ফটাঢোল

বিশ্বাসঘাতক – মাধুৰীমা ঘৰফলীয়া

গা শাঁত পেলাব পৰাকৈ বতাহ এজাক বলি আছিল৷ ৰুমাল এখনেৰে মুখখন মচি হাফলুটোত ভাল চাই জেগা এটুকুৰা বিচাৰি তাই বহি ল’লে৷ এইয়া তাইৰ আজৰি সময়৷ অকণমান বিলাস কৰা সময়৷ ঘামেৰে শৰীৰটো চপচপীয়া হৈ গৈছিল আৰু নহ’বনো কিয় যিহে গধুৰ বস্তুটো নি ঘৰত থৈ আহিব লগা হৈছিল৷ হাতখনলৈ চালে এতিয়াও ক’লা পৰি আছে৷ ৰুমালখনেৰে হাতখনো মচি কঁকালত মেৰিয়াই থোৱা পেটিডালৰ পৰা বিস্কুট অকণমান উলিয়ালে৷ বিস্কুটকণ দেখিয়েই লেলাউটিবোৰ নিয়ম নমনা গৰু ম’হৰ দৰে ওলাই আহি গাটো তিয়াই পেলালে৷ তাই লাহেকৈ বিস্কুট টুকুৰাৰ পৰা কনমানী এটুকুৰা এৰুৱাই মুখত ভৰালে৷

আস্৷ কি সুন্দৰ সোৱাদ! জিঙলৈ মনে মনে ধন্যবাদ জনালে৷ সিয়েই পুৱা খবৰ দিছিল বৰুৱানীৰ পাকঘৰৰ বিস্কুটৰ টেমাটোৰ পৰা তেওঁৰ অসুৰ পুতেকটোৱে বিস্কুট দুখনমান চুৰ কৰি নিওঁতে টেমাটোৰ মুখনিখন বন্ধ কৰিবলৈ পাহৰিলে৷ তাৰ পাছত আৰু কিহে পাই৷ সিহঁতৰ গোটেই গাঁওখন গৈ বিস্কুটৰ টেমাত সোমাল৷ যিমান পাৰে বিস্কুট সংগ্ৰহ কৰি গাঁৱৰ ভঁৰালত জমা কৰিলেহি৷ তাই তাৰে পৰা অকণমান চান কাঢ়ি নিজৰ পেটিডালত ভৰাই থলে৷ এতিয়া সুবিধা বুজি সেইকণৰ সোৱাদ লৈছে৷

-মিঙু ঐঐঐঐ

কোনোবাই তাইক মতা যেন শুনি বিস্কুট টুকুৰা লৰালৰিকৈ লুকুৱাই ইফালে সিফালে চালে৷

-ঐ মিঙু মই এইফালে আছোঁ চা৷

তাই সমুখলৈ চালে৷ শিলিখা ডাল এটাতে দিঙু বহি আছিল৷ সি তাইক হাত বাউল দি মাতিলে৷ তাক দেখি মিঙুৰ কঁপাল কোচ খাই আহিল৷ এইডালৰ পৰা উপায় নাই যতে যায় ততে লম্ভেহি!

-ঐ তই যে পাতত বহি আছ? যিহে বতাহ মাৰিছে পাতে-চাতে উৰি ক’ৰবাত পৰিবিগৈ৷

লৰচৰ কৰিবলৈ মন নকৰা মিঙুৱে দিঙুৰ কথাষাৰ শুনি ভয় খালে৷ হয়তোন এবাৰ তাই এনেকৈ পাতত বহি আৰাম কৰি থাকোঁতে বতাহে নি ক’ৰবাত পোৱাইছিলগৈ৷ ভাগ্য চুবুৰিৰ মেকুৰীটো তাই উৰি যোৱা ফালে ফুৰিবলৈ গৈছিল৷ তাৰ পিঠিতে উঠি ঘৰ পালেহি৷ নহলেযে কোনোবাদিনা তাই ঘৰৰ মুখ দেখিলেহেতেন সন্দেহ৷

মন নোযোৱা স্বত্বেও তাই দিঙু বহি থকা ফালে উঠি গ’ল৷ এনে নহয় যে দিঙুৰ কাষত থাকি তাইৰ বেয়া লাগে৷ সৌ এমাহমানৰ আগলৈকে তাই আৰু দিঙু সদায় দুপৰীয়া এনেকৈ একেলগে সময় কটাইছিল৷ দুয়োটাই মনে মনে চান কাঢ়ি অনা খাদ্যবোৰ ভাগ কৰি খাইছিল৷ হাঁহিছিল, খেলিছিল মুঠতে আনন্দত আত্মহাৰা হৈ ফুৰিছিল৷ কিন্তু সিদিনা দিঙুৱে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ পাছৰে পৰা তাই তাৰ পৰা আঁতৰি থাকিবলৈ লৈছে৷ তাইৰ দৰে সম্ভ্ৰান্ত ঘৰৰ গাভৰু এজনীয়ে দিঙুৰ দৰে ডেকা এটাক বন্ধু বুলি আঁকোৱালি ল’ব পাৰে কিন্তু জীৱন সংগী! ওহো হ’বই নোৱাৰে৷

-তই দেখোন আজিকালি মোক পাত্তা নিদিয়া হলি?

দিঙুৱে মিঙুক কাষত বহা দেখি লাহেকৈ সুধিলে৷

-এনেই৷ সময় নোপোৱা হলো আজিকালি৷ তাতে ৰাণীমাই এইকেইদিন কামৰ বোজা বঢ়াই দিছে৷

-হয়নে৷ উহহ..

-কি হ’ল কেঁকাই উঠিলি যে?

মিঙুৱে আচৰিত হৈ দিঙুৰ ফালে চালে৷ সি নিজৰ কঁকালটো মোহৰি মোহাৰি ক’লে

-আজি পুৱাই তিনিজনী পঁইতাচুৰুণী টানিব লগা হ’ল অ’৷

-অ’ তাৰ মানে আজি তহঁতৰ বজাৰ ভাল৷

-আমাৰ দৰে পমুৱা পৰুৱাৰ কিনো ভাল বেয়া থাকিব অ’৷

দিঙুৱে কথাষাৰ কওঁতে পমুৱা শব্দটোত বেছিকৈ জোৰ দিয়া যেন লাগিল৷ তাই মুখখন বিপৰীত ফালে ঘূৰাই দিলে৷

পমুৱা শব্দটো সিদিনা তাইয়ে তাক সোঁৱৰাই দিছিল, যিদিনা সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷

-দিঙু তোক বন্ধু বুলি ভাবি ইমানদিনে মুকলি মনেৰে সময় কটাইছিলোঁ আৰু তই মনে মনে সেইবোৰ ভাবি আছিলি? তই জাননে তহঁতৰ দৰে পমুৱা পৰুৱাৰ লগত আমাৰ দৰে সম্ভ্ৰান্ত পৰুৱাই কোনোদিনে সম্পৰ্ক নাৰাখে৷ মই তথাপি ৰাখিছিলোঁ কিন্তু তই তাতো সুবিধা ল’ব খুজিছ! ইমান সাহস!

মিঙুৱে কঠোৰ ভাৱে কোৱা কথাবোৰ শুনি দিঙু কোঁচ-মোচ খাই ৰৈ আছিল৷ সেইদিন ধৰি সি তাইক মাত লগোৱা নাছিল৷ আজিহে সাহস কৰিছে৷

-পমুৱা!

দিঙুৱে নিজৰ পেটিডালৰ পৰা চেনি এটা উলিয়াই চেলেকি চেলেকি শব্দটো উচ্চাৰণ কৰিলে৷

-তই জাননে মিঙু সকলোৱে পমুৱা হওঁ বুলিয়েই হ’বলৈ নাযায়৷ বানপানীত নিজৰ ঘৰখন, নিজৰ ঠাইখন হেৰুৱাই আমি পমুৱা হ’বলৈ বাধ্য হলো৷ নহ’লে আমাৰো নিজৰ ঠাইত এখন ঘৰ আছিল৷

বানপানীয়ে সেইবাৰ বহু ঠাই বুৰাই পেলাইছিল৷ আমাৰ পৰিয়ালটোৱে ওখ হাফলু এটাত আশ্ৰয় লৈছিলোঁগৈ৷ কিন্তু বেছি সময় নালাগিল সেই হাফলুটোও পানীত ডুব গ’ল৷ পানীৰ সোঁতত টলং ভটং কৰি থকা কাঠৰ টুকুৰা এটাত আমি আশ্ৰয় ল’লোঁ৷ ইতিমধ্যে আমাৰ কেইবাজনো উটি গলেই৷ বাকীসকলে চিঞৰ-বাখৰ কৰি ইজনে সিজনক সাৱটি ধৰি কাঠটুকুৰাত উঠি থাকিলোঁ আৰু তেনেতেই ঘটনাটো ঘটিল!

-কি হৈছিল?

দিঙুৱে কোনোদিনে নিজৰ পুৰণি ঘৰৰ কথা কোৱা নাছিল৷ মিঙুৱেও সি দুখ পাব বুলি সোধা নাছিল৷ কিন্তু আজি সি নিজেই বকলা মেলাত তাই কৌতূহলি হৈ উঠিল৷

দিঙুৱে হাতত লৈ থকা চেনিৰ টুকুৰাটোত চেলেক এটা মাৰি পুনৰ ক’বলৈ ধৰিলে

-আমি ত্ৰাহি মধুসূদন কৰি থাকোঁতেই জেঠী এটা আহি আমি উঠি থকা কাঠটুকুৰাত উঠিলহি!

-কি কোৱা হে! !

-মাজতে মাত নামাতিবিচোন৷ অ’ জেঠীটো উঠা দেখি আমি সকলোৱে তাৰ পেটত সোমাম বুলি জীৱনৰ আশা এৰি দিছিলোঁ৷ কিন্তু আচৰিত কথা সি আমাক একো নকৰিলে৷ মাত্ৰ নিজেও মৰিম তাকো মাৰিম বুলি তাৰ গাত উঠি আক্ৰমণ কৰিবলৈ যোৱা আমাৰ ভাই-ককাই দুজনমানহে তাক সাপ এটা টপককৈ খাই পেলাওঁতে লগতে পেটলৈ গ’লগৈ৷

দিঙুৰ শেষৰ কথাকেইটা শুনি মিঙুৱে পেট বিষাই যোৱাকৈ হাঁহিলে৷ তাইক হাঁহি থকা দেখি সেইফালেই ফুৰিবলৈ যোৱা আমৰলি এজনীয়ে ভেকাহি মাৰিলে

-বৰকৈ দাঁত ওলাইছেচোন৷ বেছি হাঁহিত বিঘিণি থাকে দেই৷

-বাই তই নিজৰ কথা চিন্তা কৰ৷ আহোমৰ বাঁহনিত ঘৰ সাজিছ৷ বিহুলৈ আৰু বেছি দিন নাই৷

দিঙুৰ উত্তৰ শুনি আমৰলিজনীয়ে মুখ ফুলাই আঁতৰি গ’ল৷ এইফালে হাঁহি হাঁহি মিঙুৰ অৱস্থা নাই৷ তাই যেতিয়া স্বাভাৱিক হ’ল কোনোবা এজনীক কেঁকাই-কেঁকাই সিহঁতৰ ফালে আহি থকা দেখিলে৷ তাই সেইফালে সিমান গুৰুত্ব নিদি দিঙুলৈ চাই ক’লে-

-মই সিদিনা তোক বৰ বেয়াকৈ ক’লোঁ অ’ দিঙু৷ আচলতে মোৰ ঘৰত বিয়া ঠিক কৰিছে৷ গাঁৱৰে ডেকা৷ আমাৰ পৰুৱাবোৰৰ দেখোন সাধাৰণতে গাঁৱৰ ডেকাৰ লগতেই বিয়া হয়৷ স্বভাৱ চৰিত্ৰ আৰু বংশ পৰিয়ালৰ কথাও তেতিয়া ভালকৈ জানিব পাৰি৷ তাৰ নাম জিং৷ তই চিনি পাবি চাগে৷ তাৰ লগত বিয়া ঠিক নকৰা হলে মই তোৰ কথা…

মিঙুৱে আবেগেৰে কিবা এটা ক’বলৈ লৈও আধাতে ৰৈ গ’ল৷ কাৰণ দিঙুৱে তেতিয়া তাইৰ কথাত গুৰুত্ব দি থকা নাছিল৷ তাৰ চকু সিহঁতৰ কাষলৈ কেঁকাই-কেঁকাই আহি থকা পৰুৱাজনীৰ ওপৰত৷ মিঙুৰ চকুৰে জুই ওলাও যেন হ’ল তেতিয়া যেতিয়া দিঙুৱে কাষ চাপি অহা পৰুৱাজনীক সাৱটি ধৰিলে৷ সিহঁত দুয়োটাই অলপ সময় ইটোৱে সিটোলৈ চাই থাকিল যেন তাত মিঙুৰ কোনো অস্তিত্বই নাই৷ অলপ সময়ৰ পাছত কিবা এটা বুজি পোৱাৰ দৰে দিঙুৱে মিঙুলৈ চালে –

-মিঙু এইজনী মোৰ ভাৱী পত্নী ৰিং৷ তাইও তহঁতৰ দৰে সম্ভ্ৰান্ত পৰিয়ালৰে৷

-কিন্তু তাইৰ এনে অৱস্থা কোনে কৰিলে?

মিঙুৱে ৰিঙৰ যতে-ততে আঘাত লগা দেহাটোৰ ফালে চাই আচৰিত হৈ সুধিলে৷

-তোক আচল কথাবোৰ কৈ দিওঁ আৰু মিঙু৷ শেষ সময়তনো এইবোৰ কথা লুকুৱাই কি লাভ৷

-শেষ সময়!

-ও শেষ সময়৷ আচলতে তোক অথনি কোৱাৰ দৰে মই আজি কোনো পঁইতাচোৰা কঢ়িয়াই ফুৰা নাছিলোঁ৷ আজি পুৱাই আমি দুটা এইফালে ফুৰিবলৈ ওলাই আহিছিলোঁ৷ কিন্তু বিধিৰ বিপাক হঠাতে এটা জেঠীয়ে আমাক আক্ৰমণ কৰিলে৷ মই বহুত যুঁজ বাগৰ কৰি নিজকে তাৰ হাতৰ পৰা মুক্ত কৰিলোঁ যদিও ৰিঙ তাৰ কৱলত সোমাই থাকিল৷ মই বহুত কাকূতি মিনতি কৰাৰ পাছত জেঠীটোৱে চৰ্ত দিলে যে মই তিনিটা পৰুৱা তাৰ খাদ্য হিচাপে আনি দিলে সি ৰিঙক এৰি দিব৷ তাৰ কথাত মান্তি হৈ মই পগলাৰ দৰে ইফালে-সিফালে ঘূৰি ফুৰিলোঁ৷ তেনেতে তোৰ হ’ব লগা সংগী জিঙক দেখিলোঁ৷ লগৰ এটাৰ সৈতে হাঁহি খিকিন্দালি কৰি মই ৰৈ থকা ফালে আহি আছিল৷ গতিকে মই সুবিধাটো ল’লো৷

-জিং! জিঙক তই কি কৰিলি?

-তাক কলো ৰিঙৰ ওপৰত মাটিৰ লদা এটা পৰি গৈছে আৰু সেইটো আঁতৰাবলৈ সিহঁতৰ সহায়ৰ প্ৰয়োজন৷ সিহঁত দুটাই একো নাভাবি মোৰ পাছে পাছে আহি জেঠীটো ৰৈ থকা ঠাই পালেগৈ আৰু মোৰ ইংগিত পাই জেঠীটোৱে দুয়োটাকে গিলি থলে৷
দিঙুৰ কথা শুনি মিঙুৱে পাগলীৰ দৰে তাক মাৰিবলৈ খেদি আহিল –

-ইমান ভাল সকলোৰে উপকাৰ কৰি ফুৰা জিঙে তোৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিছিল! !

দিঙুৱে মিঙুৰ হাত দুখনক খামোচ মাৰি ধৰি ঠাত্তাৰ সুৰত কলে-

-ভাল, উপকাৰী! সেই আঁৰ ঘৰে তাৰ ঘৰে পদূলি শুঙি ফুৰা দগাবাজটো তোৰ হব লগা গিৰিয়েৰ আছিল বাবে তাক ভাল দেখিছিলি? তাৰ আচল চৰিত্ৰ আমি জানো বুজিছ৷ আমাৰ পমুৱা মানুহখিনিৰ ওপৰত সি কিমান দাদাগিৰি খটাইছিল আমিহে জানো৷ গতিকে আজি সুবিধা পাই তাক বধি থ’লোঁ৷

-তোৰ এই কাণ্ডটোৰ কথা যেতিয়া মই আমাৰ গাঁৱত ক’মগৈ তই বাচি থাকিব পাৰিবি বুলি ভাবিছ নেকি?

মিঙুৰ কথা শুনি দিঙু হাঁহিত ফাটি পৰিল৷

-তই মোক অঁকৰা বুলি ভাবিছ নেকি মিঙু৷ ইমানবোৰ কথা জনাৰ পাছত তোক সহজে এৰি দিম বুলি ভাবিছ? পাহৰিলি নেকি মই জেঠীটোৱে তিনিটা পৰুৱা খোজাৰ কথা কৈছিলোঁ আৰু এতিয়া জেঠীটোৱে ৰিঙকো এৰি দিলে৷ তাৰ অৰ্থ এইটোৱে হ’ল যে মই তৃতীয় পৰুৱাটোও তাৰ বাবে বিচাৰি দিলোঁ৷

-মানে! !

-মানে আৰু কি তোক সৌ পাতখিলাত বহি থকা দেখিয়েই মোৰ মনটো ভাল লাগি গৈছিল৷ কাৰণ মই বিচাৰি থকা তৃতীয়টো পৰুৱাটো নিজে নিজে আহি ধৰা দিছেহি৷ চা তোৰ পাছফালে চা৷ তোৰ যমদূত ৰৈ আছে৷
দিঙুৰ কথা শুনি মিঙুৱে ভয়ে ভয়ে পাছফালে চালে৷ সঁচাই তাইৰ একেবাৰে কাষতে দৈত্যহেন জেঠী এটাই চকু জিলিকাই ৰৈ আছিল৷

-মোৰ বন্ধুত্বৰ তই এইয়াহে প্ৰতিদান দিলি! এইয়াই আছিল তোৰ ভালপোৱা?

ভয় আৰু আক্ৰোশত মিঙুৰ মুখখন আৰু ক’লা পৰি আহিল৷

-মোৰ ভালপোৱা সেইদিনাই শেষ হৈ গৈছিল মিঙু যিদিনা তই মোক পমুৱা বুলি উপহাস কৰিছিলি৷ এতিয়া বিদায়৷

মিঙুৱে চকু দুটা মুদি দিলে৷

কটপ! !

শব্দটোৰ লগতে মিঙুৰ বুকুখনো ধক কৰি উঠিল৷ এটা পল তাৰ পাছত তাই চকু দুটা মেলিলে৷ কিন্তু এইয়া কি! তাইচোন জেঠীৰ পেটত নাই! তাই জীয়াই আছে৷ তাই সমুখলৈ চালে৷ শিল পৰা কপৌৰ দৰে ৰিং অকলে ঠিয় হৈ আছে৷ চাও নাচাওকৈ তাই পাছফালে চালে, জেঠীটোৱে বকি বকি আঁতৰি গৈছিল

-তাক আগতেই কৈছিলোঁ বোলো পৰুৱা আনিলে পালোৱান আনিবি৷ দুটা ঠিকেই আনিলে কিন্তু শেষৰটো আনিছে ডায়েটিং কৰি কৰি বতাহে উৰাই নিব পৰা এজনী৷ এনে অৱস্থাত তাক নাখাই কিয় মই বেলেগক খাম! বিশ্বাসঘাতক!■■

17 Comments

  • অপূৰ্ব। কি সুন্দৰ উপস্থাপন।
    অনন্য সোৱাদপূৰ্ণ।

    Reply
    • মাধুৰীমা

      ধন্যবাদ বা

      Reply
      • Monjit Gogoi

        কিছু আমেজ পালো পঢ়ি।
        আশা কৰো আৰু পঢ়িবলৈ পাম

        Reply
  • ভাল লাগিল।

    Reply
  • সুন্দৰ । তোমাৰ লিখনি পঢ়াৰ আমেজেই বেলেগ ।

    Reply
    • মাধুৰীমা

      ধন্যবাদ মুনদা

      Reply
  • MRIDUPOM BORGOHAIN

    বহু ভাল লাগিল দেই পঢ়ি ৷

    Reply
    • মাধুৰীমা

      ধন্যবাদ দেই

      Reply
  • ৰিণ্টু

    এইমাত্ৰ ছোৱালীক এইটো সাধুৰ দৰে ক’লো। বৰ ভাল পালে।

    Reply
    • মাধুৰীমা

      শুনি সুখী হলোঁ ককাইদেউ

      Reply
  • গল্পটো সচাকে ধুনীয়া লিখিছা মাধুৰীমা! হৰ ভাল লাগিছিল পঢ়ি! লিখি থাকিবা!

    Reply
    • মাধুৰীমা

      ধন্যবাদ দাদা

      Reply
  • উৎপলা

    সাংঘাতিক !!!!

    Reply
    • মাধুৰীমা

      ধন্যবাদ পলাবা

      Reply
  • Shahnawaz Choudhury

    ফচঙ সদৃশ গল্প ,পঢ়ি ভাল পালো।

    Reply
  • Shahnawaz Choudhury

    ফচঙ সদৃশ গল্প , পঢ়ি ভাল লাগিল । ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *