ্থনা টোৰ আৰম্ভণি কিয় “ আমাৰ এওঁ আদি কৰি বুলি গালে“
“ব্ৰহ্মা আদি কৰি“ বুলি কিয় নকৰিলে আৰম্ভণি
ও………
পাৰ্টিৰি দাৰ নাম যে ব্ৰহ্মানন্দ ভাৱ টো অহাই নাছিল জানে! ■■

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *